সাৰথি (গ্ৰন্থ)
(সাৰথিৰ পৰা পুনঃনিৰ্দেশিত)
সাৰথি সত্যনাথ বৰাৰ এখন প্ৰবন্ধ সংকলন।এই সংকলনখনি চাৰিটা ভাগত ভগোৱা হৈছে। প্ৰথম ভাগত ৮টা, দ্বিতীয় ভাগত ৯টা, তৃতীয় ভাগত ১০টা আৰু চতুৰ্থ ভাগত ৭টা প্ৰবন্ধৰে সৰ্বমুঠ ৩১টা প্ৰবন্ধ সন্নিৱিষ্ট হৈ হৈছে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়।[১]
- শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।[২]
- সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।
- বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।[৩]
- কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা৷ জাতীত কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথ ভেটে৷ বিজ্ঞানৰ জ্ঞানে এই ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে৷
- চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায়, সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে৷ প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়৷ প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ৷[১]
- আনৰ অহিত চিন্তা কৰা অজ্ঞানীৰ কাম৷ তাৰ পোটক তুলিবলৈ চেষ্টা কৰিলে নিজকো অজ্ঞানী বুলি পৰিচয় দিয়া হয়৷
- ভুল হ’লে সৈ কঢ়া ন্যায়ৱন্তৰ ঘাই লক্ষণ৷
- অন্যায়ত চলা বন্ধুতকৈ ন্যায়ত চলা শত্ৰুও ভাল৷
- খং উঠা মানুহৰ আগত এখন আৰ্চি ধৰিব লাগে, তেনেহ’লে আৰ্চিত সি তাৰ ৰাক্ষসী মূৰ্তি দেখি লাজ পাব আৰু লাজ পালে খঙো জিমাব৷
- খঙৰ সময়ত লেখি লেখি নটা ঢোক নমৰাকৈ কথা কোৱা বা কোনো কাম কৰা উচিত নহয়৷
- যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে, তাক অহঙ্কাৰ ৰিপুৱে সেও কৰিব নোৱাৰে, কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহঙ্কাৰ নজন্মে৷
- মিছা কথাৰ ঘাই হেতু অপকৰ্ম৷[৪]
- আনৰ অনুগ্ৰহ সততে গৰল যেন জ্ঞান কৰা উচিত৷ কিন্তু উৎকট ৰোগত পৰিলে মানুহে গৰলো ব্যৱহাৰ কৰে, এতেকে দুৰ্ঘোৰ বিপদত পৰিলেহে অনুগ্ৰহ গৰললৈ হাত মেলিব লাগে৷
- মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ৷ স্বভাৱতে বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত সৰবৰহী হ’ব পাৰি৷........... ........... তিতা মাত মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে, অৰ্বুদ দানৰ ফল একেতিলে লয় হয়৷
- সকলো কামতে বিদ্যা বুদ্ধি লাগে৷ বিদ্য-বুদ্ধি লগাই কৰিলেহে কামটো ভালকৈ সিজে৷ স্বতন্তৰীয়া বৃত্তিত বিদ্যা-বুদ্ধিৰ বিশেষ প্ৰয়োজন আছে৷ বিদ্যাৰ সাৰ দিলে বৃত্তিৰ উদ্গতি হয়৷ ইউৰোপত আৰু আমেৰিকাত স্বতন্তৰীয়া বৃত্তি শিক্ষিত মানুহৰ হাতত, সেইদেখি বৃত্তিবোৰ তাত বহুত উন্নত হৈছে৷
- উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত৷[২]
- মানুহে স্বভাৱতে উৎসাহী মানুহৰ পাছ ধৰে, উৎসাহীক নায়ক বৰণ কৰিবলৈ আৰু তাৰ কথামতে চলিবলৈ লাজ নকৰে৷ এই নিমিত্তে উৎসাহী মানুহ সমাজৰ মুখীয়াল হয়৷
- অভ্যাসে সময়ৰ খৰচ কমায়৷
- সময়ৰ লগত আগুৱাই যোৱা মানুহে তাৰ কৰ্মৰ জোখাৰে ফল পায়, পাছপৰা বা আগবঢ়াবিলাকে নাপায়৷ সময়ৰ অনুৰূপ কাম কৰাই উদ্গতিৰ ঘাই উপায়৷
- দীৰ্ঘকাল জীয়াই থাকিলে মানুহক দীৰ্ঘজীৱী বোলে, কিন্তু দৰাচলপক্ষত তেনে মানুহক দীৰ্ঘজীৱী নুবুলি, যি সংসাৰত সৰহ কাম কৰে তাকহে দীৰ্ঘজীৱি বোলা উচিত৷ সময় জীৱনৰ জোখ নহয়, জীৱনৰ আচল জোখ কাম৷
- এবাৰত কৰিব নোৱাৰা কাম অসাধ্য বুলি ভবা উচিত নহয়৷
- কৰ্তব্যবোধ থকা মানুহে কামত কেতিয়াও আপোন-পৰ নিবিচাৰে৷
- কৰ্ত্তব্যজ্ঞানে কৰ্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায়৷
- আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ৷
- স্বাস্থ্যধন মহা ধন৷ যি এই ধনত দুখীয়া, সি সকলো বিষয়ত দুখীয়া৷
- বিদ্যা উদ্গতিৰ ঘাই আহিলা, এতেকে যি উদ্গতি কৰিব খোজে, সি আগে বিদ্যা যতনাই লোৱা উচিত৷[৫]
- পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।[৬]
- সংসাৰত যেতিয়া থাকিবই লাগিব সুখ কৰি থকাই ভাল। এতেকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি, সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ, নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ, আৰু সৰ্ব্বসাধাৰণ জগতবাসীক বৰ্ত্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত।
- সংসাৰত উদ্গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সঙ্গতি লাগি উঠাৰ পাচত সিহঁতৰ জীৱন পশুজীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আবৰ্ত্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱা হেঁতেন, আমি বৰ্ত্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁ হেঁতেন।
- সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।
- উদ্গতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে ,আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। যি ডাঙৰ আৰ্হি দেখা নাই, সি সামান্য পদকে ডাঙৰ বুলি ভাবে। সাগৰ নেদেখা মানুহে বিলকে ডাঙৰ জলাহ যেন বিবেচনা কৰে।
- চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাৱ। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত ভৱিষ্যৎ সকলো জানিছিল, আৰু কৈবল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হ'লেই ধ্যান নাম পায়।
- উদ্গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্গতি পথৰ প্ৰৱল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদ্গতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পশিব নোৱাৰে।
- দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া উপজে। কিন্তু মনত উপজি মাৰ গ'লে সেই দয়াৰ পৰা কোনো ফলোদয় নহয়। যি দয়াৰ পৰা কৰ্ম্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্য্যকৰী দয়া।
- দয়া গুণৰ উদ্গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে; ক্ষমা কৰিবলৈ শিকিলে দয়া কৰিবলৈ শিকা হয়। কোনোবাই তোমাৰ অহিত কৰিলে ঘূৰাই তাৰ অহিত কৰিবলৈ মন যায়, তেতিয়া মনক সামৰি ৰাখিলেই ক্ষমা কৰা হয়। আনে কৰা অপকাৰৰ প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰা গৰ্হিত কাম। প্ৰতিশোধ হিংসাৰ আন এটা নাম মাথোন।
- ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে।
- মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা। গঢ়ত প্ৰতিমা বিতোপন হ'লেও, ৰহণ নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক দিয়ে।
- কোনো কামত লৰালৰি কৰা উচিত নহয়, লৰালৰি কৰিলে কামত জোঁট লাগে আৰু দুদণ্ডৰ কামত চাৰি দণ্ড খৰচ হয়। যিমান লৰালৰি সিমান গহৰি, এই সাৰুৱা বচন সকলো দেশত চলিত আছে।
- নিজৰাৰ সোঁতৰ নিচিনা মানুহৰ শ্ৰম সদায় চলি থাকিব লাগে। কেতিয়াবা এলাহত বহি থকা,আৰু কেতিয়াবা দেহ প্ৰাণ উছৰ্গি কাম কৰা উচিত নহয়। ছেগা-চোৰোকা শ্ৰমতকৈ ৰাহ লগোৱা শ্ৰমৰ গুণ সৰহ।
- উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত। উগ্ৰ শ্ৰমৰ পৰা শৰীৰ ঘুণীয়া হয়, আৰু ভৱিষ্যতলৈ শ্ৰম কৰিব নোৱাৰা হয়।
- দণ্ডিত বান্দৰ নাচে, এই কথা সঁচা, কিন্তু নাচন দেখিবলৈ ভাল নহয়। উৎসাহত নাচিলে হাতীৰ নাচনতো লয় ওলায়। সেইদৰে উৎসাহেৰে কৰিলেহে কাম সুসিদ্ধ হয়, চেলেংপেটোকৈ কৰা কাম বান্দৰী নাচনৰ নিচিনা আভঁজা। উৎসাহে টান কাম উজু কৰে, আৰু মানুহৰ বুদ্ধিৰ দুৱাৰ মেলি দিয়ে। উৎসাহ হেঁপাহৰ পৰা ওপজে হেঁপাহৰ দণ্ডিত মানুহে দুৰ্ঘোৰ সঙ্কটক ইতিকিং কৰি সহস্ৰ বিপদ হেলাৰঙ্গে তৰিব পাৰে।
- সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস।' সুৱগাৰ গুণত টান সোণ উতলে, অভ্যাসৰ গুণত টান কাম সিজে। হাতীৰ মূৰত খৰ মৰা আৰু ডোলৰ ওপৰত নাচন মৰা অভ্যাসত উজু হয়। 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।
সাৰথি সম্পৰ্কে
সম্পাদনা কৰক- বেকনৰ আৰ্হিৰ জ্ঞানদায়ক প্ৰবন্ধ আৰু বেকনৰ দৰেই প্ৰবাদ-বাক্যৰ তুল্য সূক্ষ্ম বাক্যই ‘সাৰথি’ক মূল্যবান সম্পদ কৰি তুলিছে।
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ১৭-১৯. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
- ↑ ২.০ ২.১ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৪৪-৪৭. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৩৩-৩৪. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.