অনুৰাধা শৰ্মা পূজাৰী
অনুৰাধা শৰ্মা পূজাৰী (ইংৰাজী: Anuradha Sarma Pujari; জন্ম: ১৯৬৪ চন) অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। বৰ্তমান তেওঁ সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে। “চাহেবপুৰাৰ বৰষুণ” নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেওঁ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে। তেওঁ ২০২১ চনত “ইয়াত এখন অৰণ্য আছিল” শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰকনীল প্ৰজাপতি
- ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।[১]
- আকাশৰ বেলিটো সদায় পৃথিৱীৰ সকলো নৃশংসতা, নিষ্ঠুৰতাৰ সাক্ষী, সেইবুলি জানো পিচদিনা নতুন হৈ, নতুন আশাৰে সূৰ্য ওলাই নাহে![১]
- মানুহ আৱেগিক, অৰ্থনৈতিক যি কাৰণতেই নহওক, আনৰ ওচৰত প্ৰয়োজনতকৈ বেছি নিৰ্ভৰশীল হোৱাটো ভাল কথা নহয়।[১]
- জীৱনৰ সমস্যাৰ আকাৰ চাই শক্তি লাগে। বোজাই কৰা গাড়ী এখন, এটা ঘোঁৰাই টানিব নোৱাৰিলে, দুটা ঘোঁৰাৰ প্ৰয়োজন।[১]
জলছবি
- জ্ঞান, অনুভূতি আৰু ইচ্ছা এই তিনিটা আমাৰ মনৰ প্ৰধান প্ৰক্ৰিয়া। এই তিনি প্ৰক্ৰিয়াৰ সুসমন্বয়ৰ অভাৱ ঘটিলেই মনোজগতৰ ভাৰসাম্য নোহোৱা হয়।[২]
- এই পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই, অন্তৰত যদি বিশ্বাসৰ দৃঢ়তা থাকে, মানুহৰ প্ৰাৰ্থনা পৃথিৱীৰ সকলো উৎকৃষ্ট ঔষধতকৈ ফলদায়ক হৈ পৰে।[২]
- আমাৰ সমাজত ধৰ্ম, আধ্যাত্মিকতা, অন্ধবিশ্বাস সকলো একাকাৰ হৈ গৈছে। আধ্যাত্মিকতা পৃথক বিষয়। এক সুন্দৰ, ইতিবাচক জীৱন সন্ধান কৰিব পৰাটোহে আধ্যাত্মিকতা। ইয়াৰ বাবে আত্মপ্ৰেমৰ প্ৰয়োজন, আত্মপ্ৰেমৰ উদাৰ দৃষ্টিভংগীৰে পৃথিৱীৰ প্ৰেমত নিমজ্জিত হোৱা; এয়াই আধ্যাত্মিকতা।[২]
- মৃত্যু প্ৰত্যেক জীৱৰ ছাঁ, কেতিয়াবা হঠাতে, কেতিয়াবা লাহে লাহে আহে। জীৱনৰ লোভ ত্যাগ কৰাটো বৰ কঠিন, সেয়েহে মৃত্যুৰ বাবে ইমান ভয়। এই ভয় জয় কৰিব পাৰিলেই জীৱন আৰু মৃত্যু সমানেই অৰ্থময়। মৃত্যু নিৰৰ্থক নহয়। মৃত্যু আমাৰ পৰম সখা, যি জন্ম মুহূৰ্তৰ পৰা কাষে কাষে থাকে।[২]
- এই দুনিয়াত প্ৰকৃততে সম্পৰ্ক কাৰ সৈতে। আজিৰ দুনিয়াত স্বাৰ্থই সম্পৰ্ক। সেয়ে কওঁ স্বাৰ্থ আৰু মোহৰ পৰা ওলাই আহা, পৃথিৱীৰ ৰূপ সুধাত নিমগ্ন হোৱা। দীন-দুখীক সহায় কৰা বিনাস্বাৰ্থে। গছ-বিৰিখক আপোন বুলি ভাবা, চৰাই-চিৰিকটিৰ সৈতে বন্ধুত্ব স্থাপন কৰা, এই সকলোবোৰে তোমাক কেতিয়াও অকলশৰীয়া নকৰে, বিশ্বাসঘাতকতা নকৰে।[২]
- শৰীৰৰ মৃত্যু মানেই জীৱনৰো অন্ত, এই বৈজ্ঞানিক সত্যৰ পিছতো পৃথিৱীত থাকি যায় জীৱনৰ ভগ্নাৱশেষ।[২]
- পৃথিৱী কাহানিও নিঃসংগ নাছিল, মানুহো নিঃসংগ কোনোকালেই হ’ব খোজা নাছিল। প্ৰতি মানুহেই বুকুত মৰিশালি পাতি, মানুহৰ সৈতেই জীয়াই থাকিব খোজে চিৰকাল।[২]
- প্ৰত্যেকজন মানুহৰ বাবে মাতৃবোৰ একোখন আইনা।মাক হেৰাই যোৱা মানেই জীৱনৰ প্ৰতিচ্ছবি হেৰাই যোৱা।মাতৃৰ বিয়োগৰ সৈতে হেৰাই একোজন পূৰ্ণাংগ মানুহৰ জন্ম ঠিকনা,শৈশৱ-কৈশোৰ।
ইয়াত এখন অৰণ্য আছিল
- সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱা, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ'ল।[৩]
- শান্তি কোন পথে আহে! হাজাৰ বছৰ ধৰি, মানুহৰ এয়াই সন্ধান নহয় জানো?[৩]
- কৃষকে কৃষকৰ বন্ধু হৈ কৃষিৰ শ্ৰী বৃদ্ধিৰ বাবে বিভিন্ন দিশ আলোচনা কৰিব৷ গুজৰাটৰ দৰে পথৰ দাঁতিত কৃষিকৰ্মৰে সদায় সেউজীয়া কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগিব৷ চৰকাৰী আঁচনিৰ বিষয়ে আলোচনা কৰি সেইবোৰৰ সুবিধা নিজেও লৈ আনকো বাট দেখুৱাব লাগিব৷ তেহে, কৃষিক্ষেত্ৰত অসম স্বাৱলম্বী হ’ব পাৰিব৷[৪]
ব'ৰাগী নদীৰ ঘাট
- কিছুমান কথা সংক্ষেপেই সাগৰ।[৫]
- দুৰ্বল মানুহকহে দল বা স্তাৱকৰ দৰকাৰ হয়।নিজ চিত্ত,বিচাৰ-বুদ্ধিত যাৰ ভৰষা বেছি,তেওঁ অকলশৰে থাকে।[৫]
- ঈশ্বৰ উপাসনা ধৰ্ম নহয়,অন্য়ায় আৰু অসৎ কাৰ্যক প্ৰতিৰোধ কৰাহে প্ৰকৃত ধৰ্ম।[৫]
- ভগৱানৰ ৰূপ মানুহৰ কল্পনাহে,ই নিজ ৰূপ ধাৰণ কৰি মানুহৰ মাজত থাকে।[৫]
- জীৱন বৰ ৰহস্য়ময়,জীৱনৰ জালত লাগি ধৰা আমি জীৱবোৰে কেতিয়া কি কৰোঁ নিজেই নাজানো। [৫]
- আহাৰ,নিদ্ৰা,মৈথুন সকলো জীৱৰ জীৱনৰ অত্য়াৱশ্য়কীয় কৰ্ম। কিন্তু মানুহ ইতৰ প্ৰাণীৰ পৰা পৃথক হয় তেতিয়াহে,আত্মস্বাৰ্থৰ উপৰিও নিস্বাৰ্থ সপোন যেতিয়াৰ পৰা দেখিবলৈ আৰম্ভ কৰে।[৫]
- প্ৰচুৰ ধন-সম্পত্তিৰ গৰাকী জনেও জ্ঞানৰ চহকীৰ ওচৰত হীনমন্য়তাত ভোগে।[৫]
- মানুহ সদায় শীতৰ নৈখনৰ দৰে হোৱা উচিত। শক্তি প্ৰদৰ্শন য'তে-ত'তে কৰিলে শোভা নাপায়। [৫]
- জীৱিত অৱস্থাতো মানুহে মৃত্য়ুৰ মুখা মুখি বহুবাৰ হ'ব লগা হয়।এই মৃত্য়ু কায়িক নহয়,মানসিক। মনক আক্ৰমণ কৰি,হৃদয় চুৰমাৰ কৰি মৃত্য়ু ঘটাব খোজা এই মুহুৰ্তবোৰ জয় কৰি মানুহে মৃত্য়ুৰ পৰা অমৃতৰ সন্ধান পায়। এই মৃত্য়ুসম শিক্ষাই অমৃত।[৫]
- মাটি-পানী-বায়ুয়েই মানুহৰ শেষ আশ্ৰয়।মাটি,পানী,বায়ুৰ জাত নাই,ধৰ্ম নাই। [৫]
- প্ৰেম মানুহৰ প্ৰথম আৰু শেষ অঞ্জলি।কেঁচুৱা জন্ম হওঁতে পৃথিৱীলৈ স্বাগতম জনোৱা হয় প্ৰেমেৰে,পৃথিৱীৰ পৰা বিদায় দিয়া হয় প্ৰেমেৰে।হৃদয়ত প্ৰেম থকালৈকে পৃথিৱীত একো বস্তুৰে অভাৱ নহয়।[৫]
- মানুহৰ মন চৰাইৰ দৰে,খন্তেকৰ বাবে উৰণীয়া,উদণ্ড হ'লেও সন্ধিয়া নিজৰ বাহলৈ ঘুৰি আহে। হাজাৰ ভুল-ভ্ৰান্তি কৰিলেও মনৰ শেষ আশ্ৰয় অনুতাপ। অনুতাপ আৰু উপলব্ধিৰ বাহলৈকে মন ঘুৰি আহে। এই বাহটোৱেই মানুহৰ শেষ আশ্ৰয়। [৫]
- গণতন্ত্ৰ অমৃত সমান। কিন্তু অমৃত পান দেৱতাইহে কৰিব পাৰে। মনুষ্য় আৰু অসুৰে নোৱাৰে। মনুষ্য় আৰু অসুৰৰ হাতত অমৃত পাত্ৰ দিলে,বিষফল ভোগ কৰিবই লাগিব।[৫]
- নাৰীৰ ইচ্ছা আকাংক্ষা পুৰুষতকৈ কম নহয়। পুৰুষৰ ইচ্ছাক সমাজে যিমান গুৰুত্ব দিছে, নাৰীক সিমানেই বঞ্চিত কৰিছে,পাৰ্থক্য় ইমানেই। [৫]
- অপৰাধীয়ে অপৰাধ নাপাহৰে। নিৰপৰাধীৰ মন সদায় নিৰ্মল।পদুম ফুল বোকাত ফুলিলেও জানো গাত বোকা লাগে?[৫]
- ঘৰতে যদি সাহস থাকে,মানুহে পৃথিৱীৰ সকলো প্ৰত্য়াহ্বান ল'ব পাৰে। [৫]
- প্ৰেমে সকলো সময়তে ইজনে সিজনলৈ চাই থকাকে নুবুজায়,প্ৰেমে একেলগে সন্মুখলৈ,একে লক্ষ্য়লৈ চাই আগুৱাই যায়।[৫]
কাঞ্চন
- মানুহে মানুহৰ প্ৰতি দেখুওৱা সন্মানেই হেনো সভ্যতা।[৬]
- নুবুজাকৈ আদৰ্শৰ কথা ক'বলৈ,চিন্তা কৰিবলৈ সহজ।আদৰ্শৰ ৰঙীন বেলুনটো আকাশত উৰা চাবলৈ ভাল,স্পৰ্শ কৰিবও পাৰি,কিন্তু খামুচি বুকুত সাবটি ল'লেই বিপদ।[৬]
- মানুহৰ মনটো এটা চাউলৰ বস্তা নহয় যে,বস্তা জোকাৰি চাউল দিলা আৰু শেষ।তুমি কেতিয়াবা মনৰ কিছু অংশ বেছিকৈ দিব পাৰো,কিন্তু মন-প্ৰাণ সমৰ্পণ নকৰে কোনেও।মন খালী হৈ নযায় কেতিয়াও।মনৰ এই আচৰিত ক্ষমতা নথকা হ'লে,পৃথিৱীত মানুহবোৰে হতাশাত আত্মহত্যা কৰিব লাগিলেহেঁতেন।[৬]
সোণ হৰিণৰ চেঁকুৰ
- যিজনে অকৃত্ৰিম ভালপোৱাৰ স্পৰ্শ পায়,তেওঁৰ মুখত ফুটি উঠে হৃদয়সমৃদ্ধ এক গৰ্ব।এই গৰ্বৰ সৌন্দৰ্যত সকলো পাৰ্থিৱ,লৌকিকতা ম্লান হৈ যায়।সন্ন্যাসিনীয়ে ঈশ্বৰত বিলীন হৈ অপৰূপ সুষমাৰে জগৎ সম্ৰাজ্ঞী হোৱাৰ দৰে,নাৰীৰ মনতো প্ৰেমৰ বৈভৱে;বিশ্ব সম্ৰাজ্ঞীলৈ ৰূপান্তৰ কৰে।[৭]
- যৌৱন সদায়েই ফাগুন নহয়,যৌৱন বলিয়া বতাহো নহয়,যৌৱন স্বপ্ন আৰু চকুলোৰ সামগ্ৰিক নীৰৱ প্ৰতিবাদ,জীৱনৰ কঠিন পথৰ এক ৰহস্যময় পথ নিৰ্দেশনা।[৭]
চাহেবপুৰাৰ বৰষুণ
১.বৰষুণৰ বৰণ নাই,আকাৰ নাই,নদীত পৰিলে নদী,সাগৰত পৰিলে সাগৰ।বৰষুণ ভালপোৱা মানুহে মলিনতা ভাল পাব নোৱাৰে।
২.জীৱনটোৱেই এটা ৰে'ল লাইন।জীৱনৰ ঘটনা-উপঘটনাবোৰ একো একোটা ডবা,হাঁহি-কান্দোন,দুখ-সুখৰ অনুভূতিৰে কঢ়িওৱা এই ডবাবোৰ অনিশ্চিত কিন্তু বৰ আপোন।
৩.মানুহে বৰ ভুল কৰে প্ৰেমক হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰি,পানীক হাতৰ মুঠিত বন্দী কৰিব পাৰি জানো?
৪.একো নজনাকৈ,অবিশ্বাস্যভাৱে প্ৰেম আহে।প্ৰেমে সদায় অংক ভুল কৰে কিন্তু কবিতা ভাল লিখে।জ্যামিতিৰ বাহু নিমিলে কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে।এই একো নজনাকৈ ভুল কৰি,অনিয়ম কৰি নিবিচৰাকৈ যেতিয়া ভাল লাগে,সেইয়াই প্ৰেম।
৫.জীৱন এক বিলাস ভ্ৰম।একধৰণৰ নিচা।সদায় মানুহে কিবা এটা আৰু ভাল হোৱাৰ নিচাত জীৱনটো লৈ গৈ থাকে।
৬.বৰ্ষা সুখৰ পিয়াহ সকলোৰে লাগে কিন্তু পিয়াহ লাগিলেই যিকোনো পাত্ৰত পানী খাবানে?সুখৰ গিলাচটো তোমাৰ পছন্দৰ আই মিন চিনি পাব লাগিব।জীৱন আৰু সুখ দুখক কিয় একাকাৰ কৰিছা?
৭.তৰ্ক মানেইতো সংঘাত নহয়,বৰঞ্চ তৰ্কই দুজন মানুহক অধিক ঘনিষ্ঠহে কৰে।
৮.নিশাবোৰ ভাগি-ছিগি যায় দুখ আৰু যন্ত্ৰণাত মোক সাৱটি ধৰাচোন দুখ,ময়ো নিশা ভাঙি উলিয়াই আনো সুখৰ বেলি যাৰ সৈতে উমলিম পুৱা গধূলি।
৯.মই নাজানো এই অনন্ত যাত্ৰাৰ শেষ ক্ষণটোৰ কথা,তোমাৰ পিছত মই নে মোৰ পিছত তুমি,পৃথিৱীৰ বাবে মানুহ নে মানুহৰ বাবে পৃথিৱী এতিয়াই মোক উত্তৰ নালাগে,মোক মাথোঁ দি যোৱা বিশ্বাস,সংকটকালত খামুচি ধৰিম তোমাক।
১০.মোৰ অনুভূতি নদীৰ পকনীয়াৰ দৰে, উপৰিভাগ শান্ত, এবাৰ মাত্ৰ ডুব দি চালেই বুজিবা ই কিমান গভীৰ আৰু তীব্ৰ বেগী ।
১১.প্ৰেমৰ পৰিধি নাথাকে, সংজ্ঞা নাথাকে,ই পানীৰ দৰে,নাদত থ'লে নাদৰ আকাৰ লয়,মহাসাগৰত থ'লে মহাসাগৰৰ । পানীৰ দৰেই ই স্বাধীন,নিজ ইচ্ছাৰে গতি পথ সলায় ,মানুহে বৰ ভুল কৰে প্ৰেমক হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰি ,পানীক হাতৰ মুঠিত জানো বন্দী কৰিব পাৰি ?
১২.মানুহ সদায় নিজৰ প্ৰতি সৎ হ'ব লাগে । নিজকে ফাঁকি দি থাকিলে জীৱনটো বৰ কষ্টকৰ হয় । পৃথিৱীখনত বহু সম্পত্তিৱান মানুহ দেখিলোঁ ,কিন্তু সুখী আৰু সুখ বিলোৱা মানুহ বৰ কম পালো ।
১৩.জীৱনটোৱেই এটা প্লেটফৰ্ম,ক্ষণিকৰ অপেক্ষা মাথোন , কিন্তু সপোনে জীৱনক লৈ ফুৰে ,ক্ষণিকৰ বাবে নহয় ,সপোন দেখাজনে একো নেহেৰুৱায় ।
১৪.বিছনাক গুৰুত্ব দিলে কৰ্মক্ষমতা কমে,এলেহুৱা হয় । বিশ্ৰাম যেতিয়া বিলাসিতা হ'বলৈ আৰম্ভ কৰে,তেতিয়াই মানুহৰ নৈতিক স্থলনৰো সূচনা হয় ।
১৫.ৰ'দৰ তাপে মানুহক কঠিন আৰু আত্মবিশ্বাসী কৰি তোলে।
১৬.মানুহে নিজৰ বিবেকৰ দুৱাৰ সদায় খোলা ৰাখিব লাগে । শেলুৱৈ নগজাকৈ ৰ'দ -বতাহ সোমাব পাৰে ।
১৭.অপৰাধ কেতিয়াও জন্ম নহয় ।অপৰাধৰ জন্ম ঘটোৱা হয় ।
১৮.পোহৰতো মানুহে মানুহক নেদেখে ।
১৯.বৰ্তমানক লৈ সন্তোষেৰে কাম কৰি যোৱা, ভৱিষ্যতক সুন্দৰ অতীত কৰি ৰাখিব পাৰিবা ।
২০.মই মানুহ হৈ থাকিবলৈ বিচাৰো, মই মোৰ ক্ষুদ্ৰ জীৱনটোক পৃথিৱীৰ কামত লগাবলৈ বিচাৰো ।
২১.পাহৰিব নলগা কথাবোৰ সেইবোৰহে,যিবোৰ অভিজ্ঞতা তোমাৰ আনন্দৰ ।
২২.যি কাম কৰিলে মনত কোনো অন্তদ্বন্দ নহয় ,চৌব্বশ ঘন্টা তুমি প্ৰশান্তিত থাকিব পাৰা ,সেইয়াই নিশ্চয় ভাল কাম ।
২৩.আচলতে জীৱনত সংযোগ আৰু বিয়োগ ,এই দুটা কথা বৰ গুৰুত্বপূৰ্ণ।সংযোগ আৰু বিয়োগেই মানুহৰ জীৱনৰ গতি প্ৰদান কৰে , স্তব্ধও কৰে ,নতুবা সলনি ঘটায় ।
২৪.নাৰীৰ হৃদয় জয় কৰাৰ ক্ষমতা যাৰ নাই,তেনে পুৰুষে শৰীৰ জয় কৰিব খোজে ,ই অতি স্থূল আৰু ঘৃণণীয় ।
২৫.প্ৰেমে সদায় অংক ভুল কৰে , কিন্তু কবিতা ভাল লেখে, জ্যামিতিৰ বাহু নিমিলে , কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে ,এই একো নজনাকৈ,ভুল কৰি ,অনিয়ম কৰি,নিবিচৰাকৈ যেতিয়া ভাল লাগে ,সেয়াই প্ৰেম ।
নাহৰৰ নিৰিবিলি ছাঁ
১.স্মৃতি এনে এক প্ৰেম, যি বিচ্ছেদৰ পিছতো লগ এৰা নিদিয়ে।
২.সুখ- আনন্দৰ সমভাগীতকৈ, দুখ যন্ত্ৰণাৰ সংগীবোৰ অন্তৰৰ গভীৰত প্ৰৱেশ কৰে। এই সংগৰ স্থায়িত্ব থাকে।Happiness consists in the attainment of our right-desires. সুখী হবলৈ সঠিক ইচ্ছা জাগিব লাগে।
৩.শিক্ষিত তিনি প্ৰকাৰেৰে হ'ব পাৰি (১) এবিধে চমৎকাৰ ফলাফল কৰি ভাল কেৰিয়াৰ গঢ়াৰ বাবে পঢ়ে, (২) এবিধে জ্ঞান অৰ্জনৰ বাবে পঢ়ে, (৩) আনবিধে প্ৰজ্ঞাৰ সাধনা কৰে। ইয়াৰে সবাতোকৈ কষ্টকৰ প্রজ্ঞাৰ সাধনা। প্ৰজ্ঞাৰ অধিকাৰী হ'বলৈ যি মনৰ বিশালতাৰ প্ৰয়োজন, জ্ঞানৰ উপলব্ধিৰ দৰকাৰ, তাৰ বাবে জীৱনৰ চাকনৈয়া, সংঘাতৰো দৰকাৰ। অভিজ্ঞতাৰো দৰকাৰ।
৪.জীৱনৰ বৃহৎ বাকচৰ মাজত থকা, অসংখ্য বহু বাকচৰ মাত্ৰ এটা বাকচ হৈছে স্কুল- কলেজ- বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমবোৰে জীৱন নামৰ বৃহৎ পেৰাটোৰ ভিতৰৰ অসংখ্য তলাবন্ধ বাকচবোৰ খোলাৰ উপায় দেখুৱাত কিঞ্চিৎ সহায় কৰে।কিন্তু পূৰ্ণ সহায় পাব পাৰি প্ৰজ্ঞাৰ দ্বাৰাহে।
৫.মানুহে মানুহক ভাল পোৱাত স্বাৰ্থ আছে। যিদৰে প্ৰেমিক প্ৰেমিকাক আপোন কৰি লোৱা, ঘৰ- সংসাৰ কৰাৰ স্বাৰ্থ থাকে। স্বামী- স্ত্ৰীৰ ভাল পোৱাও এক অভ্যাসবশত: গঢ় লোৱা স্বাৰ্থ। পিতৃ- মাতৃ, ভাতৃ- ভগ্নী এই সম্পৰ্কবোৰতো থাকে স্বাৰ্থ। নিৰাপত্তাৰ স্বাৰ্থ, সামজিক স্বাৰ্থ , কিন্তু এই জীৱ- জন্তুৰ সৈতে হোৱা আত্মীয়তা কেৱল ভালপোৱাৰ নিঃস্বাৰ্থ বন্ধন।
৬.প্ৰত্যেক মানুহৰ জীৱনলৈ কিছু বিশেষ সময় আহে, যিখিনি জীৱনৰ আন এটা সময়ত থিয় হৈহে ' গুৰুত্বপূৰ্ণ' বুলি উপলব্ধি কৰিব পাৰি।
৭.ৰুঢ় বাস্তৱ সদায় যেনেকৈ ভাল নালাগে, অলীক কল্পনাও সদায় ভাল নালাগে। ভাল লাগে ইয়াৰ সংমিশ্ৰণ।
৮.Remember that , what you believe will depend very much upon what you are- ভাস্বতিয়ে ভাৱে, নাহৰৰ পাতৰ প্ৰতি থকা তাইৰ বিশ্বাসে কাৰো অন্যায় নকৰে। যি বিশ্বাসে আত্মবিশ্বাস বঢ়াই, সেই বিশ্বাস সদায় ধনাত্মক।
৯.কিছুমান মানুহ অবিশ্বাসৰ দাস, বিশ্বাস তেঁওলোকৰ বাবে সৌ আকাশৰ জোনতোৰ দৰে ধুনীয়া , চাব পাৰি কিন্তু চুব নোৱাৰি
১০.দৰিদ্ৰতা বৰ ভয়ানক বস্তু। ই নিগনিৰ দৰে, কেতিয়া সংগোপনে বাহলৈ তোমাৰ মূল্যবান সকলো কুটি চাৰ- খাৰ কৰি নিঃস্ব কৰিব গমেই নাপাবা।
১১.কেয়াৰলেছ আৰু বিবেচনাশূন্য ভাৱে মানুহক বিশ্বাস কৰাটো উচিত নহয়।
১২.Death is a shadow of life, ঠিকেই , জীৱনৰ ছাঁ মৃত্যু। জীৱনৰ সকলো সময়তে মৃত্যুৰ ছাঁ সহচৰ যিকোনো সময়ত এই ছাঁয়ে আলিংগন কৰে জীৱন- তাৰ পাছত সকলো ছাঁ কেৱল ছাঁ। আকাশেই মৃত্যুৰ পিছত আত্মাৰ আশ্ৰয়।
১৩.নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে কিন্তু নি:সংতাই হতাশা আনে,মই নিৰ্জনতা ভাল পাওঁ, নি: সংগতাক ভয় কৰোঁ।
১৫.Better are the blows of a friend than the fake kisses of an enemy, শত্ৰুৰ চুমা মোক নালাগে, বন্ধুৰ ভুকু এটাহে বিচাৰোঁ।
১৫.মানুহৰ ইচ্ছা আৰু স্পৃহাৰ পিয়াহ সহজে মৰিলে মনৰ অসন্তুষ্টিৰ তৃষ্ণা বাঢ়ি যায়।
১৬.আনন্দ প্ৰকাশ কৰিবলৈ ক্ষণ গণিব নালাগে, কিন্তু যন্ত্ৰণা প্ৰকাশৰ ক্ষন সদায় মন্থৰ। ই নিজস্ব সময়ত, নিজস্ব ৰীতিত আত্মপ্ৰকাশ কৰে। আনন্দৰ দুৱাৰত তলা নাথাকে, যন্ত্ৰণাৰ দুৱাৰত তলা থাকে আৰু চাবি হেৰাই যায়। চাবি বিচাৰি পালেহে কেতিয়াবা এই দুৱাৰ খুলিব পাৰি।
১৭.নাৰীৰ কোনোধৰ্ম নাই, জাত নাই, একমাত্ৰ এটাই সংজ্ঞা,দাসী। বিবাহপাশত পুৰুষ কেতিয়াও বন্দী নহয়, বন্দী হয় নাৰী।
১৮.'ইউনিভাৰ্ছটিয়ে' কি শিক্ষা দিলে সেইয়া ডাঙৰ কথা নহয়, আমি এদিন সকলো একেটা নামৰ তলত একেলগে জীৱনৰ সপোন ৰচিছিলোঁ, বন্ধুত্ব গঢ়িছিলোঁ, এখন সমাজ পাতিছিলোঁ - এইয়াহে ডাঙৰ কথা।
১৯.প্ৰত্যেক সংযোগ আৰু বিয়োগৰ নিদিষ্ট ক্ষণ থাকে। কেতিয়াবা ইচ্ছা কৰিলেও একো নহয়, কেতিয়াবা ইচ্ছা নকৰাকৈ সকলো হয়।
২০.কৃত্ৰিমতা থাকিলেই সম্পৰ্ক নকল হৈ যায়।
২১.যি সম্পৰ্কত হেৰুৱাৰ ভয় নাই, বিচ্ছেদৰ ভয় নাই, সন্দেহৰ স্থান নাই সেয়াইতো প্ৰেম।
২২.নিজক ভাল পোৱা মানুহেহে আৰ্চী চাই, কথা পাতে'।
২৩.তেজ- মঙহৰ সম্পৰ্ক আপোন নহ'বও পাৰে। তোমাৰ বাবে যাৰ অন্তৰৰ পৰা আপোনা- আপুনি আৱেগৰ সোঁত চকুৰে বৈ আহে- তেওঁতকৈ পৃথিৱীত কোনো আপোন নাই।
২৪.ভাল পোৱাৰ বাবে শব্দ নালাগে, আলাপ নালাগে। কিছুমান মূহুৰ্তই সকীয়াই থৈ যায় ভালপোৱাৰ কথা। নিঃশব্দে , নীৰৱে কিছুমান ক্ষণে স্বাক্ষৰ কৰে ভালপোৱাৰ অনুভৱ।
২৫.নিজৰ জীৱনৰ অভিজ্ঞাৰে আনৰ জীৱন বিশ্লেষণ কৰা যুগুতনে? জীৱনটো এডাল এফুটিয়া স্কেল জানো - সৰলৰেখা কেৱল আঁকি যাব পাৰি! আপোনাৰ জীৱন দৰ্শন, অভিজ্ঞতাৰ জোখ- মাপবোৰ মোৰ জীৱনৰ সৈতে নিমিলিবও পাৰে।
২৬.ভৱিষ্যত বস্তুটোৱেই এখন ৰঙীন চিলা। উৰুৱাই দি ভাল লাগে । কোনো চিলা উৰুৱাওঁতাই আশা নকৰে চিলা খন যিকোনো মূহুৰ্তত য'তে- ত'তে লাগি ফাটি - চিটিও যাব পাৰে বুলি।
২৭.এজোপা আমলখি গছেও মানুহৰ জীৱন দান দিব পাৰে! সন্ধান দিব পাৰে অমৃতময় প্ৰভাতৰ!সঁচাকৈয়ে, জীৱনৰ জাগতিক সত্য উপলব্ধি কৰাৰ ক্ষমতা আহৰণ কৰাটো জৰুৰী।
২৮.বিশ্বাস কৰাজনক ফাকি দিলে বিবেক নামৰ দেহৰ ভিতৰত অদৃশ্য , শুই থকা শিশুটোৱে চিৎকাৰ কৰি উঠে।
হৃদয় এক বিজ্ঞাপন
১.মোক সত্য দিয়া,বঞ্চনা নকৰা সত্য।
২.মৃত্যু সহজ ,সহজ প্ৰেমো।সহজ কাম মোৰ প্ৰিয় নহয়,মোক এটুকুৰা হৃদয় দিয়া ধাৰলৈ হ'লেও,কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ জীৱনেৰে।জীৱন মোৰ বাবে আটাইতকৈ কঠিন,জীয়াই থকাটো তাতকৈও।
৩.সকলো কৰিব পাৰি,হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰি,পাৰি জানো?
৪.জীৱন মানে এক অন্তহীন সন্ধান,এক বিশৃংখল শব্দৰ অভিধানৰ পৰা তুমি কেৱল বিচাৰিয়ে আছা তোমাৰ ইপ্সিত শব্দটো,তাৰ নামেই জীৱন।
৫.য'ত বিশ্বাসৰ অভাৱ থাকে তাতহে চুক্তি হয়,সাক্ষীৰ দৰকাৰ হয়।
৬."...... শুনা স্বাতী, কামবোৰ বৰ সাৱধানে কৰিবা.... এই জগতখনত জিভাৰে পিছলা কথাতো লাভ লোকচানৰ অংক হয়। তুমি এবষ্ট্ৰেক পেইণ্টিং বুজিব পাৰা, এবষ্ট্ৰেক কবিতা ভাল বুজা---- কিন্তু মানুহৰ এবষ্ট্ৰেক ব্যৱহাৰৰ সৈতে পৰিচিত নহয়...."
সুখৰ ৰামধেনু
১।অসমীয়া নৱবৰ্ষ আৰু ইংৰাজী নৱবৰ্ষ ৰ প্ৰধান পাৰ্থক্যটো দেখুৱাই প্ৰকৃতিয়ে।অসমীয়া নৱবৰ্ষৰ গছ কুঁহিপাতেৰে সজায়,ধৰালৈ বৰষুণ নমায়;ইংৰাজী নৱবৰ্ষই গছৰ সেউজক বিদায় দি লঠঙা কৰে,তাত ৰঙা-নীলা কৃত্ৰিম পোহৰ, কাগজৰ ফুল লগাই নৱবৰ্ষক আহ্বান কৰা হয়।ধৰাৰ নৈ বিল শুকাই যায়,বৰষুণে আত্মগোপন কৰে।
২।ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৱাদৰ্শ মানুহৰ জীৱনৰ প্ৰতি মূহুৰ্তৰ অৱলম্বন হ'ব পাৰে,জীৱন সুন্দৰময় কৰাৰ মন্ত্ৰ হ'ব পাৰে,যন্ত্ৰণা জয় কৰাৰ শক্তি হ'ব পাৰে,পৃথিৱী আৰু প্ৰকৃতিক গভীৰভাৱে অনুভৱ কৰাৰ দিব্যদৃষ্টি হ'ব পাৰে,মানুহৰ অন্তৰত,গছ,লতা, তৰু-তৃণ,পশু-পক্ষীৰ বাবে মমত্ববোধৰ এক মংগলাকাংক্ষাৰ আধাৰ হ'ব পাৰে।
লগতে চাওক
সম্পাদনা কৰকউত্স
সম্পাদনা কৰক- ↑ ১.০ ১.১ ১.২ ১.৩ নীল প্ৰজাপতি; প্ৰথম প্ৰকাশ: জানুৱাৰী ২০১৩
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ জলছবি; প্ৰথম প্ৰকাশ: ২০১৪
- ↑ ৩.০ ৩.১ অনুৰাধা শৰ্মা পূজাৰী (২০১৮)। ইয়াত এখন অৰণ্য আছিল। বনলতা।
- ↑ শৰ্মাপূজাৰী, অনুৰাধা (২৪ ফেব্ৰুৱাৰী ২০২৪). "কৃষকে কৃষকৰ বন্ধু". অসমীয়া প্ৰতিদিন: ১২.
- ↑ ৫.০০ ৫.০১ ৫.০২ ৫.০৩ ৫.০৪ ৫.০৫ ৫.০৬ ৫.০৭ ৫.০৮ ৫.০৯ ৫.১০ ৫.১১ ৫.১২ ৫.১৩ ৫.১৪ ৫.১৫ ৫.১৬ অনুৰাধা শৰ্মা পূজাৰী (দ্বিতীয় প্ৰকাশ,ডিচেম্বৰ, ২০০৪)। ব'ৰাগী নদীৰ ঘাট। অনন্ত হাজৰিকা,বনলতা,পাণবজাৰ,গুৱাহাটী-১।
- ↑ ৬.০ ৬.১ ৬.২ কাঞ্চন.
- ↑ ৭.০ ৭.১ সোণ হৰিণৰ চেঁকুৰ.