- কোনবোৰ মানুহ এজন মানুহৰ বন্ধু, কেৱল সেই কথাৰ দ্বাৰা তেওঁৰ চৰিত্ৰ বিচাৰ কৰিব নোৱাৰি। তেওঁৰ চৰিত্ৰৰ শুদ্ধ বিচাৰ কৰিবলৈ কোনবোৰ মানুহ তেওঁৰ শত্ৰু, সেই কথা জনা উচিত।[১]
- আমি যেনেকৈ স্বপ্ন দেখো অকলে, ঠিক তেনেকৈ জীয়াই থাকো অকলে৷[২]
- আনৰ দুখ যন্ত্ৰণাৰ ওপৰত ভৰ নিদিয়াকৈ আৰোহণ কৰিব বিচৰা সকলো উচ্চাকাংক্ষাই আদৰণীয়৷[২]
- এই কথা সঁচা যে এজন মানুহে কেনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰে বা কেনেকুৱা মানুহৰ সংগত বেছি সময় কটায় তাৰ দ্বাৰাই তেওঁৰ চৰিত্ৰৰ বিষয়ে জানিব পাৰি৷ কিন্তু তাৰ লগতে এই কথাও সঁচা যে এজন মানুহে কেনেকুৱা মানুহৰ লগত শত্ৰুতা কৰে তাৰ দ্বাৰাও তেওঁৰ স্বভাৱ চৰিত্ৰৰ আভাস পাব পাৰি৷[২]
- শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে প্ৰকৃত জীৱন৷[২]
- বহুত মানুহ আছে, যাৰ কাৰণে জীৱনটো ভাত খাই উঠি চিগাৰেট খোৱাৰ দৰে, সহজ, আৰামদায়ক, শূন্য৷[২]
- তুমি এখন নৈৰ একেখিনি পানীকে কেতিয়াও দ্বিতীয়বাৰলৈ খাব নোপোৱা, একোজন মানুহকে কেতিয়াও দ্বিতীয়বাৰ লগ পাব নোৱাৰা৷[২]
- তুমি যি কৰিছা, কৈছা, খাইছা আৰু পিন্ধিছা, তাতেই তোমাৰ পৰিচয় ফুটি উঠিছে৷ ইয়াৰ পিছত বেলেগকৈ নিজৰ পৰিচয় দিয়াৰ প্ৰয়োজনেই নাই৷[২]
- পাপৰ কাৰণে আমি দৈৱিক শক্তিক দোষ দি লাভ নাই৷ মানুহে নিজেই স্বপ্ৰণোদিত হৈ পাপ কাম কৰে৷[২]
- এজন মানুহৰ বন্ধুবোৰ কেনেকুৱা মানুহ তেওঁক কেৱল সেই কথাৰেই বিচাৰ কৰা উচিত নহয়৷ তেওঁৰ শত্ৰুবোৰ কেনেকুৱা সেই কথাৰেও তেওঁক বিচাৰ কৰিব লাগিব৷[২]
- মই প্ৰত্যেকদিনেই আঠঘণ্টাৰ কাৰণে লিখিবলৈ বহোঁ৷ আঠঘণ্টা সময় ধৰি বহি থাকি মই কেতিয়াবা মাত্ৰ তিনিটা বাক্য লিখিব পাৰো, কিন্তু হতাশাত আধামৰা হৈ লিখাৰ মেজৰ পৰা উঠাৰ আগতে সেই তিনিটা বাক্যই মই কাটি পেলাবলৈ বাধ্য হওঁ৷[২]