মোৰ জীৱনত ঈশ্বৰ
মোৰ জীৱনত ঈশ্বৰ (ইংৰাজী: Mur Jibonot Iswar) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২৪ টা প্ৰবন্ধ আছে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- কাম কৰা মানেই জীৱনৰ এটা উদ্দেশ্য থকা। উদ্দেশ্যেহীন জীৱন অতিশয় যন্ত্ৰণাদায়ক। সি মৃত্যুৰ কাৰণে কষ্টকৰ দীঘলীয়া প্ৰতীক্ষাৰ বাহিৰে আন একো নহয়।
- মই যেতিয়ালৈকে নমৰোঁ, তেতিয়ালৈকেতো মই জীয়াই থাকিম৷ মই পৰিপূৰ্ণভাৱে জীয়াই থাকিব খোজোঁ৷ গানটো শিকিব পাৰিলে মোৰ জীৱনৰ অন্তিম মুহূৰ্তকেইটাৰ সদব্যৱহাৰ হ’ব৷ তদুপৰি মই এই কথা ভাবি শান্তিত মৰিব পাৰিম যে মৰাৰ ঠিক আটতে মই এটা নতুন কথা শিকিব পাৰিলোঁ৷ (ছক্ৰেটিছে মৃত্যুৰ আগমুহূৰ্তত গান শুনিবলৈ ইচ্ছা কৰি কোৱা কথা)[১]
- দুৰাৰোগ্য ৰোগত ভোগা মানুহে প্ৰতি মুহূৰ্ততে যিধৰণৰ উদ্বিগ্নতা অনুভৱ কৰি থাকে, তাতকৈ ডাঙৰ যন্ত্ৰণা একো নাই৷[১]
- এজন মানুহে যেতিয়া জীৱনৰ শেষ বিন্দুত উপনীত হৈ পাৰ হৈ যোৱা জীৱনটোলৈ ঘূৰি চাই অনুভৱ কৰে যে তেওঁৰ জীৱনটো অথলে গ’ল বা বৃথাই গ’ল, তাতকৈ ডাঙৰ যন্ত্ৰণা আন একোৱেই নাই৷[১]
- অতি সোনকালেই এনে এটা সময় আহি আছে- যি সময়ত পৃথিৱীৰ বেছিভাগ মানুহেই আমিষ আহাৰ ত্যাগ কৰিবলৈ বাধ্য হ’ব৷ তাৰ এটা প্ৰধান কাৰণ হ’ল জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ পৰিমাণ হ্ৰাস৷[১]
- যিবোৰ মানুহে উচ্চ স্বৰে আৰু আক্ৰমণাত্মক ভঙ্গীৰে কথা পাতে তেওঁলোকৰ সংগ সযতনে পৰিহাৰ কৰি চলিবা, কাৰণ তেনেকুৱা মানুহে মনৰ শান্তি নষ্ট কৰে৷[১]
- প্ৰত্যেক মানুহেই নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ পৰা এই কথা জানে যে বাৰ্ধক্য শৰীৰত আৰম্ভ হোৱাৰ বহুত আগতেই আৰম্ভ হয় মনত৷[১]
- উন্নতি কৰে কেৱল সেইবোৰ মানুহে, - যিবোৰ মানুহে নিজৰ ন্যূনতম কৰ্তব্য পালন কৰাৰ আনন্দত বা নিজকে যোগ্য কৰি তোলাৰ প্ৰয়োজনত অলপ বেছিকৈ কৰে৷[১]
- মোৰ কাৰণে বিপদৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু হ’ল, কিতাপ৷ মই সাধাৰণতে আন কোনো মানুহকে মোৰ সমস্যাৰ ভাগ নিদিওঁ, কাৰণ মই গভীৰভাৱে বিশ্বাস কৰোঁ যে মানুহৰ বেছিভাগ সমস্যাৰ সমাধান আহিব লাগিব তেওঁৰ নিজৰ মনৰ পৰাই৷ কিন্তু নিজৰ মনটোক সাৰথি হিচাপে ব্যৱহাৰ কৰিবলৈ হ’লে মানুহে মনটোক দীৰ্ঘকাল ধৰি প্ৰশিক্ষণ দিব লাগিব; সাৰথি হ’বলৈ উপযুক্ত কৰি তুলিবলৈ মনটোক তিল তিল কৰি তৈয়াৰ কৰিব লাগিব৷ সেইটো কৰাৰ এটা প্ৰধান উপায় হ’ল পৰিকল্পিভাৱে আৰু প্ৰণালীৱদ্ধভাৱে কিতাপ পঢ়া৷[১]
- কান্ধৰ বোজাটো যিমানেই গধূৰ নহওক কিয়, যিকোনো মানুহেই সেই গধূৰ বোজাটো দিনৰ শেষলৈকে কঢ়িয়াই নিব পাৰে৷ কামটো যিমানেই কঠিন নহওক কিয়, যিকোনো মানুহেই এদিনৰ কাৰণে সেই কামটো কৰিব পাৰে৷ যিকোনো মানুহেই বেলি মাৰ নোযোৱালৈকে জীৱনটো কটাব পাৰে মধুৰভাৱে, ধৈৰ্য সহকাৰে, জীৱনটোক ভাল পাই৷ বাস্তৱতে জীৱনৰ অৰ্থ হ’ল কেৱল এইটো৷[১]
- বয়স বঢ়াৰ লগে লগে হ্ৰাসপ্ৰাপ্ত শাৰিৰীক শক্তি-সামৰ্থ্যৰ লগত সংগতি ৰাখি মানুহে পৰিশ্ৰমৰ পৰিমাণ হ্ৰাস কৰিব লাগে; কিন্তু কাম কৰিবলৈ কেতিয়াও এৰিব নালাগে৷[১]
- উদ্দেশ্যহীন জীৱন অতিশয় যন্ত্ৰণাদায়ক৷ সি মৃত্যুৰ কাৰণে দীঘলীয়া প্ৰতীক্ষাৰ বাহিৰে আন একো নহয়৷[১]
- জিভাত জুতি লগাবলৈ যিবোৰ খাদ্য খাই মই ভাল পাওঁ সেইবোৰৰ প্ৰধান উপকৰণটো বজাৰত কিনিবলৈ পোৱা মাছ-মাংস-মছলা বা ৰন্ধনপটুতা নহয়; মোৰ আহাৰক যিটো বস্তুৱে অতি উপভোগ্য কৰি তোলে, সেই বস্তুটো হ’ল হৃদয়ৰ স্পৰ্শ৷[১]
- মানুহক প্ৰকৃত অৰ্থত সুখী কৰিব পৰা কোনো বস্তুকেই ধনৰ বিনিময়ত কিনিব নোৱাৰি৷[১]
- যিবোৰ ঘটনাই মোৰ মনত আটাইতকৈ বেছি আঘাত দিয়ে বা ব্যথিত কৰি তোলে, সেইবোৰৰ ভিতৰত এটা হ’ল শিশুৰ কান্দোন৷[১]
- মানুহে নিজৰ মনৰ ভিতৰত আন কোনো মানুহে নজনাকৈ যিটো গোপন জীৱন যাপন কৰে সেইটোৱেই হ’ল তেওঁৰ আচল জীৱন৷ সেই গোপন জীৱনটো যাপন কৰিহে তেওঁ জীয়াই থকাৰ প্ৰকৃত আনন্দ অনুভৱ কৰে৷[১]