ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ

মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি দেওবাৰ
২৪ নৱেম্বৰ, ২০২৪
সময়: ৯:২৮ AM (IST)


আগষ্ট << ছেপ্টেম্বৰ: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ >> অক্টোবৰ



২০২৩
“মনোভাৱ এটা পছন্দ। সুখ এটা পছন্দ। আশাবাদ এটা পছন্দ। দয়া এক পছন্দ। দান কৰাটো এটা পছন্দ। সন্মান কৰাটো এটা পছন্দ। আপুনি কৰা বাছনি বা পছন্দবোৰেই আপোনাক মানুহ হিচাপে গঢ় দিয়ে। গতিকে সদায়ে ভাৱি-চিন্তি পছন্দবোৰ ঠিক কৰক।”
~ ৰয় টি বেনেট ~
 

২০২৩
“সত্য অত্যন্ত কঠিন। সত্য হঠাতে প্ৰকাশিত নহয়। অজস্ৰ প্ৰহেলিকা, অন্ধকাৰ, অসত্যৰ আৱৰণ খুলি সত্য প্ৰকৃত ৰূপত প্ৰকাশ পাবলৈ সুদীৰ্ঘ কালৰ প্ৰয়োজন হয়। সেই সত্য উদ্ঘাটনৰ পথত যি নিৰৱচ্ছিন্নভাৱে, নিৰন্তৰ, অজস্ৰ বিপদ-বিঘিনি অতিক্ৰমি ব্ৰতী হ’ব পাৰে, সেইজনেই হ’ল মহাৰথী।”
~ মহাৰথী, (চন্দ্ৰপ্ৰসাদ শইকীয়া) ~

২০২৩
“হাঁহিবলৈ আৰু দয়ালু হ'বলৈ সক্ষম হোৱাই একমাত্ৰ বস্তু যি মানুহক পশুতকৈ উন্নত কৰি তোলে।”
~ ৰাস্কিন বণ্ড ~
 

২০২৩
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।

দাতাত চোৰত যাৰ দৃষ্টি একতুল॥
নীচত সাধুত যাৰ ভৈল একজ্ঞান।
তাহাকেসে পণ্ডিত বোলয় সৰ্ব্বজান॥”

~ শ্ৰীমন্ত শংকৰদেৱ (শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ) ~
 

২০২৩
“আপুনি যে এজন ভাল শিক্ষক হ’বৰ বাবে চিন্তা কৰে, তাৰ অৰ্থ হ’ল আপুনি ইতিমধ্যেই এজন ভাল শিক্ষক৷”
~ জোডি পিকোল্ট ~
 

২০২৩
“শিক্ষাৰ অন্তিম উৎপাদন এজন মুক্ত সৃজনশীল ব্যক্তি হোৱা উচিত, যি ইতিহাসগত পৰিস্থিতি আৰু প্ৰকৃতিৰ ৰোষৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰে।”
~ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ ~
 

২০২৩
“যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত; অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৄজাম্যহম; পৰিত্ৰানায় সাধুনাং বিনাশায়চ দুষ্কৃতাম; ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে৷
(সন্তক পৰিত্ৰাণ দিবলৈ দুষ্কৃতিকাৰীক বিনাশ কৰিবলৈ আৰু ধৰ্মৰ পুনৰ সংস্থাপন কৰিবলৈ, ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে৷)”
~ শ্ৰীমদ্ভগৱতগীতা ~

২০২৩
“Gun নহয়; গানহে মোৰ অস্ত্ৰ৷”
~ ভূপেন হাজৰিকা ~
 

২০২৩
“যি মানুহে অকলে খোজ কাঢ়ে তেওঁ আটাইতকৈ বেগাই খোজ কাঢ়ে৷”
~ ৰুডয়াৰ্ড কিপলিং ~
 

২০২৩
“কেৱল মগজুৰে নহয়, হৃদয়ৰে উপলব্ধি কৰিব পৰা সত্যৰ এক নিজস্ব সৌন্দৰ্য আছে৷ কবিয়ে ভাষাৰ মাধ্যমেৰে সেই সৌন্দৰ্যকেই বহুজনৰ মনলৈ সংক্ৰমিত কৰি তোলে৷ তাতেই কবিৰ সাৰ্থকতা৷”
~ মহেন্দ্ৰ বৰা ~

২০২৩
“মানুহৰ মাজত আত্মীয়তাৰ বন্ধনো একপ্ৰকাৰৰ নিৰাময়ৰ ব্যৱস্থা। আমি প্ৰত্যেকেই ইজনে-সিজনৰ চিকিৎসক।”
~ অলিভাৰ ছেক্‌ছ ~

২০২৩
“মৃত্যুৰ পিছত আত্মাৰ অস্তিত্ব থাকে নে নাথাকে, সেই বিষয়ে ম‍ই কোনো চিন্তা কৰিব নোখোজোঁ। সকলো প্ৰাণীৰে এদিন নহয় এদিন বিনাশ হ’বই। তেনেস্থলত মৃত্যুৰ পিছত মই কিয় জীয়াই থাকিব লাগে? অমৰত্বৰ প্ৰতি মোৰ কোনো বাসনা নাই।”
~ ছিগমুণ্ড ফ্ৰয়েড ~
 

২০২৩
“জীৱনত ভয় কৰিবলগীয়া একো নাই, জীৱনক কেৱল বুজিব লাগিব। এতিয়া জীৱনক অধিক বুজাৰ সময়, যাতে আমি ভয় কমকৈ কৰোঁ।”
~ মেৰী কুৰী ~
 

২০২৩
“শ্ৰমিক-কৃষকৰ হাত বোকা-মাটিৰে অপৰিষ্কাৰ হ’লেও ভৰি ধূলি-বালিৰে মলিয়ন হ’লেও তেওঁলোকেইহে সবাতোকৈ পৰিচ্ছন্ন মানুহ৷”
~ মাও চে তুঙ ~
 

২০২৪
“এজন মানুহে যদি কলৰ পানী বিচাৰে, এজন মানুহে টেক্স দি উঠি ’ৰাস্তাটো ভাল কৰি দিব লাগে, কিয় ভাল কৰি দিয়া নাই’ বুলি যদি প্ৰশ্ন কৰে, তেন্তে সেইটো ৰাজনীতি কৰা নহয়৷ সেইটো সমাজ সচেতনতা৷ সেই সমাজ সচেতনতা লৈয়েই মই সৃষ্টি কৰি যাম আৰু সমাজ সচেতনতা লৈয়েই মই চকু মুদিম৷”
~ ভূপেন হাজৰিকা ~



২০২৩
“যিটো কথাকে মই আটাইতকৈ পৱিত্ৰ বুলি ভাবোঁ, সেইটো হ’ল মানুহৰ চিৰ অসন্তুষ্টি, নিজক লৈ কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰা স্বভাৱ, এতিয়া তেওঁ যিমান ভাল তাতকৈ বেছি ভাল হ’বলৈ মানুহৰ প্ৰয়াস, মানুহৰ পৰিশ্ৰম৷”
~ মেক্সিম গৰ্কী ~
 

২০২৪
“ঈশ্বৰক ভালপোৱাটোৱেই সকলো নহয়, যদিহে মই প্ৰতিবেশীক ভাল নাপাওঁ৷ ছেইণ্ট জনে কৈছে যে প্ৰতিবেশীক ভাল নাপাই আমি যদি কওঁ ঈশ্বৰক ভাল পাওঁ বুলি, তেনেহ’লে আমি মিছলীয়া৷ এইটো কেনেকৈ সম্ভৱ যে আমি ঈশ্বৰক ভাল পাওঁ, অথচ প্ৰতিবেশীক ভাল নাপাওঁ- যিসকলক আমি সদায় দেখোঁ, যাক আমি স্পৰ্শ কৰিব পাৰোঁ, যিসকলৰ কাষতে আমি বাস কৰোঁ?”
~ মাদাৰ টেৰেছা ~



২০২৩
“আধাৰশিলাৰ পোতন যিমানে দ’ হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰে সৌধৰ উজ্জলতা আৰু দৃঢ়তা৷”
~ ইন্দিৰা মিৰি ~
 

২০২৪
“আধাৰশিলাৰ পোতন যিমানে দ’ হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰে সৌধৰ উজ্জলতা আৰু দৃঢ়তা৷”
~ ইন্দিৰা মিৰি ~
 

২০২৩
“মাংস খোৱা উচিত নে শাক-পাচলি খোৱা উচিত, তাকে লৈ মূৰ্খসকলে তৰ্ক কৰে৷ কোনবিধ মাংস আৰু কোনবিধ পাচলি তাক কোনে ঠিক কৰি দিছে আৰু কি খালে পাপ হয় তাকেইবা আচলতে কোনে জানে৷”
~ গুৰু নানক ~
 

২০২৪
“জীৱনৰ অৰ্থ হ’ল হাঁহি, হাঁহিখিনি বিলাই দিবা, যিমানেই পাৰা সিমানেই বিলাই দিবা৷ টকা যদি পোৱা বহুতো সেইটো বিলাই দিবা৷ যিমানেই বিলাই দিবা সিমানেই মহান হ’বা৷ হাঁহিখিনি আনক বিলাই দিবা আৰু কান্দোনখিনি লুকুৱাই ৰাখিবা৷”
~ ভূপেন হাজৰিকা ~
 

২০২৩
 
“শৰীৰৰ বিকাশৰ কাৰণে যেনেকৈ পুষ্টিকৰ সুষম আহাৰৰ প্ৰয়োজন, মনৰ বিকাশৰ কাৰণে পুষ্টিকৰ মানসিক আহাৰৰ প্ৰয়োজন তাতোকৈ কোনো গুণেই কম নহয়। মনে তাৰ আহাৰ সংগ্ৰহ কৰে ঘাইকৈ অধ্যয়ন, আলোচনা আৰু সৎ-সংগৰ পৰা।”
~ হোমেন বৰগোহাঞি ~
 

২০২৪
“ব্ৰহ্মপুত্ৰৰ গতি যেনেকৈ কোনেও ৰুধিব নোৱাৰে-অসমীয়া কৃষ্টিৰ গতিও কোনেও ৰুধিব নোৱাৰে৷”
~ ফণী শৰ্মা ~
 

২০২৩
“দেশভ্ৰমণ শিক্ষাৰ প্ৰধান উপায়। ভাৰতবৰ্ষলৈ কত দিনৰপৰা বিদেশী পৰিব্ৰাজক আহিবলৈ আৰম্ভ কৰিছিল।..... আমি এই বিংশতি শতাব্দীৰ সুবিধা পায়ো যদি আমাৰ গাঁৱত, আমাৰ মহকুমাত, আমাৰ জিলাত পৰি থাকোঁ, তেনেহ'লে ই যদি পাপ নহয়, পাপনো আৰু কাক বোলে?”
~ জ্ঞানদাভিৰাম বৰুৱা ~
 

২০২৪
“পৃথিৱীত আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম হৈছে নিজক সংশোধন কৰা।”
~ হেম বৰুৱা ~
 

২০২৩
“নিজৰ ভাষাক চহকী কৰিলেই নহয়, তোমাৰ ভাব পৰক জনাবলৈ হ’লে তেওঁকো মই চহকী ভাষা শিকাব লাগিব৷ ভাবৰ আদান-প্ৰদানৰ লগে লগে ভাষাৰো আদান-প্ৰদান চলিব লাগিব৷ যিমানক তোমাৰ ভাষা শিকাই তোমাৰ ভাব লোৱাব পাৰিবা সিমানেই তোমাৰ সমাজ বহল হ’ব৷ সেই সমাজৰ সাহিত্যও সেই পৰিমাণে চহকী হ’ব৷”
~ তৰুণ ৰাম ফুকন ~

২০২৪
“অহংকাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙৰ যেন দেখে, আৰু আনৰ ডাঙৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহংকাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে।”
~ সত্যনাথ বৰা ~
 

২০২৩
“হৃদয়ৰ পৰা অহা ধৰণৰ কামবোৰ কৰক। যেতিয়া আপুনি সেইটো কৰিব, আপুনি অসন্তুষ্ট নহ’ব, আপোনাৰ ঈৰ্ষা নাজাগিব, আপুনি আন কাৰোবাৰ বস্তুৰ বাবে হাহাকাৰ নকৰিব৷ ইয়াৰ বিপৰীতে যিখিনি ঘূৰাই পাব, তাক লৈ আপুনি আপ্লুত হ’ব৷”
~ টিউজডেইজ ৱিথ মৰি (১৯৯৭), (মিটচ্ এলবম) ~
 

২০২৪
“একো একোটা জীৱনত সম্ভাৱনা থকা কথা এটিও কেতিয়াবা কোনো কাৰণ নথকাকৈ অসম্ভৱ হৈ ৰৈ যায়। বহুতো কথা হেঁতেনতে ৰৈ যায়।”
~ মণিকুন্তলা ভট্টাচাৰ্য ~
 

২০২৩
“যদি জীৱনৰ কোনো অৰ্থ আছেই, তেন্তে দুখ-যন্ত্ৰণাৰ মাজতো অৰ্থ থাকিব লাগিব। যন্ত্ৰণা জীৱনৰ এক মচিব নোৱাৰা অংশ, সেয়া আনকি নিয়তি আৰু মৃত্যুৰ ৰূপতো হ'ব পাৰে।”
~ ভিক্টৰ ফ্ৰাংকল ~
 

২০২৪
“জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ মহৎ সাহিত্য সৃষ্টি কৰা সম্ভৱ নহয়৷ লেখকৰ দায়বদ্ধতা বুলি যদি কিবা থাকে, তেনেহ’লে সেইটো হ’ল, জনসাধাৰণৰ সৈতে একাত্ম হোৱা৷ গজদন্ত মিনাৰত থাকি জীৱন্ত আৰু প্ৰাণস্পন্দনসমন্বিত সাহিত্য সৃষ্টি কৰা সম্ভৱ নহয়৷”
~ শীলভদ্ৰ ~
 

২০২৩
 
“আমাক শিক্ষাই লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিত থিয় দিব পাৰে৷”
~ স্বামী বিবেকানন্দ ~
 

২০২৪
“আন মানুহে কেনেকৈ জীৱন যাপন কৰিব লাগে সেই বিষয়ে সকলোৰে যেন এটা স্পষ্ট ধাৰণা আছে, কিন্তু নিজৰ জীৱনটোৰ বিষয়ে একোৱেই নাই।”
~ পাওলো কোৱেলহো ~
 

২০২৩
“ছোৱালী হ’ল কাৰণেই নিজস্ব অস্তিত্ব যেন একো থাকিবই নোৱাৰে৷ মাক-বাপেকৰ কেৱল যেন এক বোজা৷ তাৰ মূল কাৰণ নিশ্চয়কৈ আছিল মহিলাৰ পৰনিৰ্ভৰশীলতা৷ অক্ষম অৱস্থা৷”
~ নিৰ্মলপ্ৰভা বৰদলৈ ~
 

২০২৪
“মানুহে আমাক হয় ভাল নহ’লে বেয়া বুলিবই৷ কিন্তু আমি নিজৰ আদৰ্শক আগত ৰাখি সিংহৰ দৰে কাম কৰি যাবই লাগিব৷”
~ স্বামী বিবেকানন্দ ~
 

২০২৩
“যি তোমাৰ সমকক্ষ নহয়, তেওঁক তুমি ঈৰ্ষা নকৰিবা, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ'বা। কৰিলে আৰু হ'লে মহত্ত্বই তোমাক কৰিব পৰিহাস। কোনো এজনক নিজৰে মহত্ত্বই যেতিয়া পৰিহাস কৰে, তেতিয়া তেওঁক মহত্ত্বই পৰিত্যাগ কৰাৰ সম্ভাৱনা প্ৰগাঢ় হয়।”
~ মহাৰথী, (চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া) ~

২০২৪
“একমাত্ৰ মৃত্যুৰ বাহিৰে আপোনাৰ সকলো যুক্তি, আপোনাৰ আন্তৰিকতা, আপোনাৰ দুখ-কষ্টৰ ভয়াৱহতাৰ বিষয়ে মানুহে কেতিয়াও পতিয়ন নাযায়। গতিকে যেতিয়ালৈকে আপুনি জীয়াই আছে, তেতিয়ালৈকে আপোনাৰ পৰিস্থিতিটো সন্দেহজনক; মৃত্যুৰ পূৰ্বলৈ আপুনি তেওঁলোকৰ সংশয়বাদিতাহে পাব।”
~ আলবেয়ৰ কেম্যু ~
 

২০২৩
“যেতিয়াই যিকোনো কথা শুদ্ধভাৱে ধাৰণা কৰাৰ ক্ষমতা হ'ব তোমাৰ, তুমি আৰু জীৱনত পিছলৈ উভতি চাব নালাগে কেতিয়াও।”
~ হৃদয় এক বিজ্ঞাপন, (অনুৰাধা শৰ্মা পূজাৰী) ~



২০২৪
“এদিন সকলো পাপীয়েই, সকলো পাপী দেশেই অনুতাপ কৰিব লাগিব৷ পৃথিৱীৰ মানুহে এফালে যেনেকৈ প্ৰবল মাৰণাস্ত্ৰ তৈয়াৰ কৰিছে, আনফালে তেনেকৈ তৈয়াৰ কৰিছে প্ৰেমৰ মহাস্ত্ৰ৷”
~ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ~
 

২০২৩
“শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে প্ৰকৃত জীৱন৷”
~ যোছেফ কনৰাড ~
 

২০২৪
“নিজৰ ভাষাটো বৰ্তাই ৰাখিবলৈ মানুহে আন্দোলন কৰে৷ মোৰ তেজত- মোৰ চকুপানীত- মোৰ সপোনত প্ৰতিটো লহমাত মাতৃভাষাটো আছে৷ মাতৃভাষা বাদ দিয়া মানে মই এক শিপাহীন গছ৷ শিপা নথকা গছ বাগৰি পৰিবলৈ কিমাননো পৰ!”
~ মইনা গোস্বামী ~
 

২০২৩
“কিবা এটা ভাল লাগে, জীয়াই থকাৰ হেঁপাহ জাগে, মনলৈ নতুন নতুন ভাব আহে। তাইক দেখিলে মোৰ সব দুখ যেন পাহৰি যাওঁ, পাহৰি যাওঁ মোৰ যে একো নাই।”
~ মানৱ (চৰিত্ৰ), (মন যায়, বোলছবি) ~

২০২৪
“কটাৰী চিকুণ গুৱা।

টোপনি চিকুণ পুৱা।
ব্যঞ্জন চিকুণ হালধি।
কুটনে চিকুণ খাৰলি।”

~ ডাকৰ বচন ~
 

২০২৩
“সৃষ্টিশীল শিল্পকলাত মৌলিকতা বুলি কোনো বস্তু নাই৷ আমি যি সৃষ্টি কৰি আছোঁ, সি আমি বাস কৰি থকা পৃথিৱীখনৰ বহুস্তৰীয় ৰূপৰ অনুবাদহে মাত্ৰ৷ আৰু সেই অনুবাদকে আমি গভীৰ সূক্ষ্মতাৰে অনুসৃষ্টিৰে সজালেই সি হৈ পৰে শিল্প৷”
~ ৰফিকুল হুছেইন ~

২০২৩
“ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।”
~ নীল প্ৰজাপতি, (অনুৰাধা শৰ্মা পূজাৰী) ~



২০২৪
“যি কাম কৰিলে মনত কোনো অন্তৰ্দ্বন্দ্ব নহয়, চৌব্বিশ ঘণ্টা তুমি প্ৰশান্তিত থাকিব পাৰা, সেয়াই নিশ্চয় ভাল কাম।”
~ অনুৰাধা শৰ্মা পূজাৰী ~