তৰুণ ৰাম ফুকন
তৰুণ ৰাম ফুকন (ইংৰাজী: Tarun Ram Phookan; ১৮৭৭ – ১৯৩৯) ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। ১৯২৭ চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। ১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়। তৰুণ ৰাম ফুকনে সেইসময়ৰ বিভিন্ন কাকত-আলোচনীত কবিতা-প্ৰবন্ধ আদি প্ৰকাশৰ মাধ্যমেৰে সাহিত্য সাধনা কৰিছিল। উল্লেখযোগ্য পুথি হ'ল- চিকাৰ কাহিনী প্ৰথম অসমীয়া চিকাৰ কাহিনীৰ কিতাপ, স্তুতিমালা তেওঁৰ একমাত্ৰ কবিতা পুথি, ইয়াৰোপৰি তেওঁ যৌনতত্ত্ব মূলক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ কিছুমান কবিতা অতুলচন্দ্ৰ হাজৰিকাই সম্পাদনা কৰা মৰহা ফুলৰ পাপৰি কাব্য সংকলন খনত প্ৰকাশ হৈছে। ১৯৩৯ চনৰ ২৮ জুলাইত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যু দিনটো ২০২১ চনৰ ২৮ জুলাই তাৰিখে অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱদি ভবিষ্যত জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বতো প্ৰকাৰে যোগ্যবান কৰা।[১]
- ধূপৰ পেকেটৰ ধূপ কাঠি থাকে মানে তাক সকলোৱে থাপনাৰ ওচৰত যতনাই ৰাখে। কিন্তু ধূপ-কাঠি শেষ হৈ যোৱাৰ লগে লগে বাহিৰলৈ দলিয়াই দিয়ে।[১]
- নিজ মাতৃক অৱহেলা কৰি দেশমাতৃক সেৱা কৰাৰ চেষ্টা ভণ্ডামি মাথোন।[২]
- নিজৰ দুখ গুচাবৰ একমাত্ৰ উপায় পৰৰ দুখ পতিওৱা।
- যিসকলে জীৱনৰ মহত্ব উপলব্ধি কৰিবলৈ ইচ্ছা কৰে, যিসকলৰ জীৱনৰ বিচিত্ৰ সৌন্দৰ্য উপভোগত আগ্ৰহ আছে, যিসকলে মনুষ্য মহাশক্তিৰ অপূৰ্ব স্পন্দনৰ পৰশ পাবলৈ হেঁপাহ কৰে, তেওঁবিলকে জীৱন-পূৰ্ণ পাত্ৰৰ অমৃত হলাহল আকণ্ঠ পান কৰিবই লাগিব, যেতিয়ালৈকে মৃত্যুৱে বলেৰে পাত্ৰ কাঢ়ি নিনিয়ে৷[৩]
- যি জাতিয়ে আধ্যাত্মিক আলোচনা এৰি পাৰ্থিৱ সম্পদ আৰ্জ্জনতেই ব্যস্ত থাকে, সেই জাতিক আচলতে সভ্য বুলি ধৰি ল’ব নোৱাৰি৷ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বৃত্তিৰ উৎকৰ্ষ সাধন কৰি শৰীৰ, মন আৰু আত্মবৃত্তিৰ সামঞ্জস্য স্থাপন কৰাই সভ্যতাৰ উদ্দেশ্য৷[৪]
- “আমি অসমীয়া ভাৰতবাসীৰ ভিতৰত এটা সুকীয়া জাতি৷ আমাৰ ভাষা সংস্কৃতমূলক হ’লেও সুকীয়া ভাষা৷ এই কথাৰ প্ৰতিবাদ কৰোঁতা আজি কোনো নাই, আছে যদিও তেওঁলৈ আওকাণ কৰা উচিত৷ কিন্তু সেই বুলিয়েই কাণসাৰ মাৰি থাকিলে নচলিব৷ আমাৰ বহুতো সম্পদ আছিল, সেইটো গৌৰৱৰ কথা৷ যি আছিল তাক বঢ়াব পৰা নাই, সেইটো দুখৰ কথা৷ কিন্তু যি আছিল তাক লোপ পাব দিয়াটো বিশেষ শোক আৰু লাজৰ কথা হ’ব৷ ই জাতীয় মৃত্যুৰ পূৰ্ব লক্ষণ, নিশ্চয় মৃত্যুৰ নিশ্চিত প্ৰমাণ৷ উঠি অহা জাতিৰ জীৱনৰ চিন হৈছে পৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা৷ তাকে নহৈ আজি আমি আত্মৰক্ষাত অসমৰ্থ৷ পৰাধীনতো হয়েই, কিন্তু পৰাধীন ওচৰ-চুবুৰীয়ায়ো আমাক নিঃকিন দেখি গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে৷ ভাই অসমীয়া, অতীত গৌৰৱৰ কথা স্মৰণ কৰি বৰ্তমানৰ অৱস্থা উপলব্ধি কৰা, যুক্তিযুক্ত অনুমানৰ দ্বাৰা ভৱিষ্যত প্ৰত্যক্ষ কৰা, শৰীৰত তেজ-মাংস যদিহে প্ৰকৃততে আছে, তেন্তে গা শিয়ৰি উঠিব, মন উত্ৰাৱল হ’ব, হৃদয় অশান্তিৰে ভৰি পৰিব৷ কিন্তু শোক কৰিলেই নহ’ব, শোকৰ ঘাই কাৰণ গুচাবলৈ যথাসাধ্য চেষ্টা কৰিব লাগিব৷ মৃতপ্ৰায় জননীক জাতীয়তাৰ দ্বাৰাই অনুপ্ৰাণিত কৰিব লাগিব৷’’(অসম সাহিত্য সভাৰ গোৱালপাৰাত হোৱা দশম অধিৱেশনৰ সভাপতিৰ ভাষণৰ এটা অংশ)[৫]
- (ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ কন্যাক তৰুণৰামলৈ দিব খোজা প্ৰস্তাৱ অগ্ৰাহ্য কৰি কোৱা কথা) “ তাকে কৰিলে মই আৰু তৰুণৰাম হৈ নাথাকিম; মানুহে মোক ৰবি ঠাকুুৰৰ জোঁৱাই বুলিহে জানিব৷ মই তৰুণৰাম ফুকন হৈয়েই থাকিব খোজো৷’’[৬]
- আনন্দম্ - এইটোহে আমাক লাগে৷ ইহে জীৱনৰ আচল বস্তু৷ আনন্দত থাকিবা, আনন্দই জীৱন৷[৭]
- ভাষা হৃদয়গ্ৰাহী নহ’লে হৃদয়ত স্পন্দন জন্মাব নোৱাৰিলে- শব্দ শব্দই থাকি যায়; ভাষা শব্দ যোজন মাত্ৰ হয়, কবিতা শব্দৰ মিল-সংগীত হ্ৰস্ব-দীৰ্ঘ যাত্ৰাৰ সপৰিচালন পদ্ধতি- ইতিহাস লিপিৱদ্ধ ঘটনা মাত্ৰ হৈ থাকে৷[৮]
- মৃতপ্ৰায় পতিত জাতিৰ একমাত্ৰ সঞ্জীৱনী সুধা হৈছে সেই জাতিৰ অতীত বুৰঞ্জীৰ উদ্ধাৰ আৰু অধ্যয়ন৷ দেশাত্মবোধ জগাবৰ আটাইতকৈ ভাল উপায় হৈছে বুৰঞ্জী জনা৷[৯]
- পুথিত লিখা কথাৰ প্ৰতি আস্থা নহ’লে, গুৰুৰ প্ৰতি ভক্তিভাৱ নাথাকিলে, বিদ্যালাভ কৰা সহজ নহয়৷ ছাত্ৰজীৱনতেই ভৱিষ্যৎ জীৱনযাত্ৰাৰ সমল গোটাই ল’ব লাগিব৷ তাকেই একনিষ্ঠ, দৃঢ়প্ৰতিজ্ঞ আৰু ব্ৰহ্মচৰ্য ব্ৰতধাৰী নহ’লে কৰা টান৷[১০]
- প্ৰথমে চৰিত্ৰ, তাৰপিছত স্বাস্থ্য, তাৰপিছত শিক্ষা৷[১১]
- মোক পৰমেশ্বৰে সকলো শক্তিকেই দিছে৷ তেনে অৱস্থাত কোনো কথাৰ কাৰণে আনৰ ওপৰত কিয় নিৰ্ভৰ কৰিম?[১২]
- নিজৰ ভাষাক চহকী কৰিলেই নহয়, তোমাৰ ভাব পৰক জনাবলৈ হ’লে তেওঁকো মই চহকী ভাষা শিকাব লাগিব৷ ভাবৰ আদান-প্ৰদানৰ লগে লগে ভাষাৰো আদান-প্ৰদান চলিব লাগিব৷ যিমানক তোমাৰ ভাষা শিকাই তোমাৰ ভাব লোৱাব পাৰিবা সিমানেই তোমাৰ সমাজ বহল হ’ব৷ সেই সমাজৰ সাহিত্যও সেই পৰিমাণে চহকী হ’ব৷[১৩]
তৰুণ ৰাম ফুকনৰ বিষয়ে উদ্ধৃতি
সম্পাদনা কৰক- চিকাৰী ফুকন, সভা শুৱনী ফুকন, দেশভক্ত ফুকন, ছাত্ৰবন্ধু ফুকন, সাহিত্যিক ফুকন, বেৰিষ্টাৰ ফুকন, ৰসিক ফুকন, অশ্বাৰোহী ফুকন,বৰশী বোৱা কানাই ফুকন আদি নানাভাৱে মানুহে তেওঁক জানিছিল আৰু বুজিছিল৷ - অতুল চন্দ্ৰ বৰুৱা।[১৪]
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৫ জানুৱাৰী, ২০২২
- ↑ মহৎ লোকৰ বাণী, ৫ জানুৱাৰী, ২০২২
- ↑ দেশভক্ত তৰুণৰাম ফুকন, ত্ৰিদিব গোস্বামী
- ↑ দেশভক্ত তৰুণৰাম ফুকন, ত্ৰিদিব গোস্বামী
- ↑ দেশভক্ত তৰুণৰাম ফুকন, ত্ৰিদিব গোস্বামী
- ↑ তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ১৯, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫
- ↑ দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৬১ প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, ১৯৯০
- ↑ দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৫৮ প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, ১৯৯০
- ↑ দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৫৮ প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, ১৯৯০
- ↑ দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৫২ প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, ১৯৯০
- ↑ দেশভক্ত তৰুণৰাম ফুকন, জিতেন্দ্ৰনাথ বুজৰবৰুৱা, পৃ:নং; ৫৩ প্ৰকাশক: সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভা, ১৯৯০
- ↑ দেশভক্ত তৰুণৰাম ফুকন, ত্ৰিদিৱ গোস্বামী, বনলতা, ২০১০
- ↑ বৰা, ৰক্তাভজ্যোতি (২০০৩)। উদ্ধতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২৫২-২৫৩। ISBN: 81-7206-117-5।
- ↑ তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য জীৱন, নৰকান্ত শইকীয়া, পৃ:নং; ২, প্ৰকাশক: কৃত্তিকা লডিয়া, কৃত্তিকা প্ৰকাশন, ২০০৫