আৰ্নেষ্ট' "চে" গোৱেৰা (ইংৰাজী: Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল আৰ্জেণ্টিনাৰ এগৰাকী মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। তেওঁ কিউবাৰ বিপ্লৱৰ এক অগ্ৰণী নেতা আছিল। ১৯৬৫ চনত যেতিয়া কিউবাৰ অৰ্থনীতি বিপন্ন হয়, তেতিয়া তেওঁ বিশ্বৰ বিভিন্ন ঠাইত নিজৰ বৈপ্লৱিক আদৰ্শ প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰে। তেওঁ প্ৰথমতে কংগোলৈ যায় আৰু তাত গৈ গেৰিলা যুদ্ধশৈলীৰ প্ৰশিক্ষণ দিয়ে আৰু বিপ্লৱৰ সূচনা কৰিবলৈ চেষ্টা কৰে কিন্তু সেই প্ৰচেষ্টা ব্যৰ্থ হোৱাত তেওঁ পৰৱৰ্তী বছৰ কংগো ত্যাগ কৰে। ১৯৬৬ চনত গোৱেৰা কিছু বিদ্ৰোহীৰে সৈতে বলিভিয়ালৈ যায়। সেই যাত্ৰাৰো উদ্দেশ্য আছিল বিপ্লৱৰ সূচনা কৰা। কিন্তু তেওঁক বলিভিয়ান আৰ্মীয়ে আটক কৰে আৰু ১৯৬৭ চনত বলিভিয়াৰ লা হিগোৱেৰা গাঁৱত তেওঁক প্ৰাণদণ্ড দিয়া হয়।

চে গোৱেৰা

উদ্ধৃতি সম্পাদনা কৰক

 
মই কোনো মুক্তিদাতা নহয়। মুক্তিদাতাসকলৰ অস্তিত্ব নাই। মানুহে যেতিয়া নিজকে মুক্ত কৰে তেতিয়া ইয়াৰ অস্তিত্ব থাকে।
 
বিপ্লৱ পকিলে সৰি পৰা আপেল নহয়। ইয়াক সৰাব লাগিব।
  • মই জানিছিলোঁ যে যি মুহূৰ্তত মহান শাসকীয় মনোভাৱে সমগ্ৰ মানৱতাক মাত্ৰ দুটা বিৰোধী ফৈদত বিভক্ত কৰাৰ বাবে আঘাত কৰিব, সেই মুহূৰ্তত মই সাধাৰণ জনতাৰ পক্ষত থাকিম।
    • কাৰ্লোছ "কেলিকা" ফেৰেৰৰ বিকমিং চে : গোৱেৰাজ ছেকেণ্ড এণ্ড ফাইনেল ট্ৰিপ থ্ৰু লেটিন আমেৰিকাত (২০০৫) সন্নিৱিষ্ট উদ্ধৃতি, চাৰা এল স্মিথে কৰা অনুবাদ (২০০৬), পৃষ্ঠা ১৭০।
  • বিপ্লৱ পকিলে সৰি পৰা আপেল নহয়। ইয়াক সৰাব লাগিব।
    • ইন্টাৰকন্টিনেণ্টেল প্ৰেছ (খণ্ড ৩ জানুৱাৰী-এপ্ৰিল ১৯৬৫); চে গোৱেৰা স্পীকছ: ছিলেক্টেড স্পীচেছ এণ্ড ৰাইটিংছ (১৯৬৭)
  • বিপ্লৱত এজন লোক জয়ী হয় বা তেওঁৰ মৃত্যু হয়, যদিহে সেয়া প্ৰকৃত বিপ্লৱ হয়।
  • শিক্ষা ব্যৱস্থাৰ দেৱাল তললৈ নামিব লাগিব। শিক্ষা বিশেষ সুবিধা হ’ব নালাগে, যে টকা থকাসকলৰ সন্তানেহে পঢ়া-শুনা কৰিব পাৰে।
  • মই কোনো মুক্তিদাতা নহয়। মুক্তিদাতাসকলৰ অস্তিত্ব নাই। মানুহে যেতিয়া নিজকে মুক্ত কৰে তেতিয়া ইয়াৰ অস্তিত্ব থাকে।
    • ষ্টেটমেণ্ট ইন মেক্সিকো (১৯৫৮); কেপলানৰ কৰ্মচাৰীসকলে সম্পাদনা কৰা কেপলান এ পি ৱৰ্ল্ড হিষ্ট্ৰী ২০০৫-ত (২০০৪) কৰা উদ্ধৃতি অনুসৰি, পৃ. ২৪০
  • মই যীশু বা কোনো দানবীৰ নহয়, বুঢ়ী আই, মই সকলো যীশুৰ বিপৰীত.... মই বিশ্বাস কৰা বস্তুবোৰৰ বাবে যুঁজিছো, মোৰ হাতত থকা সকলো অস্ত্ৰ লৈ আৰু আনজন মানুহক মাৰিবলৈ চেষ্টা কৰোঁ যাতে মই... ক্ৰুচ বা আন কোনো ঠাইত বিদ্ধ নহওঁ।
    • জন লি এণ্ডাৰছনৰ চে গোৱেৰা: এ ৰিভল্যুচনেৰী লাইফত (১৯৯৭; ISBN 0802116000) উদ্ধৃত কৰা অনুসৰি তেওঁৰ মাকলৈ লিখা পত্ৰ (১৫ জুলাই, ১৯৫৬)।

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: