নাহৰৰ নিৰিবিলি ছাঁ (গ্ৰন্থ)

অনুৰাধা শৰ্মা পূজাৰী ৰচিত উপন্যাস

নাহৰৰ নিৰিবিলি ছাঁ অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনৰ ডিচেম্বৰ মাহত।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • সময়ৰ সুগন্ধি যেতিয়া হৃদয়ত লাগি ৰয়, তেতিয়া জেঠ মাহতো ফাগুনৰ ফুল ফুলে, সময়ৰ কেলেণ্ডাৰ পুৰণি নহয়।[১]
  • সুখ-আনন্দৰ সমভাগীতকৈ, দুখ-যন্ত্ৰণাৰ সংগীবোৰে অন্তৰৰ গভীৰত প্ৰৱেশ কৰে। এই সংগৰ স্থায়ীত্ব থাকে।[২]
  • মানুহৰ ইচ্ছা আৰু স্পৃহাৰ পিয়াহ সহজে মৰিলে মনৰ অসন্তুষ্টিৰ তৃষ্ণা বাঢ়ি যায়।[৩]
  • কিছুমান মানুহ অবিশ্বাসৰ দাস, বিশ্বাস তেওঁলোকৰ বাবে সৌ আকাশৰ জোনটোৰ দৰে। ধুনীয়া, চাব পাৰি কিন্তু চুব নোৱাৰি।[৪]
  • নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে কিন্তু নিঃসংগতাই হতাশা আনে।[৫]
  • বিবাহপাশত পুৰুষ কেতিয়াও বন্দী নহয়, বন্দী হয় নাৰী। চাৰ্কাছৰ বাঘিণীৰ দৰে বিবাহিতা নাৰী। আমৃত্যু সংসাৰ চাৰ্কাছত খেল দেখুৱাই হাত চাপৰি বুটলিব পাৰিলেহে হ'ব পাৰি আদৰ্শ পত্নী বা বোৱাৰী।[৬]
  • যৌৱন এনে এক উদাৰ নীতি, যি নিৰপেক্ষভাৱে নিজৰ ভাগ সময়ত সকলোকে দি যায়।[৭]
  • আনন্দ প্ৰকাশ কৰিবলৈ ক্ষণ গণিব নালাগে, কিন্তু যন্ত্ৰণা প্ৰকাশৰ ক্ষণ সদায় মন্থৰ। ই নিজস্ব সময়ত, নিজস্ব ৰীতিত আত্মপ্ৰকাশ কৰে।[৮]
  • তোমাৰ বাবে যাৰ অন্তৰৰ পৰা আপোনা-আপুনি আৱেগৰ সোঁত চকুৰে বৈ আহে— তেওঁতকৈ পৃথিৱীত কোনো আপোন নাই।[৯]
  • ভৱিষ্যত বস্তটোৱেই এখন ৰঙীণ চিলা।উৰুৱাই দি ভাল লাগে।কোনো চিলা উৰাওঁতাই আশা নকৰে চিলাখন যিকোনো মুহূৰ্তত য'তে-ত'তে লাগি ফাটি-চিটিও যাব পাৰে বুলি।[১০]

উৎস সম্পাদনা কৰক

  1. পৃষ্ঠা ১
  2. পৃষ্ঠা ৩৭
  3. পৃষ্ঠা ৫৬
  4. পৃষ্ঠা ৯৭
  5. পৃষ্ঠা ১০৭
  6. পৃষ্ঠা ১০৯
  7. পৃষ্ঠা ১২৩
  8. পৃষ্ঠা ১৩৮
  9. পৃষ্ঠা ১৮০
  10. পৃষ্ঠা ১৮৬