ইন্দিৰা গান্ধী
ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী
ইন্দিৰা গান্ধী (ইংৰাজী: Indira Gandhi; ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- ভাই-ভনীসকল, ৰাষ্ট্ৰপতি মহোদয়ে জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে। ইয়াৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই।
- ভাৰতৰ জৰুৰীকালীন অৱস্থা ঘোষণা সংক্ৰান্তত প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ ভাষণৰ কিয়দংশ, তাৰিখ ১২ জুন ১৯৭৫[২]
- আনকি মই ৰাষ্ট্ৰৰ সেৱাত মৃত্যুবৰণ কৰিলেও মই ইয়াৰ বাবে গৌৰৱান্বিত হ'ম। মোৰ তেজৰ প্ৰতিটো টোপালে এই ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাব আৰু ইয়াক শক্তিশালী আৰু গতিশীল কৰি তুলিব।[৩]
- স্বাধীনতাৰ সময়ত মাথো এটা দলেই আছিল- কংগ্ৰেছ দল, যেতিয়া সময় আছিল বলিদানৰ আৰু কষ্ট সহ্য কৰাৰ। কিছুমান মানুহ আজি পথাৰত আছে, যাৰ পাৰ্টীয়ে স্বাধীনতাৰ বিৰোধ কৰিছিল। কিন্তু যেতিয়া আমি স্বাধীন হলো; পাৰ্লিয়ামেণ্ট, বিধানসভা ইত্যাদি গঠন হ’ল, কিবা লোৱাৰ সুবিধা আহিল, তেতিয়া বহুতো মানুহ পথাৰত নামিল।
- কৰ্ণাটকত প্ৰদান কৰা নিৰ্বাচনী ভাষণ, ১৯৮২ চন[৪]
- নেতাৰ ভুলৰ বাবে দেশ ধ্বংস হয়৷[৫]
- আজিৰ পৃথিৱীত জাতিসমূহে নিজৰ জাতীয় স্বাৰ্থক সংজ্ঞায়িত কৰা ইমানেই প্ৰয়োজন হৈছে যে, ইয়াৰ দ্বাৰা বিশ্বত অধিক সমন্বয়, অধিক সমতা আৰু ন্যায় আৰু অধিক স্থিতিশীলতা সৃষ্টি হয়।
- ১৯৮০ জেনকিন্স ৰয় [১]
- শেষত এটা জাতিৰ শক্তি নিজাববীয়াকৈ কি কৰিব পাৰে তাতেই নিহিত হৈ থাকে, আনৰ পৰা কি ধাৰলৈ ল’ব পাৰে তাত নহয়।
- "Preface, 4th Five Year Plan", ভাৰতৰ পৰিকল্পনা আয়োগ(১৮ জুলাই,১৯৭০)
- ভাৰতে যিকোনো মূল্যতে যুদ্ধ এৰাই চলিব বিচাৰে, কিন্তু ই একপক্ষীয় বিষয় নহয়, মুঠি চেপি ধৰি হাত মিলাব নোৱাৰি।
- নতুন দিল্লীৰ প্ৰেছ কনফাৰেন্স(১৯ অক্টোবৰ, ১৯৭১), “সীমান্তত ভাৰত পাকিস্তানৰ সৈন্যৰ মুখা-মুখী’’ শিৰোনামা, লেখক Sydney H. Schanberg, নিউ ইয়ৰ্ক টাইমচ (২০অক্টোবৰ, ১৯৭১ ), পৃ:৬
- দীৰ্ঘজীৱনৰ প্ৰতি মোৰ আগ্ৰহ নাই। এইবোৰলৈ মোৰ ভয় নাই। মোৰ জীৱন এই জাতিৰ সেৱাত গ'লে মোৰ আপত্তি নাই। আজি মই মৰিলে মোৰ তেজৰ প্ৰতিটো টোপালেই জাতিটোক সজীৱ কৰি তুলিব।[৬]
- আজি মই ইয়াত আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। কিন্তু জাতীয় স্বাৰ্থ চোৱা-চিতাৰ দায়িত্ব ভাৰতৰ প্ৰতিজন নাগৰিকৰ কান্ধত। এই কথা মই আগতেও প্ৰায়ে উল্লেখ কৰিছোঁ। মোক গুলীয়াবলৈ কিমান চেষ্টা কৰা হৈছে কোনেও নাজানে, মোক মাৰিবলৈ লাঠি ব্যৱহাৰ কৰা হৈছে। খোদ ভুৱনেশ্বৰত ইটাৰ টুকুৰা এটাই মোক খুন্দা মাৰিলে। মোক সকলো প্ৰকাৰে আক্ৰমণ কৰিছে। মই জীয়াই থাকিম নে মৰিম, মোৰ ওচৰত তাৰ কোনো গুৰুত্ব নাই। মই দীৰ্ঘজীৱন কটালোঁ আৰু মই গৌৰৱান্বিত যে মই মোৰ গোটেই জীৱনটো মোৰ জনসাধাৰণৰ সেৱাত কটালোঁ। মই কেৱল এই কথাত গৌৰৱ কৰোঁ আৰু আন একো নহয়। শেষ নিশ্বাসলৈকে সেৱা কৰি যাম আৰু মৰিলে ক’ব পাৰিম যে মোৰ তেজৰ প্ৰতিটো টোপালে ভাৰতক সজীৱ কৰি তুলিব আৰু ইয়াক শক্তিশালী কৰিব।[৭]
উত্স
সম্পাদনা কৰক- ↑ সমীন কলিতা। ভাৰত-ৰত্ন। অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:৫৭,৫৮,৫৯,৬০,৬১,৬২,৬৩।
- ↑ Know All About Emergency During Indira Gandhi's Regime. প্ৰকাশক: ABP News (11 June 2019). আহৰণ কৰা হৈছে: 7 January 2022.
- ↑ 10 Powerful Quotes By ‘Iron Lady of India’, Indira Gandhi. প্ৰকাশক: www.shethepeople.tv. আহৰণ কৰা হৈছে: 7 January 2022.
- ↑ 1982 - Then PM Indira Gandhi promises Garibi Hatao. প্ৰকাশক: Prasar Bharati Archives. আহৰণ কৰা হৈছে: 7 January 2022.
- ↑ ইন্দিৰা গান্ধী. "দিনটোৰ বাণী", ১৫ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৫ মাৰ্চ ২০২৩.
- ↑ Smith,William E. (November 12, 1984). Death in the Garden. Time. আহৰণ কৰা হৈছে: 29 ফেব্ৰুৱাৰী 2024.
- ↑ Government of India, (1986). নিৰ্বাচিত বক্তব্য পৃষ্ঠা: p. 495.. প্ৰকাশক: Publications Division, Ministry of Information and Broadcasting,. আহৰণ কৰা হৈছে: 29 ফেব্ৰুৱাৰী 2024.