ৰুডয়াৰ্ড কিপলিং
জোচেফ ৰুডয়াৰ্ড কিপলিং (ইংৰাজী: Joseph Rudyard Kipling) ১৮৬৫ চনৰ ৩০ ডিচেম্বৰত ভাৰতত জন্মগ্ৰহণ কৰা এজন ইংৰাজী সাংবাদিক, চুটিগল্প লেখক, কবি আৰু ঔপন্যাসিক আছিল। ১৯৩৬ চনৰ ১৮ জানুৱাৰীত ইংলেণ্ডত তেওঁৰ মৃত্যু হয়৷
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- সকলোৰে আটাইতকৈ শ্ৰেষ্ঠখিনিত বিশ্বাস ৰাখিবা।
- যি মানুহে অকলে খোজ কাঢ়ে তেওঁ আটাইতকৈ বেগাই খোজ কাঢ়ে৷[১]
- তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা৷ তোমাৰ জয় অৱশ্যম্ভাৱী৷[২]
- মোৰ ছজন বিশ্বস্ত লগুৱা আছে৷ মই জনা আটাইখিনি কথা সিহঁতৰ পৰাই শিকিছোঁ৷ মোৰ লগুৱাকেইজনৰ নামকেইটা হ’ল: কি, কিয়, কেনেকৈ, কেতিয়া, ক’ত আৰু কোনে৷[৩]
- কেৱল ৰূপে একো কাম কৰিব নোৱাৰে৷ কেৱল বাক-পটুতায়ো নোৱাৰে৷ এনে কিছুমান তিৰোতা আছে, যিসকলে আন একো নকৰি কেৱল বাটেদি খোজকাঢ়ি গৈ থাকিলেই হ’ল৷ তেওঁলোকক দেখামাত্ৰকে পুৰুষৰ হৃদয়ত কিবা এটা হয়৷ সেইসকল তিৰোতাক পুৰুষে কেতিয়াও পাহৰিব নোৱাৰে৷[৪]
উৎস
সম্পাদনা কৰক- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ৯৩, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ৩০, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ৬২, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ১৩৯, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ