পিতা-পুত্ৰ (গ্ৰন্থ)

আত্মজীৱনীমূলক উপন্যাস
(পিতা-পুত্ৰৰ পৰা পুনঃনিৰ্দেশিত)

পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

উপন্যাসখনৰ সন্দৰ্ভত উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • এই কথা অনস্বীকাৰ্য অসমীয়া উপন্যাসৰ ইতিহাসলৈ ‘পিতা-পুত্ৰ’ এক বিশিষ্ট অৱদান।
    • ড° সত্যেন্দ্ৰনাথ শৰ্মা[১]
  • উপন্যাসখনৰ বিৰাট বিস্তৃতিও লক্ষ্য কৰিবলগীয়া। দুটা পুৰুষৰ জীবনৰ ঐতিহাসিক প্ৰবাহ তাৰ সকলো অৰ্থনৈতিক আৰু সামাজিক তাৎপৰ্যসহ পাঠকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে বৰগোহাঞিয়ে। বহু বিচিত্ৰ চৰিত্ৰৰ সমাবেশেৰে কল্পনাৰ মঞ্চ তেওঁ প্ৰাণচঞ্চল কৰি তুলিছে। এই চৰিত্ৰসমূহৰ মাজত ঘটা ক্ৰিয়া প্ৰক্ৰিয়া আৰু দ্বন্দ্বও গতানুগতিক নহয়, বিচিত্ৰ। এনে এক ঐতিহাসিক প্ৰয়াস 'জীবনৰ বাটত' উপন্যাসৰ পিছত বোধহয় এয়েই প্ৰথম।
    • ড° হীৰেণ গোহাঁই[১]
  • আমি সকলোৱে চকুৰ আগতে দেখি থকা কথাবোৰকে বুটলি লৈ গ্ৰন্থকাৰে এই মনোৰম উপন্যাসখনি ৰচনা কৰিছে। ... নিঃসন্দেহে ই আমাৰ সাহিত্যৰ এখন শ্ৰেষ্ঠ উপন্যাস।
    • অতুল হাজৰিকা[১]

উত্‍স সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ হোমেন বৰগোহাঞি (২০১৪)। প্ৰচ্ছদ। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:প্ৰচ্ছদ। ISBN: 81-7665-254-7