নিৰ্মলপ্ৰভা বৰদলৈ
অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক
ড° নিৰ্মলপ্ৰভা বৰদলৈ (ইংৰাজী: Nirmalprabha Bordoloi; ১৯৩৩-২০০৪) অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল। 'সুদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। গৱেষণমূলক গ্ৰন্থ ‘শিৱ’, ‘দেৱী’ আৰু ‘সূৰ্য্য’ অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান৷
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- জীয়াই থাকিব জনাটোও এটা আৰ্টহে৷[১]
- “প্ৰেম প্ৰেৰণাৰেই বৃহৎ বিশ্বৰ বিচিত্ৰ মানুহে তেওঁবিলাকৰ সমস্ত বিচ্ছিন্নতাৰ দ্বন্দ্বক অতিক্ৰম কৰি অবিৰোধেৰে একত্ৰে মিলিব পাৰে৷ ..... বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ঐক্যৱদ্ধ মহৎ জীৱনৰ কাৰণে বিৰাটৰ সাধনা চলিব লাগিছে৷ বুজাবুজিয়েই হ’ব তাৰ মূলমন্ত্ৰ৷’’[২]
- ছোৱালী হ’ল কাৰণেই নিজস্ব অস্তিত্ব যেন একো থাকিবই নোৱাৰে৷ মাক-বাপেকৰ কেৱল যেন এক বোজা৷ তাৰ মূল কাৰণ নিশ্চয়কৈ আছিল মহিলাৰ পৰনিৰ্ভৰশীলতা৷ অক্ষম অৱস্থা৷[৩]
- অসমত ৰেডিঅ ষ্টেচন স্থাপন হোৱাৰ লগে লগে অসমীয়া গীত ৰচক, সুৰ সংযোজক, গায়কসকলৰ কাৰণে এখন নতুন দুৱাৰ মুকলি হ’ল৷ সুৰত, ৰচনাত মৌলিকত্ব দেখুৱাবলৈ ই সুযোগ মুকলি কৰি দিলে৷[৪]
- এপাহ স্থলপদ্মৰ এদিনৰ জীয়া কাহিনী নাৰীৰ জীৱনৰ সৈতে একে৷ প্ৰহৰে প্ৰহৰে ৰূপৰ সলনি ঘটা স্থলপদ্মৰ দৰে নাৰী জীৱনৰো সঘন পৰিৱৰ্তন ঘটে৷[৫]
- বিয়া অসমীয়া সমাজৰ প্ৰাণময় উৎসৱ৷ গঞা সমাজৰ ৰং-ৰহইচৰ ৰহঘৰা৷[৬]
- শুনা বা দেখা বস্তুৰ ওপৰত ভেটি কৰিয়েই মানুহৰ কল্পনাই সদায় গঢ় লয়৷[৭]
- লুইতপৰীয়া সাংস্কৃতিক প্ৰতীক বুলি বহাগ বিহু এইকাৰণেই ক’ব পাৰি যে বহাগ বিহুৰ গীত, নৃত্য, আচাৰ-অনুষ্ঠানে অসমীয়া মানহুৰহ জীৱন-যাত্ৰা আৰু জীৱনাদৰ্শন স্বৰূপাৰ্থত বহন কৰিছে৷[৮]
- বিজ্ঞান হৈছে কোনোবা এটা বিষয়ত গৱেষণা কৰি তাৰ সংযোজন(Synthesis), সম্বন্ধয়ীকৰণ(Co-ordination) আৰু সুশৃংখল( arrangement) কৰি বিষয়টোৰ ওপৰত এক বিশেষ জ্ঞান(special knowledge) আহৰণ কৰা৷[৯]
- মোৰ সাহিত্য দায়বদ্ধ সাহিত্য৷ মোৰ দায়বদ্ধতা মোৰ বিবেকক একোৱে বন্দী কৰিব নোৱাৰে৷[১০]
- সাহিত্যৰ জাত নাই, ধৰ্ম নাই৷ সেইদৰে সাহিত্যিকৰো জাত নাই, ধৰ্ম নাই৷ সাহিত্যিকৰ ধৰ্ম সদায় মানৱ ধৰ্ম৷ লিখিলেই গীত, লিখিলেই গল্প নহয়৷ জীৱনৰ অভিজ্ঞতাৰ নিটোল নিৰ্যাস হ’লেহে সাহিত্য৷[১১]
- মানুহৰ দুখ গুচোৱা কথাটো মুখৰ কথা নহয়। শুকান বালি তিওৱা বৰ টান। ধনী আত্মীয় বহুত থাকিলেও বেছিভাগেই প্ৰকৃত অৰ্থত সহায় নকৰে। হয় মুখেৰে উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে।[১২]
জীৱন জীৱন বৰ অনুপম(আত্মজীৱনী)
সম্পাদনা কৰক- চাবলৈ গ'লে সৃষ্টিধৰ্মী সাহিত্যত, উদাহৰণস্বৰূপে গীত আৰু কবিতাৰ কথাই কৈছোঁ, নিজৰ চেতন-অৱচেতন, মগ্নচেতনৰ তৰপবোৰেই জলছবিৰ দৰে উঠি আহে। দেখিলে, শুনিলে, পালে যিবোৰ অভিজ্ঞতা হয় আৰু সেই অভিজ্ঞতাই যি উপলব্ধি দিয়ে সেয়ে জীৱন, সেয়ে সাহিত্য। জীয়াই থকাৰ নামেইতো জীৱন নহয়- যদিহে উপলব্ধি নাথাকে। জীয়াই থকাৰ আনন্দ উপলব্ধিতহে। মানুহ আহাৰেৰে জীয়াই নাথাকে, কাপোৰেৰে জীয়াই নাথাকে, প্ৰাচুৰ্যৰেও জীয়াই নাথাকে- যদিহে নাথাকে উপলব্ধি। সামাজিক বৈষম্য, মানুহে মানুহক কৰা উৎপীড়ন, নিষ্ঠুৰতা দেখি, অদৃষ্টৰ পৰিহাস দেখি, যদি নাকান্দিলো, আৰ্ত মানৱাত্মাৰ হাহাকাৰেই যদি শুনিবলৈ নিশিকিলো, মোৰ অন্তৰ যদি শোকত তিতি নাথাকিল, মোৰ কিবা উপলব্ধি হ'লনে? মই কেউকাষৰ সকলো তৰপৰ দুখত কান্দিব পাৰিব লাগিব, সহস্ৰজনৰ আনন্দত অন্তৰ উজাৰি হাঁহিব পাৰিব লাগিব, মোৰ দেহটো সত্য নহয়। আত্মা আৰু মনটোহে সত্য। মোৰ আত্মাৰ সামান্য পোহৰ যদি অনন্ত পোহৰৰ প্ৰতি উদ্বাউল হৈছে, মোৰ মন যদি মানৱাত্মাৰ মুক্তিৰ (বিবিধ যন্ত্ৰণাৰপৰা) কাৰণে উধাও হৈছে তাতেই মোৰ জীৱনৰ সাৰ্থকতা। মোৰ একোটা গীতৰ কলিয়ে যদি উচ্চস্তৰৰ অকণ পোহৰৰ বতৰা দিব পাৰে মাদকতাময় অকণ সুবাস বিলাব পাৰে, সামান্যৰ মাজতে থকা অসামান্যক চিনাব পাৰে, প্ৰকৃতিৰ মাজত থকা ৰহস্য আৰু ঐশ্বৰ্যৰ বাতৰি দিব পাৰে জীয়াই থকাটোকে ধন্য নকৰিবনে? আমি যেতিয়া জীয়াই থাকিবই লাগিব আহা, অৰ্থপূৰ্ণভাৱে, সমূহৰ সুখ-দুখ নিজৰ বুকুলৈ আনি জীয়াই থাকোঁ।
- জীৱন এক অনন্ত কবিতা- বুজাৰ-নুবুজাৰ, জোনাকৰ-ধুমুহাৰ, নোপোৱাৰ-পোৱাৰ, পাই হেৰুওৱাৰ, কোমলতাৰ, কঠিনতাৰ, পোহৰৰ, অন্ধকাৰৰ, নিসংগতাৰ, অসহায়তাৰ, সত্য উচ্চাৰণৰ, প্ৰতিজ্ঞাৰ, সৌন্দৰ্যৰ, স্বপ্নৰ, শোষণৰ, দগ্ধতাৰ, কাতৰতাৰ, আৰ্তনাদৰ, অশ্ৰৰ,......।
- যাৰ যি ক্ষেত্ৰ তেনেকৈয়ে কৰ্ম কৰা ,কৰ্ম চিনি পাবলৈ জ্ঞানৰো প্ৰয়োজন।ইন্দ্ৰিয়সমুহ বশলৈ আনা। তাৰদ্বাৰা মন জয় কৰা হ'ব। ইয়াৰ পিছত বুদ্ধি উদ্ভাসিত হ'ব। ইন্দ্ৰিয়তকৈ মন,মনতকৈ বুদ্ধি শ্ৰেষ্ঠ।কিন্তু সকলোতকৈ শ্ৰেষ্ঠ আত্মা।আত্মাৰ শক্তিত বিশ্বাস কৰা সকলো সহজ হৈ পৰিব।
- জীয়াই থকাৰ নামেইতো জীৱন নহয়-যদিহে উপলব্ধি নাথাকে! জীয়াই থকাৰ আনন্দ উপলব্ধিতহে।মানুহ আহাৰেৰে জীয়াই নাথাকে, কাপোৰেৰে জীয়াই নাথাকে, প্ৰাচুৰ্যৰেও জীয়াই নাথাকে-যদিহে নাথাকে উপলদ্ধি।[১৩]
- জীৱন ক্ষণস্থায়ী, কীৰ্তি চিৰস্থায়ী।জীৱনৰ মাজতে মহাজীৱন বিচাৰি লোৱা।এতিয়া পঢ়া-শুনা কৰি নিজৰ নিজৰ নিজেই গঢ়িব লাগিব।অযথা সময় নষ্ট কৰিব নালাগে।[১৪]
- সঁচাকৈ ত্যাগত যিমান আনন্দ, ভোগত সিমান আনন্দ নাই।[১৫]
- প্ৰত্যেকৰপৰা প্ৰত্যেকলৈ ময়ে যেন এখন সাঁকো।আটাইৰে বেলেগ-বেলেগ দুখত ভগা বুকু ময়েই জোৰা লগাবলৈ আপ্ৰাণ চেষ্টা কৰোঁ।নোহোৱাবোৰক হোৱা কৰাৰ, থকাবোৰক আৰু ওপৰলৈ নিয়াইতো মোৰ কাম।কাৰোবাক যদি সহায় কৰিবই নোৱাৰিলো মোৰ জীৱনৰনো অৰ্থ কি![১৬]
- পজিটিভ স্বপ্ন, পজিটিভ চিন্তা, পজিটিভ কল্পনা থাকিলেহে জীৱনলৈ আশা আহে, হতাশা আঁতৰি যায়।[১৭]
- মোৰ কাৰণে সকলো নহয়, সকলোৰে বাবে মই।মই জীয়াই থাকিম এটা সুদৃঢ় আৰু বলিষ্ঠ মনেৰে আৰু সকলো ভাল কাম ময়েই কৰি যাম।এই আদৰ্শই মোৰ জীৱন অধিকাৰ কৰিলে।[১৮]
- জীৱনত কিমান সময় আমি এনেয়ে কটাও।কি কৰিব লাগে আমি তাকেই নাজানো।প্ৰকৃততে জীৱনটো কিছুমান মুহূৰ্ততহে জীয়াই থাকে।ভাল পথৰ নিৰ্দেশক পোৱাটো বৰ ডাঙৰ কথা।[১৯]
- আমাৰ মাটিও নাই ঘৰো নাই।আছে আকাশজোৰা সৎ উদ্দেশ্য।[২০]
- স্মৃতিবোৰ যেনিবা ডালিমৰ গুটিহে। পকা ডালিম এটা ফালি পকা, পূৰঠ গুটিবোৰ ছিটিকি পৰাৰ দৰে স্মৃতিবোৰো ছিটিকি অ'ত-ত'ত পৰেগৈ। ডালিমৰ গুটিবোৰ ৰঙচুৱা বাখৰৰ দৰে লাগে। স্মৃতিবোৰ জলমল বাখৰৰ দৰেই।ই ৰেহা লগাই একাদিক্ৰমে নাহে।[২১]
- আনন্দয়ো যে মানুহৰ মনলৈ বিষাদ আনিব পাৰে তেওঁৰ কথা এষাৰৰ পৰা ধৰিব পাৰি -'পৰীক্ষাৰ ৰিজাল্টৰ দিনা যেতিয়া মোৰ ল'ৰাকেইটাই হাঁহি-ফুৰ্তি কৰি ঘৰলৈ আহে তেতিয়া মোৰ মনে ধৰে ইহঁতে পৰীক্ষাত পাছ কৰিলে,লগে লগে মোৰ বুকুখন চিৰিংকৈ উঠে।কাৰণ সিহঁতকতো এতিয়া ফলি-পুথি নতুনকৈ কিনি দিব লাগিব,টকা ক'ত পাম![২২]
- মোৰ সত্য অন্বেষণৰ কাহিনীৰ এই কথা খিনি কি যে মনোৰম, কি যে শান্তিদায়ক-'কোনোবাই তোমাক এচলু পানী দিলে, তুমি তেওঁক পেট ভৰাই খাবলৈ দিবা।কোনোবাই মৰমেৰে সৈতে সম্ভাষণ কৰিলে, তুমি মূৰ দোঁৱাই সম্ভাষণ জনাবা।কোনোবাই এটা পাই দি সহায় কৰিলে তেওঁক তুমি সোণৰ মোহৰ দি সদায় কৰিবা।তোমাৰ জীৱন ৰক্ষা কৰিলে তুমি তেওঁৰ বাবে নিজৰ জীৱন দিবলৈ পিছ নপৰিবা।জ্ঞানীলোকে কথা আৰু কামৰ সদায় মিল ৰাখে।সামান্য উপকাৰ কৰিলেও তেওঁক দহগুণ প্ৰত্যুপকাৰ কৰে। যি প্ৰকৃততে উচ্চ মনৰ মানুহ তেওঁ সকলোকে একে বুলি ভাবে আৰু উপকাৰ কৰি অপকাৰৰ প্ৰতিদান দিয়ে।[২৩]
- মানুহ নীতিত থাকিলে একোৱে ভয় খুৱাব নোৱাৰে।শিৰ সদায় উচ্চ হৈ থাকে।শিৰ উচ্চ কৰি ৰাখিবলৈ শক্তি দিয়ে একমাত্ৰ সততাইহে।
- মানুহৰ দুখ গুচোৱা কথাটো মুখৰ কথা নহয়। শুকান বালি তিওৱা বৰ টান। ধনী আত্মীয় বহুত থাকিলেও বেছিভাগেই প্ৰকৃত অৰ্থত সহায় নকৰে।হয় মুখেৰে উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে।
- ৰূপ সৰি পৰা দেহৰ প্ৰতিফলন আইনত চাবলৈ আমি ভয় কৰোঁ, কিন্তু সেয়াওতো সত্য। ব্যৰ্থতা অথবা মনৰ অসুখ সুন্দৰ আৱৰণেৰে কিমানদিন লুকুৱাই ৰখা যায়।[২৪]
উত্স
সম্পাদনা কৰক- ↑ সূৰ্য্য, নিৰ্মলপ্ৰভা বৰদলৈ
- ↑ অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত বিদেশী নাগৰিকৰ সমস্যা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি, ডঃ অমল ৰাজখোৱা, মনপুৰ মৌচন্দা
- ↑ বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,২১
- ↑ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ৮২
- ↑ অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ১১, বীণা লাইব্ৰেৰী, ২০০৪
- ↑ অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ২৩, বীণা লাইব্ৰেৰী, ২০০৪
- ↑ অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ৫৯, বীণা লাইব্ৰেৰী, ২০০৪
- ↑ অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ১২৫, বীণা লাইব্ৰেৰী, ২০০৪
- ↑ সূৰ্য্য, ড° নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নংল ২৫১, সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংচ৷ ২০০৮
- ↑ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, (ড° নিৰ্মলপ্ৰভা বৰদলৈ), পৃ:নং; ১২৭, চন্দ্ৰ প্ৰকাশ,২০০৯, ISBN-13978-81-244-0004-3
- ↑ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, (ড° নিৰ্মলপ্ৰভা বৰদলৈ), পৃ:নং; ১৩২, চন্দ্ৰ প্ৰকাশ,২০০৯, ISBN-13978-81-244-0004-3
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন, পৃষ্ঠা:২০১।
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:২৫৬
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:৯০
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন, পৃষ্ঠা: ২০৯
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:২১৫
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:২৫২
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:৯৬
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:৩০৯
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:৩৮০
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:১৮০
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:১৯
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:৮১
- ↑ ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন,পৃষ্ঠা:২৭৪