ৰাস্কিন বণ্ড (ইংৰাজী: Ruskin Bond; জন্ম ১৯ মে' ১৯৩৪) এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক। ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে বিভূষিত হয়। তেওঁ নিজৰ পালিত পৰিয়ালৰ সৈতে মুচৌৰীৰ কাষৰ লেণ্ডৰত বাস কৰে। বণ্ডৰ সিংহভাগ লেখনিয়েই তেওঁ বাল্যকালছোৱা কটোৱা হিমালয়ৰ পাদদেশৰ পাৰ্বত্য নিবাসসমূহৰদ্বাৰা অনুপ্ৰাণিত। ১৭ বছৰ বয়সতে বণ্ডে তেওঁৰ প্ৰথমখন উপন্যাস দ্য ৰূম অন দ্য ৰূফ লিখিছিল যিখন তেওঁৰ ২১ বছৰ বয়স হওঁতে প্ৰকাশিত হৈছিল। উপন্যাসখন সম্পূৰ্ণৰূপে ডেৰাডুনৰ তেওঁৰ মূধচত থকা সৰু ভাড়াতীয়া কোঠালিটো আৰু বন্ধুবৰ্গৰ সৈতে হোৱা অভিজ্ঞতাৰ ওপৰত আধাৰিত আছিল। সেই সময়ৰ পৰা তেওঁ এতিয়ালৈকে তিনি শতাধিক চুটিগল্প, ৰচনা আৰু ভেগৰেণ্টছ ইন দ্য ভেলী, দ্য ব্লু আম্ব্ৰেলা, ফানি চাইড আপ, এ ফ্লাইট অফ পিজনছ আদি উপন্যাস আৰু ত্ৰিশখনতকৈও অধিক শিশুগ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ আত্মজীৱনীৰো দুটা খণ্ড প্ৰকাশ পাইছে। চিনছ ফ্ৰম এ ৰাইটাৰ্ছ লাইফত এংলো-ইণ্ডিয়াত তেওঁৰ সময়বোৰৰ কথা বৰ্ণিত হৈছে; দ্য লেম্প ইজ লিট বণ্ডৰ ৰচনা আৰু তেওঁৰ কাকতৰ লেখনিৰ এক সংকলন।

২০১১ চনত ৰাস্কিন বণ্ড।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. আৰু যেতিয়া সকলো যুদ্ধ শেষ হ'ব, পখিলা এটা তেতিয়াও ধুনীয়া হৈ থাকিব।[১]
  2. হাঁহিবলৈ আৰু দয়ালু হ'বলৈ সক্ষম হোৱাই একমাত্ৰ বস্তু যি মানুহক পশুতকৈ উন্নত কৰি তোলে।
  3. সকলো গৌৰৱ আৰম্ভণি কৰাৰ সাহসৰ পৰা আহে।
  4. পৃথিৱীখন আৰু ইয়াত থকা সকলোবোৰ হেৰুওৱাৰ এটা নিশ্চিত উপায় হ'ল ইয়াক খামুচি ধৰিবলৈ চেষ্টা কৰা।[২]
  5. ঠাণ্ডা বতৰে আপোনাৰ কোটচোলাটো নতুন নে পুৰণি তাক বিচাৰ নকৰে।[২]
  6. অতীতত যিখিনি ভাল আছিল তাক সাঁ‌চি ৰখাৰ এক প্ৰচেষ্টাৰ বাদে, নষ্টালজিয়ানো কি?[৩]
  7. মোৰ শৈশৱকালটো বৰ অকলশৰীয়া আছিল আৰু ইয়েই মোক এটি শিশুক অধিক ভালদৰে বুজি পোৱাত সহায় কৰে।[৪]
  8. যৌৱন কাল হ’ল আশা, বিশ্বাস আৰু অভ্যাস গঢ়ি তোলাৰ সময়।[৫]

উৎস সম্পাদনা কৰক

  1. চিনছ ফ্ৰম এ ৰাইটাৰ্ছ লাইফ
  2. ২.০ ২.১ এ বুক অফ ছিম্পল লিভিং
  3. ৰোডছ টু মুছৌৰী
  4. My writings reflect my lonely childhood: Ruskin Bond – Firstpost. প্ৰকাশক: Firstpost.
  5. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: