ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/নৱেম্বৰ

মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি বৃহস্পতিবাৰ
২৬ ডিচেম্বৰ, ২০২৪
সময়: ১১:১১ AM (IST)


অক্টোবৰ << নৱেম্বৰ: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ >> ডিচেম্বৰ



২০২৩
“কেতিয়াবা মানুহে মোক সুধিবলৈ ভাল পায় যে ছোৱালীবোৰ কিয় স্কুললৈ যাব লাগে, তেওঁলোকৰ বাবে কিয় ই গুৰুত্বপূৰ্ণ। কিন্তু মই ভাবো তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কিয় নাযাব, কিয় তেওঁলোকৰ স্কুললৈ যোৱাৰ এই অধিকাৰ নাথাকিব।”
~ মালালা ইউছুফজাই ~
 

২০২৩
“শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱদি ভবিষ্যত জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বতো প্ৰকাৰে যোগ্যবান কৰা।”
~ তৰুণ ৰাম ফুকন ~
 

২০২৩
“বিজ্ঞানৰ মন্দিৰলৈ নানা তৰহৰ মানুহ আহে আৰু তেওঁলোকৰ প্ৰত্যেকৰে অহাৰ উদ্দেশ্যও ভিন ভিন। কিছুমান আহে বিজ্ঞান অধ্যয়ন কৰি উচ্চতৰ বৌদ্ধিক আনন্দ লাভ কৰিবলৈ, কিছুমান বা আহে একমাত্ৰ ব্যৱহাৰিক উদ্দেশ্য লৈ। কোনো দেৱদূত আহি যদি এই দুয়ো শ্ৰেণীৰ মানুহকে বিজ্ঞান-মন্দিৰৰ পৰা আঁতৰাই পঠিয়ায়, তেন্তে দুই-এজন লোকৰ বাহিৰে মন্দিৰ তেনে শূন্য হৈ পৰিব।”
~ এলবাৰ্ট আইনষ্টাইন ~
 

২০২৩
“চৰিত্ৰ মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ। আনন্দই শৰীৰ মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে। মনত বেজাৰ লাগিলেও মুখেৰে আনন্দ কৰিবা। তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰু লোকে কোৱা আনন্দৰ কথা শুনি থাকোঁতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব।”
~ লক্ষ্মীনাথ বেজবৰুৱা ~
 

২০২৩
“সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ হ’ল এক প্ৰকাৰ অগনি যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে৷”
~ ভূপেন হাজৰিকা ~
 

২০২৩
“পৃথিৱীৰ সকলোবোৰ মহৎ সাহিত্যসৃষ্টি গভীৰ মানৱতাবোধৰ বীজৰ পৰা অংকুৰিত হয়৷ মানৱতাবোধ মহৎ সাহিত্যৰ মূল আধাৰ৷”
~ অৰুণ শৰ্মা ~

২০২৩
“মানুহৰ দুখ গুচোৱা কথাটো মুখৰ কথা নহয়। শুকান বালি তিওৱা বৰ টান। ধনী আত্মীয় বহুত থাকিলেও বেছিভাগেই প্ৰকৃত অৰ্থত সহায় নকৰে। হয় মুখেৰে উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে।”
~ ড°নিৰ্মলপ্ৰভা বৰদলৈ ~
 

২০২৩
“ভগৱানে হিংসাক ঘিণ কৰে৷ তেওঁৰ নিৰ্দেশ-- সকলো মানুহে সৎ উপায়েৰে সা-সম্পত্তি কৰক, কিন্তু বলপূৰ্বক নহয়৷”
~ ইউৰিপিডিছ ~
 

২০২৩
“ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷ ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ”
~ ড° বাণীকান্ত কাকতি ~
 

২০২৩
“সৰ্বসাধাৰণৰ মংগলেই শিক্ষাৰ মূখ্য উদ্দেশ্য হোৱা উচিত৷ প্ৰত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক৷ শিক্ষা সমাজৰ আদি মূল৷ ই মানুহৰ চিন্তা জ্ঞান আৰু কৰ্মনিপুণ কৰাত সহায় কৰে৷ শিক্ষা সঞ্জীৱনী অমৃত সদৃশ৷”
~ ড° জাকিৰ হুছেইন ~
 

২০২৩
“মই জানিছিলোঁ যে যি মুহূৰ্তত মহান শাসকীয় মনোভাৱে সমগ্ৰ মানৱতাক মাত্ৰ দুটা বিৰোধী ফৈদত বিভক্ত কৰাৰ বাবে আঘাত কৰিব, সেই মুহূৰ্তত মই সাধাৰণ জনতাৰ পক্ষত থাকিম।”
~ আৰ্নেষ্ট' "চে" গোৱেৰা ~
 

২০২৩
“সদায় মধুৰভাষী হ’বলৈ যত্ন কৰিবা৷ মিঠা মাতৰ গুৰুত্ব অপৰিসীম৷ এই কথা সদায় মনত ৰাখিবা৷ মুখৰ মাতষাৰেও মানুহৰ বিৰাট উপকাৰ সাধিব পাৰে৷”
~ ঋকবেদ ~
 

২০২৩
“স্বাধীন মনৰ অধিকাৰী বন্ধুসকলক মই পছন্দ কৰোঁ, কাৰণ সিহঁত বিভিন্ন সমস্যাক সকলো দৃষ্টিকোণৰ পৰা চাবলৈ আপোনাক সহায় কৰে।”
~ নেলছন মেণ্ডেলা ~
 

২০২৩
“মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে৷ মানুহক নতুন জীৱন দান দিব পাৰে৷ পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে৷”
~ মামণি ৰয়ছম গোস্বামী ~
 

২০২৩
“যি হাৰত প্ৰাচীন গছবোৰ এফালৰ পৰা কাটি থকা হৈছে, তাৰ ফলৰ বাবে আমি সাজু থাকিব লাগিব৷ আমাৰ চেনেহৰ শ্যামলী আপোন দেশত বতাহ জুই হ’ব, পানী নোহোৱা হ’ব আৰু আমি মানুহবোৰ ছটফটাই থাকিম৷ ক্ৰমে ক্ৰমে বাসৰ অনুপযোগী হ’ব আমাৰ মাতৃভূমি৷”
~ অৰূপা পটংগীয়া কলিতা ~
 

২০২৩
“আমি ডাঙৰ ডাঙৰ কিতাপ পঢ়া শিকাব নালাগে; আমি পঢ়াৰ প্ৰতি প্ৰেম শিকাব লাগে। সাহিত্যৰ কেইখনমান ৰচনাৰ বিষয়বস্তু জনাটো এক তুচ্ছ সাফল্য। পঢ়া-শুনা কৰি থাকিবলৈ প্ৰৱল ইচ্ছা হোৱাটোহে এটা ডাঙৰ কৃতিত্ব।”
~ বুৰহুছ ফ্ৰেডেৰিক স্কিনাৰ ~
 

২০২৩
“আমাৰ বহু অশান্তি আৰু সমস্যাৰ মূল কাৰণ হ'ল আমি নিজৰ কোঠালিত দিনটোৰ কিছুসময় নিৰলে আৰু নীৰৱে বহি থাকিব নোৱাৰোঁ।”
~ ব্লেইজ পাস্কেল ~
 

২০২৩
“প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে৷ তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য৷ সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু৷”
~ জগদীশ চন্দ্ৰ বসু ~
 

২০২৩

২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২০


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২১


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২২


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৩


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৪


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৫


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৬


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৭


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৮


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/২৯


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/৩০