ৰয় টি বেনেট

জিম্বাবৱেৰ ৰাজনীতিবিদ

ৰয় লেচলি বেনেট (ইংৰাজী: Roy Leslie Bennett; ১৬ ফেব্ৰুৱাৰী ১৯৫৭ – ১৭ জানুৱাৰী ২০১৮) আছিল এজন জিম্বাবৱেৰ এগৰাকী ৰাজনীতিবিদ আৰু ব্ৰিটিছ দক্ষিণ আফ্ৰিকা আৰক্ষীৰ সদস্য। তেওঁ‌ চিমানিমনিৰ আসনৰ বাবে জিম্বাবৱেৰ হাউছ অৱ এছেম্বলীৰ সদস্যও আছিল, য'ত তেওঁ পাচেডু নামেৰে জনাজাত আছিল।

ৰয় লেচলি বেনেট

উদ্ধৃতি সম্পাদনা কৰক

  1. তুমি আনৰ ব্যৱহাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰা, কিন্তু তুমি প্ৰত্যুত্তৰ কেনেদৰে দিবা সেইটো নিজেই নিৰ্ধাৰণ কৰিব পাৰা।[১]
  2. মনোভাৱ এটা পছন্দ। সুখ এটা পছন্দ। আশাবাদ এটা পছন্দ। দয়া এক পছন্দ। দান কৰাটো এটা পছন্দ। সন্মান কৰাটো এটা পছন্দ। আপুনি কৰা বাছনি বা পছন্দবোৰেই আপোনাক মানুহ হিচাপে গঢ় দিয়ে। গতিকে সদায়ে ভাৱি-চিন্তি পছন্দবোৰ ঠিক কৰক। [২]
  3. মনৰ ভয়বোৰে আপোনাক ইফালে সিফালে ঠেলি থাকিবলৈ সুযোগ নিদিব। তাৰ সলনি হৃদয়ত থকা সপোনবোৰৰ দ্বাৰা পৰিচালিত হওক।[২]
  4. আপুনি কি নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আপোনাৰ শক্তিক আপুনি সৃষ্টি কৰিব পৰা বস্তুলৈ স্থানান্তৰিত কৰক।[২]
  5. নিজৰ সুখৰ দায়িত্ব নিজে লওক, আপোনাক সুখী কৰাৰ দায়িত্ব কেতিয়াও আনৰ হাতত এৰি নিদিব।[২]
  6. আনৰ অনুভৱক সন্মান কৰক। আপোনাৰ বাবে ইয়াৰ অৰ্থ হয়তো একো নাথাকিব পাৰে, কিন্তু তেওঁলোকৰ বাবে ইয়ে সকলো বুজাব পাৰে।[২]
  7. নিজকে গ্ৰহণ কৰক, নিজকে ভাল পাওক, আৰু আগবাঢ়ি যাওক। আপুনি যদি উৰিব বিচাৰে, তেনে আপোনাক গধুৰ কৰি অনা বস্তুবোৰ এৰি পেলাবলৈ আপুনি শিকাৰ দৰকাৰ।[২]
  8. আমি সকলোৱে ভিন্ন। গতিকে আনক বিচাৰ কৰাৰ সলনি বুজাৰ চেষ্টা কৰক ৷[২]
  9. জীৱনটো বহুত চুটি। গতিকে এই জীৱনত আপোনাক সন্মান, শলাগ আৰু মূল্য নিদিয়া মানুহৰ কাৰণে আপুনি সময় নষ্ট কৰাৰ অৰ্থ নাই। [২]
  10. নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি নিজে ভবাতকৈ বেছি সাহসী, আপুনি জনাতকৈও অধিক প্ৰতিভাশালী, আৰু আপুনি নিজে কল্পনা কৰাতকৈও অধিক কৰিবলৈ সক্ষম।[২]
  11. আপুনি নিজে সপোন দেখাৰ দৰে জীৱনটো যাপন কৰক: আনৰ আশা আৰু মতামতৰ পৰিৱৰ্তে নিজৰ দৃষ্টিভংগী আৰু উদ্দেশ্য অনুসৰি সপোনৰ জীৱনটো জীয়াই থাকিবলৈ সাহস কৰক।[২]
  12. নিজৰ আৰামী পৰিসৰৰ বাহিৰলৈ ওলাই যোৱাৰ পিছতহে মানুহৰ পৰিৱৰ্তন, বৃদ্ধি আৰু ৰূপান্তৰণ হ’বলৈ আৰম্ভ কৰে৷[২]
  13. যদি আপুনি সঁচাই সুখী হ’ব বিচাৰে তেন্তে অতীতত নাথাকিব, ভৱিষ্যতৰ চিন্তা নকৰিব,তাৰ সলনি বৰ্তমানত সম্পূৰ্ণৰূপে জীয়াই থাকিবলৈ চেষ্টা কৰক।[২]

উৎস সম্পাদনা কৰক

  1. ৰয় টি বেনেট. "বাণী", ১৬ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১৭ মাৰ্চ ২০২৩.
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ https://www.goodreads.com/author/quotes/15042371.Roy_T_Bennett

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: