হোমেন বৰগোহাঞি

অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ

হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। হোমেন বৰগোহাঞি ২০০১ আৰু ২০০২ চনত সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল।

হোমেন বৰগোহাঞিৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

বৰগোহাঞি পৰিয়ালৰ সাহিত্য

সম্পাদনা কৰক
  1. তোমাক যদি মন্ত্ৰহে লাগে, তেন্তে মই সঁচাকৈয়ে এটা মন্ত্ৰ দিব পাৰোঁ। মই স্বাস্থ্য বিষয়ক কিতাপত পঢ়ি পোৱা এই মন্ত্ৰটো হ'ল-you must eat poor man's food if you want to avoid rich man's disease. ধনী মানুহৰ বেমাৰ বোৰ যদি পৰিহাৰ কৰি চলিব খোজা, তেন্তে তুমি খাব লাগিব দুখীয়া মানুহৰ আহাৰ। যোৱা বহু বছৰ ধৰি মই এই উপদেশটোক ধৰ্মীয় নিষ্ঠাৰে পালন কৰি আহিছোঁ আৰু তাৰ পৰা বহু সুফল পাইছোঁ।[১]

কাম কৰাৰ আনন্দ

সম্পাদনা কৰক
  1. যি মানুহে কাম কৰি ভাল নাপায় বা কৰিবলৈ একো কাম বিচাৰি নাপায়, তেওঁতকৈ দুৰ্ভগীয়া মানুহ আন কোনো নাই। কাম নকৰি শুই বহি বা কেৱল আমোদ-প্ৰমোদ কৰি অলস জীৱন কটোৱা মানুহে জীয়াই থকাৰ আনন্দ কেতিয়াও অনুভব কৰিব নোৱাৰে। মই জীৱনটোক খুব ভাল পাওঁ। কিন্তু জীয়াই থকাৰ আনন্দ মই কেৱল তেতিয়াহে অতি তীব্ৰ ভাবে অনুভব কৰোঁ, যেতিয়া মই কিবা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকো।

নিঃসঙ্গতা

সম্পাদনা কৰক
  1. ৰূপ-চৰ্চা আৰু অংগৰাগে মানুহৰ মুখৰ চেহেৰা সলনি কৰাত বা আকৰ্ষণ বৃদ্ধি কৰাত যিমান ডাঙৰ ভূমিকা লয়, ঠিক সেইটো কৰাত তাতোকৈ বহুত বেচি ডাঙৰ ভূমিকা লয় মানুহৰ খ্যাতি, প্ৰতিভা আৰু ব্যক্তিত্বই।[২]
  2. সকলো পাপেই জীৱনৰ শূন্যতা পূৰণ কৰাৰ চেষ্টাৰ বাহিৰে আন একো নহয়।[২]
  3. আনক সুখী কৰাতকৈ বেছি সুখকৰ অভিজ্ঞতা মানুহৰ জীৱনত খুব কমেইহে হয়। ধ্বনিৰ প্ৰতিধ্বনি দূৰৰ পাহাৰত ঠেকা খাই ঘূৰি অহাৰ নিচিনাকৈ সুখো পাওঁতাজনৰ হৃদয়ত ঠেকা খাই ঘূৰি আহে দিওঁতাজনৰ হৃদয়লৈ।[২]
  4. বহুতো প্ৰকৃত প্ৰতিভাৱান লেখকেও জীৱনৰ ভাটি বয়সত নিজৰ সৃষ্টি ক্ষমতা নিঃশেষিত হোৱা বুলি অনুভৱ কৰি অসহ্য মানসিক যন্ত্ৰণা অনুভৱ কৰে।[২]
  5. শান্তিৰে জীয়াই থকাৰ এটা প্ৰধান উপায় হ’ল নিজৰ পৰা পলাই থকা। [২]
  6. জীৱন পোৱা মানুহে তাক যাপন কৰিব লাগিব। সেইটোৱেই হ’ল জীৱনৰ দাবী।[২]

পোহৰৰ সাধনা

সম্পাদনা কৰক
  1. অভিভাৱকসকলে যদি জ্ঞানী, দূৰদৰ্শী আৰু সুবিবেচক নহয়, তেন্তে ধন-সম্পত্তিয়ে ল'ৰা-ছোৱালীৰ মঙ্গল সাধন কৰাতকৈ অপকাৰহে বেছিকৈ কৰিব পাৰে।[৩]
  2. জীৱন তাকেই বোলে - যি এবাৰৰ বাবেও হতাশ বা ভগ্নোদ্যম নহৈ তিনি হাজাৰ বছৰ ধৰি একেটা উদ্দেশ্যতে লাগি থাকিব পাৰে।[৩]
  3. ধৈয্যশীল আৰু আত্ম-বিশ্বাসী মানুহে সকলো অসুবিধাক সুবিধালৈ আৰু দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰিব পাৰে।[৩]
  4. যি নিজকে সহায় কৰে তেওঁক ভাগ্যয়ো সহায় কৰে।[৩]
  5. শিলত শান দিলেহে যেনেকৈ দা-কটাৰীৰ ধাৰ বৃদ্ধি পায় ঠিক তেনেকৈ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিলেহে মানুহৰ মগজ চোকা হয়।[৩]
  6. এজন মানুহে যদি আনক ভাল ভাল উপদেশ দিয়ে, কিন্তু নিজে সেইবোৰ পালন নকৰে, তেন্তে তেওঁৰ আন্তৰিকতা-বিহীন মৌখিক উপদেশে আনৰ জীৱনত একো প্ৰভাৱ পেলাব নোৱাৰে।[৩]

মহাশ্বেতাৰ বিয়া

সম্পাদনা কৰক
  1. সংসাৰত প্ৰত্যেক ব্যক্তিয়েই অকলশৰীয়া। এটা নিৰ্দিষ্ট সীমালৈকে মাত্ৰ পিতা-মাতা, ভাই-বন্ধু, স্বামী-স্ত্ৰীৰ সম্বন্ধ। তাৰ সিপাৰত প্ৰত্যেক ব্যক্তিয়েই আপোন আপোন মনৰ কাৰাগাৰত বন্দী, কাৰো লগত কাৰো সম্পৰ্ক নাই।[উৎসৰ প্ৰয়োজন]

বিষণ্ণতা

সম্পাদনা কৰক
  1. জীৱনৰ যন্ত্ৰণাক পাহৰি থাকিবলৈ মানুহে অনেক সময়ত কামৰ যন্ত্ৰণাক স্বীকাৰ কৰি ল'বলৈ বাধ্য হয়।[৪]

প্ৰজ্ঞাৰ সাধনা

সম্পাদনা কৰক
  1. নৈতিক অৰ্থত জীৱনৰ লক্ষ্য হ'ল মানুহৰ সেইবোৰ গুণৰ বিকাশ সাধন কৰা— যিবোৰ গুণে মানুহক ব্যক্তি হিচাপে এজন আদৰ্শ মানুহ আৰু সমাজৰ সদস্য হিচাপে এজন আদৰ্শ নাগৰিক হোৱাত সহায় কৰে।[৫]
  2. জীৱনত সুখী হোৱাৰ আৰু সফল হোৱাৰ একমাত্ৰ উপায় হ'ল কিবা এটা লক্ষ্য ঠিক কৰি লৈ সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰা। লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও কোনো ক্ষতি নাই। কিবা এটা উদ্দেশ্য আগত ৰাখি কৰা কঠোৰ পৰিশ্ৰমেই জীৱনটো অৰ্থ-পূৰ্ণ কৰি তুলিব আৰু চৰিত্ৰক গঢ় দিব।[৫]
  3. বাহিৰৰ প্ৰকৃতিক জয় কৰিবলৈ মানুহক জ্ঞান লাগে; কিন্তু মানুহৰ ভিতৰৰ প্ৰকৃতিক অৰ্থাৎ মনটোক জয় কৰিবলৈ লাগে প্ৰজ্ঞা। জ্ঞান আৰু প্ৰজ্ঞাৰ পাৰ্থক্য কি? এটা মাত্ৰ সাধাৰণ উদাহৰণৰ দ্বাৰা জ্ঞান আৰু প্ৰজ্ঞাৰ পাৰ্থক্য বুজিব পাৰি। ধন ঘটিবলৈ আমাক বুদ্ধি বা জ্ঞান লাগে; কিন্তু সজ কামত সেই ধন খৰচ কৰি জীৱনত প্ৰকৃত অৰ্থত সুখী হ'বলৈ হ'লে আমাক লাগে প্ৰজ্ঞা। আণৱিক শক্তি উৎপাদন কৰিবলৈ জ্ঞানেই যথেষ্ট; কিন্তু তাক মানুহৰ বিনাশৰ পৰিৱৰ্তে মানুহৰ মংগলৰ হকে নিয়োজিত কৰিবলৈ প্ৰজ্ঞাৰ প্ৰয়োজন। জ্ঞানৰ সহায়েৰে মানুহে যেনেকৈ প্ৰকৃতিৰ অন্তৰ্নিহিত ৰহস্য উদ্ঘাটন কৰি প্ৰাকৃতিক শক্তিবোৰক মানুহৰ সেৱকত পৰিণত কৰিব পাৰে, ঠিক তেনেকৈ প্ৰজ্ঞাৰ সহায়েৰে মানুহে তাৰ নিজৰ প্ৰকৃতিৰ ৰহস্যবোৰ উদ্ঘাটন কৰি হীন প্ৰবৃত্তিবোৰক জয় কৰিব পাৰে আৰু অন্তৰ্নিহিত নৈতিক শক্তিক নিজৰ সেৱাত কামত লগাব পাৰে। ভোগৰ উপকৰ‌ণবোৰ আমি জ্ঞানৰ সহায়েৰেই আহৰণ কৰিব পাৰোঁ; কিন্তু প্ৰজ্ঞাৰ অবিহনে সুখ, শান্তি আৰু আনন্দৰ উপকৰণবোৰ আহৰণ কৰা অসম্ভৱ।[৫]

আমাক কিতাপ লাগে

সম্পাদনা কৰক
  1. শৰীৰৰ বিকাশৰ কাৰণে যেনেকৈ পুষ্টিকৰ সুষম আহাৰৰ প্ৰয়োজন, মনৰ বিকাশৰ কাৰণে পুষ্টিকৰ মানসিক আহাৰৰ প্ৰয়োজন তাতোকৈ কোনো গুণেই কম নহয়। মনে তাৰ আহাৰ সংগ্ৰহ কৰে ঘাইকৈ অধ্যয়ন, আলোচনা আৰু সৎ-সংগৰ পৰা।[৬]

জীৱনৰ সাধনা

সম্পাদনা কৰক
  1. জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ্য বাধা আছে কাৰণেই সি ৰোমাঞ্চকৰ।[৭]

মোৰ জীৱনত ঈশ্বৰ

সম্পাদনা কৰক
  1. কাম কৰা মানেই জীৱনৰ এটা উদ্দেশ্য থকা। উদ্দেশ্যহীন জীৱন অতিশয় যন্ত্ৰণাদায়ক। সি মৃত্যুৰ কাৰণে কষ্টকৰ দীঘলীয়া প্ৰতীক্ষাৰ বাহিৰে আন একো নহয়।[৮]

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি

সম্পাদনা কৰক
  1. জীৱন মাত্ৰেই সুখ আৰু দুখৰ সমষ্টি। দুখৰ কাৰণে দুখ কৰি লাভ নাই, কাৰণ দুখৰ অবিহনে সুখৰ ধাৰণা কৰা অসম্ভৱ।[৯]

কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত

সম্পাদনা কৰক
  1. লেখক হোৱাৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদটো হ'ল এয়েই যে লেখকে সকলো যন্ত্ৰণাক ৰূপান্তৰিত কৰিব পাৰে লেখালৈ, আৰু তাকে কৰি তেওঁ যন্ত্ৰণাৰ উৰ্ধ্বলৈ আৰোহণ কৰে।[১০]

আত্ম দীপো ভৱ

সম্পাদনা কৰক
  1. মানুহে যেতিয়া কেৱল জ্ঞানলাভৰ আনন্দৰ কাৰণেই জ্ঞান বিচাৰে আৰু তাৰ বিনিময়ত একো পাৰ্থিৱ প্ৰতিদান নিবিচাৰে, তেতিয়া মানুহে জ্ঞানৰ অন্বেষণৰ পথত কেতিয়াও থমকি ৰ’বলগা নহয়।[১১]
  2. মানুহে সকলো সময়তে কিবা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকিব লাগে- কাৰণ একমাত্ৰ কামেইহে মানুহৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি ৰাখিব পাৰে।[১১]
  3. নৈৰ সোঁতে যেনেকৈ তাৰ বুকুত পৰি থকা শিলবোৰক অকণ অকণকৈ মিহি কৰে বা সেইবোৰক নতুন ৰূপ দিয়ে, সেইদৰে চামে চামে মানুহে অবিৰাম ব্যৱহাৰৰ দ্বাৰা তেওঁলোকৰ ভাষাৰ শব্দবোৰক মিহি কৰে বা সেইবোৰক ন ন ৰূপ দিয়ে।[১১]
  4. কামেই হ’ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা।[১২][১৩]
  5. মানুহৰ চকুৰ আগত যেতিয়ালৈকে এক বা একাধিক বিকল্প সম্ভাৱনাৰ পথ মুকলি হৈ থাকে, তেতিয়ালৈকে মানুহে আশা হেৰুৱাই নেপেলায়।[১৪]
  1. প্ৰত্যেক মানুহৰ নিজস্ব জীৱনটো একো একোটা নিৰ্জন দ্বীপ, সহানুভূতিৰ নাৱত উঠি সি অন্যান্য দ্বীপলৈ অহা-যোৱা কৰে। কেনেবাকৈ সেই নাও অচল হৈ সি যদি নিজৰ দ্বীপ এৰিব নোৱাৰা হয় বা ধুমুহাৰ কোবত সমুদ্ৰতে নাও ডুবি যায়, বাহিৰৰ সমস্ত দ্বীপমালাৰ লগত তাৰ যোগসূত্ৰ বিচ্ছিন্ন হৈ পৰে, কেৱল আপোন-মনৰ মুখামুখি হৈ সি তেতিয়া যি ধৰণৰ আচৰণ কৰে, আনৰ চকুত সিয়েই পাগলামি।[১৫]

সুস্থ দেহত সুস্থ মন

সম্পাদনা কৰক
  1. জীৱনটোক ভাল কৰিবলৈ আমি যি উপায়েই অৱলম্বন নকৰোঁ কিয়, সকলোবোৰ উপায়ৰ লক্ষ্য মাত্ৰ এটাঃ এটা নিৰোগ, নিৰুদ্বেগ, শান্তিপূৰ্ণ জীৱন।[১৬]
  2. জীৱনৰ বেছিভাগ ব্যৰ্থতা আৰু প্ৰতিভাৰ কৰুণ অপচয়ৰ মূলতেই হ'ল এলাহ। [১৬]
  3. মই এই কথা বিশ্বাস কৰিবলৈকো ভয় নকৰিম যে মই পৃথিৱীখনক যিমানখিনি দিম, পৃথিৱীয়েও মোক সিমানখিনিয়েই দিব। [১৬]
  4. মৃত্যুৰ পিছত ব্যক্তিসত্তাৰ কিবা এটা অবশেষ থাকে বুলি বিশ্বাস নকৰিলে। মানুহৰ জীৱনত ধৰ্মৰ প্ৰয়োজন প্ৰায় শূন্য হৈ পৰে।[উৎসৰ প্ৰয়োজন]

কিতাপ পঢ়াৰ আনন্দ

সম্পাদনা কৰক
  1. কিতাপখন পঢ়িবলৈ আৰম্ভ কৰাৰ সময়ত আমি কেৱল নিজকে এই কথা কৈ ল'ব লাগিব যে কেৱল মনে ভাল পোৱা সহজ কাম কৰি জীৱনত কোনেও ডাঙৰ কাম কৰিব নোৱাৰে। আমাৰ আকাংক্ষা যিমানেই উচ্চ হ'ব, আমাৰ পৰিশ্ৰমো হ'ব লাগিব সিমানেই কঠোৰ। আন কথাত ক'বলৈ গ'লে আমি যদি পুঁঠি মাছ খায়েই সন্তুষ্ট হৈ থাকিব খোজোঁ তেন্তে পুঁঠি মাছৰ দাম দিম; কিন্তু ৰৌ মাছ খাব খুজিলে ৰৌ মাছৰ দাম দিবলৈ প্ৰস্তুত হ'ব লাগিব।[১৭]
  1. যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত দেশ বুলি পৰিগণিত হৈছে৷ অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাৱে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব৷

আত্মানুসন্ধান

সম্পাদনা কৰক
  1. যি মৃত্যুৱে জীৱনৰ সমস্ত উদ্যম, সাধনা আৰু বাসনাৰ আচম্বিতে অন্ত পেলাই দি জীৱনটোক অৰ্থহীন কৰি তোলে, মানুহে সেই মৃত্যুৰ ৰহস্য কেতিয়াও উদ্‌ঘাটন কৰিব নোৱাৰিব।[১৮]
  2. যি সকল লোকে ভালপোৱাতকৈ শ্ৰদ্ধাক বেছি মূল্য দিয়ে তেওঁলোকেই সমাজৰ প্ৰকৃত মঙ্গল সাধন কৰে।[১৮]
  3. পৰ্বত যেনেকৈ দূৰৰ পৰাহে শুৱনি, বেচিভাগ মানুহো তেনেকৈ দূৰৰ পৰাহে আকৰ্ষণীয়।[১৮]
  4. জীৱনৰ এটা বয়সত সাংসাৰিক মানুহৰ চিন্তা-ভাৱনাৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰে তেওঁৰ সন্তানসকল।[১৮]
  5. বেছিভাগ তৰ্ক কৰা মানুহে সত্যতকৈ আত্মাভিমানক বেছি মূল্য দিয়ে আৰু নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন নকৰালৈকে ক্ষান্ত হব নোখোজে।[১৮]
  6. অসমীয়া মানুহ অকালতে মানসিকভাৱে বুঢ়া হোৱাৰ এটা প্ৰধান কাৰণ তেওঁলোকৰ দুৰ্বল স্বাস্থ্য। দ্বিতীয় কাৰণ হ'ল জলবায়ুৰ প্ৰভাৱ।[১৮]
  7. যুক্তি আৰু বিবেকৰ কণ্ঠস্বৰ সদায় শান্ত আৰু বিনম্ৰ। আৱেগ আৰু উত্তেজনাৰ কণ্ঠস্বৰ সমুদ্ৰৰ গৰ্জনৰ দৰে বিশাল।[১৮]
  8. চুম্বকে যেনেকৈ লোক আকৰ্ষণ কৰে ঠিক তেনেকৈ শক্তিমানে তোষামোদকাৰীৰ দলক আকৰ্ষণ কৰি নিজৰ চাৰিওফালে থূপ খুৱায়।[১৮]
  9. যিবোৰ আদৰ্শ বা মতবাদৰ কাৰণে মানুহে হাজাৰ হাজাৰ বা লাখ লাখ মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে, তেনেকুৱা বেছিভাগ মতবাদেই সময়ত গৈ বুৰঞ্জীৰ আৱৰ্জনা বুলি পৰিগণিত হয়।[১৮]
  10. গৰ্ভৱতী তিৰোতাৰ যেতিয়া প্ৰসৱৰ সময় হয় তেতিয়া তেওঁ যন্ত্ৰণাৰ ভয়ত সন্তানৰ জন্মক বাধা দি ৰাখিব নোৱাৰে। সকলো লেখকৰে শ্ৰম-কষ্ট গৰ্ভিনীৰ জন্ম-যন্ত্ৰণাৰ লগতে তুলনীয়। কিন্তু এই সত্য প্ৰযোজ্য কেৱল সেইসকল লেখকৰ ক্ষেত্ৰতহে— যিসকলৰ প্ৰকৃত সৃষ্টিৰ শক্তি আছে।[১৮]

ধুমুহা আৰু ৰামধেনু

সম্পাদনা কৰক
  1. মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৰু প্ৰধান সমস্যাবোৰৰ উৎস হ'ল মানৱিক সম্পৰ্কৰ জটিলতা।[১৯]
  2. তুমি বহুতো বস্তু সলনি কৰিব নোৱাৰিব পাৰা, কিন্তু এটা কথা তুমি নিশ্চয় সলনি কৰিব পাৰা। সেইটো হ'ল-সেই বস্তুবোৰৰ প্ৰতি তোমাৰ দৃষ্টিভঙ্গী তথা মনোভাৱ। জীৱনত সুখী হোৱাৰ সেইটো এটা প্ৰধান উপায়।[১৯]
  3. মই সেইসকল লোককেই মোৰ আটাইতকৈ উপকাৰী মানুহ বুলি ভাবোঁ আৰু কৃতজ্ঞ-চিত্তে প্ৰায়েই তেওঁলোকক স্মৰণ কৰো-যিসকল লোকে মোৰ মনত প্ৰচণ্ড জেদ জগাই তুলিব পাৰিছিল।[১৯]
  4. সংসাৰ আৰু চাকৰি তথা জীৱিকাৰ সংস্থান একে সময়তে এৰিব লগা হ'লে যিকোনো মানুহৰে সাময়িকভাৱে হ'লেও মানসিক বিপৰ্যয় হোৱাটো অসম্ভৱ বা অস্বাভাৱিক নহয়।[১৯]
  5. মানুহে জীয়াই থাকি ইমান ভাল পাই যে মৃত্যুকেই ডাঙৰ শত্ৰু বুলি জ্ঞান কৰে।[১৯]

পিতা-পুত্ৰ

সম্পাদনা কৰক
  1. যৌৱনকাললৈকে মানুহে ভৱিষ্যতৰ নানা সপোন দেখে, নিজৰ কাৰণে এখন দিবাস্বপ্নৰ সৃষ্টি কৰে। কিন্তু বয়স ভাটী দিয়াৰ লগে লগে মানুহে ভৱিষ্যতৰ বিষয়ে কল্পনা কৰিবলৈ বা সপোন দেখিবলৈ এৰি দিয়ে।[২০]
  2. মানুহে যেতিয়া একোৰে প্ৰতি আকাংক্ষা নকৰে, তেতিয়াহে তেওঁ ব্ৰহ্মৰদৰে শুদ্ধ আৰু পৱিত্ৰ হয়।[২০]

বাতৰি কাকতত প্ৰকাশিত লেখা

সম্পাদনা কৰক
  1. সুখ নিৰ্ভৰ কৰে ঘাইকৈ সন্তুষ্টিৰ ওপৰত। সন্তুষ্টি আৰু আনন্দ দুয়োটা সম্পূৰ্ণ বেলেগ বস্তু। যি মানুহে কেৱল আনন্দ বা কামনাতৃপ্তিৰ অন্বেষণ কৰে তেওঁৰ সেই অন্বেষণৰ কোনোদিনে অন্ত নপৰে। অৱশেষত সি পৰ্যবসিত হয় চৰম অৱসাদ আৰু হতাশাত। আনহাতে, সন্তুষ্টি হ'ল এনে এটা হৃদয়ানুভূতি - যিটোৱে মানুহে কৰা সকলো কামকে এটা অৰ্থ দিয়ে আৰু সি পূৰণ কৰে একান্ত মানৱীয় প্ৰয়োজনবোৰ।[২১]
  2. মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু ডাঙৰ ৰহস্যটো হ'ল মৃত্যু। মৃত্যুৰ গুৰুত্ব ঈশ্বৰতকৈয়ো বেছি, কাৰণ মৃত্যু নথকা হ'লে মানুহৰ ইমান বেছি ঈশ্বৰ-জিজ্ঞাসা হ'লহেঁ‌তেননে নাই সেই বিষয়ে নিশ্চয় সন্দেহৰ অৱকাশ আছে।[২১]

হোমেন বৰগোহাঞি সম্পৰ্কে বিভিন্নজনৰ উক্তি

সম্পাদনা কৰক
  • ‘সাহিত্য সাধনা আমিও কৰোঁ, কিন্তু তাৰ নামত জীৱনটোক উছৰ্গা কৰাৰ সাহ দেখুৱালে কেৱল বৰগোহাঞিয়ে৷ তেওঁ মোৰ প্ৰিয়তম লেখক নহ’ব পাৰে, কিন্তু অসমৰ দৰে পৰিৱেশত সাহিত্যৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সততা দেখি তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ শিৰ দোঁ খাই যায়৷’[২২]
  • ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পকাৰ হোমেন বৰগোহাঞিৰ গল্পৰ সংখ্যা বৰ বেছি নহয়, কিন্তু কমসংখ্যক গল্পৰ মাজেদিয়েই বৰগোহাঞিয়ে অসমীয়া চুটি গল্পৰ ইতিহাসত এখন বিশিষ্ট আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ...বৰগোহাঞিৰ গল্প বিচিত্ৰ ভাৱনাৰে সমৃদ্ধ। লেখকজনৰ ব্যক্তিগত জীৱনৰ ভিন ভিন সময়ৰ ভাৱাৱেগবোৰ বিভিন্ন চৰিত্ৰৰ মাজেদি প্ৰকাশ পোৱা দেখা গৈছে।
  • ‘সাম্প্ৰতিক কালৰ অসমৰ বৰগোহাঞি হ’ল এগৰাকী গুৰুত্বপূৰ্ণ আৰু সৃষ্টিশীল, সমাজ সচেতন লেখক, সাংবাদিক, প্ৰখৰ বুদ্ধিদীপ্ত, যুক্তিবাদী, সাহসী, শক্তিশালী গদ্যলেখক আৰু এগৰাকী জাতীয় চেতনাসম্পন্ন আৰু একে সময়তে গভীৰ মানৱতাবাদী ব্যক্তি৷’
  • ‘প্ৰায় পাঁচটা দশকতকৈও অধিক কালজুৰি সক্ৰিয় সাংবাদিকতা কৰা হোমেন বৰগোহাঞিৰ উজ্জ্বল কীৰ্তি আছিল উদীয়মান লেখকসকলক জনোৱা উৎসাহ আৰু অনুপ্ৰেৰণা। অসমৰ বৰ্তমানৰ সাহিত্য-সাংবাদিকতাৰ ক্ষেত্ৰখনত তেখেতৰ দ্বাৰা আৱিষ্কৃত আৰু অনুপ্ৰাণিত অসংখ্য বিখ্যাত লোক আছে। তাৰ অধিকাংশ লোকেই আজিও তেখেতে যোগোৱা অনুপ্ৰেৰণাৰ কথা সোঁৱৰে। ’[২৪]

লগতে চাওক

সম্পাদনা কৰক
  1. (March 2007) ভোগ আৰু যোগ।
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ হোমেন বৰগোহাঞি (চতুৰ্থ সংস্কৰণ, জুন, ২০০৪)। নিঃসঙ্গতা। গুৱাহাটী। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ হোমেন বৰগোহাঞি (পঞ্চম সংস্কৰণ, অক্টোবৰ, ২০১৫)। পোহৰৰ সাধনা। গুৱাহাটী। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্।
  4. বিষণ্ণতা; প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০০২
  5. ৫.০ ৫.১ ৫.২ প্ৰজ্ঞাৰ সাধনা; প্ৰথম প্ৰকাশ: মে', ১৯৯৪
  6. আমাক কিতাপ লাগে; প্ৰথম প্ৰকাশ: জানুৱাৰী, ১৯৯৩
  7. জীৱনৰ সাধনা; প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ১৯৯৪
  8. মোৰ জীৱনত ঈশ্বৰ; প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০১৮
  9. বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি; প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০০০
  10. কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত; প্ৰথম প্ৰকাশ: অক্টোবৰ, ২০০৮
  11. ১১.০ ১১.১ ১১.২ আত্ম দীপো ভৱ; প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ১৯৯৬
  12. নিয়মীয়া বাৰ্তা, ১৩ মে', ২০২১
  13. হোমেন বৰগোহাঞি. "দিনটোৰ বাণী", ২৪ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ২৫ মাৰ্চ ২০২৩.
  14. নিয়মীয়া বাৰ্তা, ২২ মে', ২০২১
  15. হোমেন বৰগোহাঞি (ডিচেম্বৰ, ১৯৯৫)। সুবালা। গুৱাহাটী। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্। ISBN: 81-86494-12-X
  16. ১৬.০ ১৬.১ ১৬.২ সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই
  17. কিতাপ পঢ়াৰ আনন্দ; পুনৰ সংস্কৰণ: অক্টোবৰ,২০২১; পৃষ্ঠা:২৩
  18. ১৮.০০ ১৮.০১ ১৮.০২ ১৮.০৩ ১৮.০৪ ১৮.০৫ ১৮.০৬ ১৮.০৭ ১৮.০৮ ১৮.০৯ আত্মানুসন্ধান; প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী, ১৯৮৮
  19. ১৯.০ ১৯.১ ১৯.২ ১৯.৩ ১৯.৪ ধুমুহা আৰু ৰামধেনু; দ্বিতীয় সংস্কৰণ: অক্টোবৰ', ১৯৯৯
  20. ২০.০ ২০.১ পিতা পুত্ৰ; সপ্তম সংস্কৰণ: চেপ্টেম্বৰ, ১৯৯৯
  21. ২১.০ ২১.১ মোৰ টোকাবহীৰ পৰা, নিয়মীয়া বাৰ্তা
  22. পাতনি (জুলাই, ২০২১)। সাতসৰী আলোচনী। সাদিন প্ৰণ্টাৰ্ছ, পৃষ্ঠা:পৃষ্ঠা-২০।
  23. নগেন শইকীয়া (২০২১, জুন সংখ্যা)। প্ৰকাশ আলোচনী, পৃষ্ঠা:৬।
  24. ‘সাতসৰী’, সম্পাদক-অনুৰাধা শৰ্মা পূজাৰী, জুলাই, পৃষ্ঠা-২৫]

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
 
Commons
ৱিকিমিডিয়া কমন্সত সম্বন্ধিত মিডিয়া: