ভিক্টৰ ফ্ৰাংকল
ভিক্টৰ এমিল ফ্ৰাংকল (২৬ মাৰ্চ ১৯০৫ - ২ ছেপ্টেম্বৰ ১৯৯৭) এগৰাকী অষ্ট্ৰিয়ান স্নায়ুবিজ্ঞানী আৰু মনোৰোগৰ চিকিৎসক আছিল। তেওঁ ইহুদী গণহত্যাৰ (হল'কাষ্ট্) পৰা বাচি অহা লোকসকলৰ মাজৰ অন্যতম আছিল। বন্দী শিবিৰত কটোৱা সময়ছোৱাৰ অভিজ্ঞতাৰে লিখা তেওঁৰ "Man's Search for Meaning" এখন বহুলপঠিত গ্ৰন্থ।

উদ্ধৃতিসমূহসম্পাদনা কৰক
- এটা অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতি অস্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো স্বাভাৱিক আচৰণ।[১]
- যদি জীৱনৰ কোনো অৰ্থ আছেই, তেন্তে দুখ-যন্ত্ৰণাৰ মাজতো অৰ্থ থাকিব লাগিব। যন্ত্ৰণা জীৱনৰ এক মচিব নোৱাৰা অংশ, সেয়া আনকি নিয়তি আৰু মৃত্যুৰ ৰূপতো হ'ব পাৰে।[২]
- এজন মানুহৰ পৰা সৰ্বস্ব কাঢ়ি নিয়া যাব পাৰে, কিন্তু এটা বস্তু কাঢ়ি নিব নোৱাৰি। সেয়া হ'ল, মানুহৰ স্বাধীনতাৰ অন্তিম পৰ্য্যায়- যিকোনো পৰিস্থিতিত মানুহ এজনে কি মনোভাব ল'ব, সেয়া তেওঁ নিজ পছন্দ অনুসাৰে বাছি ল'ব পাৰে।
- মানুহক দৰাচলতে উদ্বেগবিহীন অৱস্থা এটাৰ প্ৰয়োজন নাই, কেৱল কোনো উপযুক্ত লক্ষ্যৰ বাবে কঠোৰ সাধনা আৰু সংগ্ৰামৰহে প্ৰয়োজন।
- যেতিয়া আমি পৰিস্থিতি এটা সলনি কৰিব নোৱাৰোঁ, আমি নিজকে সলনি কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ।
- জীৱন কেতিয়াও পৰিস্থিতিৰ বাবে অসহ্যকৰ হৈ নপৰে, কেৱল অৰ্থ আৰু উদ্দেশ্যৰ অভাৱতহে হ'ব পাৰে।