আলবেয়ৰ কেম্যু (ইংৰাজী: Albert Camus) (৭ নৱেম্বৰ, ১৯১৩- ৪ জানুৱাৰী, ১৯৬০) এগৰাকী ফৰাছী লেখক, উদ্ভটবাদী (absurdist) দাৰ্শনিক আৰু ১৯৫৭ চনৰ সাহিত্যৰ নোবেল বঁটাপ্ৰাপক আছিল।

আলবেয়ৰ কেম্যুৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. কোনেও উপলব্ধি নকৰে যে কিছুমান মানুহে কেৱল স্বাভাৱিক হৈ থাকিবলৈ অভাৱনীয় শক্তি ব্যয় কৰে।
  2. শৰৎ হৈছে দ্বিতীয় বসন্ত, যেতিয়া প্ৰতিটো পাতেই ফুল হৈ পৰে।[১]
  3. যদি জগতখন স্পষ্ট হ'লহেঁতেন, কলাৰ কোনো অস্তিত্ব নাথাকিলহেঁতেন।
  4. সুখী হ’বলৈ হ’লে আমি আনৰ কথা বেছিকৈ চিন্তা কৰিব নালাগিব আৰু আনৰ সমস্যাৰ সৈতে বেছি জড়িত হ’ব নালাগিব।[২]
  5. জীৱনটো জীয়াই থকাৰ যোগ্য হয়নে নহয়, সেই কথা বিচাৰ কৰি চোৱাৰ অৰ্থই হ’ল, দৰ্শনৰ মৌলিক প্ৰশ্নটোৰ উত্তৰ দিবলৈ প্ৰায়াস কৰা।[৩]
  6. জীৱনত পাপ বুলি যদি কিবা এটা কথা থাকে, তেন্তে জীৱন সম্পৰ্কে হতাশ হোৱাটোক পাপ বুলি ক’ব নোৱাৰি। আচল পাপ হ’ল, জীৱনৰ বিপুল গৰিমা আৰু বৈভৱক অস্বীকাৰ কৰি আন এটা জীৱনৰ বাবে হামৰাও কাঢ়ি থকাটোহে।[৩]
  7. শেষ বিচাৰৰ দিনটোলৈ অপেক্ষা নকৰিবা। প্ৰত্যেকদিনে তোমাৰ বিচাৰ চলিব লাগিছে।[৩]
  8. বুদ্ধিজীৱী হ’ল এনে এজন মানুহ, যাৰ মনটোৱে সদায় নিজৰ ওপৰত নজৰ ৰাখে।[৩]
  9. একমাত্ৰ মৃত্যুৰ বাহিৰে আপোনাৰ সকলো যুক্তি, আপোনাৰ আন্তৰিকতা, আপোনাৰ দুখ-কষ্টৰ ভয়াৱহতাৰ বিষয়ে মানুহে কেতিয়াও পতিয়ন নাযায়। গতিকে যেতিয়ালৈকে আপুনি জীয়াই আছে, তেতিয়ালৈকে আপোনাৰ পৰিস্থিতিটো সন্দেহজনক; মৃত্যুৰ পূৰ্বলৈ আপুনি তেওঁলোকৰ সংশয়বাদিতাহে পাব।[৪]
  10. য’ত আশা নাথাকে, তাক আৱিষ্কাৰ কৰি লোৱাটো আমাৰ দায়িত্ব।
  11. জীৱনটো অৰ্থহীন হ’ব পাৰে, কিন্তু মানুহে সেই অৰ্থহীন জীৱনত আৰোপ কৰি ল’ব লগা হয় নিজৰ অৰ্থ।[৫]
  12. এসময়ত মানুহে প্ৰশ্ন কৰিছিল : জীৱনৰ সঁচাকৈয়ে এনে কিবা অৰ্থ আছেনে—যাৰ কাৰণে আমি জীৱনটো যাপন কৰিব পাৰোঁ?' কিন্তু এতিয়া সেই প্ৰশ্নৰ বিপৰীতে এই কথাটোহে বেছি স্পষ্ট হৈ পৰিছে যে, জীৱনৰ কোনো অৰ্থ নাথাকিলেহে জীৱনটো যাপন কৰিবলৈ বেছি ভাল হয়।[৬]
  13. জীৱনটো অৰ্থহীন হ'ব পাৰে, কিন্তু মানুহে নিজৰ কামৰ দ্বাৰাই জীৱনটো অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।[৭](আত্মকথা, পৃ. ১১২)

লগতে চাওক

সম্পাদনা কৰক
  1. James R. Miller (2004)। Visions from earth, পৃষ্ঠা:126।
  2. উক্তি সঞ্চয়ন, ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ৩৬, প্ৰকা: ৰীণা বৰা ভূঞা
  3. ৩.০ ৩.১ ৩.২ ৩.৩ বৰা, ৰক্তাভজ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২২০,২৩২,১৪২,১৮১।
  4. Albert Camus (1956)। The Fall। Vintage books।
  5. হোমেন বৰগোহাঞি (2018)। মোৰ জীৱনত ঈশ্বৰ।
  6. হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:৪৫।
  7. শৰ্মিষ্ঠা প্ৰীতম (নৱেম্বৰ, ২০১৭)। আত্মকথা। আলিবাট।

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w: