বাণীকান্ত কাকতি
বাণীকান্ত কাকতি (ইংৰাজী: Banikanta Kakati) অসমৰ এগৰাকী শিক্ষাবিদ আৰু গৱেষক, ভাষাবিদ, সম্পাদক আৰু সমালোচক৷ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ প্ৰথম বাৰলৈ ১৯১৮ চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত এম.এ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপনা কৰিবলৈ লয়৷ অধ্যাপনা কৰি থাকোঁতেই পুনৰ ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ আনটো গ্ৰুপত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। তেওঁ কটন কলেজৰ অধ্যাপক আছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ “অসমীয়া বিভাগ’’ৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল-‘Assamese : Its Formation And Development.

উদ্ধৃতি
সম্পাদনা কৰক- বেলি মাৰ যায়; কিন্তু গ্ৰহ-উপগ্ৰহে তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক পথ দেখুৱায়৷ কোনোবা জাতি নাইকিয়া হয়; কিন্তু তাৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে৷[১]
- ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ৷[১]
- যিসকলে নিজৰ লক্ষ্য আগত ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যত আশা৷[১]
- ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷[২]
- দেশ হিতৈষণা এটি অতীন্দ্ৰিয় ৰোগ৷[২]
- মনত লগাকৈ দিব নোৱাৰিলে অকল উপদেশ বা নিৰ্দেশে একো কাম কৰিব নোৱাৰে৷[২]
- অসমত অসংখ্য ভাষা-ভাষী মানুহৰ সমাৱেশ৷ চাৰিওফালে বেঢ়ি থকা পৰ্বতীয়া ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষা এটি সৰু দ্বীপৰ দৰে৷ ইমানবোৰ ভাষা-ভাষীৰ ঠেলা-হেঁচাত হয় অসমীয়া ভাষা বুৰ গ’লহেঁতেন, নহয় ই বিকৃতাকাৰ হ’লহেঁতেন৷ বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সাৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষাৰূপে পৰিগণিত হ’ল৷[৩]
- চৈতন্যৰ উদয়ৰ পৰা মৰণলৈকে মানৱ জীৱন এক সুদীৰ্ঘ কাৰুণ্যৰ আৱেগ মাথোন; নাইবা গভীৰ নৈৰাশ্যৰ দীৰ্ঘশ্বাস৷[৩]
- আদিতে হাঁহি আৰু কান্দোনৰ একো পাৰ্থক্য নাই৷ যি কাৰণেই আমি হাঁহোঁ, সেই কাৰণেই আমি কান্দোঁ৷[৩]
- জীৱনৰ সীমাবদ্ধতাৰ নিমিত্তে হৃদয়ৰ বাসনাৰ অসীমতাৰ নিমিত্তে আৰু সংসাৰৰ বাধা বিঘিনিৰ নিমিত্তে মানৱ হৃদয় সদায় উতলা অৱস্থাতেই থাকে৷[৩]
- বিজ্ঞানৰ পণ্ডিতসকলে কয়, জুহালৰ এঙ্গাৰ আৰু বহুমূলীয়া হীৰা হেনো ৰসায়নৰ বিশ্লেষণত একেই পদাৰ্থ। [৪]
- প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে।[৫]
- অসমীয়া ভাষাটো বিভিন্ন অনা-আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা।
ভিন্নজনৰ দৃষ্টিৰে বাণীকান্ত কাকতি
সম্পাদনা কৰক১.কলিকতা প্ৰেচিডেন্সি কলেজত আমি একেলগে পঢ়িছিলো। মই পঞ্চম বাৰ্ষিকত থাকোতে তেওঁ তৃতীয় বাৰ্ষিকত ভৰ্তি হৈছিল। তেতিয়া ১৯১৩ চন। ইডেন হোষ্টেলত থকা দুটি বছৰত তেওঁৰ আন আন আমোদ-প্ৰমোদ বাদ দি কিতাপতে একাণপতীয়াকৈ লাগি থকা দেখা পাইছিলো। তেওঁৰ স্বভাৱ নিজু আছিল, মানুহৰ লগত বৰ বেছি হলি-গলিও নকৰিছিল। কিন্তু যিবোৰ মানুহে তেওঁৰ সংস্পৰ্শত আহিবলৈ সুযোগ পাইছিল, সেইবোৰ মানুহে তেওঁৰ জ্ঞানৰ পৰিচয় পাই চমক খাই উঠিছিল। গভীৰ জ্ঞান আৰু অমায়িক ব্যৱহাৰৰ কাৰণে অধ্যাপক কাকতি কটন কলেজত সকলোৰে সন্মানৰ ব্যক্তি হিচাপে পৰিগণিত হয়। খুহুটীয়া মন্তব্যৰ কাৰণে তেওঁ বন্ধুবৰ্গ আৰু ছাত্ৰসকলৰ সমানে পৰিচিত আছিল।[৬] -সূৰ্য্য কুমাৰ ভূঞা
২.অনেকৰ কাৰণে তেওঁৰ হাঁহিসনা চোকা হিউমাৰৰ দংশন পোনচাটে সহ্য কৰা টান, কিন্তু সেইফেৰা চম্ভালি ল'ব পাৰিলে তাৰ পিছত কাকতি ৰসাল আৰু হিতকৰ হৈয়ে দেখা দিয়ে।[৭] -ড° মহেশ্বৰ নেওগঃ
৩.তেওঁ ৰাইজৰ মানুহ। ভৰিত কেনভাছ জোত, গাত হাফচাৰ্টটো আৰু মুখত বিড়ি এটা লৈ থকা অধ্যাপক কাকতি ৰাজ্যৰ বিভিন্ন ঠাইত থকা তেওঁ ছাত্ৰসকলক কাৰণে এটা অতীত আখ্যানৰ দৰে।[৮] -ড° প্ৰফুল্ল দত্ত গোস্বামী
৪.ঠাট্টা-মস্কৰা তেওঁৰ দৈনন্দিন ৰগৰ। মানুহৰ প্ৰথমে ভালকৈ জুখি চাইহে তেওঁ পিছত উৎসাহিত কৰিছিল। সেই কাৰণে তেওঁৰ ওচৰ চাপিবলৈকে সকলো ছাত্ৰ-ছাত্ৰয়ে সাহ নকৰিছিল। কিন্তু কাকতি ছাৰৰ ওচৰ চাপি যেতিয়া অন্তৰৰ লগত চিনাকি হোৱা যায়, তেতিয়া শ্ৰদ্ধাত মূৰ নত হৈ যায়। এজন মৰমিয়াল পিতৃ, সজ বন্ধু বন্ধু, বিজ্ঞ উপদেষ্টা আৰু তত্ত্বাৰ্থী ছাত্ৰৰ গুণ তেওঁৰ গাত মিহলি হৈ আছিল। আমাৰ ছাত্ৰসকল বহুতেই তেওঁৰ পৰা ব্যক্তিগত, ঘৰুৱা আৰু সামজিক জীৱনত লাগতিয়াল উপদেশ আৰু পৰামৰ্শ পাইছিল।[৯] -ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ ১.২ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
- ↑ ২.০ ২.১ ২.২ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ।
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ড° মহেশ্বৰ নেওগ (সম্পা:) (১৯৯১)। বাণীকান্ত ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৭,৫।
- ↑ সাহিত্য আৰু প্ৰেম
- ↑ অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
- ↑ ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
- ↑ ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
- ↑ ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
- ↑ ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্ৰকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্ৰথম প্ৰকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9