হেম বৰুৱা
অসমৰ কবি আৰু ৰাজনীতিবিদ
হেম বৰুৱা (ইংৰাজী: Hem Barua; ১৯১৫ - ১৯৭৭) অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- পৃথিৱীত আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম হৈছে নিজক সংশোধন কৰা।[১]
- ৰাজনীতি মোৰ ইহকালৰ বাবে, সাহিত্য চৰ্চা মোৰ পৰকালৰ বাবে[২]
- কেৱল প্ৰতিভাই এজন মানুহক মহৎ কৰিব নোৱাৰে৷ মানুহ একোজন প্ৰকৃততে সংস্কৃতি সম্পন্ন হয় অন্তৰৰ ভাবৰাশি জগাই তুলি শুদ্ধ আৰু নিৰ্মল হ’ব পৰা ক্ষমতাৰ কাৰণে৷ নহ’লে মানুহ আৰু ইতৰ জন্তুৰ মাজত পাৰ্থক্য কি?[৩]
- যদিহে মাৰ্ক্স আৰু গান্ধীৰ তুলনা কৰা হয়; তেন্তে গান্ধী এখন ফটফটীয়া আইনাৰ দৰে জিলিকি থাকিব।[৩]
- সভ্যতাৰ অৰ্থ হৈছে সংস্কৃতিয়ে নিৰলে পোখা মেলিব পৰা সু-শৃঙ্খল সমাজ৷[২]
- বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে।[উৎসৰ প্ৰয়োজন]
- ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰে ক্ষন্তেকীয়া৷[৪]
- সংগ্ৰামে সফলতাৰ অনুভৱ অধিক মধুৰ কৰে৷[৫]
- জীৱনটোৰ সৈতে চিনাকি হ’বলৈ মানুহ এবাৰৰ বাবে হ’লেও জেললৈ যোৱা উচিত৷[উৎসৰ প্ৰয়োজন]
- প্ৰাণহীন সমাজৰ সংস্কৃতি মৰিশালীৰ দৰে নিষ্প্ৰাণ।[১]
- অসৎখিনিৰ পৰা সৎখিনি বাছি ল’ব পৰাটোৱেই মানুহৰ কৃতিত্ব৷[৬]
- অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়।[৭]
- একোটা জাতি বিশেষ সুকুমাৰ কলা-কৃষ্টিৰ জৰিয়তে জীয়াই থাকে৷ সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰশিল্পই বেছি স্থায়ী৷[৮]
- বস্তুতান্ত্ৰিক মন সদায় পদাৰ্থ আহৰণৰ চাৰিসীমাৰ মাজত আৱদ্ধ। সৃষ্টিকাৰ্যৰ বাবে এটা বন্ধনহীন মনৰ আৱশ্যক।
বাহ্যিক সংযোগ
সম্পাদনা কৰকউৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ ২.০ ২.১ ৰক্তাভ জ্যোতি বৰা। অসমীয়া উদ্ধৃতি অভিধান।
- ↑ ৩.০ ৩.১ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী
- ↑ অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
- ↑ উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ২৯, প্ৰকাশিকাম বীণা বৰা ভূঞা
- ↑ মহৎ লোকৰ বাণী, কলংপাৰ, পৃ:নং; ৮, ১৪ ছেপ্তেম্বৰ, ২০২২
- ↑ হেম বৰুৱা. "দিনটোৰ বাণী", ১২ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৩ মাৰ্চ ২০২৩.
- ↑ ওজা, ৰত্ন (২০১০)। কৃষ্টি সুৰভি। বিশাল প্ৰকাশন, পৃষ্ঠা:১৫।