জগদীশ চন্দ্ৰ বসু

জগদীশ চন্দ্ৰ বসু (ইংৰাজী: Jagdish Chandra Bose, ৩০ নৱেম্বৰ ১৮৫৮ – ২৩ নৱেম্বৰ ১৯৩৭) আছিল ক্ৰমান্বয়ে এগৰাকী জীৱবিজ্ঞানী, পদাৰ্থ বিজ্ঞানী, উদ্ভিদ বিজ্ঞানী আৰু কল্প বিজ্ঞান লেখক।

জগদীশ চন্দ্ৰ বসু

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. তুমি আজি ভালকৈ কৰা কাম— একেবাৰে সৰু হ'লেও ভৱিষ্যতে কিবা নহয় কিবা কামত আহিব‌ই।[১]
  2. প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে৷ তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য৷ সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু৷[২]
  3. অমৰত্বৰ বীজ চিন্তাতহে, বিত্তত নহয়৷[৩]
  4. জীৱিত আৰু মৃতৰ মাজত পাৰ্থক্য কি? যি জীৱিত, তাক চুই দিলে সি লৰচৰ কৰে, কেৱল লৰচৰ কৰিয়েই ক্ষান্ত নাথাকে, বৰং সি জীয়াই থকাৰ প্ৰমাণ দেখুৱায়৷ কিন্তু যিসকল মৃতপ্ৰায়, সেইসকলক চুই দিলে, নিস্তেজভাবে লৰচৰ কৰে৷ যিসকলৰ সঁচাকৈ মৃত, সিয়ে কোনো উত্তৰ নিদিয়ে৷[৪]
  5. হিৰণ্যকশিপুৰ দ্বাৰা হৰিনাম উচ্চাৰণ কৰোৱা সম্ভৱ হ’ব পাৰে৷ কিন্তু ইংৰাজৰ দ্বাৰা বাংলা অথবা সংস্কৃত কওৱাটো একেবাৰে অসম্ভৱ৷[৪]
  6. বিজ্ঞানৰ প্ৰধান উদ্দেশ্য মানুহৰ কষ্ট লাঘৱ কৰা৷ দৈন্যতা আৰু অভাৱে মানুহৰ জীৱনক মৃত্যুপথলৈ আগুৱাই লৈ যায়৷ দেশৰ আৰ্থিক উন্নতি সাধন কৰিবলৈ হ’লে কৃষি আৰু উদ্যোগ দুয়োটাৰে উন্নতি আৱশ্যক৷ এয়া সম্ভৱ কৰিবলৈ পদাৰ্থ বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব৷[৫]
  7. শূন্য হতে আহিছিলোঁ, শূন্য হাতেই উভতি যাম৷ ইয়াৰ মাজতে যদি কিবা হয় তেন্তে সেয়া দেৱতাৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিম৷[৫]
  8. আত্মসন্মানবোধ থকা প্ৰত্যেক দেশৰ দৰেই আমাৰো কৰ্তব্য উচ্চশিক্ষাৰ বাবে বিদেশৰ মুখাপেক্ষী নোহোৱাকৈ থকা৷[৫]
  9. মোৰ যেতিয়া বিদ্যাৰম্ভ হৈছিল, মোৰ পিতৃয়ে মোক ইংৰাজী বিদ্যালয়লৈ নপঠিয়াই বাংলা মাধ্যমৰ পাঠশালালৈ পঠিয়াইছিল, তাত কৃষকৰ পুত্ৰসকল মোৰ সহপাঠী আছিল৷ মই তেওঁলোকৰ পৰা শ্ৰমৰ প্ৰকৃত মৰ্যাদা উপলব্ধি কৰিব পাৰিছিলোঁ৷[৫]
  10. কাপুৰুষসকলেই সদায় আশাহীন৷[৫]
  11. কোনো চেষ্টাই একেবাৰে বিফল নহয়। আজি যিটো নিতান্ত ক্ষুদ্ৰ কথা যেন লাগে, দুদিন পিছত তাৰ পৰাই মহৎ ফল উৎপন্ন হয়। প্ৰবাল-দ্বীপৰ যিদৰে অকণ অকণ কৰি আয়তন বাঢ়ি গৈ থাকে, জ্ঞানৰ পৰিসীমাও সেইদৰে তিল তিলকৈ বৃদ্ধি হৈ থাকে৷ [৬]
  12. অগ্নিদগ্ধ নহ’লে সোণৰ পৰীক্ষা সম্ভৱ নহয়। মানুহো অগ্নিৰ দ্বাৰা পৰীক্ষিত হয়। প্ৰলয়কালত পৃথিবীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বাসনা আৰু বন্ধন মকৰা-জালৰ আঁহৰ দৰে ছিন্ন হৈ যায়; বীৰপুৰুষসকলে তেতিয়াই মুক্ত হৈ নিজৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰে৷ [৭]
  13. গছ কটা আপোনাৰ নখ কটাৰ দৰে নহয় কিন্তু ই শ্বাস-প্ৰশ্বাস কটাৰ দৰে। [৮]

উৎস সম্পাদনা কৰক

  1. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “জীৱনৰ অনুঘটক আৰু অদম্য অধ্যৱসায়”, লক্ষ্য ১ মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8
  2. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১১৪, বাণী মন্দিৰ, ২০০৩
  3. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১৬, বাণী মন্দিৰ, ২০০৩
  4. ৪.০ ৪.১ অব্যক্ত. আহৰণ কৰা হৈছে: 2 আগষ্ট 2023.
  5. ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ জগদীশ চন্দ্ৰ বসুৰ উক্তি. আহৰণ কৰা হৈছে: 10 আগষ্ট 2023.
  6. অব্যক্ত. আহৰণ কৰা হৈছে: 26 আগষ্ট 2023.
  7. অগ্নিৰ পৰীক্ষা. আহৰণ কৰা হৈছে: 26 আগষ্ট 2023.
  8. https://www.banglakobitablog.com/2021/01/gach-niye-ukti.html