টমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।

"জিনিয়াছৰ নিৰানব্বৈ শতাংশই পৰিশ্ৰম আৰু অধ্যৱসায়, এক শতাংশ।"

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. জিনিয়াছৰ নিৰানব্বৈ শতাংশই পৰিশ্ৰম আৰু অধ্যৱসায়, এক শতাংশ।[১] অনুপ্ৰেৰণা।[২]
  2. অস্থিৰতা মানেই অসন্তুষ্টি, আৰু অসন্তুষ্টি হ’ল উন্নতিৰ প্ৰথম চৰ্ত৷ এজন সম্পূৰ্ণৰূপে পৰিতৃপ্ত মানুহক মোৰ আগত থিয় কৰাই দিয়া, মই তোমাক দেখুৱাই দিম অকৃতকাৰ্যতাৰ এটা প্ৰতিমূৰ্তি৷[৩]
  3. আমাৰ শৰীৰৰ ক্ষয় হয় মাথোঁ এটা কাৰণত আৰু সি হ’ল আমাৰ মগজুক বহন কৰি ফুৰাৰ বাবে৷ মগজুৱে সকলোকে পৰিচালনা কৰে৷ আৰু সেইকাৰণেই মগজুক স্থাপন কৰা হৈছে লাওখোলাটোৰ ভিতৰত- শৰীৰৰ একেবাৰে মূধত৷[৪]
  4. প্ৰতিভাৰ নিৰান্নব্বৈ ভাগেই হ’ল অধ্যৱসায়৷[৫]
  5. মই বিফল হোৱা নাই। মই মাত্ৰ ১০ হাজাৰ উপায় বিচাৰি পাইছো যিবোৰে কাম নকৰে।[১]
  6. জীৱনৰ বহু বিফলতা এনেকুৱা হয় যে তাৰ সন্মুখীন হোৱা মানুহে সফলতা কিমান ওচৰত আছিল সেই কথা উপলব্ধি কৰা নাছিল।[১]
  7. পাঁচ শতাংশ মানুহে ভাবে; দহ শতাংশ মানুহে ভাবে যে তেওঁলোকে ভাবিছে; আৰু বাকী পঁচাশী শতাংশই চিন্তা কৰাতকৈ মৃত্যুৱেই পছন্দ কৰে।[১]
  8. যিকোনো কাম কৰিবলৈ সদায়ে এটা বেছি ভাল উপায় থাকে - সেয়া বিচাৰি উলিয়াওক।[৬]
  9. আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে হাৰ মানি লোৱাতো। সফল হোৱাৰ আটাইতকৈ নিশ্চিত উপায় হ’ল আৰু মাত্ৰ এবাৰ চেষ্টা কৰা।[৬]
  10. জীৱনত মই কেতিয়াও এদিনৰ কাৰণেও কাম কৰা নাছিলো, মোৰ প্ৰতিটো দিনেই স্ফূৰ্ত্তিহে আছিল।[৬]
  11. পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই। আমি কেৱল এতিয়াও সেয়া কেনেকৈ কৰিব লাগে নাজানো।[৬]
  12. কিবা এটা নতুন উদ্ভাৱনৰ বাবে আপোনাক মাথোঁ প্ৰয়োজন ভাল কল্পনা আৰু জাবৰৰ দ'ম এটা।[৬]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ১.৩ Thomas A. Edison
  2. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “জীৱনৰ অনুঘটক আৰু অদম্য অধ্যৱসায়”, লক্ষ্য ১ মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8
  3. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৯৭, বাণী মন্দিৰ, ২০০৩
  4. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৫৬, বাণী মন্দিৰ, ২০০৩
  5. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১৮৮, বাণী মন্দিৰ, ২০০৩
  6. ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ Importance of Thomas Edison's Quotes

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: