খলিল জিব্ৰান
খলিল জিব্ৰান (৬ জানুৱাৰী ১৮৮৩ – ১০ এপ্ৰিল ১৯৩১) আছিল এগৰাকী লেবানন-আমেৰিকান লেখক, কবি আৰু দৃশ্যকলা শিল্পী।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- আপোনাৰ দৈনন্দিন জীৱনেই আপোনাৰ মন্দিৰ আৰু আপোনাৰ ধৰ্ম।[উৎসৰ প্ৰয়োজন]
- স্বাধীনতা বিহীন জীৱন আত্মা বিহীন শৰীৰৰ দৰে।[উৎসৰ প্ৰয়োজন]
- সুন্দৰ ঠাইলৈ ভ্ৰমণ কৰিবা, কিন্তু কাকো নক’বা৷ প্ৰকৃত প্ৰেমক বুকুত ধাৰণ কৰিবা, কিন্তু আনক নজনাবা৷ সুখেৰে জীয়াই থাকিবা, কিন্তু গোপনে ৰাখিবা৷ কাৰণ মানুহে সুন্দৰ বস্তু ধ্বংস কৰি পেলায়৷[উৎসৰ প্ৰয়োজন]
- বন্ধুত্ব হ’ল প্ৰয়োজনৰ সমিধান৷[১]
- এদিন তুমি মোক সুধিবা কোনটো বেছি গুৰুত্বপূৰ্ণ? মোৰ জীৱন নে তোমাৰ? মই মোৰ বুলি ক’ম আৰু তুমি মোৰ জীৱন তুমিয়েই বুলি নাজানি আঁতৰি যাবা।[উৎসৰ প্ৰয়োজন]
- যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে তেওঁক যাবলৈ দিয়ক, কাৰণ তেওঁ ঘূৰি আহিলে গম পাব যে তেওঁ সদায় আপোনাৰ আছিল। যদি নাহে, তেন্তে গম পাব যে তেওঁ কেতিয়াও আপোনাৰ নাছিলেই৷[উৎসৰ প্ৰয়োজন]
- কাৰোবাৰ প্ৰতি যৌৱনসুলভ দুৰ্বলতা হ’বলৈ এমিনিট সময় লাগে, কাৰোবাক ভাল পাবলৈ এঘণ্টা সময় লাগে, আৰু কাৰোবাৰ প্ৰেমত পৰিবলৈ এদিন লাগে... কিন্তু কাৰোবাক পাহৰিবলৈ আজীৱন লাগে।[উৎসৰ প্ৰয়োজন]
- আপুনি হয়তো পাহৰিব পাৰে আপুনি কাৰ লগত হাঁহিছিল, কিন্তু কাৰ লগত কান্দিছিল আপুনি কেতিয়াও পাহৰিব নোৱাৰে।[উৎসৰ প্ৰয়োজন]
- এজন ব্যক্তিৰ হৃদয় আৰু মন বুজিবলৈ হ’লে তেওঁ ইতিমধ্যে কি অৰ্জন কৰিছে তাক নহয়, তেওঁ কি আকাংক্ষা কৰিছে তাক চাব লাগে।[উৎসৰ প্ৰয়োজন]
- বন্ধুত্বৰ সকলো ভাবনা, ইচ্ছা আৰু আশা নীৰৱে আৰু অঘিষিত আনন্দেৰে উদ্ভৱ হয় আৰু সমানে ভাগ হয়৷[২]
- আত্মানুভূতি গভীৰ কৰাৰ বাহিৰে বন্ধুত্বৰ আন একো উদ্দেশ্য থাকিব নালাগে৷[৩]
- বন্ধুত্ব সদায়েই এটা মিঠা দায়িত্ব, কিন্তু সুযোগ নহয়৷[৪]
- এদিন গধূলি পৰত নীল নদীৰ এটা ঘঁৰিয়াল আৰু এটা হায়েনাৰ ভেটাভেটি হ’ল৷ হায়েনাই ঘঁৰিয়ালক সুধিলে, কি খবৰ বন্ধু ভালনে? ঘঁৰিয়ালে ক’লে, “ভাল ক’ত হ’ব বন্ধু? মই যেতিয়া শৰীৰত অসহ্য যন্ত্ৰণা লৈ কান্দো, তেতিয়া মানুহে কয়, ঘঁৰিয়ালৰ চকুপানী৷’’ তোমাৰ ভালনে? - মোৰ সেই একেই সমস্যা বন্ধু, - হায়েনাই উত্তৰ দিলে,- প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য দেখি মই যেতিয়া আনন্দত হাঁহো, তেতিয়াও মানুহে কয়, “হায়েনাৰ হাঁহি৷’’[৫]
- দুজনৰ মাজত বন্ধুত্ব হ’ল প্ৰেমেৰে সিঁচা আৰু কৃতজ্ঞতাৰে খেতি চপোৱা পথাৰ৷ এজন আহাৰ, আনজন জুহাল৷[৬]
- মানুহৰ জীৱনক ইতিহাস সমৃদ্ধ কৰিব পৰা জ্ঞান অন্বেষণৰ অন্যতম আধাৰ হ’ল, পৱিত্ৰ মন৷[৭]
- তীৰ্থযাত্ৰীৰ লগত যোৱা চতুৰ কুকুৰ এটাই অচিন বাটৰ বালিৰ মাজত লুকুৱাই থোৱা হাড়বিলাক নো কাইলৈ তাৰ কি কামত আহিব?[৮]
- কৰ্মবিমুখ হোৱা মানে তোমালোক পৃথিৱীৰ ঋতুবিলাকৰ লগত অচিনাকী হোৱা, আৰু ৰাজোচিত গৰিমাৰে আগবঢ়া জীৱনৰ শোভাযাত্ৰাৰ লগত খোজ নিমিলোৱা, আৰু অসীমৰ ওচৰত গৌৰৱেৰে আত্মসমৰ্পণ কৰাৰ পৰা বঞ্চিত হোৱা।[৮]
- তোমালোকে ঢোলৰ মাত বন্ধ কৰিব পাৰিবা, তোমালোকে বীণৰ তাঁৰ ঢিলা কৰি দিব পাৰিবা, কিন্তু তোমালোকৰ কোনে নো স্কাইলাৰ্ক পখীক গীত নাগাবলৈ আদেশ দিব পাৰিবা?[৮]
- ফল এটাই নিশ্চয় শিপাক ক’ব নোৱাৰে “তুমি মোৰ দৰে হোৱা, আৰু পৰিপূৰ্ণ আৰু পৰিপক্ক হৈ তোমাৰ প্ৰাচুৰ্য বিলাই দিয়া।”[৮]
উৎস
সম্পাদনা কৰক- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ২১৩, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ২১৪, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ২১৩, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ২১৩, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ২১৩, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২১৩; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শনত ’মন’ৰ ধাৰণা, ড° সোণালী বৰা হাজৰিকা, কল্পতৰু, একশৰণ ভাগৱতী সমাজ, নগাঁও, ২০২২
- ↑ ৮.০ ৮.১ ৮.২ ৮.৩ খলিল জিব্ৰানৰ দ্য প্ৰফেট, অসমীয়া অনুবাদ: অৰুণমণি চৌধুৰী