জ্যোতিপ্ৰসাদ আগৰৱালা

অসমৰ প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।

"মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী৷ পৃথিৱীখন শিল্পীৰ ঘৰ৷ শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী৷ ইয়াকে শিল্পীয়ে- আজি নিখিল পৃথিৱীৰ শিল্পীয়ে- মানুহক উপলব্ধি কৰাব লাগিব৷"

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
 
“যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী, সংস্কৃতিক অৰ্থনীতি নহয়, যি দুষ্কৃতিমূলক অৰ্থনীতি৷”
  1. যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী, সংস্কৃতিক অৰ্থনীতি নহয়, যি দুষ্কৃতিমূলক অৰ্থনীতি৷[]
  2. মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী৷ পৃথিৱীখন শিল্পীৰ ঘৰ৷ শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী৷ ইয়াকে শিল্পীয়ে- আজি নিখিল পৃথিৱীৰ শিল্পীয়ে- মানুহক উপলব্ধি কৰাব লাগিব৷[]
  3. বন্দুকৰ গুলীৰে কোনোৱে আদৰ্শক হত্যা কৰিব নোৱাৰে।[]
  4. আমাৰ কোনো পিতৃ নাই, মাতৃ নাই, ভ্ৰাতা নাই, ভগ্নী নাই, সুহৃদ নাই, নিকটাত্মীয় নাই৷ আমাৰ বৰ্তমান কোনো নাই, আমাৰ কোনো ভৱিষ্যত নাই৷ আমাৰ কেৱল আছে এগৰাকী মাতৃ, তেওঁ হ’ল আমাৰ ভাৰত মাতৃ৷ সেই জননীক পৰাধীনতাৰ নিমজ্জিত অন্ধকাৰৰ পৰা উদ্ধাৰ কৰাৰ বাহিৰে আমাৰ কোনো লক্ষ্য নাই৷ ব্ৰিটিছে মাত্ৰ এজন ভগৎ সিঙক ফাঁচি দিলে৷ আমি হেজাৰ হেজাৰ দেশভক্তই ভগৎ সিঙৰ দৰে ফাঁচিৰ মঞ্চত উঠি দেশ মাতৃকাৰ জয়ধ্বনি কৰিম৷ বন্দেমাতৰম্৷[]
  5. মানুহৰ পাশৱিক প্ৰবৃত্তি তথা বৰ্বৰতাই মাতি অনা দুৰ্যোগৰ কালতো দেশৰ কিছুসংখ্যাই কৃষ্টি আৰু সভ্যতাৰ চাকিবোৰ নুনুমুৱাকৈ জ্বলাই ৰাখিব লাগে।
  6. মৰিলে বেমাৰতে মৰিম, তথাপি বিদেশী চৰকাৰৰ ওচৰত দয়া-ভিক্ষা নকৰোঁ।[]
  7. ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে।[]
  1. সুন্দৰে যে ফুলাৰ মন্ত্ৰ
    অহোৰাত্ৰি মাতে
    সেয়েহে আজি ইমান ফুল
    প্ৰভাতে প্ৰভাতে।।[উৎসৰ প্ৰয়োজন]

জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে

সম্পাদনা কৰক
  • ‘ৰূপান্তৰেহে মাথোঁ জগৎ ধুনীয়া কৰে’ বুলি অন্তৰৰো অন্তঃস্থলৰ পৰা বিশ্বাস কৰা জ্যোতিপ্ৰসাদে মানুহৰ ৰুচিবোধ আৰু মনোজগতৰ ৰূপান্তৰতে ক্ষান্ত হোৱা নাছিল। স্পষ্ট আৰু দ্বিধাহীন ভাষাত তেওঁ সমাজৰ ৰূপান্তৰ বিচাৰিছিল, সকলো ধৰণৰ শোষণ-দমনৰ অৱসান গভীৰ প্ৰত্যয়েৰে দাবী কৰিছিল। যিসকলে সমাজৰ ৰূপান্তৰৰ সম্ভাৱনাত ভীতিগ্ৰস্ত হৈ মানৱ-মনৰ অভ্যন্তৰীণ শোধন আৰু সংস্কাৰতে জোৰ দি থাকে, তেওঁলোকে জ্যোতিপ্ৰসাদৰ চিন্তাৰ এই ভাৰসাম্য বিকৃত কৰে।
  1. ১.০ ১.১ ১.২ গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা।
  2. ৰুদ্ধ কাৰাগাৰত সৃষ্টিৰ মূৰ্ছনা, ড° মলয়া খাওন্দ, লেখিকা’ সদৌ অসম লেখিকা সমাৰোহৰ বাৰ্ষিক মুখপত্ৰ, পৃ, নং, ২৮৬
  3. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী. প্ৰকাশক: assamintro.com (January 16, 2022). আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  4. জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
  5. জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১

বাহ্যিক সংযোগ

সম্পাদনা কৰক