অৰুণ শৰ্মা
অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক আৰু কবি
অৰুণ শৰ্মা (ইংৰাজী: Arun Sharma; ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি তথা অনাতাঁৰ শিল্পী আছিল। শ্ৰী নিবাৰণ ভট্টাচাৰ্য শীৰ্ষক নাটকৰ বাবে খ্যাত। তেওঁ আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ বাবে ১৯৯৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছিল।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- পুৰণিক বাদ দি অকল নতুন সফল হ’ব নোৱাৰে৷[১]
- মই ভাবোঁ, আমাৰ সাম্প্ৰতিক সমাজয় পৰিলক্ষিত হোৱা মানবীয় মূল্যবোধৰ অৱক্ষয় আৰু সংকটৰ সমস্যাটো গুৰুত্ব সহকাৰে মনত ৰাখি নাট্যকৰ্মীসকল সমান্তৰালভাবে দুটা দিশত ব্ৰতী হোৱা উচিত, যাতে সেই তেওঁলোকৰ দৃষ্টিত দেশৰ ৰূঢ় বাস্তৱতাৰ প্ৰতিফলন হোৱাৰ লগতে কলাসুলভ সাহিত্য আৰু নান্দনিক গুণবিশিষ্ট নাট্যানুষ্ঠানৰ সৃষ্তি হয়৷ তেওঁলোকৰ সৃষ্টিয়ে মানুহৰ মনত মহত্বৰ, বিশালতাৰ ভাবাৱেগৰ সঞ্চাৰ কৰক৷ মনৰ সেই মহত্ব আৰু বিশালতাই জীৱনলৈ কঢ়িয়াই আনিব মানবীয় মূল্যবোধ৷[২]
- সংস্কৃতিৰ এক বৈপ্লৱিক লক্ষ্য থাকে৷ সেইদৰে নাট্যকলা আৰু নাট্য সাহিত্যৰো৷ সামাজিক চেতনা বিকাশত, সমাজ জীৱনৰ উত্তৰণৰ গতি নিৰ্ধাৰণত ইয়াৰ অৱদান আছে৷ উদ্দেশ্যহীনতাৰে সুন্দৰ মাত্ৰ দৃশ্যগ্ৰাহ্য নাটক সৃষ্টি হ’লেও মহৎ নাট্য নিবেদন হ’ব নোৱাৰে৷[৩]
- আমাৰ পৰম্পৰাগত যি মূল নাট্যধাৰা আছে, সংস্কৃত নাটককে আদি কৰি সেইবিলাকত লোকনাট্যৰ আংগিকৰ প্ৰয়োগ প্ৰথমৰে পৰা চলি আহিছে৷ উদাহৰণস্বৰূপে এহেজাৰ বছৰৰ পূৰ্বৰ ’মৃচ্ছকটিকম্’ নাটকখনিকে বিশ্লেষণ কৰিলে দেখা যায় তাৰ বহু চৰিত্ৰৰ কথনভংগী আৰু ঘটনাৰ নিবেদন শৈলীত লোকনাট্যৰ প্ৰভাৱ সুস্পষ্ট৷ আৰু সেইদিনতে জনজাগৰণৰ বিষয়বস্তুক লৈ ৰচিত এখন নাটকত লোকনাট্যৰ প্ৰভাৱ এৰাই যাব পৰা কথা নহয়৷ একেদৰে শ্ৰীমন্ত শংকৰদেৱ-মাধবদেৱৰ অংকীয়া নাটকত ওজাপালিৰ কলাশৈলীৰ ব্যৱহাৰ স্পষ্ট৷ লোকসমাজৰ মাজত নৱজাগৰণৰ উদ্দেশ্যক লৈ ৰচনা কৰা অংকীয়া নাটত লোকনাট্যৰ আহিলা সংযোজন অপৰিহাৰ্য আছিল৷[৪]
- শব্দ বাচি বাচি বাক্যগাঁথনি কৰা, কবিতাৰ এটা পংক্তি ৰচনা কৰা নিজস্ব যি প্ৰক্ৰিয়া তাক শিল্পকৰ্মৰ সৈতে তুলনা কৰিব পাৰি৷ সাহিত্য শিল্প হৈ পৰে৷ [৫]
- পৃথিৱীৰ সকলোবোৰ মহৎ সাহিত্যসৃষ্টি গভীৰ মানৱতাবোধৰ বীজৰ পৰা অংকুৰিত হয়৷ মানৱতাবোধ মহৎ সাহিত্যৰ মূল আধাৰ৷ [৫]
লগতে চাওক
সম্পাদনা কৰকউৎস
সম্পাদনা কৰক- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৫৪, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, পৃ: নং, ১৯৬, চন্দ্ৰপ্ৰকাশ
- ↑ নাট্য ব্যৱসায়ৰ লক্ষ্মণৰেখা, অৰুণ শৰ্মা, অসমীয়া প্ৰতিদিন, ২৪ এপ্ৰিল, ২০১০
- ↑ লোকনাট্য আৰু স্বৰাজোত্তৰ আধুনিক নাটকত ইয়াৰ প্ৰভাৱ, অৰুণ শৰ্মা, গৰীয়সী, মে’ ১৯৯৮
- ↑ ৫.০ ৫.১ অৰুণ শৰ্মা (২০১২)। নাট্য প্ৰসঙ্গ আৰু অন্যান্য ৰচনা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:২৯১।