জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য

'জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য'স্বাস্থ্যৰ বিষয়ে লিখা বহুতো প্ৰবন্ধ একত্ৰিত কৰি এই কিতাপখন প্ৰস্তুত কৰা হৈছে। লেখক সাহিত্যিক হোমেন বৰগোহাঞি

  1. যিটো বিষয় তুমি সম্যকভাৱে নাজানা, সেই বিষয়ে কথা ক’বলৈ মুখ নেমেলিবা।কাৰ লগত কথা পাতিছা বা কাক উদেশ্য কৰি কথা কৈছা, সেই কথাও বিশেষভাবে মনত ৰাখিবা।
  2. সদালাপ হ'ল দুজন মানুহৰ হৃদয় আৰু মনৰ মাজত হোৱা যুগলবন্দী।
  3. প্ৰকৃত সদালাপী হ’ল সেইজন মানুহেই-যিজনে কেনেকৈ কথা ক’ব লাগে সেইকথা যিমান জানে, তাতোতকৈ কেনেকৈ আনৰ কথা শুনিব লাগে সেইকথা জানে বেছিকৈ।
  4. আমি যেনেকৈ এটা বাক্য লিখোঁতে কেইটামান নিৰ্দিষ্ট শব্দৰ মূৰে মূৰে যতি চিহ্ন ব্যৱহাৰ কৰিবল্গা হয়,ঠিক তেনেকৈ আমাৰ কামনা-বাসনাবোৰৰ ক্ষেত্ৰতো ঠায়ে ঠায়ে যতি চিহ্ন ব্যৱহাৰ কৰাৰ প্ৰয়োজন।
  5. বিবিধতাৰ মাজত সামজ্ঞস্য স্থাপন কৰাটোৱেই হ’ল সহিষ্ণুতা। সহিষ্ণুতা এটা নৈতিক কৰ্তব্য।
  6. অফুৰন্ত কৰ্মশক্তি হ’ল স্বাস্থ্যৰ প্ৰধান লক্ষণ।
  7. ধনী মানুহৰ বেমাৰবোৰ যদি পৰিহাৰ কৰি চলিব খোজা, তেন্তে তুমি খাব লাগিব দুখীয়া মানুহৰ আহাৰ। ‘you must eat poor man’s food if you want to avoid rich man’s disease.’
  8. এটা সুখী পৰিপূৰ্ণ জীৱনৰ কাৰণে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা-দীক্ষা, প্ৰেম আৰু বন্ধুত্বৰ যিমান প্ৰয়োজন ঠিক সিমানেই প্ৰয়োজন নিয়মিত ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম।
  9. ইচ্ছাশক্তিৰ সাধনাই হ’ল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ন সাধনা।
  10. কোনো মানুহৰ জীৱনত এনে কোনো দুৰ্ভাগ্য বা যান্ত্ৰণা ঘটিব নোৱাৰে, যিটো সহ্য কৰিবলৈ প্ৰকৃতিয়ে মানুহক প্ৰস্তুত কৰি পঠোৱা নাই।
  11. সকলো মাছেই বৰশীৰ টোপ নিগিলে। যিবোৰ মাছে টোপ গিলে কেৱল সেইবোৰৰহে মৰণ হয়। জীৱনৰ নৈখনতো কোনোবা এটা অদৃশ্য সত্তাই মানুহ ধৰিবলৈ বৰশীৰ টোপ পেলাই থাকে।

তথ্য সূত্ৰ

সম্পাদনা কৰক

[]

  1. বৰগোহাঞি হোমেন (২০১২)। জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য। ষ্টুডেণ্টচ্ ষ্টৰচ্, পৃষ্ঠা:৪০,৪১,৪৩,৪৩,৪৯,৫১,৭৪,১৬০,১৭৩।