ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/জানুৱাৰী

মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি দেওবাৰ
২২ ডিচেম্বৰ, ২০২৪
সময়: ৫:৪৬ AM (IST)


ডিচেম্বৰ << জানুৱাৰী: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> ফেব্ৰুৱাৰী



২০২৪
“আজিকালি ইণ্টাৰনেটৰ যুগত বৰ কম শিশুকে কল্পনা কৰিবলৈ শিকোৱা হয়, অথবা সম্পূৰ্ণ কাল্পনিক ঘটনা পঢ়িবলৈ মাক-দেউতাকে উৎসাহিত কৰে। কাৰণ ধৰি লয়, কল্পনা যু্ক্তি তথা বিজ্ঞান শিক্ষাৰ পৰিপন্থী। বাস্তৱতে কল্পনাই হে বিজ্ঞানৰ সোপানখন তৈয়াৰ কৰে, যুক্তিয়ে মাথোঁ চায় যে ব্যক্তিজনৰ ভৰি নিপিছলে। কল্পনাৰ অবিহনে বিজ্ঞান আগবাঢ়িব নোৱাৰে।”
~ প্ৰণৱজ্যোতি ডেকা ~

২০২৪
 
“কাৰোবাৰ প্ৰতি যৌৱনসুলভ দুৰ্বলতা হ’বলৈ এমিনিট সময় লাগে, কাৰোবাক ভাল পাবলৈ এঘণ্টা সময় লাগে, আৰু কাৰোবাৰ প্ৰেমত পৰিবলৈ এদিন লাগে... কিন্তু কাৰোবাক পাহৰিবলৈ আজীৱন লাগে।”
~ খলিল জিব্ৰান ~
 



২০২৪
“কাকো একো কথা নিদিয়াটোৱেই হ’ল কথা ৰখাৰ আটাইতকৈ ভাল উপায়৷”
~ নেপোলিয়ন বোনাপাৰ্ট ~
 



২০২৪
“ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।”
~ নীল প্ৰজাপতি, অনুৰাধা শৰ্মা পূজাৰী ~

২০২৪
“স্বাস্থ্যলৈ মন কৰিবা। যদি তুমি সুস্বাস্থ্যৰ অধিকাৰী, তেন্তে তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাবা। বিবেকৰ পিছতেই জীৱনৰ আটাইটকৈ মূল্যৱান বস্তু হ'ল স্বাস্থ্য।”
~ আইজাক ৱাল্টন ~
 



২০২৪
“তুমি য'ত আছা, তাৰ পৰাই আৰম্ভ কৰা; তোমাৰ যি আছে, তাকে ব্যৱহাৰ কৰা আৰু যি কৰিবা পাৰা, তাকে কৰা।”
~ আৰ্থাৰ এশ্ব ~
 

২০২৪
“চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।”
~ সাৰথি (সত্যনাথ বৰা) ~

২০২৪

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/৮


২০২৪
“আধুনিক মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল, তেওঁলোকে তৎক্ষণাতে সকলো কাম্য বস্তু লাভ কৰিব বিচাৰে৷ এইবোৰৰ বাবে যি প্ৰকাণ্ড সাধনাৰ প্ৰয়োজন এই কথা অনেকেই গভীৰভাবে ভাবিব নোৱাৰে৷”
~ মামণি ৰয়ছম গোস্বামী ~
 

২০২৪
“মই বিফল হোৱা নাই। মই মাত্ৰ ১০ হাজাৰ উপায় বিচাৰি পাইছোঁ; যিবোৰে কাম নকৰে।”
~ টমাছ আলভা এডিচন ~



২০২৪

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/১১


২০২৪
“আমি এই অমূল্য জীৱনটো এবাৰহে পাওঁ আৰু দুনাই নোপোৱা জীৱনটো যদি আমি ভালদৰে যাপন নকৰোঁ তেনেহ’লে নিৰৰ্থক হ’ব আমাৰ এই জীৱন।”
~ মৌনতাৰ কোলাহল, (জোৱলা বৰা) ~

২০২৪
“মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে৷ মানুহক নতুন জীৱন দান দিব পাৰে৷ পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে৷”
~ মামণি ৰয়ছম গোস্বামী ~
 

২০২৪
“অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়াৰ সাংস্কৃতিক মেলা৷ য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়৷ সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ৷ বিহুৰ মাজেদি আমি প্ৰকৃতিৰ ৰূপান্তৰ বাণীকেই উপলব্ধি কৰিবলৈ বিচাৰিব লাগিব৷”
~ জ্যোতিপ্ৰসাদ আগৰৱালা ~

২০২৪
“এজন পুৰুষে যেতিয়াই নাৰীৰ ক্ষমতাক অৱজ্ঞা কৰে, তেওঁ তেতিয়াই নিজৰ অৱচেতন মনকো অৱজ্ঞা কৰে৷”
~ অমৃতা প্ৰীতম ~

১৬ জানুৱাৰী ১৭ জানুৱাৰী ১৮ জানুৱাৰী ১৯ জানুৱাৰী ২০ জানুৱাৰী ২১ জানুৱাৰী ২২ জানুৱাৰী ২৩ জানুৱাৰী ২৪ জানুৱাৰী ২৫ জানুৱাৰী ২৬ জানুৱাৰী ২৭ জানুৱাৰী ২৮ জানুৱাৰী ২৯ জানুৱাৰী ৩০ জানুৱাৰী ৩১ জানুৱাৰী