ফণী শৰ্মা

ভাৰতীয় অভিনেতা

ফণী শৰ্মা (ইংৰাজী: Phani Sharma; ১৯০৯ – ১৯৭০) আছিল এজন অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। মঞ্চ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫)-ত অভিনয় কৰে। তেখেতে ১৯৪৮ চনত ছিৰাজ আৰু ১৯৫৫ চনত পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰে।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. বিশাল ব্ৰহ্মপুত্ৰই অসমৰ সংস্কৃতি৷ কত নৈ, কত উপনৈ বৈ বৈ যেনেকৈ ব্ৰহ্মপুত্ৰৰ বিশালতা সৃষ্টি কৰিছে, সেইদৰে অসমীয়া কৃষ্টিতো তাৰ বিশালতাৰ কাৰণে বহু উপকৃষ্টিয়ে অৱদান দিছে৷[১]
  2. অসমীয়া কৃষ্টিৰ বিষয়ে ফঁহিয়াই চালে পোৱা যাব যে, ই বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সাক্ষ্যদান দিয়ে৷[১]
  3. অসমৰ সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন নহ'লে অসমৰ দাৰিদ্ৰ-ক্লিষ্ট অসহায় শিল্পীসকলৰ অৱস্থা পৰিৱৰ্তনো কেতিয়াও হ'ব নোৱাৰে- যিমানেই মোহিনী মন্ত্ৰেৰে এটা দলে শিল্পীসকলক মুগ্ধ আৰু লুব্ধ নকৰক৷[১]
  4. ব্ৰহ্মপুত্ৰৰ গতি যেনেকৈ কোনেও ৰুধিব নোৱাৰে-অসমীয়া কৃষ্টিৰ গতিও কোনেও ৰুধিব নোৱাৰে৷[১]
  5. মই বহুবাৰ কৈছোঁ অধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক কৰ্ষণেই কৃষ্টি৷ মানৱ সমাজৰ জীৱন যাত্ৰাপথৰ যি শকতি মানৱ জীৱনৰ জীৱিকা নিৰ্বাহৰ যি মুকুতি, কালৰ ৰথৰ চকাৰ অগ্ৰগতিৰ লগে লগে মানৱ সমাজ জীৱনৰ যি প্ৰগতি সেয়া হ'ল কৃষ্টি৷ সেই কৃষ্টি যেতিয়া সংস্কাৰ কৰা হয়, মানৱ সমাজৰ উপযোগীকৈ সেই কৃষ্টিয়ে হয় সংস্কৃতি ৷[১]
  1. মণিৰাম দেৱানত যদি মই হলৰইদ চাহাবৰ ভূমিকাত কিবা কৰিব পাৰিছোঁ, সেয়া সম্পূৰ্ণ ফণী শৰ্মাৰ নিৰ্দেশনা আৰু পৰিচালনাৰ যহতহে৷ সম-সাময়িক যিকোনো মঞ্ক্ষ-শিল্পীতকৈ তেওঁ মহত্ত্বৰ অভিনেতা৷ অসমৰ গাঁৱে-চহৰে তেওঁ যি প্ৰশংসা লভিলে, কলিকতাৰ খুব কম শিল্পীৰহে তেনে সৌভাগ্য ঘটিছে৷ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম অধ্যায়ৰ লগত মোৰ পৰিচয় হয় ফণী শৰ্মাৰ যোগেদিয়েই৷--(বংগৰ অভিনেতা উৎপল দত্ত)[২]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ পূজাৰী বেদান্ত (সম্পাদনা) (নৱেম্বৰ ২০২৩)। সাক্ষাৎকাৰ ৩০। গুৱাহাটী। বনলতা, পৃষ্ঠা:১৮-২১। ISBN: ৯৭৮-৯৩-৫৮৪৯-২৫৮-৩
  2. ফণী শৰ্মাক আমি পাহৰিছোঁ নেকি. আহৰণ কৰা হৈছে: 19 জুন 2024.