নাৰী
প্ৰাপ্তবয়স্ক মানৱী
নাৰী বা মহিলা (ইংৰাজী: Women) মানুহৰ স্ত্ৰী জাতি। মহিলা শব্দটো সাধাৰণতে এগৰাকী প্ৰাপ্তবয়স্কৰ বাবে ব্যৱহাৰ কৰা হয়, ছোৱালী শব্দটো শিশু বা কিশোৰীৰ বাবে ব্যৱহাৰ কৰা শব্দ।
বৰ্ণানুক্ৰম অনুসৰি উদ্ধৃতি
সম্পাদনা কৰক- অৰ্ধ আকাশ নাৰীৰ হাতত৷
- আদিতমা নাৰী ঈভৰ আচল অভিশাপটো আছিল এই যে তেওঁ সকলো সময়তে প্ৰেমৰ পাত্ৰী হৈ থাকিব বিচাৰিছিল৷
- এলা গোৱেনডুলেন ৰিছ উইলিয়ামছ৷[৩]
- আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা তাকে ভাল পাব পাৰে, কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে৷ চৰুক সুধি চাউল নবহায়৷ বিয়াৰ বিষয়ে আমি ছোৱালীবোৰে আই-বোপাইৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰোঁ৷
- কাৰেঙৰ লিগিৰী(নাটক)[৩]
- এগৰাকী ধুনীয়া নাৰী পুৰুষৰ চকু দুটিৰ বাবে স্বৰ্গ, আত্মাৰ বাবে নৰক আৰু ধন-সোণৰ বাবে বিশাল গহ্বৰ।
- চামফ’ৰ্ট৷[৪]
- ছোৱালী বোলে কুৰিতে বুঢ়ী
- ছোৱালীৰ গালৰ টোলটো দেখি বহুত মানুহ মুগ্ধ হয়; কিন্তু তেওঁলোকে ভুল কৰে গোটেই ছোৱালীজনীক বিয়া কৰি৷
- ষ্টিফেন লিকক্৷[৩]
- ধুনীয়া নাৰীৰ ওঁঠত চুমা খোৱাৰ ৰঙা দাগবোৰে চিত্ৰিত কৰা এনে কবিতা আওৰোৱা। কুন্তী, এগৰাকী গাঁৱলীয়া বৃদ্ধা এতিয়া কাম বিচাৰি দুৱাৰে দুৱাৰে টোকৰ মাৰিছে। তাইক নিজৰ পুত্ৰই প্ৰহাৰ কৰে।
- মনমোহন আচাৰ্য, ৱিমেন'
- নাৰী যে কেৱল পুৰুষৰ যৌন ইচ্ছা পুৰণৰ আহিলা, কেৱল যে পুৰুষৰ সুখভোগৰ বস্তু, কেৱল যে পুৰুষৰ দাসী বা ক্ৰীতদাসী- সেইকথা ইমান তীব্ৰভাৱে আন কোনোৱে নুবুজায়, যিমান বুজায় মুছলমান পুৰুষসকলে।[৫]
- নাৰী পুৰুষতকৈ জ্ঞানী, কিয়নো, তেওঁলোকে কমকৈ জানে আৰু বেছিকৈ উপলব্ধি কৰিব পাৰে৷
- এডৱাৰ্ড হাৰ্বাৰ্ট৷[৩]
- নাৰীৰ সমস্যাই পুৰুষৰ সমস্যা৷ দুয়ো ডুবিবও-- উদ্ধাৰো পাব একেলগে৷
- ক্ৰিষ্টিন দা পিছাঁ৷[৩]
- নাৰীসকলৰ প্ৰতি যেনে কঠিন শাসন, পুৰুষৰ প্ৰতি তেনে একো নাই৷ কথাত একো নহয়, ভ্ৰষ্ট পুৰুষৰ কোনো সামাজিক দণ্ড নাই৷ এগৰাকী নাৰী তেওঁ সতীত্ব সম্বন্ধে কোনো দোষ কৰিলে তেওঁ আৰু মুখ দেখুৱাব নোৱাৰে৷
- বংকিম চন্দ্ৰ চট্টোপাধ্যায়৷[৬]
- প্ৰতিজন কৃতকাৰ্য পুৰুষ ৰাজনীতিবিদৰ নেপথ্যত এগৰাকী নাৰী থাকে৷ ৰাজেশ পাইলটক মই ইন্দিৰা গান্ধীৰ সৈতে পৰিচয় কৰাই দিছিলোঁ৷ তাৰ পিছত বিমান বাহিনীৰ চাকৰি ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰে৷ ময়েই তেওঁৰ সফল ৰাজনৈতিক জীৱনৰ নেপথ্যৰ নাৰী৷
- ৰমা পাইলট৷[৩]
- পুৰুষতকৈ নাৰীসকল অধিক আৱেগিক৷ যেতিয়াই এই আৱেগিকতাৰ পাহাৰ ভাঙি নাৰীসমাজ ওলাই আহিব, তেতিয়াই নাৰীয়ে পুৰুষৰ সমানে স্থান পাব৷ তাৰ বাবে লাগিব অসীম সাহস আৰু অধ্যৱসায়৷
- টনি মৰিছন৷[৩]
- প্ৰতিগাৰকী নাৰীয়ে নিজৰ স্বামীৰ মাজত দুজন পুৰুষৰ স্থিতি বিচাৰে৷ এজনৰ পৰা মৰম ভালপোৱা বিচাৰে আৰু আনজনৰ পৰা আশ্ৰয় আৰু নিৰাপত্তা৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সৰহভাগ নাৰীয়ে এই দুয়োটাকে একেলগে নাপায়৷ তেতিয়াই বহুতৰ ক্ষেত্ৰত বিবাহিত জীৱনত আহি পৰে নানান বেমেজালি আৰু সংঘাত৷
- কোৱাভাতুৰী (গল্প)৷[৩]
- বিবাহপাশত পুৰুষ কেতিয়াও বন্দী নহয়, বন্দী হয় নাৰী। চাৰ্কাছৰ বাঘিণীৰ দৰে বিবাহিতা নাৰী। আমৃত্যু সংসাৰ চাৰ্কাছত খেল দেখুৱাই হাত চাপৰি বুটলিব পাৰিলেহে হ'ব পাৰি আদৰ্শ পত্নী বা বোৱাৰী।[৭]
- মই বিশ্বাস কৰোঁ, নাৰীৰ কোনো দেশ নাই৷ দেশ মানে যদি নিৰাপত্তা, দেশ মানে যদি স্বাধীনতা, তেন্তে নাৰীৰ নিশ্চয়েই কোনো দেশ নাই৷ পৃথিৱীৰ ক’তো নাৰী স্বাধীন নহয়, পৃথিৱীৰ ক’তো নাৰীৰ নিৰাপত্তা নাই৷[৫]
- মতা ছ’লি হ’লে ডাক্তৰী পঢ়িব পায়, আপী হ’লে নাপায়! কোন ভগৱানে বা বিধান দিছে৷ তই ডাক্তৰ হ’বই লাগিব, মতা মানুহবোৰক দেখুৱাই দিবই লাগিব যে সিহঁতে কৰা সকলো কাম আমিও কৰিব পাৰোঁ৷
- ভনী ৰামেশ্বৰী(ৰজনীপ্ৰভা)ক উদ্দেশ্যি অভিযাত্ৰী, নিৰুপমা বৰগোহাঞি
- মই যদি নাৰী হৈ জন্মগ্ৰহণ কৰিলোঁহেঁতেন, তেন্তে পুৰুষে নাৰীক খেলাৰ সামগ্ৰী হিচাপে গণ্য কৰি অহা ভ্ৰান্ত ধাৰণাৰ বিপক্ষে বিপ্লৱ কৰিলোঁহেঁতেন৷
- মহাত্মা গান্ধী৷[৩]
- যদি মহিলাসকলৰ প্ৰতি বিশেষ যত্ন আৰু মনোযোগ দিয়া নহয় তেন্তে আমি বিদ্ৰোহৰ সৃষ্টি কৰিবলৈ বদ্ধপৰিকৰ, আৰু এনে কোনো আইনত নিজকে বান্ধি ৰাখিব নোৱাৰো য'ত আমাৰ কোনো কণ্ঠ, বা প্ৰতিনিধিত্ব নাই।
- এবিগেল এডামছ, লেটাৰ টু জন এডামছ, ৩১ মাৰ্চ, ১৭৭৬ চন।এল এইচ বাটাৰফিল্ড, সম্পাদক, এডামছ ফেমিলি কৰ্ৰেচপণ্ডেন্স, ভল. ১ (১৯৬৩), পৃ. ৩৭০।
- যেতিয়া এজন পুৰুষে নিজৰ দেৱীৰ লগত চিনাকি হয়, তেতিয়া তেওঁ সোনকালে এগৰাকী নাৰীৰ মাজত ডুব যায়।
- যোচেফ এডিচন, দ্য স্পেকটেটৰ, মে'২৪, ১৭১১
- যিমান দিন এগৰাকী নাৰীয়ে নিজৰ জীয়েকতকৈ দহ বছৰৰ সৰু যেন দেখুৱাব পাৰে, সিমান দিন তেওঁ সন্তুষ্টি লাভ কৰে।
- অস্কাৰ ৱাইল্ড৷[৪]
উৎস
সম্পাদনা কৰক- ↑ মামণি ৰয়ছম গোস্বামীৰ সৈতে, সমীৰ তাঁতী, অংকুৰ ডেকা, গৰীয়সী, ফেব্ৰুৱাৰী, ২০১২
- ↑ নাৰী আৰু নাৰীৰ অনুভৱ. আহৰণ কৰা হৈছে: 5 এপ্ৰিল 2024.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণীমন্দিৰ, পৃষ্ঠা:১৬৩-১৬৪। ISBN: 81-7206-117-5।
- ↑ ৪.০ ৪.১ নাৰীৰ বিষয়ে কিছু সাহসী মন্তব্য. আহৰণ কৰা হৈছে: 16 এপ্ৰিল 2024.
- ↑ ৫.০ ৫.১ ৫.২ তছলিমা নাছৰিন (২০১১)। নাৰীৰ কোনো দেশ নাই। বীণা লাইব্ৰেৰী, পৃষ্ঠা:৯, ২০, ৩৩, ৫৫, ৮৪, ১৯৪।
- ↑ নাৰূ সম্বন্ধে কিছু উক্তি. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2024.
- ↑ নাহৰৰ নিৰিবিলি ছাঁ, অনুৰাধা শৰ্মা পূজাৰী, পৃষ্ঠা ১০৯