আৰম্ভণি বাক্য
যিকোনো গ্ৰন্থ বা অন্যান্য সংবাদ মাধ্যমৰ কামৰ সংলাপ বা পাঠ্যৰ প্ৰাৰম্ভিক অংশ প্ৰায়ে অন্ততঃ প্ৰথম বাক্য বা তাৰ এটা খণ্ডৰে গঠিত হয়। সকলো ভাল লেখাতে আৰম্ভণি বাক্যটো আকৰ্ষণীয় বা অৰ্থপূৰ্ণ হোৱাটো বাঞ্ছনীয় বুলি গণ্য কৰা হয়।
- অৱশেষত আইতাক কথাটো ক’বলৈ ময়েই ওলালোঁ। আমাৰ শ্ৰীমতীৰ মনেৰে হেমন্তহঁত ইতিমধ্যে বহুত আগবাঢ়িছে। নমিতাক দেখিলে তেওঁৰ হেনো জা-ক যেন লগা হলেই। সিহঁত দুটা বেচ মিলিব বুলিয়ে মোৰো ধাৰণা। পিচে খোজা-বঢ়াকৈ ছোৱালি অনাটোৱেই আমাৰ পৰিয়ালত এতিয়াও চলি আছে আৰু আইতাই আমাৰ ঘৰৰ ঘাই ধৰণী। আইতাৰ সন্মতি নোহোৱাকৈ কোনো কাম কৰাটো আমাৰ পৰিয়ালত হোৱা নাই........। গতিকে আইতাৰ অনুমতি অনাৰ অৰ্থাৎ কথাতো আইতাক জনোৱাৰ উদ্দেশ্যেৰে নগাঁৱলৈ গ’লো।
- পঞ্চদশ শতিকাৰ পৰা বিংশ শতিকালৈকে পাঁচশ বছৰৰ অসমৰ জাতীয় জীৱনৰ পৰিশীলিত জীৱনবোধ,জীৱনদৃষ্টিভংগী,চিন্তা আৰু কৰ্মৰ মাজেদি প্ৰকাশ লাভ কৰা সংস্কৃতিক চেতনা, প্ৰতিভাৰ প্ৰতিনিধিত্বমূলক পৰিচয় প্ৰকাশিত হৈছে আৰু ভবিষ্য দৃষ্টিৰে অসমৰ জাতীয় জীৱনক আগবাঢ়ি যাবলৈ প্ৰেৰণা আৰু শক্তি দিছে সেই কেইগৰাকী হ’ল মধ্যযুগৰ শ্ৰীশংকৰদেৱ,আধুনিকযুগৰ সাহিত্যৰথী বেজবৰুৱা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰতিগৰাকীৰ মাজতেই ঞ্জান আৰু প্ৰতিভাৰে পথ প্ৰদৰ্শনৰ পোহৰ বিচ্ছুৰিত হৈ আছে। এই তিনিগৰাকীকে ধৰি সহযোগী সতীৰ্থসকলৰ অৱদানে আমাৰ জাতীয় সামাজিক আৰু সংস্কৃতিক জীৱন গঢ়ি তুলিছে। প্ৰত্যেকগৰাকীৰ মাজতে ঐতিহ্য আৰু সমসাময়িক আধুনিকতাৰ সমাহাৰ ঘটিছে। এই সকলক বাদ দি জাতীয় জীৱনৰ ইতিহাস লিখা সম্ভৱ নহয়। তিনিওগৰাকীৰে সাহিত্য সমগ্ৰ গ্ৰণ্ঠকাৰে প্ৰকাশিত হৈছে। তথাপি নিজৰ নিজৰ দৃষ্টিৰে হয়তো অনেকেই এই সকলৰ ৰচনা পঢ়িবলৈ যত্ন কৰি আহিছে আৰু কৰি থাকিব।
- — নগেন শইকীয়া (সম্পাদক), ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ ৰচনাৱলী
- সৰু কালটোৱেই মোৰ জীৱনৰ আটাইতকৈ অনুপম প্ৰহৰ৷ সেয়ে সৰুকালিৰ কথাৰেই আৰম্ভ কৰিছোঁ৷ মোৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুনৰ দিনা৷ মোৰ জন্মৰ আগৰ বা জন্মৰ সময়ৰ সমসাময়িক সমাজৰ কথাবোৰ মই জনাৰ উপায় নাই৷ কেৱল মা, বৰমা,উচৰ-চুবুৰীয়াৰ মুখৰ পৰাহে পাছত শুনিছিলো৷ তেওঁবিলাকে মোৰ মূৰত হাত ফুৰাই কোলাত তুলি লৈ হেনো মৰম কৰি কৈছিল,—“তই কত যে সেৱা-পূজাৰ মূৰত জন্ম হৈছ৷ ভালে থাক আই৷ বংশৰ মুখ উজ্জ্বল কৰ৷”
- সোমাব পাৰোঁ নে?
নুসুধিলেও হয়। তথাপি সুধি সোমালে মানুহজন। ডাঃ ইৰিণা বৰুৱাই মানুহজনৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈকে নাপালে। এইক্ষেত্ৰত যেন কোনো ডাক্তৰৰ চেম্বাৰতেই সোমোৱাত বাধা নাথাকে-ঠিক তেনেকুৱা আব এটাৰে মানুহজন ধীৰ খোজেৰে সোমাই আহিল ইৰিণা বৰুৱাৰ চেম্বাৰলৈ।
- অন্তৰত বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা, সোণাৰৰ অকণমান সোণহালধীয়া লৈ গাঁওখনৰ এমুৰত থকা গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছোঁ। দিনতে আন্ধাৰ, যিখন হাবিত দেও-ভূত, বুঢ়া-ডাঙৰীয়া থাকে, জাৰকালি ফুট-গধূলিতে ফেউৰাই ফেউফেউ কৰে, হোঁকোৰা বাঘ ওলায়, ঢেঁকীয়াপতীয়াই হোঁকৰে। আমাৰ চুবুৰীৰ সৰুল'ৰা বৰদেউতাৰ পৰিয়ালৰ তিৰোতা মানুহ এগৰাকী বাহিৰ ফুৰিবলৈ যাওঁতে বাঘে খাই মৰা কথাটো সৰুতে শুনিছিলোঁ।
- সৰুতে প্ৰাইমেৰি স্কুলত পঢ়ি থাকোঁতেই শুনিছিলোঁ—— আমাৰ দেশত যেতিয়া দিন হয়,আমেৰিকাত ৰাতি হয়।শিক্ষকৱ গ্লোবটো ঘূৰাই বুজাই থাকোঁতে কথাটো ঠিক বুজিবই পৰা নাছিলোঁ—— কাণ্ধটো কেনেকৈ ঘটে। লগতে আন এটা আনুষংগিক প্ৰশ্নই আহি আহুকাল কৰি আছিলহি——সিফালৰ মানুহবোৰ পৰি নোযোৱাকৈ কেনেকৈ ৰৈ থাকে? তেতিয়া আইজাক নিউটনৰ কথা হাইস্কুলীয়া ল’ৰাই জানিলেও আমাৰ জানিবৰে হোৱা নাছিল।
সেই আমেৰিকালৈকে যাবলৈ ওলাই নিজৰ মনটোক সুধি চাইছোঁ—— কেনে লাগিছে? বাহিৰত ফুৰ্তি আৰু ভিতৰত অকণ-অকণ অহংবোধ? নতুন ঠাইলৈ যোৱাৰ শংকা?
- — নগেন শইকীয়া, আমেৰিকাত দহদিন
- পগলাদিয়া নৈৰ পানীত ৰাতিপুৱাৰ ৰ'দ পৰি ঢৌবোৰ জিল্মিলাইছে। নৈখনৰ ঠিক সোঁমাজতে উভালি পৰি থকা বাঁহজোপাত পানীৰ সোঁতে বাধা পোৱাত কূল্-কূল শব্দ এটা উঠিছে।খুব কম বহল নৈখন। সিপাৰে কিছুদূৰলৈ বালি, ইপাৰে থিয় সিপাৰৰ বালি আহি কেতিয়াবা পানীত মিলিছেহি, কেতিয়াবা আকৌ সামান্য ওখ গৰাৰ সৃষ্টি কৰিছে বালিৰ গৰা। পানীয়ে দাঁতিবোৰ ছুই জুঁই গৰাৰ বালি চপৰা চপৰে খহাইছে। বাঁহজোপাত সোঁতে ঠেকা খাই কলকলোৱা শব্দটোৰ বাহিৰেও বালিৰ গৰা খহি পৰা শব্দও উঠিছে।
- — নিৰুপমা বৰগোহাঞি, সেই নদী নিৰবধি
- মাকে যেতিয়া আহি ৰেণুক অনিতাহঁতৰ ঘৰলৈ কইনা চাবলৈ লগ ধৰিলেহি, ৰেণুৰ দুখন ভৰিৰ এখন যেন কৌতূহলত দৌৰ মাৰিব খুজিলে আৰু আনখন বেদনাৰ ভৰত স্থবিৰ হৈ ৰ'ল। তথাপি তাই মাকক নাযাওঁ নুবুলি সাজ-সজ্জা কৰিবলৈ গ'ল। সাধাৰণতে খুব বেছি স্টাইল নকৰে ৰেণুৱে। অকল ৰেণুৱে নহয়, সিহঁতৰ কোনো এজনী বাই-ভনীয়ে বেছি সাজোন-কাচোন নকৰে। এই বিষয়ত সিহঁতৰ ছোৱালীবোৰ ব্যতিক্ৰম বুলি মানুহে কোৱা কুই কৰে- ঠিক কোৱা কুই কৰাই নহয়, মানুহে প্ৰশংসাই কৰে যে আজিকালিৰ দিনত ৰেণুহঁতৰ দৰে ছোৱালী দেখিলে চকু জুৰ পৰি যায়। হৰেক ৰকমৰ ৰঙীন শাড়ী নিপিন্ধি সিহঁতে বেছিভাগ সময় তাঁতত বোৱা মেখেলা-চাদৰেই পিন্ধে সেই কাপোৰ সিহঁতে নিজেই তাঁতত বৈ লয়। ৰেণুৰ মাক অতি পাকৈত মহিলা। তেওঁ নজনা কাম প্ৰায় নায়েই, জীয়েকহঁতকো তেওঁ প্ৰায় সকলো কামতে পকা কৰি তুলিছে।
- — নিৰুপমা বৰগোহাঞি, অন্তঃস্ৰোতা
- বিয়াৰ দুটা বছৰৰ পিছত অণুৱে ভনীয়েক মাখনীৰপৰা এনে এখন চিঠি পালে, যিখন চিঠিৰ লগত মাখনীয়ে এই দুই বছৰে লিখা এখন চিঠিৰো মিল নাই।মাখনীয়ে লিখিছিল: "মৰমৰ বাইদেউ, মোৰ মৰম ল'বি। বহুত দিন তোলৈ কোনো চিঠি-পত্ৰ লেখিব পৰা নাই, আশাকৰোঁ তহঁত সকলোবোৰ ভালে আছ। অকণমানি টুকুমণিও নিশ্চয় ভালে আছে-তাক মোৰ মৰমৰ চুমা দিবি।বাইদেউ, আজি এটা বৰ ডাঙৰ কথাৰ বাবে তোলৈ এই চিঠিখন লেখিব ওলালোঁ। কেবাদিনৰপৰাই মনৰ ভিতৰত এটা দ্বন্দ্ব চলি আছিল- তোলৈ লেখোঁ নে নেলেখোঁ লেখি কিবা লাভ হ'ব নে নহয়। পিছে বহুত ভাবি-চিন্তি অৱশেষত লেখাটোকেই ঠিক কৰিলো।
- — নিৰুপমা বৰগোহাঞি, দিনৰ পিছত দিন
- বহুত দিন ধৰি জীৱনত এটা মাত্ৰ নিচাতে ধৰি আহিছে বিজয় ভঁৰালীয়ে। কিতাপ পঢ়া, কাগজ পঢ়া। তাৰ বাহিৰে আন কোনো ধৰণৰ নিচা তেওঁৰ নাই। নাই কোনো কাম-কাজত, নাই কোনো খোৱা-লোৱাত। তেনেকৈ ক'তো ফুৰিব-চাকিব নেযায়, আন বহুতো পেন্সনধাৰী প্ৰৌঢ় মানুহৰ দৰে বাগানৰ কামতো তেওঁৰ কোনো ৰাপ নাই। বন্ধু-বান্ধবো কোনো নাই। অৱশ্যে তেওঁ এতিয়া য'ত আছে তাত তেওঁৰ বয়সীয়া মানুহ খুব কমেই থাকে। থাকিলেও তেওঁৰ লগত সিবিলাকৰ বন্ধুত্ব কিমান জমি উঠিলহেঁতেন তাক কোৱা টান। নিজে তেওঁ খুব কম কথা কয়, আনে কথা ক'লে তেওঁ কেৱল হুঁ-হাঁ কৰি শুনি যায়। কিন্তু সেই শুনাত যে তেওঁ কিবা আনন্দ পাইছে বা বক্তাৰ কথাবোৰ আগ্ৰহেৰে শুনিছে, তাৰ চিন তেওঁৰ মুখত সমূলি ফুটি নুঠে। গতিকে এনে ধৈৰ্যশীল শ্ৰোতা পায়ো বক্তাৰ অৱশেষত কথা কোৱাৰ আগ্ৰহ হেৰাই যায় আৰু ফলত তেওঁৰ লগত কাৰো বন্ধুত্ব জমি নুঠে।
- — নিৰুপমা বৰগোহাঞি, এজন বুঢ়া মানুহ
- শেষত তাইৰ নামটো অপৰ্ণা ৰখাই ঠিক হ'ল।অতি ক'লা গাৰ বৰণ লৈ জন্ম হোৱাত মাকৰ মুখ কোঁচ খালেও নামতো এটা ৰাখিবই লাগিব। দেউতাকে সস্নেহে প্ৰস্তাৱ কৰিছিল- 'মোৰ আইজনীৰ নামটো মই গৌৰীকে ৰখা ঠিক কৰিলোঁ। ডাঙৰ হ'লে মই তাইৰ কাৰণে শিৱৰ দৰে দৰা এটা বিচাৰি আনিম।'ক'লী ছোৱালীজনীৰ বগী মাকজনীয়ে মুখখন বিকটাই পেলাইছিল- 'ইস্-ক'লীজনীলৈ নামটো বিচাৰি পালে চোৱা! একেবাৰে গৌৰী। কণা ল'ৰাৰ নাম পদ্মলোচন দিয়াৰ দৰে হ'ল। নমৰি বাচি থাকি যদি কেতিয়াবা ডাঙৰ হৈ উঠে, নামটোৰ কাৰণেই তাই কাৰো আগত মুখ উলিয়াব নোৱাৰিব। আগত নহ'লেও পিছত সকলোৰে বিদ্ৰূপ কৰি হাঁহিব- এই ধুম ক'লা ছোৱালীজনীৰ নাম ৰাখিবলৈ আৰু একো নাম বিচাৰি নেপালে নে?' মোৰ মনেৰে তাইৰ নামটো কৃষ্ণা ৰখাই ভাল, চেহেৰাৰ লগত একেবাৰে মিলি যাব আৰু নামটোও শুনিবলৈ ভাল।'
- — নিৰুপমা বৰগোহাঞি, হোমেন বৰগোহাঞি পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস
- "এই বুবু, চুপ কৰি শুই থাকা, নহ'লে ভূত আহিব"- বুবুৰ আয়াই ক'লে। বুবু নামৰ দুৰন্ত ল'ৰাটোক শাসন কৰি কৰি ভাগৰি গ'লে শেষত আয়াই এইপাট অমোঘ অস্ত্ৰ প্ৰয়োগ কৰে। লগে লগে বুবু শান্ত হৈ চকু মুদি শুই পৰে আৰু শোৱা অৱস্থাতে অকণি অকণি দুখন হাতেৰে আয়াৰ বলিষ্ঠ হাত এখন আঁকোৰ ধৰি নিশ্চল হৈ পৰি থাকে আৰু অলপ পিছতে টোপনিৰ কোলাত ঢলি পৰে।ভূত!বেবীৰ ভূতলৈ বৰ ভয়, কিন্তু বুবুৰ ভূত আৰু তাইৰ ভূত একে নহয়। বুবুৱে ভয় কৰে কোনো এটা নেদেখা ভূতলৈ আৰু তাই ভয় কৰে এটা দেখা ভূতলৈ।ৰাতি আঠমান বজাৰ পিছৰে পৰা বেবীয়ে বিনিদ্ৰ নয়নেৰে অপেক্ষা কৰি থাকে সেই দেখা ভূতটোলৈ, যিটো সদায় আহে সিহঁতৰ ঘৰলৈ আৰু সদায় আহিও থাকিব।
- — নিৰুপমা বৰগোহাঞি,হৃদয় এটা নিৰ্জন দ্বীপ
- সোণালীৰ তৃতীয় চিঠিখনো পালে ৰাজীৱে। একে আগ্ৰহ, শংকা, আবেগ আৰু একধৰণৰ নাৰ্ভাচ ভাব লৈ এই তৃতীয় চিঠিখনো পঢ়ি গ'ল ৰাজীৱে:
ৰাজীৱদা,আপোনাৰ ওচৰত মই কি অপৰাধ লগালো বুজি পোৱা নাই সঁচায়ে। ইমান মাতি মাতিও কিয় এবাৰো আপোনাক আনিব পৰা নাই? মোৰ আগৰ চিঠি দুখন আপুনি পোৱা নাই নেকি বাৰু? কিন্তু সেইটো জানো সম্ভৱ? দুয়োখন চিঠিয়ে মই ডাকত দিছিলো, এবাৰ নহয়, দুবাৰকৈ ডাকৰ বেমেজালি ঘটিবনে? নে আপুনি মোৰ চিঠি পাইয়ো ইচ্ছা কৰিয়ে অহা নাই ৰাজীৱদা। যদি সেইটো হয় মই কি কৰিম ক'ব পৰা নাই। আগৰ চিঠিত আপোনালৈ লেখিছোঁ মাহঁতে সৌমিত্ৰ কটকী নামৰ এজন আই, এ. এছৰ লগত মোৰ বিয়াৰ যো-জা কৰিছে। কিন্তু মই কৈ দিছোঁ- এম. এ. পাছ নকৰালৈকে মই বিয়া নকৰাওঁ। মোৰ কথাত ঘৰখন উগ্ৰমূৰ্তি ধৰি আছে- মোৰ বুৰ্বকামি, মোৰ জেদৰ ফলত এনেহেন বতু পায়ো যে মই ঠেলি দিব ওলাইছোঁ মোৰ এনে স্পৰ্চ্চা কোনেও ক্ষমা নকৰে আৰু মানিও নলয়। আনবোৰ অলপ নৰম হ'লেও দেউতাই টিকিছি-বিকিছি আছে- এনে এজন ভাল ল'ৰাই মোক বাটত দেখিয়ে পছন্দ কৰি বিয়া কৰাবলৈ আগবাঢ়িছে ই জানো কম ভাগ্যৰ কথা? ভাগ্য নে দুৰ্ভাগ্য মইহে জানো। মোৰ ভাবিলে অতি আচৰিত লাগে যে মানুহ এজনে ৰাস্তাত ছোৱালী এজনীক দেখিয়ে বিয়াৰ প্ৰস্তাৱ দিব পাৰে, সেই ছোৱালীৰ বিষয়ে ভাল-বেয়া জনাৰ একো আৱশ্যকতাই বোধ নকৰেনে? (এইখিনি পঢ়ি ৰাজীৱৰ মুখত এটা মৃদু হাঁহিৰ ঢউ খেলি যায়)
- — নিৰুপমা বৰগোহাঞি, সামান্য-অসামান্য
- স্কুলৰ ওপৰ শ্ৰেণীত উঠাৰ পিছত মানসী বৰাই মনতে এটা সপোন পুহি ৰাখিছিল- মেট্ৰিকটো ভালকৈ পাছ কৰিব পাৰিলে তাই বিজ্ঞান লৈ কলেজত পঢ়িব। দেখাত এই সাধাৰণ কথাটো মানসীৰ কাৰণে সপোন হ'ব লগা হোৱাৰ কাৰণ হ'ল- সিহঁতৰ আধা চহৰ আধা গাওঁ যেন ঠাইখনত কলেজ আছে হয়, কিন্তু তাত এতিয়ালৈকে বিজ্ঞান শাখা খোলা হোৱা নাই, অকল সেয়ে নহয়- দুই এবছৰতে যে খোলা হ'ব তাৰো আশা নাই। গতিকে বিজ্ঞান পঢ়িবলৈ হ'লে মেট্ৰিক পাছ কৰাৰ পিছত মানসীয়ে আন এখন ঠাইলৈ গৈ হোষ্টেলত থাকিহে তাৰ কলেজত পঢ়িব লাগিব। ছোৱালী মানুহৰ কাৰণে এনেকৈ নিজৰ ঠাই, নিজৰ ঘৰ-দুৱাৰ এৰি আন ঠাইত গৈ থাকি পঢ়া-শুনা কৰা কথাটো বৰ সহজ কথা নহয়, কিছু সহজ হয় যদিহে দেউতাকৰ যথেষ্ট টকা-পইচাৰ জোৰ থাকে বা ছোৱালীৰ মগজ চোকা হয়। মানসীৰ অৱশ্যে দুয়োটাই আছিল- তথাপি শেষ পৰ্যন্ত বা পৰীক্ষাৰ ফলাফল কি হয়? হেজাৰ হওক পৰীক্ষাৰ ক্ষেত্ৰত্যে আন বহুত কিবাকিবিৰ দৰেই বহুতখিনি ভাগ্য লাগে- সেই ভাগ্য বা তাইৰ কাৰণে কি হয়?
- — নিৰুপমা বৰগোহাঞি, কেকটাচৰ ফুল
- লছ এঞ্জেলছৰ পৰা লতিকাই লিখিছিল, "বুঢ়ী হ'লি, গিৰিয়েৰে পেঞ্চন পালে। খবৰটো পাই মই কিন্তু ইয়াত স্ফূৰ্তিৰ হাঁহি মাৰিছো। আগে যেতিয়া ইমান দিনৰ মূৰত গুৱাহাটীলৈ যাওঁ, তোক লগ পাবলৈ হয় তই থকা ঠাইবোৰলৈ মই যাব লাগে, নহয় তই মোৰ তালৈ আহিব লাগে। তেনেকৈ লগ ধৰিবলৈ যোৱা আৰু অহাৰ কষ্ট আছেই, তাৰোপৰি সময়ৰ অনৰ্থক খৰচ, ইফালে লগেই বা পাওঁ কিমান দিন? এটা বা দুটা দিন। তাৰে কোনোদিনেই তোৰ মোৰ মন নভৰিছিল। এতিয়া গুৱাহাটীতে নিগাজী হ'লি যেতিয়া আৰু কোনে পায়। আৰু দুমাহ পিছত মোৰ যোৱাৰ কথা আছে। চৌধুৰী চাহাবক ক'বি- তেখেতে পেঞ্চন পাই ঘৰতে বহি থাকিব যেতিয়া ঘৈণীয়েকৰ ক'লী বন্ধুজনীক দেখি দেখি চকু বিষাব। গতিকে সময়মতে সাৱধান কৰি দিলো, তেখেত যেন প্ৰস্তুত হৈ থাকে।
- — নিৰুপমা বৰগোহাঞি, নামি আহে এই সন্ধিয়া
- খানাপাৰাৰ পৰা গুৱাহাটীলৈ ওভতা চিটিবাছখনত উঠিবলৈ যাওঁতে মানুহৰ জুমটো দেখি নৰেন কৌতূহলত সেইফালে আগবাঢ়ি গ'ল- চিটিবাছত আৰু উঠা নহ'ল। দৰাচলতে চিটিবাছৰ ভ্ৰাইভাৰ কণ্ডাক্টৰো বাছ এৰি সেই জুমটোলৈ গৈছিল। গুৱাহাটী চহৰৰ জনপূৰ্ণ অঞ্চল নহয় সেইটো, ভেটেৰিনাৰী কলেজৰ ছাত্ৰ- প্ৰফেছৰক লৈয়ে তাৰ জন-সমৃদ্ধি আৰু এতিয়া মানুহৰ যিটো জুম বান্ধিছে তাৰো প্ৰায় সকলোবোৰেইযে ছাত্ৰ এবাৰ দেখাৰ লগে লগেই নৰেনে বুজি পালে। কেৱল সেয়ে নহয়, সেই ছাত্ৰসকলৰ মাজত এজনক নৰেনে চিনিও পালে। ত্ৰিদিব, চাৰুৰ ৰুমমেট, চাৰুৰ ওচৰলৈ মাজে মাজে যোৱাৰ ফলত ত্ৰিদিবৰ লগতো চিনাকি হৈছিল নৰেনৰ। আজি পিছে চাৰুৰ ওচৰলৈ যোৱাত সি ত্ৰিদিবক দেখা নাছিল, চাৰুক সোধাত সি উত্তৰ দিছিল কেন্টিনলৈ চাহ খাবলৈ যোৱা বুলি। চাৰুৰ ওচৰত নৰেন বেছিপৰ বহা হ'লে হয়তো চাহ খাই ঘূৰি যোৱা ত্ৰিদিবক সি লগ পালেহেঁতেন, কিন্তু আজি নৰেনৰ হাতত বেছি সময় নাই, গধূলি এটা জৰুৰী কাম কিন্তু গৰমৰ বন্ধ বুলি কাইলৈ চাৰু গাঁৱলৈ যাবগৈ, মাকৰ বাবে দৰৱ আৰু পইচা অলপ আজিয়ে চাৰুৰ হাতত নিদিলে নহয় বাবেহে সি আগত কামটো ৰাখি এনেকৈ আহিছে। তাৰ একে গাঁৱৰ ল'ৰা চাৰুৰ আগে-পিছেও সি এনেকৈ টকা বা বস্তু-বাহানি পঠিয়াইছে বা চাৰুৰেও তাক সি গাঁৱলৈ গ'লে একেদৰেই দূত কৰিছে। চাৰুৱে আজি দুবছৰ হ'ল ইয়াত ভেটেৰিনাৰী পঢ়ি আছে আৰু নৰেনে নিজে আজি চাৰি বছৰৰো ওপৰকাল চৰকাৰী প্ৰকাশন পৰিষদ এটাত লিটাৰেৰী এছিছটেন্ট হৈ কাম কৰি আছে।
- — নিৰুপমা বৰগোহাঞি, ভৱিষ্যতৰ ৰঙা সূৰ্য
- চন্দ্ৰপ্ৰিয়াই যথাসম্ভৱ ওপৰলৈ মেখেলাখন দাঙি শৰীৰৰ নিম্নাংগত জোখাৰ সন্ধান কৰিবলৈ ধৰিলে। উস্, এনেকৈ বোকাপানী ভাঙি আৰু কঠালমূৰী স্কুললৈ যাব নোৱাৰি। জোকে খাই শৰীৰৰ তেজৰ আধ্যাই পেলাব এতিয়া।'বাই, হাতীজোকটো চাচোন, মোৰ সোঁ ভৰিৰ ডিমাতে কামুৰি আছিল- ৰামেশ্বৰীয়ে তেজ পি ঢোল হোৱা জোক এটা জোৰেৰে ভৰিৰ কলা-ফুলৰ পৰা এৰুৱাই আনি ক'লে।চন্দ্ৰপ্ৰিয়াই অলপ পিছ পৰা ভনীয়েকলৈ ঘূৰি চালে, ভনীয়েকতকৈ ভনীয়েক থিয় হৈ জোক আজুৰি অনা ঠাইৰ পানীখিনিলৈহে তেওঁৰ প্ৰথমতে চকু গ'ল- ঘোলাপানীত তেজ মিহলি হৈ এটা অদ্ভুত বৰণ ধৰিছে। চন্দ্ৰপ্ৰিয়াৰ গাটো অলপ শিয়ৰি উঠিল, সেই তেজ যে তেওঁৰ অকণমানি ভনীয়েকজনীৰ তেজ। কিন্তু এয়েইতো প্ৰথম নহয়, ইয়াৰ আগতেও আৰু কতবাৰ এইখিনি বোকাপানীৰ ৰাস্তা অতিক্ৰম কৰিব ল'গা হওঁতে ফুকলীয়া ভনীয়েকে-তেওঁৰ কথাতো বাদেই জোকক কতনো তেজ দিবলগীয়া নহৈছে পঢ়াশুনা কৰাৰ বাবে, ই যেন তেজৰ খাজনাহে। চন্দ্ৰপ্ৰিয়াৰ চুলি ছিঙি নিজকে আকুহি-বাকুহি বখলিয়াবৰ মন যায়, পঢ়াশুনাৰ এই চখটোনো ভগৱানে তেওঁক কিয় এনেকৈ দিলে, গাঁৱৰ আন ছোৱালীবোৰ ঘৰৰ কাম-কাজ লৈয়ে সন্তুষ্ট, কাৰো গৰজ নাই এনেকৈ বোকাপানী গছকি বাটকুৰি বাই ল'ৰাৰ এম ভি স্কুল এখনত পঢ়ি 'পণ্ডিতনী' হ'বলৈ অহাৰ। ইতিমধ্যে লগৰ ছোৱালীবোৰৰ মাজতো তেওঁ 'পণ্ডিতনী' নাম পাইছেই। অন্যান্য নামো পাইছে যেনে গছত উঠেতী, স্বাধীন বস্তু মতাতুংগী ইত্যাদি।
- — নিৰুপমা বৰগোহাঞি, অভিযাত্ৰী
- নীলমণিপুৰ গাঁৱৰ মনোজ মহান্তিয়ে সকলো ছোৱালীকে বেছ ধুনীয়া দেখে। হয়তো সৰুৰে পৰা মাক আৰু ভনীয়েকক দেখি থকাৰ পিছত তুলনাত সকলো ছোৱালীকে এনেকৈ ধুনীয়া দেখে, দেখিবলৈ বাধ্য হয়। মনোজৰ বহুতো সৰু-সুৰা দুৰ্ভাগ্যবোৰৰ ভিতৰত ইয়ো এটা দুৰ্ভাগ্য যে ভনীয়েক ৰেণুকা দেখিবলৈ বেছ বেয়া- মাক অতি কুৰূপা, কিন্তু মাক দেখিবলৈ বেয়া হোৱাটো তাৰ সৌভাগ্য-দুৰ্ভাগ্য একোৱে নহয়, এনেদৰে ভাৱিবলৈ গৈয়ো মনোজে থমকি ৰৈ পুনৰ অন্য ধৰণে ভাবিবলৈ বাধ্য হৈছিল- নাই, নাই মাকৰ ৰূপৰ এই অত্যন্ত ঘাটিটিও তাৰ অন্যতম দুৰ্ভাগ্য বা ৰেণুকা দেখিবলৈ বেয়া হোৱাৰ মূল উৎস। মাক ইমান বেয়া বাবেইতো এনে এজনী কুৎসিৎ জীয়েকৰ জন্ম দিব পাৰিছে। মনোজৰ মাকৰ ওপৰতে অযুক্তিকৰ জাগি উঠিব খোজে, আৰু পিছলৈ খংটো গৈ দেউতাকৰ ওপৰত কূপ খায়গৈ। বহুত খং, বহুত ধৰণৰ খং- যৌতুকৰ বাবে নিজে দেখিবলৈ বেয়া নহৈও এদিন যে এজনী দেখিবলৈ বেয়া ছোৱালীক বিয়া কৰাইছিল তাৰ খং, তাক জন্ম দিয়াৰ বাবে খং, তাৰপিছত নটাকৈ ল'ৰা-ছোৱালীক জন্ম দিয়াৰ খং, সেই নটাৰ ভিতৰত এজনী মাত্ৰ ছোৱালী জন্ম দিয়াৰ দৰে খং শাম কটাৰ কাম এটা কৰিলেও যে চতুৰ্থ সন্তান আৰু এজনী কুৎসিৎ ছোৱালী হিচাপে জন্ম দিলে সেইবোৰ পুনৰ জাগি উঠা খং। এনেবোৰ খঙৰে মালা এডালৰ শেষৰটো খং আছিল তাক কটকৰ ৰেভেনশ' কলেজত পঢ়িবলৈ পঠিওৱাৰ খং। মেট্ৰিক পাছ কৰাৰ পাছতে যদি সি পঢ়া বন্ধ কৰিব পাৰিলেহেঁতেন তেন্তে গাঁৱৰে সহপাঠী বন্ধু ৰত্নাকৰৰ দৰে খেতি-বাতিত লাগি গ'লহেঁতেন, নহ'লেবা অইন এজন বন্ধু মণিকান্তৰ দৰে চাবোন-আলতাৰ ব্যৱসায়ত নামিলহেঁতেন, নহ'লেবা ক্লাছৰ আটাইতকৈ গাধা সহপাঠী বলৰামৰ দৰে পুলিচ হৈ চাকৰিৰ দুবছৰতে পেটটো আকাশত উৰা বেলুন এটাৰ দৰে ঢোল কৰি পেলালেহেঁতেন- ইচ্ বলৰামৰ পেটটো কি ফুলিছে!
- — নিৰুপমা বৰগোহাঞি, ব্ৰহ্মাৰ অস্ত্ৰ
- সকলোৱে হৰি হৰি চিন্তিলে।
বাপেকীটো সৌ সিদিনাহে মৰিল। এতিয়া ল'ৰাটোৰো যাওঁ যাওঁ অৱস্থা হ'ল।ওলাইছেও ওলাইছে একেবাৰে গা ছানি বৰ আই।ল'ৰাটিয়ে সাদিন ধৰি পানী এটোপাও খোৱা নাই।একেবাৰে লাৰচাৰ।মাকজনীয়ে ভগা পঁজাটোত এই দুৰ্ঘোৰ বাৰিষা দিনত কি কৰে এতিয়া!ইপিনে গাঁৱৰ মানুহে খবৰ দিছে নৈয়ে কেতিয়া গৰা খহাই ঠিক নাই।ফেনে-ফোটোকাৰে নৈ উপচি পৰিছে।
- — ড: নিৰ্মলপ্ৰভা বৰদলৈ, জলপদ্ম
- বিখ্যাত ধনী, কোটিপতি, অমৰেন্দ্ৰ চলিহাৰ তিনি মহলীয়া প্ৰসাদটো আন্ধাৰত ডুব গৈ এটা প্ৰকাণ্ড দৈত্যৰ দৰে থিয় হৈ আছিল। এই মাত্ৰ ৰাতি দুটা বাজি গৈছে। ক’ৰবাত এটা-দুটা পোহনীয়া কুকুৰৰ ভেউ-ভেউ শব্দৰ বাহিৰে আন একো শব্দ কানত নপৰিছিল। প্ৰসাদৰ ওপৰ তলাৰ পূব চুকৰ ৰাজআলিৰ ওপৰৰে কোঠাত চলিহা গভীৰ নিদ্ৰাত অভিভূত হৈ আছিল। বাগিচাৰ ঘৰত চলিহা মাজে সময়েহে থাকে, অধিকাংশ দিন চহৰৰ এই প্ৰকাণ্ড প্ৰসাদতেই কটায়।…....চলিহা শোৱা কোঠালীৰ কাষৰ কোঠালীটোৱেই তেখেতৰ প্ৰাইভেট ছেক্ৰেটাৰীৰ শয়নকক্ষ..........টোপনিত লালকাল।
- — ড৽ ভবেন্দ্ৰ নাথ শইকীয়া, আতঙ্কৰ শেষত
- বহুত দিনৰ আগতে এই ঠাই ডোখৰত এখন হাবি আছিল। চহৰৰ আশে-পাশে থকা য়েনেকুৱা পুৰণি হাবিৰ কথা উলালেই বুঢ়াসকলে-তাত দিনতে বাঘ ওলাইছিল, অমুকে তাত কেটেলা পহু ধৰি কলিকতালৈ চালান দিছিল,-ইত্যাদি কাহিনী কয়, এই খিনিত থকা হাবিখনো তেনেকুৱা আছিল। আচলতে হাবিখনত কি কি আছিল কোনেও আজি সঠিককৈ কব নোৱাৰে। কেৱল হাবিখনৰ কাষেদি ৰেলৰ আলি বহুৱাবৰ সময়ত সুকুমাৰ মণ্ডল নামৰ বনুৱাৰ মহৰী এজনে প্ৰকাণ্ড অজগৰ সাপ দেখা বুলি হিউবাৰ্ট নামৰ ইঞ্জিনিয়াৰ এজনে গুলী কৰি সাপডাল মৰা বুলি, আৰু সাপডালৰ ছালখল বাৰ্মিংহামত থকা তেঁওৰ মাক-দেউতাকলৈ পঠিয়াই দিয়া বুলি ৰেল বিভাগত আজীৱন চাকৰি কৰা এজন মানুহৰ হাতে-লিখা আত্মজীৱনীৰ পৰা জনা যায়।
- — ড৽ ভবেন্দ্ৰ নাথ শইকীয়া, ৰম্যভূমি
- ঘৰবোৰৰ মূধৰ ওপৰৰ সোণাৰু, বেল, তামোল গছ কেই জোপাৰ মাজেদি ওলাই থকা আকাশকণৰ তৰাবোৰ মনিব নোৱাৰা হৈ আহিল। সেইকণ আকাশত মাত্ৰ এটা শক্তিশালী তৰা আছিল। সেই তৰাটোৰ তিৰবিৰণিটো তাৰ বাচি থাকিবলৈ চেষ্টা কৰাৰ ছটফটনি যেন লাগিল। পাতল বতাহত লৰি থকা তামোল পাত এটাই তৰাটোক বিচি থকা যেন দেখা গ’ল।ওচৰতে ক’ৰবাত চৰাই এটাই চেক-চেক চেক-চেককৈ চিঞৰিলে। পাচ মুহূৰ্ত্ততে কোনোবা এঘৰত কেঁছুৱা এটাই দীঘল দীঘল শব্দেৰে কান্দিবলৈ আৰম্ভ কৰিলে। মেনকাৰ এনেকুৱা লাগিল যেন চৰাইটোৰ মাতটো শুনিহে কেছুঁৱাটোৱে কান্দিলে; কেইঘন্টামানৰ আগতে দূৰত শিয়ালৰ হোৱা শুনি এই চুবুৰিটোৰ কুকুৰ কেইটাই যেনেকৈ ভুকিছিল, তেনেকৈ।
- — ড৽ ভবেন্দ্ৰ নাথ শইকীয়া , অন্তৰীপ
- “A genius does what he must A talent does what he can.”
অৰ্থাত অকল গুণ থকা মানুহে যি পাৰে সেইকণহে কৰে। অতি প্ৰসৰ বুদ্ধিৰ সৃজনী প্ৰতিভা থকা লোকে যি কৰিব লাগে, সেইখিনি কৰিবই। সন্দেহ নাই, জ্যোতিপ্ৰসাদ আছিল মহাপ্ৰতিভাসম্পন্ন লোক। এই গৰাকী মহান শিল্পীৰ লগত মোৰ সান্নিধ্যৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমে মোৰ শৈশৱৰ বিষয়ে ক'ব লাগিব।
- — ড৽ ভূপেন হাজৰিকা, জ্যোতি ককাইদেউ
- বিপুলৰ মাকে জিকাটো দুটুকুৰা কৰি কটাৰীৰ আগেৰে সেইটোৰ মঙহ অকণমান মুখত দিলে; আগদাঁতেৰে সেইকণ চোবাই গম ল'লে- জিকাটো তিতা নে কি। কিছুমান জিকা আৰু ভোল তিতা হয়; সেইকাৰণে জিকা আৰু ভোল ৰান্ধিবলৈ ল'লেই তেওঁ আগতে অকণমান খাই চায়।
- — ড৹ ভবেন্দ্ৰ নাথ শইকীয়া, মৰমৰ দেউতা
- ৰামেশ্বৰম্ পূৰ্বৰ মাদ্ৰাজ,বৰ্তমান তামিলনাডু ৰাজ্যৰ এখন দ্বীপ নগৰী। ইয়াতেই এটি মধ্যবিত্ত পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ পিতৃ দেৱতা জয়নালআবেদীনৰ কোনো আনুষ্ঠানিক শিক্ষা-দিক্ষা নাছিল-আঢ্যৱন্ত ব্যক্তিও নাছিল তেওঁ। তেওঁ অৱশ্যে বুদ্ধিমান আৰু প্ৰকৃতাৰ্থত,এজন উদাৰমনা লোক আছিল। মোৰ মা আচিয়াম্মা,তেওঁ এগৰাকী আদৰ্শ ধৰ্মপত্নী আছিল। তেওঁ নিতৌ কিমান যে মানুহক আপ্যায়িত কৰিছিল মোৰ এতিয়া মনত নাই।কিন্তু এটা কথা মোৰ জল্জল্ পট্পট্কৈ মনত আছে যে আমাৰ যৌথ পৰিয়ালটোত যিমান বোৰ মানুহ আছিল,তাতকৈ বহু-বেছি সংখ্যক মানুহে আমাৰ ঘৰত খোৱাবোৱা কৰিছিল।.....।দেখাই-দৰকানে ওখ-ডাঙৰ আৰু সুশ্ৰী মা-দেউতাৰ কেবাটাও লৰা-ছোৱালীৰ মাজত মই দেখাত তেনেই চুটি-চাপৰ আৰু সাধাৰণ চেহেৰাৰ আছিলো।...। অনুবাদঃসুৰেশ শৰ্মা।সহযোগী লেখকঃঅৰুণ তেৱাৰী। ‘ৰামেশ্বৰমৰ পৰা ৰাষ্ট্ৰপতি ভৱন-এক সফল পৰিক্ৰমা অগ্নিৰ ডেউকা ড. এ পি জে আব্দুল কালামৰ আত্মকথা।’
- ৰাতিপুৱা ৰবীন্দ্ৰ-সংগীতৰ সুৰত নিখিলৰ টোপনি ভাঙিল। এটি আগেয়ে নুশুনা গান। কাণ দুখন অলপ সজাগ কৰি তাৰ কথাবোৰ বুজিবৰ সি এবাৰ ব্যৰ্থ চেষ্টা কৰিলে। চকু মেলি সি দেখিলে কোঠাত তাৰ স্বচ্ছ পোহৰ। খিৰিকিৰ ফুটাৰ ভিতৰেৰে বাহিৰৰ সূৰ্য-ৰশ্মি ভিতৰলৈ এটা সৰু ৰেখাৰে সোমাই আহিছে, ইতস্ততঃ বিক্ষিপ্ত ধূলিকণাৰ সহায়ত স্পষ্ট দেখা গৈছে তাৰ পথ। পোহৰৰ ঋজুৰেখ গতি...
- -সৌৰভ কুমাৰ চলিহা,অশান্ত ইলেক্ট্ৰন
- "তোমাক দেখি তাই বৰ ভাল পালে চাগৈ, নহয়?"
"অ', বৰ ভাল পালে। বৰ ভাল পালে। বেচেৰীৰ একেবাৰে কি কৰোঁ কি নকৰোঁ লাগি পৰিল, এবাৰ মোৰ হাতত ধৰিলে, এবাৰ সৰুবাপৰ হাতত ধৰিলে, এবাৰ ইটো উলিয়ালে, এবাৰ সিটো উলিয়ালে, বহিবলৈ চকীখনকে দিব নে মুঢ়াটোকে দিব -" "অ', হ'বতো। তাই নো বাৰু ভাবিছিল নে অত বছৰৰ মূৰত হঠাতে তুমি এনেকৈ গৈ ওলাবাগৈ, নিজে বিচাৰি উলিয়াবা। আৰু ৰমেশ?" "অ', নাই, ৰমেশক নাপালোঁ। অলপৰ কাৰণে নাপালোঁ।" "এঃ।"
- -সৌৰভ কুমাৰ চলিহা,দুপৰীয়া
- নদী। নদী! সদায় যেন তাক কিবা এটাই নদীখনৰ পিনেহে টানিছে, যেন ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত কিবাকৈ জঁপিয়াই পৰিব পাৰিলে তাৰ আৰু কোনো ভয় নাই, যেন সেয়ে তাৰ শেষ আশ্ৰয়, তাৰ সকলো আতংকৰ সমাপ্তি, সকলো কষ্টৰ অৱসান- যেন ব্ৰহ্মপুত্ৰৰ দুৰ্বাৰ সোঁতে ভহাই লৈ যাব তাৰ সমস্ত ক্লান্তি, যেন ব্ৰহ্মপুত্ৰৰ খৰ ধাৰাই ধুই নিব তাৰ সকলো ক্ষত, সকলো যন্ত্ৰণা-
- -সৌৰভ কুমাৰ চলিহা,এহাত ডবা
- [মঞ্চৰ ওপৰত অশোক বৰঠাকুৰ। বস্তু-বাহানিৰে ঠাহ খোৱা কোঠালি।]
অসম্ভৱ-অসম্ভৱ-অসম্ভৱ [চাৰিওপিনে চায়, আগুৱাই আহে, বস্তু-বাহানিত বাৰে বাৰে ধাক্কা খায়] এইটো মানুহ থাকা ঘৰ নে মৰাপাটৰ গুদাম! ইয়াত মানুহ থাকে! আৰু কিমান বাৰ ক'ম-ভট্টক আৰু কিমান বাৰ ক'ম, হয় মোক ভেকেন্ট হোৱা ডাঙৰ ৰুমটো দিয়ক বা ষ্ট'ৰ ৰুমটোকে ৰিপেয়াৰ কৰাই দিয়ক, ইমানবোৰ বস্তু-বাহানি লৈ কি দম বন্ধ হৈ মই ইয়াত মৰা পৰিম। নাই, ভট্টই কিয় শুনিব-লেণ্ডগুলৰ্ড জাতটোৱেই সেই, ভট্টও লেণ্ডলৰ্ডহে তেও, তেওঁ কিয় ভাৰাতীয়াৰ সুবিধা-অসুবিধালৈ চাব-ৰেগুলাৰ ভাৰা পাইছে, কোনো ট্ৰাবল্ নাই, আৰামচে আছে, মোক ডাঙৰ আহল-বহল ৰুমটোৱেই বা একে ভাৰাতে দিব কিয়, ষ্ট'ৰ ৰুমটোকেই বা মেৰামত কৰাই দিব কিয়-কিহৰ গৰজ, ভট্টৰ কিহৰ গৰজ। [কথা কৈ-কৈ জেপৰপৰা কলমডাল উলিয়ায় আৰু অন্যমনস্ক হৈ চকী এখনত ধাক্কা খায়, বিৰক্ত হয়] ইম্-পচিল্। [বহিবলৈ ঠাই এডোখৰ বিচাৰে, কিন্তু চকীবোৰত কিতাপ, কাগজ, বটল ইত্যাদি ভৰ্তি, আৰু বিছনাখনতো।
- -সৌৰভ কুমাৰ চলিহা,গোলাম
- ‘বাপুকণ!অ’ বাপুকণ!’
গৰমৰ বন্ধৰ দুপৰীয়া।ভাত-পানী খায়উঠি ঘৰৰ দাঙৰ মানুহ সকলোৱে জিৰণি লৈছে। বাপুকণৰ দেউতাকে এহাতে বিচনী আৰু আনহাতে এখন কিতাপলৈ চৰাঘৰৰ বিচনাত দীঘল দিছে।মাকে পিৰালিতে তামোলৰ বটাখন আগতলৈ তামোলৰ সেলেঙি লগাই ওচৰৰে কণপোনাৰ মাকৰ লগত বিয়নী-মেল পাতিছে আৰু দুবছৰীয়া পেট-মোচা জীয়েকজনীৰ ঘামচি ভাঙিছে।বাপুকণৰ বায়েকে খুব গৰম বুলি বিছনাত নুশুই এখন ডাঙৰ কল পাত কাটি আনি মাটিতে পাৰিলৈ শুই আছে।.......।--হোমেন বৰ গোহাঞি, ‘সাউদৰ পুতেকে নাও মেলি যায়।’
- বতৰ বহুত দিন খৰাং থাকি শাওনৰ তৃতিয় দিনৰ পৰা বৰষুণ দিবলৈ আৰম্ভ কৰিলে।যোৱা দুমাহ ধৰি আকাশখনো অবিৰাম জুই বৰষিছিল।পথাৰবোৰ চিৰাল-ফটা দি শিল যেন টান হৈ পৰিছিল,খাল-বিলৰ পানী শুকাই গৰম বোকাত গৰৈ,খলিহা মাছবোৰ মৰি গেলিবলৈ আৰম্ভ কৰিছিল,খেতিয়কবোৰৰ চকুত ভয় আৰু দুৰ্ভাৱনা পুঞ্জীভুত হৈ পৰিছিল। অৱশেষত শাওনৰ তৃতীয় দিনা মাজ-ৰাতিৰ পৰাই বৰষুণ দিবলৈ আৰম্ভ কৰিলে।মেঘৰ এটা ডাঙৰ ঢেৰেকনি শুনি ৰসেশ্বৰ খক্ মক্ কৈ সাৰ পাই উঠিল।......।-হোমেন বৰ গোহাঞি,‘হালধীয়া চৰায়ে বাও ধান খায়।’
- দিলীপে কলেজলৈ যাবলৈ বুলি পোছাক পান্ধিবলৈ আৰম্ভ কৰিছিল মাত্ৰ,ঠিক তেনে সময়তে কলিং বেলটো বাজি উঠিল।এই সময়ত কোননো আহিল বুলি ভাবি তেওঁ মনে মনে খুব বিৰক্ত হ’ল।পদে পদে ঘড়িৰ কাঁটাৰ নিৰ্দেশ মানি চলা তেওঁৰ অভ্যাস।এতিয়া যদি মাত্ৰ পাচঁ মিনিত সময়ো তেওঁ দৰ্শনাৰ্থীৰ কাৰনে খৰচ কৰিব লগা হয়,তেন্তে কলেজৰ দহ বজাৰ ক্লাছটোৰ কাৰণে তেওঁ কোনোমতেই থিক সময়ত উপস্থিত হবগৈ নোৱাৰিব।-হোমেন বৰ গোহাঞি।‘অস্তৰাগ’
- ম’হঘুলি গাঁৱত বাতৰি-কাকত লোৱা মানুহ এজনো নাছিল।গাঁওখনত লিখা-পঢ়া জনা মানুহ যে একেবাৰে নাছিল এনে নহয়; কিন্তু আটাইবোৰেই হালোৱা-চহোৱা মানুহ,বাতৰি কাকত পঢ়িবলৈ কাৰোৱেই সময় নাই।অৱশ্যে শিৱনাথ ফুকনৰ কথা সুকীয়া। তেওঁ এজন সৰু-সুৰা জমিদাৰ। গাওঁ খনত খেতিৰ উপযোগী যিমানখিনি ভাল ৰুপিত মাটি আছে-সেই গোটেইখিনিৰে গৰাকী তেঁৱেই।-হোমেন বৰ গোহাঞি।‘পিতাপুত্ৰ’
- স্বাস্থ্যৰ বিষয়ে লিখিবলৈ বা আনক উপদেশ দিবলৈ মোৰ কোনো যোগ্যতা আৰু অধিকাৰ নাই।কিন্তু অলিভাৰ ছেক্ছ নামৰ এজন পণ্ডিতৰ এষাৰ কথাই স্বাস্থ্যৰ বিষয়ে লিখিবলৈ মোক সাহস দিছে।তেওঁ কৈছে-kinship is healing;we are physician to each other।'মানুহৰ পৰস্পৰৰ প্ৰতি আত্মীয়তাৰ অনুভুতি এটা নিৰাময়কাৰী শক্তি; আমি সকলো মানুহেই ইজনে সিজনৰ চিকিতসক হব পাৰোঁ'।আমি কিবা সমস্যাৰ সন্মুখীন হলে আত্মীয় স্বজনৰ লগত কথা পাতি নিজৰ চিন্তাৰ ভাৰ পাতলাওঁ।অনেক সময়ত তেনেকৈ কথা পাতিয়েই আমি সমস্য়াৰ সমাধানো বিচাৰি পাওঁ।-হোমেন বৰ গোহাঞি। ‘জীয়াই থকাৰ আনন্দৰ প্ৰধান উতস স্বাস্থ্য’
- জালুকবাৰী যৌৱন নগৰী।যৌৱনৰ উচ্ছল তৰঙ্গ চিৰপ্ৰবাহমান এই নগৰীত। যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্য়ালয়ত প্ৰতি বছৰে আহি নাম ভৰ্ত্তি কৰি হোষ্টেলবোৰত বাস কৰে। তদুপৰি এই অঞ্চলৰ শদিলাপুৰ,গাড়ীগাওঁ,ধাৰাপুৰ,সুন্দৰবড়ী,মালিগাওঁ,আদাবাৰী,উত্তৰ জালুকবাৰী,লঙ্কেশ্বৰ,খানামুখ আদি গাওঁত ঘৰ ভাৰা কৰি ছাত্ৰ-ছাত্ৰীসকল থাকে। সেই সকল ডেকা বয়সৰ ছাত্ৰ-ছাত্ৰীৰে সমগ্ৰ জালুকবাৰী অঞ্চল যৌৱনমুখৰ হৈ থাকে। ডেকা-ডেকেৰী য’ত যৌৱন ত’ত। যৌৱনৰ উত্তাল তৰঙ্গত মুখৰিত হৈ থাকে জালুকবাৰীৰ বাট-ঘাট,দোকান -পোহাৰ। সেই কাৰণে জালুকবাৰীক চিৰযৌৱনা বুলি কোৱা হৈছে।-হিতেশ ডেকা।গাঁৱৰ মানুহ
- মোৰ নাম সুবালা।কিন্তু মোৰ পৰিচিত বন্ধুবোৰে আৰু পুলিচে মোৰ নাম সুবালা বুলি ক'লে বিশ্বাসেই নকৰিব।সিহঁতে কোনেও মোক সুবালা নামেৰে নাজানে।মোৰ যে কিমান নাম আছে,তাৰ হিচাপ মই নিজেই পাহৰি গৈছো।পৃথিৱীত যিমানটা মানুহৰ লগত মোৰ পৰিচয় আছে প্ৰায় সিমানটাই মোৰ নাম,অৰ্থাৎ প্ৰত্যেকটো মানুহৰ কাৰণেই মোৰ বেলেগ নাম।যি কেইটা নাম মোৰ এতিয়াও মনত আছে সেই কেইটা হ'ল চকোৰী,ৰাণী,কুসুম,বীণা,পাপৰি,ময়না,মধুমতী,ৰুচ্কি সোণালী,নয়নতৰা,চুকৰি,হৰিণী,বাসন্তী,বসস্তসেনা।ইয়াৰ বেছি ভাগ নামেই মই নিজে সজা নহয়,মোৰ বন্ধুবোৰে দিয়া।কোন সময়ত মোক কোনে কি নাম দিছিল,সেইবোৰ কথা মই পিছত ক'ম।কিন্তু এটা কথা এতিয়াই খুব ভালকৈ কি থোৱা উচিত।মোৰ আচল নাম সুবালা।এই নামেৰে মোক কোনোবাই জানক নাজানক,মোৰ আচল নাম সুবালা।-হোমেন বৰগোহাঞি,‘সুবালা’।
- ভাৰতৰ আটাইতকৈ বিখ্যাত আইনজ্ঞসকলৰ ভিতৰত এজন হ’ল ননী পাল্কিৱালা। কিন্তু আইনৰ ব্যৱসায় কৰি ধনকুবেৰ হোৱাৰ কাৰণে তেওঁ বিখ্যাত হোৱা নাই; তেওঁ বিখ্যাত হৈছে এজন আইনজ্ঞ হিচাপে সমাজলৈ আগবঢ়োৱা মূল্যৱান সেৱাৰ কাৰণে। ব্যক্তিৰ আৰু সমাজৰ স্বাৰ্থ-ৰক্ষাৰ কাৰণে ননী পাল্কিৱালাই বহুবাৰ চৰকাৰৰ বিৰুদ্ধে আইনৰ যুদ্ধত অৱতীৰ্ণ হৈছে। সেইকাৰণে ভাৰতৰ মানুহে তেওঁক গভীৰভাৱে শ্ৰদ্ধা কৰে।-- হোমেন বৰগোহাঞি, ‘জীৱনৰ পৰা আমি কি বিচাৰোঁ।’।
- আত্মজীৱনীৰ এই খণ্ডত মোৰ জীৱনৰ যি পৰ্বৰ বিৱৰণ দিবলৈ ওলাইছোঁ ক’বলৈ গ’লে তাৰ নানা খকাখুন্দা আৰু খেলিমেলিৰ সোঁতত সাঁতুৰি-নাদুৰিহে মই আজিৰ মানুহটো হৈছোঁ৷ কেতিয়াবা ঢোকাঢোকে পানী খাইছোঁ, কেতিয়াবা চাকনৈয়াত পাকঘূৰণি খাইছোঁ, কিন্তু জান বচাবৰ বাবে আৰু প্ৰাৰদ্ধ কাম সমাপ্ত কৰিবলৈ প্ৰাণপণে সাঁতুৰিছিলোঁ। ৰাজহুৱা কামৰ বাবে মোৰ বোধহয় কিছুমান গুণ নাছিল,আজিও সেইবোৰ ভালদৰে আয়ত্ত কৰা বুলি ক’ব নোৱাৰিলোঁ। ধৈৰ্য, আগপাছ
বিবেচনা,পৰিপাটি কাৰ্য সম্পাদন,এইবোৰ গুণত মোৰ ঘাটি আছে। আনহাতে সাহস,উদ্যোগ,তৎপৰতা আৰু বিপদৰ সময়ত কৌশলেৰে উদ্দেশ্যসিদ্ধি কৰাৰ ক্ষমতা কিছু পৰিমাণে আছিল বা হৈছিল।মোৰ নিজৰ বিষয়ে ধাৰণাও লাহে-লাহে পৰিষ্কাৰ হ’বলৈ ধৰিছিল এই পৰ্যায়তহে।——হীৰেন গোহাঁই, ‘ইমান তিতা সাগৰৰ পানী। আত্মজীৱনীৰ চতুৰ্থ খণ্ড’।
- ৰাস্তাটো বোকা। দুয়োফালে পথাৰ। নৰেন্দ্ৰ নাথ চৌধুৰীৰ পুৰণা চৰকাৰী জীপখনে ক'লা ধোঁৱা বেছিকৈ উৰুৱাইছে; পুৰণা টায়াৰকেইটা বোকাৰ মাজত যে ফচি যোৱা নাই, সেইটোৱেই ডাঙৰ কথা!
"এইটোক যে আৰু ৰাস্তা বুলি ক'ব নোৱাৰি।" নৰেন্দ্ৰ নাথ চৌধুৰীয়ে ভাবিলে, -"ওহোঁ। সস্তাত পাইছোঁ বুলিয়েই এই অঞ্চলত মাটি কিনা, ইয়াত ঘৰ সাজি থাকিবলৈ লোৱা, ওহোঁ।" কাষত বহি অহা পৰিবাৰলৈ চালে চৌধুৰীয়ে; ভবা কথাখিনি মুখলৈ আনিব খুজিও নানিলে।" -হিৰণ্য কাশ্যপ,সময়
- কোনো এক চহৰত এজন ৰজা আৰু তেওঁৰ এগৰাকী ৰাণী আছিল। তেওঁলোকৰ তিনিগৰাকী পৰম ৰূপৱতী কন্যা আছিল।তাৰে প্ৰথম দুগৰাকী অতি ৰূপৱতী যদিও, তেওঁলোকৰ সৌন্দৰ্যৰ বৰ্ণনা আছে।কনিষ্ঠ গৰাকীৰ ৰূপৰ বৰ্ণনা নাই।তেওঁৰ ৰূপৰ জুইকুৰা ভাষাই স্পৰ্শ কৰিব পাৰে বুলি কল্পনাকে কৰিব নোৱাৰি। এই ৰূপৰ কথা দেশে- বিদেশে বিয়পি পৰিছিল। ই শেষত ৰূপ-কথাত পৰিণত হৈছিল। এই অপৰূপ ৰূপ দৃষ্টিত মানুহে তবধ মানিছিল। এই সৌন্দৰ্যতো মৰ্ত্ত্যলোকৰ নহয়! হবই নোৱাৰে।এইয়া মৰ্ত্ত্যলোকত স্বয়ং ময়াপী কন্যা ভেনাছৰ আৱিৰ্ভাৱ। এনেকৈয়ে মনক প্ৰবোধ দি সমাগত জন-সাধাৰণে তেওঁৰ ৰূপৰ অৰ্চ্চনা কৰিবলৈ লৈছিল। —— হেম বৰুৱা, কিউপিড আৰু ছাইকী
- অমলৰ নিজৰ অকণো ইচ্ছা নাছিল, কিন্তু বন্ধুসকলৰ দাবীৰ ওচৰত তেওঁ সেও মানিবলৈ বাধ্য হ'ল। তেওঁ নতুনকৈ ভাড়া-ঘৰ এটা লৈছে, সিও পৰিয়াল থকা মানুহ এজনৰ নিজৰ থকা ঘৰৰ এটা অংশ মাথোন; তাৰ কাৰণেই ম'হতকৈ শিং চৰা কৰি গৃহ-প্ৰৱেশৰ উৎসৱ এটা পতা নিশ্চয় শোভা নেপায়। তদুপৰি মাতিলে প্ৰিন্সিপালকে ধৰি কলেজৰ আটাইকেইজন অধ্যাপককেই মাতিব লাগিব, এজনক মাতি এজনক বাদ দিয়াটো বৰ অন্যায়ৰ কথা হ'ব। কিন্তু অমলৰ যিহে ঘৰ, আটাইকেইজন অধ্যাপক আহিলে একেলগে বহি ভাত খোৱা দূৰৰ কথা, থিয় হৈ থাকিবলৈকো ঠাই নহ'ব। সাতে-পাঁচে ভাবি ঘৰ লোৱা উপলক্ষে কোনো উৎসৱ পাতিবলৈ অমলৰ অকণো ইচ্ছা নাছিল। কিন্তু গণেশে নেৰিলে। তেওঁ তৎক্ষণাৎ অমলৰ সমস্যাৰ সমাধান বাহিৰ কৰি দিলে। গোটেই ষ্টাফক মাতিবৰ একো দৰকাৰ নাই। সকলোৱেই জানে যে ষ্টাফত দুটা দল আছে: বুঢ়াৰ দল আৰু ডেকাৰ দল, অৰ্থাৎ বিৱাহিতৰ দল আৰু ডাং-বৰলাৰ দল। কমন ৰূমত যিকোনো বিতৰ্কমূলক কথা ওলালেই গোটেই ষ্টাফ্ আপোনা- আপুনি এই দুটা দলত ভাগ হৈ পৰে। অমলে তেওঁৰ পাৰ্টিলৈ ডেকাকেইজনক মাতিলেই হ'ব। বুঢ়াসকলে বুজিব। ইয়াৰ পিছত অমলৰ ক'বলৈ আৰু কথা নেথাকিল। তদুপৰি গণেশে নিজে নিজেই অমলৰ ওপৰত এনে এটা স্নেহ আৰু আত্মীয়তাৰ দাবী কৰি বহিছে যে তেওঁৰ অনুৰোধ উপেক্ষা কৰাও অমলৰ পক্ষে কোনোৰকমেই সম্ভৱ নহয়। আচলতে গণেশৰ স্বভাৱটোৱেই তেনে।
- —— হোমেন বৰগোহাঞি,তান্ত্ৰিক
- ১৯৬৯ চন: পহিলা এপ্ৰিল
ৰাতিপুৱাৰ চাহ-জলপান শেষ কৰি গোপীনাথ মহস্তই গুড়গুড়ীটো লৈ বহিছিল মাত্ৰ, এনেতে হকাৰে বাতৰিকাকতখন দি গ'ল। নিষ্ঠাবান মুছলমানে নামাজ পঢ়াব দৰে বা ব্ৰাহ্মণে গায়ত্ৰী জপ্ কৰাৰ দৰে মহন্তইয়ো ঠিক এই সময়তে দিনটোৰ বাতৰিকাকতখন পৰম নিষ্ঠাৰে সৈতে পাঠ কৰে। তেওঁৰ বাকী গোটেই দিনটোৰ কাৰ্যসূচী, মন-মেজাজ আৰু চিন্তা-ভাবনা বহু পৰিমাণে নিৰ্ভৰ কৰে এই বাতৰিকাকতখনৰ ওপৰতে।
- —— হোমেন বৰগোহাঞি,কুশীলব
- 'এনে এটা সঙ্কট কেৱল মোৰ জীৱনতেই অহা নাই। অতীততো হাজাৰ হাজাৰ মানুহৰ জীৱনত আহিছিল, ভবিষ্যতেও হাজাৰ হাজাৰ মানুহৰ জীৱনত আহিব। প্লেটোৰ 'ৰিপাব্লিক'ত আডিমেন্টাছে দুজন মানুহৰ জীৱনৰ ছবি আঁকিছিল। এজন মানুহ আছিল ভয়ঙ্কৰ পাপী আৰু চয়তান। কিন্তু তাৰ সমস্ত জীৱন অতিবাহিত হ'ল পৰম সুখত। মৃত্যুৰ মুহূৰ্ততো সি লাভ কৰিলে সকলো মানুহবে শ্ৰদ্ধা আৰু সম্মান। আনজন মানুহে সমস্ত জীৱন অশেষ দুঃখ বৰণ কৰি সৎ পথত চলিও সকলোৰেপৰা পালে কেৱল নিন্দা, অপবাদ আৰু ধিক্কাৰ। কেৱল সেয়ে নহয়, অৱশেষত তেওঁক ক্ৰুছবিদ্ধ কৰি হত্যা কৰা হ'ল। এই দুজন মানুহৰ আৰ্হি দেখুৱাই আডিমেন্টাছে প্লটিনাছক প্ৰশ্ন কৰিলে: 'তুমি এই দুটা জীৱনৰ ভিতৰত কোনটো জীৱন বাছি ল'বা?' প্ৰটিনাছে উত্তৰ দিলে-'যি মানুহে কেৱল সততাৰ কাৰণেই সৎ জীৱন বাছি নলয়, অৰ্থাৎ কিবা পুৰস্কাৰৰ আশাতহে সৎ জীৱন কামনা কবে, তেনে মানুহে আচলতে কেতিয়াও সৎ জীৱন কামনা নকৰে।'
- —— হোমেন বৰগোহাঞি,তিমিৰতীৰ্থ
- ছবিত সাগৰ দেখিছোঁ। নীলা সাগৰ। কিতাপতো ইয়াৰ বৰ্ণনা পঢ়িছোঁ, বিশেষকৈ কবিতাত; লৰ্ড বাইৰন্, জন্ মেছফিল্ড আদিৰ কবিতাত। সেই যেঃ "নীলিম সলিল ৰাশি, বাধাহীন উৰ্মিমালা, আছে দূৰ দিগন্ত বিয়াপি।” ইয়াৰ আগতে 'দিগন্ত বিয়াপি' থকা সাগৰৰ সীমাৰেখা চকুৰ পৰ্দাত তেনেকৈ ধৰা পৰা নাছিল। পোনতে সাগৰ দেখিছিলোঁ, আজি তিনি বছৰৰ আগতে ব্ৰহ্মদেশলৈ যাওঁতে। সেয়া সাগৰৰ চকামকা পোহৰহে। ভমককৈ চকুৰ আগত দেখা দি, আকৌ নোহোৱা হোৱা। ৰূপালী পৰ্দাৰ চলন্ত ছবি যেন।... আজি সাগৰ দেখিছোঁ, চকামকাকৈ নহয়, একেৰাহে। এইয়া সাগৰ কবিৰ কল্পনাৰ সাগৰ নহয়, আচল সাগৰ, পাৰ নেদেখা মহাসাগৰ।
- —— হেম বৰুৱা,সাগৰ দেখিছা
- দিল্লীত তেতিয়া বৰ জাৰ। বেলিটো নিতৌ ওলায়। তথাপি জাৰৰ প্ৰকোপ নকমে। দক্ষিণ-পূব এছিয়াৰ দেশকেইখনমান ভ্ৰমণ কৰিবলৈ ওলালোঁ। মোৰ সৰু ল'ৰাটোৱে ক'লে- "দেউতা, গৰম কাপোৰ নহ'লেও হ'ব। এইবোৰ বিষুবৰেখাৰ দাঁতিকাষৰীয়া দেশ। জাৰৰ • দিনতো সেইবোৰত গৰম।” টাইলেণ্ডৰ ৰাজধানী বেংকক চহৰত উপনীত হৈ বুজিলোঁ, সি ঠিকেই কৈছিল। চহৰত তেতিয়াও বিজুলী বিচনী চলিছে।
- —— হেম বৰুৱা,মেকং নৈ দেখিলোঁ
- 'আহিব পুৱাই ৰাতি? আহিব লগত দিঠকৰ যত গ্লানি, দুখ আৰু ভুল?সপোনৰ সোঁৱৰণী এৰি যাবা তোমাৰ খোপাৰ ৰঙা এটি কৰবীৰ ফুল।'কবি প্ৰিয়াৰ খোপাত 'ৰঙা এটি কৰবীৰ ফুল' জলমলাই উঠাৰ দৰেই মাটিৰ বান্ধোন এৰি বিদেশমুখী আমাৰ প্লেনখন আকাশৰ জখলা বগাই উঠাৰ লগে লগেই সুদূৰ মস্কো চহৰৰ 'ৰঙা' অস্পষ্ট ছবি এখন মোৰ কল্পনাত জলমলাই উঠিছিল। দিল্লীৰ উত্তাপসনা বায়ুমণ্ডল ভেদ কৰি আমাৰ প্লেনখন,- নাম 'ৰাণী অব্ বিজাপুৰ', একে কোবেই পোন্ধৰ হাজাৰ ফুট ওপৰলৈ উঠিছিল। আমাৰ আৰু এৰি অহা পৃথিৱীখনৰ মাজত একোৱেই নাছিল- মাথোন পুৱাৰ কেঁচা ৰ'দত চিমিকাই থকা ডাৱৰৰ পৰ্বতবোৰ।
- -হেম বৰুৱা,ৰঙা কৰবীৰ ফুল
- নিশাৰ নিস্তব্ধতাক ডোখৰ ডোখৰ কৰি আমাৰ জেট্ বিমানখন আকাশলৈ উঠিল, শত্ৰু-সৈন্যৰ সন্মুখীন হ'বলৈ আগ বঢ়া এটা অশ্বাৰোহীৰ দলহে যেন। প্লে'নৰ ভিতৰত আছিল এধানমান শেঁতা পোহৰ। আমি দিল্লীৰ বিমান- এৰিছোঁ মাথোন। তেল-এভিভ চহৰ এতিয়াও বহু দূৰত। প্লে'নৰ খিৰিকীৰে বাহিৰলৈ দুবাৰ নে এবাৰ ভুমুকিয়াই চালোঁ। কেউপিনে আকাশ আৰু আকাশ। তৰাজাক গ'ল? মধ্যাহ্নৰ মৰিশালিত নে, বিৱাহিতা নাৰীৰ ওৰণি-আঁৰত কুমাৰী জীৱনৰ কোনোবা প্ৰিয়জনৰ স্বপ্ন লুকাই থকাৰ দৰে সিহঁত লুকাই থাকে? এই অসময়ত সিহঁত লুকাইছে কিয়? ৰবি ঠাকুৰে তেন্তে কিয় কৈছিল-
"ৰাতেৰ সব তাৰাই আছে দিনেৰ আলোৰ গভীৰে।' দিনৰ গভীৰ ৰবি-ৰশ্মিৰ বুকুত সিহঁত লুকাই থকাৰ কথা জানো। এতিয়া নিশা লুকাইছে কিয়?
- -হেম বৰুৱা,ইজৰাইল
- সংস্কৃতি হৈছে এক প্ৰকাৰ জীৱন-পদ্ধতি- বুৰঞ্জী আৰু সমাজতত্ত্বৰ তত্ত্বকথাই এইষাৰ কথাকে প্ৰমাণ কৰে। আচলতে সংস্কৃতি হৈছে সামাজিক প্ৰকাশ। কোনো কোনোৱে সংস্কৃতি আৰু সভ্যতা দুয়োটাকে একেটা বস্তু বুলি ক'ব খোজে। সূক্ষ্ম বুৰঞ্জী জ্ঞানে এইষাৰ কথাক সমৰ্থন নকৰে। সংস্কৃতি সভ্যতা নহয়, সভ্যতাও সংস্কৃতি নহয়। সংস্কৃতি সভ্যতাৰ পটভূমিত গঢ়ি উঠে যদিও উচ্চ পৰ্যায়ৰ সংস্কৃতিবিহীন সভ্যতাৰ উদাহৰণো ইতিহাসত নথকা নহয়। সভ্যতাৰ অৰ্থ হৈছে সুশৃংখল সমাজ- সংগঠন- এনে এখন সমাজ য'ত সংস্কৃতিয়ে নিৰলে পোখা মেলিব পাৰে। আমি পাশ্চাত্য সভ্যতাৰ কথা কওঁ। পাশ্চাত্য সংস্কৃতিৰ কথা নকওঁ হেলেনিক সংস্কৃতিৰ কথা হ'লে কওঁ। ইয়াৰ পৰাই সভ্যতা আৰু সংস্কৃতি, এই বস্তু দুটাৰ পাৰ্থক্য সহজে বুজিব পাৰি।
- -হেম বৰুৱা,আঁচুফুল
- প্ৰায় ওঠৰশ বছৰৰ আগৰ কথা। পুহৰ নগৰ পৰাক্ৰমী চোলা ৰাজ্যৰ ৰাজধানী আছিল। চোলা ৰাজ্যৰ কোঁৱৰসকল সূৰ্য আৰু শিৱিৰ বংশজ বুলি বহুতৰে ধাৰণা। নগৰখন আছিল কাবেৰী নৈৰ মোহনাত। ই আছিল বেপাৰ-বাণিজ্যৰ কেন্দ্ৰথলী। আনকি গোটেই চোলা ৰাজ্যৰে ইয়াক কেন্দ্ৰথলী বুলি ক'লেও বৰ বেছি ভুল কৰা নহ'ব। সেই সময়ৰ চোলা ৰাজ্যৰ সীমা, উত্তৰে তিৰোপতি পৰ্বতমালা, দক্ষিণে ভেলাৰ নৈ, পূবে বংগোপসাগৰ, পশ্চিমে চেৰা ৰাজ্যই শেষ। চোলা ৰাজ্যৰ কাড়িবল নামে জনাজাত, যশস্বী ভূপতিগৰাকীয়ে এই ৰাজ্যৰ সৌন্দৰ্য, সমৃদ্ধি আদিৰ উন্নতি বিশেষভাৱে সাধন কৰিছিল। গোটেই ৰাজ্যতে তেওঁ ধুনীয়া মঠ-মন্দিৰ, ৰাজকাৰেং, বিতোপন উদ্যান আদি সজাইছিল। কাবেৰী নৈৰ শ শ যোজন বিস্তৃত মথাউৰি তেৱেঁই সজাইছিল।
- -হেম বৰুৱা,কন্নকী
- ক'ত আৰম্ভ কৰোঁ? প্ৰথমতে কাৰ কথা কওঁ? কলম তুলি লোৱাৰ লগে লগেই মোৰ চৌপাশে ভিৰ কৰিছেহি এমুঠি মানুহৰ মুখ। স্মৃতিৰ ছবি হৈ যোৱা সেই মানুহবোৰ - যিবোৰ মানুহৰ মাজত এদিন ময়ো আছিলোঁ বৰ্তমান হৈ, সেই মানুহবোৰৰ কথা ক'বলৈকে তুলি লৈছো কলম। মই জানো, সেই মানুহবোৰৰ কথা নোকোৱাকৈ মই পৃথিৱীৰ পৰা গুচি যাব নোৱাৰোঁ। - অভিজিত শৰ্মা বৰুৱা, 'যাত্ৰিকৰ ডায়েৰি'
- উনৈছশ পয়ত্ৰিছ চনৰ জুলাই মাহৰ মাজনিশা। ব্ৰক্ষপুত্ৰৰ বুকুত ‘মিচিমি’ জাহাজ। মনচুৰ আলী ভৰ টোপনিত। হঠাৎ জাহাজখনে ভোঁট ভোঁট কৈ দীঘলীয়া-চুটি বিভিন্ন ধৰনে ঘনঘনকৈ উকি দিবলৈ ধৰিলে।মনচুৰ খক্ মক্ কৈ সাৰ পায় গল।সৰু কেবিন এটাৰ ভিতৰত কাঠৰ বাংকত সতৰঞ্চি এখন পাৰি মনচুৰ আলী শুই আহিছিল।-অৰুণ শৰ্মা,‘ আৰ্শীবাদৰ ৰং। ’
- ডিব্ৰু বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰা চিঠিখন পাই ভাস্বতীৰ অস্বস্তি আৰম্ভ হৈ গৈছিল। ক’ত জানো তাই পঢ়িছিল-স্মৃতি এনে এক প্ৰেম,যি বিচ্ছেদৰ পিচতো লগ এৰা নিদিয়ে।আজি তাইৰো একেই হৈছে।ভাস্বতীৰ চকুত ভাহি উঠিল শাৰী শাৰী নাহৰ গছৰ মন্দিৰ সদৃশ চূৰাবোৰ। বৰ্ণময় সেউজ,কেঁচাপতীয়া,ফিকা চাহৰ ৰঙৰ কোমল পাতবোৰ আকৌ এবাৰ ৰদৰ সোঁণালী সানি,কুমাৰী ভয় লৈ বতাহত ৰিব্ ৰিব্কৈ কঁপি উঠিল তাইৰ চকুৰ মণিত।-অনুৰাধা শৰ্মা পূজাৰী,‘নাহৰৰ নিৰিবিলি ছাঁ।’
- বন্ধ লিফটৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ।আজিও হৈছে।সো-সোৱাই লিফটখন ওপৰলৈ উঠি গৈছে।তাইৰ চকুৰ আগত ‘কম্পিউটাৰাইজড’ৰঙা আখৰ বোৰ জ্বলিছে নুমাইছে-তিনি,চাৰি,পাঁচ,...ছয় নম্বৰত লিফটখন সামান্য থমকি ৰল।....।অনুৰাধা শৰ্মা পূজাৰী,‘ হৃদয় এক বিজ্ঞাপন।’
- মেৰেং দুপ-দাপ কৈ হাত ভৰি মাৰি প্ৰায় দৌৰি আহিল।বেণুৱে ঘৰৰ চোতালত বান্ধি থোৱা গাভিনী গৰু জনীৰ ওহাৰত হাত থৈ তাইৰ প্ৰসৱৰ ক্ষণ হিচাপ কৰিছিল মনে মনে। মুখ ফুলাই জপনা খুলি সোমাই অহা মেৰেংক দেখি বেণুৱে মাত দিলে ‘আইজনী ঔ,কাইলৈ ৰাতিপুৱা ফেহুঁ খাবলৈ পাবি যেন লাগিছে।’ পিছে মেৰেঙে বেনুলৈ উভতিয়েই নাচালে।বেচেৰীৰ মাক নোহোৱাৰ বেথা কেচাঁ হৈ আছে,দুমাহ পূৰা হোৱাই নাই।- -অনুৰাধা শৰ্মা পূজাৰী, মেৰেং।
- কেৱল মোৰ ক্ষেত্ৰতেই এনেকুৱা হয়। ভাগ্যই লগ নিদিয়ে। লগ নিদিয়ে বুলি ক’লেও সঠিক কথাটো কোৱা নহয়। প্ৰকৃততে ভাগ্যই মোক ভেঙুচালি কৰি গুচি যায়। -অতনু ভট্টাচাৰ্য, 'ওভতনি যাত্ৰা আৰু অন্যান্য'
- মিচেছ খান্না নামৰ মানুহগৰাকী এই চুবুৰীটোত নতুন যদিও মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে তেওঁৰ প্ৰসংগই যি খলকনি তুলিলে সেয়া এই চুবুৰিত নতুন স্বাদ। -অনুৰাধা শৰ্মা পূজাৰী, ব'ৰাগী নদীৰ ঘাট।
- 'থ্ৰিছিয়েৰছ্ ফৰ দেবাশীষ গোস্বামী... হিপ্ হিপ্ হুৰৰৰে...' দেৱাশীষৰ টোপনিৰ জাল কাটি গৈছিল।নিখিলেশ ভাৰ্গবে শুই থকাতে তাৰ গাত টেবুলৰ পৰা পানী এগিলাছ লৈ ঢালি দিলে।ৰুমমেট বিজয় মেহতাই তাক জোৰকৈ বিছনাৰ পৰ টানি উঠাই দি ক'লে,'ৰিজাল্টৰ বাবে যোৱাৰাতি কাৰো টোপনি নাই আৰু তই শুই থাকিয়ে খবৰ পালি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট!...মুঠৰ ওপৰত আজি বিশাল পাৰ্টি হ'ব লাগিব...'-অনুৰাধা শৰ্মা পূজাৰী,'এজন ঈশ্বৰৰ সন্ধানত'
- ফেৰীখন ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি আমিনগাঁৱত ৰ'লহি। বগা পাৰি নোহোৱা কাপোৰ এসাজেৰে মেৰাই থোৱা গাভৰু ছোৱালীজনীৰ শেঁতা চকুহাল উজ্জ্বল হৈ পৰিছে।তাইৰ দুটা ক'লা ভোমোৰাৰ দৰে চকুহাল স্থিৰ হৈ ৰৈছে এহাল বালিমাহীৰ ওপৰত।বালিমাহীহালে টুপ-টুপকৈ নেজডাল উঠাইছে,নমাইছে।বালিমাহীহালৰ কণমান জীঞা এটা যেন নেজকিডালৰ ছন্দত তাইৰ চকুহালৰ ভোমোৰাকিটাই ফেৰী ঘাটৰ বালিৰ ওপৰেৰে গুণগুণ কৰি পাখি মেলি দিলে।চিকমিকাই থকা বালিছন্দা এটুকুৰাত এই পৰিল,এই উঠিল।ভোমোৰাকিটাৰ ঠেংকিটাত লাগি ধৰিলে গুৰি গুৰি ৰূপ।-অৰূপা পটঙ্গীয়া কলিতা,‘ফেলানী’।
- কলঠৰুৱাৰ কঠখন জোখৰকৈ নামঘৰীয়াই নিজে গুঁঠি লৈছিল।সেইখন মেলি লৈ দীঘলকৈ হামি এটা মাৰিলে।তাৰ পিছত দিনটোৰ ভাগৰত অৱশ হৈ পৰা দেহাটো কঠখনতে এৰি দিলে।সোঁহাতখন কিলাকুটিত ভাঁজ কৰি গাৰু কৰি ল'লে।লগে লগে টোপনিয়ে হেঁচা মাৰি ধৰা যেন লাগিল।সেই অৱস্থাতে , নামঘৰীয়াই নিজকে কোৱাদি ক'লে, "বৰ ভালে ভালে হৈ গ'ল বিহুখন নহয়নে গোঁসাই...?" -অতুলানন্দ গোস্বামী,‘নামঘৰীয়া’।
- এই শিৰোনামটো আচৰিত হবলগা কথা। কাৰণ আজিৰ তাৰিখত বাতৰি-কাকত,আলোচনী,চেনেলৰ ৰমৰমা ব্যৱসায় চলিছে। প্ৰচাৰ মাধ্যমত এফ-এম ৰেডিঅ’বোৰো পিচপৰি থকা নাই৷ এই সকলোবোৰ প্ৰচাৰ মাধ্যমৰ বাবে প্ৰয়োজন হৈছে অজস্ৰ সাংবাদিক,জ’কি, অহৰ্নিশে কথা ক’ব পৰা ‘এংকৰ’। কিন্তু এই চাহিদাৰ পিচতো ক’বলগা হৈছে, অসমৰ সংবাদ জগতৰ এতিয়া দুঃসময়। —অনুৰাধা শৰ্মা পূজাৰী,‘ সময়ৰ পৃষ্ঠা।’
- একচুটত বাচিছে পাৰ্থবিজয়। তাৰ কাণৰ কাষেদি বুলেটটো পাৰ হৈ গৈ টেপৰ গছজোপাৰ গাত লাগিলগৈ। সোমায়ো যাব পাৰে নাইবা তললৈ খহিও পৰিব পাৰে। ভাবিবলৈ সময় নাপালেই আৰু এক জাউৰি গুলী তাৰ মূৰৰ ওপৰেদি পাৰ হৈ গ'ল। খুব সাৱধানে মাটিত উবুৰি খাই পৰিল। কিবা সৰু গছৰ মূঢ়াই তাৰ পেটত বিন্ধিছে। জোপোহা হাবি-কেনিও একোকে নেদেখি। তাৰ হাতত থকা পিষ্টলটো দুই ওঁঠৰ মাজত সুমুৱাই লোৱা চুৰটটোৰ দৰে কপালৰ আগত পোনকৈ ৰাখি ট্ৰিগাৰত আঙুলি দিলে। তাৰ কপালৰ আগৰ জোপোহাটোত কেৰেচিয়াকৈ বুলেট সোমালহি। ট্ৰিগাৰ টিপা মানেই বুলেটক বুকুলৈ নিমন্ত্ৰণ কৰি অনা। এতিয়া হয়তো বাহিৰৰ পৰা সন্দেহক্ৰমে বা অনুমানক্ৰমেহে গুলীয়াইছে, ভিতৰত গুলীৰ শব্দ হ'লে সিহঁত জাকি মাৰি সোমাই আহিব। আহি শুই থকাতে গোটেই দেহটো বুলেটেৰে চালনীৰ ফুটা কৰি পেলাব। কিছুপৰ নিতাল মাৰিলে।
- -অৰুণ গোস্বামী,জৰায়ুত নিনাদ
- গাড়ীবোৰৰ ওচৰতে চাইকেলৰ পৰা তেওঁ নামিল। তেওঁ ডেকা মানুহ। সাত-আঠখনমান গাড়ী ৰৈ আছে। মানুহ আহিছে গৈছে। নতুন মানুহ বুলি তেওঁলৈ পাৰ হৈ যোৱা মানুহবোৰে চাই চাই গৈছে যদিও কোনেও চিনি পোৱা নাই বাবে তেওঁৰ অসুবিধা হোৱা নাই। তেওঁ যদিও মানুহজনক লগ কৰিবলৈকে লোকৰ পৰা চাইকেলখন খুজি আনিছিল, এতিয়া দুৱাৰমুখত তেওঁ সোমাবলৈ ইতস্ততঃ কৰিবলৈ ধৰিলে। মন্ত্ৰীৰ গাড়ীখন দেখিহে তেওঁ মানুহটো চুই দিয়া কেৰেলুৱাটোৰ দৰে হৈ পৰিছে। আজিকালি মন্ত্ৰী জাতীয় মানুহ বুলিলেই এটা ঘৃণিত, অস্পৃশ্য বস্তু বুলি মনত ধাৰণাই সঁজাল ধৰিছে। বিশেষতঃ এতিয়া পদুলিমুখত যিজন মন্ত্ৰীৰ গাড়ী আগে-পিছে দুখন পুলিচৰ গাড়ীৰে সৈতে ৰৈ আছে সেইজন মন্ত্ৰীৰ কথা মনত পৰিলেতো তেওঁৰ গা ডকাদি ডাকে। মুখস্থ থকা বচন পাহৰি যোৱা ভাৱৰীয়াৰ দৰে চাইকেলখনৰ ওপৰতে ভেজা দি তেওঁ দৰকাল দিলে।
- -অৰুণ গোস্বামী,কাল বৰ্তমান
- মই মোক হেৰুৱালো। মই মোক ক'ত হেৰুবালো জানো। মই মোক তাহানি কলেজত পঢ়া দিন ধৰি বৰ সাৱধানে লগতে ৰাখি আছিলো। এতিয়া যিকোনো মুহূৰ্ততে মই মোক বিচাৰি নোপোৱা হ'লো। যেতিয়াই মোৰ মোক দৰকাৰ হৈছে তেতিয়াই মই বিচাৰি মোক নোপোৱা হ'লো। মই মোক ক'ত হেৰুৱালো বাৰু! মই যে মোক হেৰুৱাব লাগিব, এই কথা কদাপিও ভবা নাছিলো। ভাবিছিলো মোৰ লগতে মোক ৰাখিছো। কিন্তু এতিয়া লাহে লাহে মই দেখিলো যে মোক দেখোন ক'তো নোপোৱা হ'লো। হেৰুৱালোৱে হ'বলা!
- -অৰুণ গোস্বামী,মই মোক
- তাৰ পিছত?
- তাৰ পিছত খান্দিবলৈ ধৰিলে। আগনিশা শিয়ালে এফুটমান খান্দিয়েই থৈছিল।তেনেহ'লে ক'ব লাগিব যে অনুসন্ধান শিয়ালেহে দিলে, নহয়নে? - ক'ব পাৰে, ক'ব পাৰে। আপুনি ক'ব পাৰে যে প্ৰথম অনুসন্ধান শিয়ালে কৰিলে আৰু তাৰ পিছতহে মানুহে পালে। - এতিয়া ঘটনাটো ক'বনে? - ক'ব খুজিছো, ক'ব খুজিছো। খান্দিবলৈ ধৰিলে। খান্দোতে খুব সাৱধানে খান্দিবলগীয়া হৈছিল। মাজতে কথা এটা সোধোনে? সোধক সোধক, আমাৰ সময়ৰ নাটনি হোৱা নাই নহয়। কাৰণ আমি কাম কৰিবলৈ ওলাই অহা নাই নহয়।
- -অৰুণ গোস্বামী,সন্ধানত
- থুপিতৰাৰ আমনি লাগিছিল ৷
নাৰিকল গছজোপাৰ তলত ৰৈ ৰৈ তাই অধৈৰ্য হৈ পৰিছিল ৷ নাৰিকলৰ ফুলবোৰ তাইৰ মূৰত, কানি-কাপোৰত বকুল ফুলৰ দৰে সৰি ভৰি পৰিছিল ৷ ——ইলু দেৱী বৰুৱা, ‘ বৰ্ণময় আকাশ।’
- আজি কিমান দিন আকাশ দেখা নাই!পক্ষৰ ধাৰনা নাই।এতিয়া আকাশত অমাৱস্যাৰ ঘনঘোৰ আন্ধাৰ নে পূৰ্নিমাৰ ভৰপূৰ জোনাক-কব নোৱাৰোঁ।আজি কিমান দিন হল,আকাশলৈ মূৰ তুলি চোৱা নাই,ইমান নিৰাৱেগ,ত্বৰিত প্ৰত্যহিকতা যে আমাৰ,জীৱনযাত্ৰাৰ সৈতে আকাশৰ কোনো সংযোগ অনুভৱ কৰাৰ অৱকাশ নাথাকে;সৰ্বত্ৰ নিয়ন লাইটৰ উজ্জল আলোক,জোনাক সৰি পৰাৰ যেন কোনো সুযোগ নাই।তাতে দৈত্যৰ দৰে চৌদিশে মূৰ দাঙি আছে বৰ বৰ অট্টালিকা,খিৰিকিৰে দেখা যায় খণ্ডিত,ক্ষত বিক্ষত আকাশ; আজি কিমান দিন হল,খিৰিকিৰ কাঁচ ভাঙি কোঠালৈ সোমাই আহা নাই ৰূপালী জোন!-[খনীন্দ কুমাৰ ডেকা। এই মহা নগৰ। প্ৰথম প্ৰকাশঃডিচেম্বৰ ২০০৬।]
- পৃথিবীৰ প্ৰাচীন শাস্ত্ৰবোৰৰ ভিতৰত বেদ সবাতোকৈ পুৰণি বুলিব পাৰি।অৱশ্যে বেদৰ সূক্তবোৰৰ প্ৰথমতে মুখে মুখেই ৰচনা হৈছিল সম্ভৱতঃ খ্ৰীঃ পূ ৪২০০ অব্দৰ পৰাই আৰু সূক্তৰ ৰচনা আঢ়ৈ হেজাৰ মান বছৰ ধৰি চলিছিল। খ্ৰীষ্টপূৰ্বাব্দ ১৪০০ ৰপৰা ১০০০ খ্ৰীষ্টপূৰ্বাব্দৰ ভিতৰতে বেদে লিখিত ৰূপ লৈছিল। আনকি লিখিত ৰূপ লোৱা বেদ,বিশেষকৈ ঋক বেদক সবাতোকৈ পুৰণি শাস্ত্ৰৰ অন্যতম বুলিব পাৰি। বেদৰ ৰছনা কাল সম্পৰ্কে অধিক আলোচনাৰ থল আছে। -ড.খৰ্গেশ্বৰ ভূঞা। s:চাৰিবেদৰ পৰিচয়। চাৰিবেদৰ পৰিচয়।
- সীতাৰ অভ্যাস দুপৰনিশা টোপনিৰ জালতো মাজে মাজে হাত মেলি খেপিয়াই চায়,কাষৰ গভীৰ টোপনিত অচেতন চাৰিটা কুমলীয়া শিশুৰ গাৰ ওপৰত থকা কম্বলখন উচিত ঠাইত আছে নে নাই!
- — কাঞ্চন বৰুৱা, পুৱতি তৰা
- ...দহ ছেকেণ্ড আগলৈকে ঠিক কৰা নাছিলো,সমুখৰ পদক্ষেপ মোৰ কি হব? কোন ফালে হব? কিন্তু হঠাত একো নভবাকৈয়ে 'ফুটপাথৰ' এদাঁতিয়ে বিৰাজ কৰা আইনাৰ ডাঙৰ দুৱাৰখন ঠেলামাৰি কোঠাৰ ভিতৰলৈ সোমাই গলো।-কাঞ্চন বৰুৱা,‘ মৃত বিহংগ।’
- এখন কপি থকা ৰামধেনু। হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতিৰ পানী গিলাচৰ ওপৰত,দুৱাৰেদি চুৰি কৰি সোমোৱা ৰ'দ চেৰেঙা পৰিছেহি, তাৰ প্ৰতিবিম্বটো ৰামধেনুৰ সাতোটা ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত,তাতে গঢ়ি তুলিছে এখন কঁপি থকা ৰামধেনু। -কাঞ্চন বৰুৱা, ‘ অসীমত যাৰ হেৰাল সীমা।’
- বতাহজাক জোৰেৰে বলিছিল ৷ গছবোৰে কোনোবা অসহায়া গাভৰুৰ দৰে বাৰে বাৰে মাটিত মূৰ খুন্দিয়াবলৈ যত্ন কৰিছিল ৷ উপাসনাৰ আঁচল উৰিছিল পতাকাৰ দৰে, চুলিবোৰ উৰি তাইৰ গালে-মুখে পৰিছিল ৷তথাপিও ৰেলিঙত ভৰ দি উপাসনাই ধুমুহা চাইছিল ৷ধুমুহা আৰু বৰষুণ তাইৰ বৰ প্ৰিয় ৷ ধুমুহাত হালি পৰা গছ আৰু বলিয়া হাতীৰ দৰে দৌৰি ফুৰা মেঘবোৰ তাই উন্মাদিনীৰ দৰে ভাল পায় ৷শাওণৰ মাহটো বৰ ভাল লাগে বুলি কোৱাৰ বাবে দেউতাকে তাইক ধেমালিতে নাম দিছিল শ্ৰাবণী ৷ আজিও বৰষুণ দিলে উপাসনাৰ দেউতাকলৈমনত পৰে ৷ দেউতাকৰ পঢ়া মেজত থকা শকুন্তলাকাব্যৰ বতাহত মেল খাই থকা পাতৰ শব্দ,ব্যাকৰণ-কৌমুদীৰ ওপৰত হেঁচা মাৰি থোৱা তাই উপহাৰ দিয়া সেই ৰংসনা শিলগুটিটো,সকলোবোৰৰ স্মৃতিয়ে এক কোমল বিষন্নতাৰে তাইৰ মন ভৰাই তোলে ৷ —— কৰবী ডেকা হাজৰিকা, ‘ জোনাকৰ আখৰ।’
- মধ্য এছিয়াৰ এক দুৰ্গম উপত্যকা।
ছমাহৰ মূৰত লিও ভিন্সি আৰু হোৰেছ হলিক দেখা গ’ল সেই পথহীন দুৰ্গম বাটত। সেই ভয়ংকৰ কষ্টদয়ক পথত তেওঁলোকৰ একমাত্ৰ সঙ্গী আছিল মাত্ৰ এটা ইয়াক— অৰ্থাৎ দীঘল নোম থকা তিব্বত দেশৰ এবিধ গৰু। তিব্বতীসকলৰ জীৱন-যাপনত সেই গৰুৰ স্থান অনস্বীকাৰ্য্য। - কামাখ্যা সভাপণ্ডিত, ‘ অগ্নিবিহঙ্গ’
- ৰাতি পুৱাইছে। বন্দুকৰ শব্দত নহয়। এজাক চৰাইৰ কিচিৰ-মিচিৰ কোৰ্হালত। -গীতালি বৰা, 'ডৰিয়লি'
- জুলাই মাহৰ ভৰ দুপৰ।প্ৰচন্দ গৰম আৰু বতাহৰ নামত বলি থকা গৰম সোঁতৰ চাদৰ এখনে যেন জপটিয়াই ধৰিছে সমগ্ৰ গুৱাহাটী মহানগৰীক।আকাশখনলৈ কোনোবাই যেন জ্বলি থকা মেজি এটাৰ ৰঙা জুইকুৰাহে ছাটি মাৰি পঠিয়াইছে।পদপথৰ কোনোবা এটা চুকত এইহেন গৰমকো আওকান কৰি গভীৰ নিদ্ৰাত পৰি ৰৈছে কোনোবাজন।গছৰ পাত এখিলাও কঁপি নুঠা গৰমৰ এইকেইটা দিন বৰ অসহ্য়কৰ হৈ উঠে।-গায়ত্ৰী প্ৰান্তিক শৰ্মা,'সূৰ্যফুলৰ দেশলৈ'।
- সময় সন্ধিয়া। আন্ধাৰে প্ৰকৃতিৰ ৰেহ-ৰূপ অষ্পষ্ট কৰি তুলিছে, কিন্তু একেবাৰেই লুকুৱাব পৰা নাই। আকাশত দুই-এটা তৰাই মাথোন ভুমুকি মাৰিছে। জুৰ বতাহে ধীৰ গতিৰে নতুনকৈ ফুলা ফুলৰ ৰেণু ছটিয়াই ফুৰিছে।- দণ্ডিনাথ কলিতা, অদৃষ্ট
য়
সম্পাদনা কৰক- মানুহজনৰ আচল নাম হ’ল দ্যাৰগে নৰবু। জন্মৰ সময়তে তাৰ দেউতাকে গাঁৱৰ লামাৰ হতুৱাই কোষ্ঠী চাই দিয়া তাৰ আচল নাম। কিন্তু তাৰ বৰ্তমান গাঁও দিৰাংজঙৰ মানুহে সেই নামেৰে নেজানে। আনকি নিজৰো তাৰ এই নামটো আচহুৱা আচহুৱা যেন লগা হ’ল।কেতিয়াবা কাচিৎ তাৰ ঘৰত পূজা-পাতল কৰিবলগা হ’লে অথবা বেমাৰ-আজাৰৰ সময়ত বা অন্য কাৰনত মংগল চাবলগা হ’লে তাৰ নামটো আৰু ৰাশিটো লাগে কাৰণে নিজৰ নামটো সি মনত ৰাখিব লগা হৈছে।-য়েছে দৰজে ঠংচি,‘শৱ কটা মানুহ।’
- পশ্চিম আকাশত সূৰয ডুব যাব খুজিছে। শৰত কালৰ সন্ধিয়া সময়ত দিগবলয়ৰ ওপৰত শেঁতা হৈ পৰা সূৰুযটো দেখিলে এনে লাগে যেন লাজত ৰঙচুৱা হৈ পৰা এজনী ধুনীয়া গাভৰু পাহাৰৰ আঁৰত লুকাব খুজিছে। সেই ৰঙচুৱা সূৰযটোৰ জোনালী আভাত চাকু পৰ্বত উদ্ভাসিত হৈ পৰিছে।-য়েছে দৰজে ঠংচি,‘s: মৌন ওঁঠ মুখৰ হৃদয়।মৌন ওঁঠ মুখৰ হৃদয়।’
- প্ৰেম টাছিয়ে উজুটি খালে।
তল-ওপৰ,ইফাল-সিফাল,কোনোফালে নোচোৱাকৈ শেন যোৱাদি সি ঘৰৰ ফালে আগুৱাই গৈ আছিল।হঠাৎ শিল এচটাত উজুটি খাই সি সন্মুখৰ ফালে ছিটিকি পৰিল।হামখুৰি খাই পৰি যোৱাৰ পৰা নিজকে কথমপি চম্ভালি ল'লে।হাত দুখনৰ তলুৱাত লাগি থকা ধুলিবোৰ জোকাৰি এবাৰ পাছলৈ উভতি চালে।তাৰ পাছত সতৰ্ক হৈ চাৰিওফালে চকু ফুৰালে।"নাই , কোনেও দেখা নাই;ৰক্ষা,কোনোবাই দেখিব লাগিলে মোক চাই হাঁহিলে হয়" সি ভাবিলে।-য়েছে দৰজে ঠংচি,‘লিঙঝিক’।
- মই যেতিয়া এডিনোৱলচৰ(Eddie knowles ) সৈতে মালানিত চিকাৰ কৰিছিলোঁ,তেতিয়া মই বাঘটোৰ বিষয়ে শুনিছিলোঁ। পিছত ইয়েই ‘চম্পাৱতৰ আতংক’ ৰূপে বিখ্যাত হৈ পৰে। জিমকৰবেট,কুমায়ূনৰ মানুহ খোৱা বাঘ।
- বোলা গৃহস্থৰ কুশলাৰ্থে...বোলা জয়...
লগে লগে পদূলিমুখত "তাওঁ ঘ্ৰেন ধিন দাওঁ,খিত তাকি ধিন দাওঁ,ঘ্ৰেন ঘ্ৰেন ঘ্ৰেন দাওঁ ঘেন" বুলি ঢুলীয়াই ঢোলত ৰগৰ দি ছেও আৰম্ভ কৰিলেই।ঢোলৰ ছেও শেষ হ'ল কি নহ'ল ৰজাবাহৰৰ ৰমাকান্তই হুঁচৰিৰ পদ জুৰিলেই- "গোবিন কৃষ্ণ ৰাম নাৰায়ন হৰি এ জয়--।"-জয়ন্ত মাধৱ বৰা, দেউল'।
- গোটবৰালী মাছ খোৱ মাজুলীয়াল,পিছ পৰা মাজুলীৰ পৰা পিছ নপৰি আগবাঢ়িবি নেকি?যা, যা,পঢ়িব নেলাগে, মাজুলীতে বহি গোসাঁইৰ প্ৰসাদ খাই থাকগৈ।-এনেকুৱা সুৰত, এনেকুৱা ভংগীমাত কেশৱৰাম বৰাই কথাকেইটা ক'লে, ওচৰত থিয় হৈ ৰৈ থকা কেইটাই ভেল্কীবাজী দেখুওৱা মানুহটোলৈ চাই থকাদি হা কৰি মুখখন মেলি চায়েই থাকিল।আও, এনেকৈনো অপমান কৰিব লাগে নে?-জয়ন্ত মাধৱ বৰা,'নামত মাজুলী কহয় সৱে'
- গঙ্গাদেৱীয়ে নিজেই এগৰাকী দিপলিপ মানৱী কণ্য়াৰ ৰূপ ধৰি দেখা দিলে কুৰুৰাজ শান্তনুৰ সন্মুখত।ৰজা দেখিয়েই মুগ্ধ হ’ল।সেই মোহিনী মূৰ্তিৰ অপৰূপ সৌন্দযৰ্ই তেওঁক সম্পূৰ্ণভাৱে মোহাচ্ছন্ন কৰিলে।ৰজাই আকুলভাৱে প্ৰেম নিবেদন কৰিলে, “হে সুন্দৰী,তুমি কোন মই নেজানো-কিন্তু দেৱীয়েই হোৱা বা মানৱীয়েই হোৱা তুমি মোৰ পত্নী হোৱা-মই মোৰ এই ৰাজ্য,মোৰ বিপুল ঐশ্বৰ্য আনকি মোৰ জীৱনো দিবলৈ সাজু আছো তোমাৰ বাবে।”-অনুবাদ প্ৰদীপ শইকীয়া,‘কথা-মহাভাৰত ’
- দীঘলীয়া হুইছেলৰ শব্দত ডিগন্তই সাৰ পালে।ৰাতিপুৱা কে আই এৰ ট্ৰেইনিং আৰম্ভ হোৱাৰ সংকেত ধ্বনি।চকু-মুখ মোহাৰি সি বিছনাতে উঠি বহিল।বিছনাখন কেৰমেৰাই শব্দ কৰি উঠিল।বাঁহেৰে সজা চাং বিছনা।ওপৰত এটুকুৰা সৰু প্লাষ্টিক।গাত ল’বলৈ এখন নগা চাদৰ।তেনেকৈয়ে শুই আহিছে সিহঁতে যোৱা দুটা বছৰ।কেম্পত যেনিবা অলপ ভালেই। সিহঁতে যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ এমাহ-ডেৰমাহ ধৰি দুৰ্গম অঞ্চলৰ মাজেৰে মাৰ্চ কৰে,তেতিয়া নিশাবোৰ হৈ পৰে আৰু কষ্টকৰ।পাহাৰ-পৰ্বত বগাই খোজকাঢ়ি যাওঁতে য’তেই সন্ধিয়া হয়,তাতেই নিশাটোৰ বাবে কেম্প বহুৱাই।ওচৰে-পাজৰে শুকান গছপাত যি পায়,তাকে গোটাই লৈ বিছনা পাতে।তাৰ ওপৰত এখন প্লাষ্টিক পাৰি লৈ সিহঁতে পাল পাতি শোৱে।কাচিনৰ মাটি বোৰ খুউব জেকা। বহু বছৰ ধৰি অব্যৱহিত হোৱা হেতুকে মাটিত হালধীয়া ৰঙৰ চামনি এটা পৰে।সুদা মাটিত শুলে নানান অচিন বেমাৰ হয়।তেনেকৈয়ে বাটত সংগঠনৰ বহু লৰা মৰিছে।আজিকালি সেইকাৰণে সিহঁত খুউব সাৱধান।অলপ কষ্ট কৰি হ’লেও শুকান গছপাত গোটাই বিছনা পাতি লয়।-পৰাগ কুমাৰ দাস,‘ ছাংলট ফেনলা ’
- ছবিয়ে কথা কয় নে নকয়? যদি কয় সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে? তেনে ছবিয়ে কলিজাত দুখৰ শিলনি সাজে নে? -পৰী পাৰবীণ, বাৰাংগনাৰ জুপুৰি
- শিৱক ভাল পোৱাটো এটা কঠিন কাম। তাতোকৈও কঠিন শিৱক নিজৰ কৰি পোৱাটো। তাইৰ দৃঢ় বিশ্বাস শিৱই আজিও গিৰাছীক আগৰ সমানেই ভাল পায়। — প্ৰাৰ্থনা শইকীয়া, ‘ জটাধাৰী’
- ৰে’ল ষ্টেচনটোত ডাঙৰ, হালধীয়া ফ্ৰগ লাইটটো জ্বলি থকা নাই। দূৰৰ গাওঁখনৰ পৰা চাকিৰ পোহৰো আন্ধাৰ সৰকি আহি সিহঁতৰ চকুত পৰা নাই। প্লেটফৰ্মৰ একাষৰ আধাভগা পকী বেঞ্চখনত বহি সিহঁত তিনিওটাই চিগাৰেট হুপি আছে। গ’ল্ড ফ্লেক। ছাহজাহানে বুজি পোৱা নাই যে কিয় ইমান দুখ লাগিছে। বাৰে বাৰে মুখত জমা হোৱা থু পেলাই সি ভাবি আছে তাৰ কিয় দুখ লাগিছে। অসাৱধান, বেপৰোৱা হৈ থু পেলাওঁতে তাৰ ওঁঠত লাগি ধৰা থুৰ অৱশিষ্টখিনি চিগাৰেটটোত লাগিছে আৰু অভ্যাসবশতঃ সি একেটা চিগাৰেটকে ৰক্তিমলৈ আগবঢ়াই দিছে। তিতা চিগাৰেটটো ওঁঠত লগাই এসোপা মাৰিয়েই মুখখন কোচখুৱাই ৰক্তিমে চিঞৰি উঠিল———। —প্ৰাৰ্থনা শইকীয়া, ‘ প্লেটফৰ্মত এতিয়া কোনো নাই’
- ৰায়বেৰেলী। ১৯৭৯ চনৰ আহিন মাহ। ইউনিয়নৰ নতুন লীডাৰ যশোৱন্তই চাটাৰিং প্লেটৰ দম এটিৰ ওপৰত বহি আছিল। তাৰ সন্মুখত সৌৱা সাই নাদী। এইখিনিতে এই নদীৰ দুয়োটা পাৰৰ বৰ বেছি শোভা নাই।নৈৰ গৰাই শুকান মাংসৰ বৰণ লৈছে। কিছু আঁতৰত সৌৱা বেহটা গাওঁ। এজোপা প্ৰাচীন বট গছৰ তলত বেহটা গাঁৱে নিশ্চিন্ত হৈ এয়া যেন শুইহে আছে।-সেই জোপা যেন বট গছ নহয়,সেইয়া এখন ধ্বজা। ধ্বজাৰ তলত বেহটা গাঁৱে যেন শান্তিৰে সদায়ে বাস কৰি আহিছে। শান্তিৰে? দূৰৈৰ পৰা সিহঁতক শান্তিৰেই বাস কৰা যেন দেখা গৈছে।-মামণি ৰয়ছম গোস্বামী,'মামৰে ধৰা তৰোৱাল'।
- সেই সময়ত বয়স বৰ কম আছিল।খোৱা-পিন্ধাৰ চিন্তা নাছিল।এনেকুৱা অৱস্থাত মোৰ বয়সৰ যিকোনো ছোৱালীয়ে আনন্দত দিন কটোৱাৰে কথা আছিল।মোৰ কপালত কিন্তু এই আনন্দৰ কথা লেখা নাছিল।এক প্ৰকাৰ নৈৰাশ্য আৰু দুঃখবোধে মোৰ হৃদয়ৰ লগত যেন ঘৰ বান্ধিয়ে লৈছিল।-মামণি ৰয়ছম গোস্বামী,'আধালেখা দস্তাবেজ'
- ডিব্ৰুগড় চহৰ খন ভালেমান দিনৰ।কেতিয়াৰ মই সঠিক কৈ নাজানো। ডিব্ৰুগড়ৰ ইতিবৃত্ত নাইবা বুৰঞ্জী মই ক'তো পঢ়া নাই। অৱশ্যে পঢ়িবৰ চেষ্ঠাও কৰা নাই। সৰুৰে পৰা চহৰ খন দেখি আহিছোঁ- এতিয়াও দেখিছোঁ। গঢ়াখহনীয়াৰ বাহিৰে ডিব্ৰুগড়ত উল্লেখযোগ্য় অন্য় কিবা হৈছে বুলি মোৰ মনে নধৰে। গড়াখহনীয়াও বাৰিষাৰ ভৰ ব্ৰক্ষপুত্ৰৰ সৈজন্যতহে।-ড.মুক্তি প্ৰসাদ গগৈ,' ব্ৰনমাই'।
- দুহাত মেলি অহা এটা বিশাল মিকি মাউছৰ সপোন দেখি সৰ্বানন্দ খপ্জপাই সাৰ পাই উঠিল। বিছনাতে বহি কাষৰ টেবুলত থকা পানী এগিলাছ খালে। আহ, এটা দৈত্যকাৰ মিকি মাউছ তেওঁৰ ওচৰত আহি ৰৈছিল, তাৰ আকাৰৰ তুলনাত সৰ্বানন্দৰ নিজকে বাওনাৰ দৰে লাগিছিল, সি দুহাত মেলি তেওঁৰ শৰীৰ চেপি ধৰিব খুজিছিল, তাৰ উষ্ণ শ্বাস-প্ৰশ্বাস ৰে'ল ইঞ্জিনৰ ভাপৰ দৰে তেওঁৰ মুখত আহি পৰিছিল, চকু দুটা আঙঠাৰ দৰে জ্বলিছিল, বিৰবিৰাই বিৰবিৰাই মিকি মাউছটোৱে কৈ উঠিছিল, তুমিও সৰ্বানন্দ, তুমিও! - মনোজ কুমাৰ গোস্বামী, 'ভুলসত্য'।
- অসীমৰ মনটো দুখেৰে ভৰি পৰিল। সি স্কুলৰ গে'টৰ কাষৰ বকুল গছজোপাৰ ছাঁত বহি আছে। অকলে। তাৰ কাষেৰেই লগৰ ল'ৰা-ছোৱালীবিলাক অহা-যোৱা কৰি আছে। কোনেও তাক মাত লগোৱাৰো প্ৰয়োজন অনুভৱ কৰা নাই। অৱশ্যে সিও কাকো মাতিবলৈ উৎসাহ অনুভৱ কৰা নাই। -মৃণাল কলিতা, বকুল ফুলৰ দৰে।
- সন্ধ্য়াই বাৰাণ্ডালৈ চকীখন চোঁচোৰাই উলিয়াই আনিলে।কোঠাটোৰ একমাত্ৰ চকী সেইখন।কোনোবা কাহানিতে হস্পিতাল কৰ্তৃপক্ষই কোঠাৰ আচবাবৰ নামত দান কৰা চকী। ভোলাকাঠৰ শক্তিশালী হাতল।সেই হাতলতে ধৰি চোঁচোৰাই আনি তাই সেইখন বাৰাণ্ডাত পাতি ল'লেহি।-মণিকুন্তলা ভট্টাচাৰ্য,'সন্ধ্য়া'।
- পৰ্টিকৰ লাইটটো নুমুৱাই নিৰ্মলা বাৰাণ্ডাৰলৈ ওলাল। এতিয়া নিশা এঘাৰ বাজি গৈছে। আৰু মাত্ৰ এঘণ্টাৰ পাছতে এই বছৰটোৱে মেলানি মাগিব। চাৰিওফালে নাচ-গানৰ আনন্দময় পৰিবেশ।আতচবাজী ফুটাবলৈ সাজু হৈ আছে গোটেই মহানগৰ। -মণিকুন্তলা ভট্টাচাৰ্য,'বন্ধ ঘৰৰ খিৰিকি'।
- তেওঁ নিজকে বৰ সাধাৰণ মানুহ বুলিয়েই ধৰি লৈছিল। কিন্তু যেতিয়া খোলা খিৰিকীৰ কাষৰ মেজত বহি পাঠ্য়পুথিৰ পাঠ আওৰাইছিল,চুবুৰীৰ বাপেক-মাকবোৰে নিজৰ নিজৰ ল'ৰাহঁতক ধিক্কাৰ দিছিল। কৈছিল-ঃ চাই আহগৈ যা,দাসৰ ল'ৰাই কেনেকৈ পঢ়ি আছে। ডাঙৰ মানুহ হ'বগৈ এদিন সি...-মণিকুন্তলা ভট্টাচাৰ্য,'অনুৰোধ'।
- ২০১২ চনৰ জুন মাহৰ কোনোবা এদিন মই ৰাজগড় ৰোডেৰে গাড়ী চলাই আহি আছিলো, কাষৰ চিটত আছিল তৰুণ। আগেয়ে কোৱাৰ দৰে সিদিনাখনো তৰুণে বাৰে বাৰে কৈছিল— “ভাইটিদা, আপুনিও আমাৰ দলৰ লগত এভাৰেষ্ট অভিযানলৈ যাব পাৰে দেখোন!” তেতিয়া আমি কল্যাণ ষ্টোৰৰ সন্মুখত। মই মোৰ গাড়ীখন ৰখাই দি তৰুণৰ মুখৰ পিনে চাইছিলো।তৰুণে সেই একেটা কথাকে যোৱা বছৰৰ পৰা কৈ আছিল। সি কৈ থকা সময়খিনিত কথাটো মই গভীৰভাৱে লওঁ আৰু পাছত কামৰ ব্যস্ততাৰ বাবে পাহৰি যাওঁ। সিদিনাখন মই তৰুণক কৈছিলো— “মোক এসপ্তাহ সময় দিয়া ভাবিবলৈ।” তাক তেনেকৈ কৈ মই মোৰ অফিচলৈ গুচি গৈছিলো। কথাটো মোৰ মনৰ কোনোবাখিনিত লুকাই থাকিল।... -মনীষ কুমাৰ ডেকা, 'এভাৰেষ্টত বিশ মিনিট'।
- দুপৰীয়াৰ অভাৱনীয় ঘটনাটোৱে মনটো তাৰ খেলি মেলি কৰি ৰাখিছিল।গাৰ কঁপনি তেতিয়াও মাৰ যোৱা নাছিল।ইমান শীতল বতৰতো মাজে মাজে সি ভৰিৰ পৰা মূৰলৈ এটা উত্তাপ অনুভৱ কৰিছিল।অৱশ্যে ভয়তে সি মুখ খুলি তাৰ মনৰ কথা কাকো ক'ব পৰা নাছিল।-মেদিনী চৌধুৰী,‘তাত নদী আছিল’।
- আনদিনাৰ দৰেই ৰেলআলিটোতে সি বহি ললেহি।তাৰ পিচপিনে বিলৰ দাঁতিৰ পথাৰখন জুপুকা মাৰি অ'ত ত'ত বহি থকা বগলী জাকেৰে চ'তমহীয়া শিমলুতলৰ বহল ঘাঁহনি এডৰা যেন দেখা গৈছিল।কাষতে পানী জিয়েলিত কোঢ়াল কৰি ঘাঁহ কাটি থকা ঘোঁৰাকেইটাকো বগলীজাকে ভয় কৰা নাছিল।-মেদিনী চৌধুৰী,‘ফেৰেংগাদাও’।
- বৰ বেছি হুলস্থুল শিলাদিত্যই সহিব নোৱাৰে।মূৰৰ ভিতৰখনত অসহ্য যন্ত্ৰণাৰ সৃষ্টি হয়।সেইবুলি সি স্মৃতিৰ ওচৰলৈ নহাকৈও থাকিব নোৱাৰে।তাৰ শান্ত স্বভাৱৰ বিপৰীতে তাই একেবাৰে উত্তাল সমুদ্ৰ।খোজ নাকাঢ়ে,উৰিহে যায় যেন।কথা নহয়,খনখনাই বটালিৰে পাত্থৰ কাটি যায়....।-মণিকুন্তলা ভট্টাচাৰ্য্য,‘মুক্তি’।
- দ কিমান হ’ল? ন মিটাৰ। পৰা যাবনে?পায়েঙে উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে। উত্তৰ দিব বুলি আশা কৰাটোও দৰাচলতে মোৰ মূৰ্খামিহে আছিল। ভৰা ব্ৰহ্মপুত্ৰৰ মাজত, কাজিৰঙাখনক সন্মুখত লৈ যেতিয়া পায়েং ব্যস্ত সৰু জাহাজখন থিৰেৰে ৰাখি লংগৰ পেলোৱাত, তেতিয়া মোৰ নিচিনা সাধাৰণ নৰমনিচৰ প্ৰশ্নৰ উত্তৰ নিদিয়াটোৱেই জয় পায়েঙৰ নিচিনা অভিজ্ঞ নাৱিকৰ বাবে আছিল স্বাভাৱিক।— মৃণাল তালুকদাৰ, ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’।
- পথাৰখনৰ ওচৰলৈ আহি সোণীয়ে দেখিলে পথাৰৰ নিকা, কোমল ঘাঁহনিডৰা অদৃশ্য হৈ গৈছে। এই ঘাঁহনিৰ ওপৰত দ'ম বান্ধিছে ক্ৰেইনৰ বাকেট, অক্সিজেন চিলিণ্ডাৰ, গ্ৰেব, পাইপ, কটিৰ প্লেট, ক্ৰেছাৰ টুলছ ইত্যাদি ব্যৱহাৰ হৈ যোৱা বস্তুবোৰ। এইবোৰ সোণীৰ সৰুৰেপৰা চিনাকি। এইবোৰৰ মাজতে খেলা-ধূলা কৰি সোণী ডাঙৰ হৈছে।
আজি হঠাতে কোমল, সেউজীয়া ঘাঁহনিডৰা অদৃশ্য কৰি পেলোৱা মামৰে ধৰা এই পিতল বৰণীয়া সৰঞ্জামবোৰক সোণীৰ এটুকুৰা কুৎসিত্ ঘাৰ দৰে লাগিল। তাইৰ চিনাকি চীনাৰ গছজোপাৰ তলত সহজ হৈ তাই বহিল। চীনাৰৰ ওপৰৰ পাতবোৰলৈ তাই মূৰ তুলি চালে। সেই মিহি শান্ত পাতবোৰ এবোজা শান্তি লৈ ঠিক আগৰ দৰেই আছে।.....
- – মামণি ৰয়ছম গোস্বামী,চেনাবৰ সোঁত
- কোম্পানীৰ গেষ্ট হাউছৰ বাৰাণ্ডাৰ খুঁটা এটাত আঁউজি তেতিয়াও আজিজ মিঞা বহি আছিল।
অ'ত-ত'ত দুই এখন আৰামী চকী পৰি আছে। কিছুমান চিনেমাৰ মেগাজিন আৰু বাতৰি কাকত টেবুল ক্লথ নোহোৱা টেবুল এখনৰ ওপৰত সিঁচৰতি হৈ পৰি আছে। 'অহিৰণ অ্যাকোয়িডাক্ট ৱাৰ্ক'ৰ মেনেজাৰ হৰ্গুল চাহাব (এইজনা চাহাবৰ প্ৰকৃত নামটো বোধহয় এনে ধৰণৰ নাছিল, কিন্তু কোম্পানীত তেওঁৰ নাম 'হৰ্ত্তল' বুলিয়েই উচ্চাৰণ কৰা হৈছিল) আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ জীবৰাম দাসে অলপ আগেয়ে এইখন বাৰাণ্ডাত বহি কথা পাতি আছিল। কিন্তু পি ডব্লিউ ডি-ৰ দুখন 'অ্যাকোয়িডাক্ট'ৰ পিনে আগুৱাই যোৱা বাবে দুয়ো উঠি যাবলগীয়া হ'ল। আজিজ মিঞাই এই দুয়োগৰাকী চাহাবৰ লগত পাকিস্তানলৈ উভতি যোৱাৰ বিষয়ে কথা পাতি আছিল। পাকিস্তানৰপৰা মিঞাই হিন্দুস্তানত ভায়েকৰ লগত থকা মাকৰ বেমাৰৰ খবৰ পাই গুচি আহিছিল। মাকৰ মৃত্যুৰ পিছত তাৰ আৰু উভতি যোৱাৰ নহৈছিল। মাকে কৈছিল:"একেবাৰে বুঢ়া হৈ গ'লি দেখোন? শুন, মোৰ সমাধি মানে মকবৰা তয়ে সাজিবি। বেছি জন-সমাগম নোহোৱা নিৰিবিলি ঠাইত সাজিবি, মই অকলশৰেই থাকি ভাল পাম.....।"
- – মামণি ৰয়ছম গোস্বামী,অহিৰণ
- ... কুৱেলালামপুৰ বিমান বন্দৰত টি-চি আইৰ প্ৰতিনিধি এগৰাকীয়ে দলটিৰ আন কেইগৰাকীমান সদস্যৰ লগত চিনাকি কৰি দিলে। শ্ৰীমানৱাজ প্ৰফুল্লচিত্তৰ উদীয়মান ছাত্ৰ। কোটিপতি পিতৃয়ে পুতেকক দেশ- বিদেশ ভ্ৰমি জ্ঞান সঞ্চয় কৰিবৰ বাবে পঠিয়াই দিছে। মিষ্টাৰ কামাৰ এজন আদবয়সীয়া ভদ্ৰলোক। মহাৰাষ্ট্ৰৰ গড়কাপ্টানি বিভাগৰ ইঞ্জিনীয়াৰ। দেশ-বিদেশ ভ্ৰমি ফুৰালৈ এইগৰাকী ভদ্ৰলোকৰ চখ। কিছুদিনৰ আগেয়ে তেওঁ আমেৰিকা ভ্ৰমণ কৰি আহিছে। কামাৰ কথা চহকী তলতলীয়া মানুহ। মিষ্টাৰ আৰু মিছেছ শৰ্মাৰ সৈতে পৰিচয় হ'ল। দুয়ো 'বি-বি-চি'ৰ ফটোগ্ৰাফাৰৰ কাম কৰে। কোপেনহেগেনৰ পৰা আৰম্ভ কৰি জাপানৰ ওছাকাৰ 'আণ্ডাৰগ্ৰাউণ্ড' মাৰ্কেটলৈকে ক'ত কেইখন চকুত লগা কেমেৰাৰ দোকান আছে তাৰ হিচাপ দুয়ো অলপো খোকোজা নলগাকৈ কৈ দিব পাৰে। দক্ষিণৰ পৰা অহা দলটোৰ কুমাৰস্বামী আৰু সুন্দৰমৰ লগত পৰিচয় হ'ল। এওঁলোকে এটা কাপোৰৰ মিলত কাম কৰে।
- – মামণি ৰয়ছম গোস্বামী,বুদ্ধসাগৰ ধূসৰ গাইসা আৰু মহম্মদ মুছা
- মথুৰা ছাউনীত ট্ৰেইনৰপৰা বেছি মানুহ নমা নাছিল। সৰহভাগেই হয়তো জংশ্যনত নামিবগৈ। তথাপিও সাধু- সন্ন্যাসীৰ ভিৰ আৰু ভাৰাক্ৰান্ত দূৰ ভ্ৰমণকাৰীৰ চিঞৰ- বাখৰ এই সকলোবোৰে এই মথুৰা ছাউনীতো বেছ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিলে। সৰু-সুৰা সমদল এটিয়েও যাত্ৰীৰ গোন্ধ লৈ ফুৰা দেখা গ'ল।ডাক্তৰ ৰায়চৌধুৰীৰ পৰিয়ালটো এই মথুৰা ছাউনীত নামি পৰিল। শেষ বয়সত ব্ৰজবাস কৰা ৰায়চৌধুৰীৰ বহুদিনৰ আকাংক্ষা। তেওঁৰ স্ত্ৰী অনুপমা দেবীৰো এই একেই আশা আছিল। এই শেষ বয়সকেইটি শান্তিবে কটাম বুলি আশা কৰিছিল, কিন্তু শেষ বয়সত তেওঁলোকে কেইটামান মাৰাত্মক আঘাত সহ্য কৰিবলগীয়া হ'ল। তেওঁলোকৰ একমাত্ৰ জীয়ৰী সৌদামিনী অকালতে বিধৱা হ'বলগীয়া হ'ল। অকল এয়েই নহয়, এই কোমল বয়সীয়া ছোৱালীটিয়ে বিধবা হোৱাৰ পিছত এটি খ্ৰীষ্টান যুৱকৰ সৈতে মিলা-প্ৰীতিৰ আয়োজন আৰম্ভ কৰিলে। গোড়া মতাৱলম্বী আৰু ধৰ্মভীৰু ৰায়চৌধুৰীৰ পৰিয়ালত এয়া এক অবিশ্বাস্য কাহিনী!
- – মামণি ৰয়ছম গোস্বামী,নীলকণ্ঠী ব্ৰজ
- মই এই কাহিনীৰ স্ৰষ্টা নহওঁ। নিৰুপায় হেজাৰ মানুহৰ বুকুৱে বুকুৱে লুকাই থকা এক বিষাদৰ মহাকাব্যৰ মই এজন অক্ষম ৰূপকাৰ মাত্ৰ। মেৰ নাম অৰুনাভ বৰা। মই এজন লেখক।মোৰ ঘৰ গুৱাহা্টিত।-ৰীতা চৌধুৰী,‘মাকাম।’
- বহুত সময় ধৰি চেলফোন টো বাজি থকা দেখি নিজৰ টেবুলৰ পৰা উঠি আহিল প্ৰবক্তা জয়শ্ৰী বৰা। সহকৰ্মী অদিতি চৌধুৰীৰ চেলফোন। নিজৰ টেবুলত এৰি থৈ গৈছে। অদিতি চৌধুৰিৰ টেবুলৰ ওচৰত এখন্তেক দ্বিধাগ্ৰস্ত হৈ থিয়হৈ থাকি কৌতহল সামৰিব নোৱাৰি জয়শ্ৰীয়ে ফোন টো তুলি ল’লে।-ৰীতা চৌধুৰী। এই সময় সেই সময়।
- তলত মেঘৰ সমুদ্ৰ। ওপৰত আকাশৰ অগাধ শূন্যতা। এই শূন্যতাৰ মাজেৰে উৰি গৈ থকা এটা ষ্টিলৰ চৰাইৰ বুকুৰ ভিতৰত মই বহি আছোঁ।-ৰীতা চৌধুৰী,‘মায়াবৃত্ত। ’
- ডিব্ৰু বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰা চিঠিখন পাই ভাস্বতীৰ অস্বস্তি আৰম্ভ হৈ গৈছিল। ক’ত জানো তাই পঢ়িছিল-স্মৃতি এনে এক প্ৰেম,যি বিচ্ছেদৰ পিচতো লগ এৰা নিদিয়ে।আজি তাইৰো একেই হৈছে।ভাস্বতীৰ চকুত ভাহি উঠিল শাৰী শাৰী নাহৰ গছৰ মন্দিৰ সদৃশ চূৰাবোৰ। বৰ্ণময় সেউজ,কেঁচাপতীয়া,ফিকা চাহৰ ৰঙৰ কোমল পাতবোৰ আকৌ এবাৰ ৰদৰ সোঁণালী সানি,কুমাৰী ভয় লৈ বতাহত ৰিব্ ৰিব্কৈ কঁপি উঠিল তাইৰ চকুৰ মণিত।
- ব্যৰ্থ। ব্যৰ্থ বুলিয়েই ক’ব লাগিব। উজ্জল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্ৰাণচঞ্চল ছোৱালীৰ এই পৰিসমাপ্তিক ব্যৰ্থতা বুলি নকৈ কি কোৱা যায়। তাইতো.....। থাওক সেই সমাপ্তিৰ কথা।-ৰীতা চৌধুৰী,‘পপীয়া তৰাৰ সাধু’
- ৰাতিপুৱা।
গুৱাহাটী মহানগৰীৰ এটা পৰিচ্ছন্ন উপপথৰ একাংশৰ দৃশ্যপট। সেই অংশত মাজত বাটটো ৰাখ দুফালে দুটা ঘৰ।এফালে পকী দেৱালেৰে ঘেৰা এডোখৰ মাটিত প্ৰায় চৌহদ জুৰি এট প্ৰকাণ্ড বহুতল অট্টালিকা। গুৱাহাটীত খোপনি পুতিবলৈ আৰম্ভ কৰা ফ্লেট জীৱনৰ চানেকি এটা আধুনিক এপাৰ্টমেণ্ট।ভাগে ভাগে বা কৰা অনেক পৰিয়ালৰ ভিন্নসুৰী জীৱনৰ কোলাহলেৰে মুখৰিত মুকলি ঠাইহীন সেই আবদ্ধ পৰিবেশৰ ঠিক বিপৰীতে বাটৰ সিটো মূৰে আছে লন আৰু ফুলনিৰে সুশোভিত বৃহৎ চৌহদৰ ভিতৰত এট অত্যাধুনিক দুমহলীয়া ঘৰ।-ৰীতা চৌধুৰী,'ৰাগ মালকোশ'
- বহল চাংখনৰ কাষতে দীঘল টেবুলখন।চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই।টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ,বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্ৰ,বহী।কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই।সন্ধিয়া হলেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰৰ্থনা জুৰোঁ।....আমি কিমান মনঃপুত প্ৰৰ্থনা গাইছোঁ,সেইয়া পৰ্যবেক্ষন কৰি থাকে দেউতাই কেতিয়াবা মায়ো।...ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘতিলে চোতালতে বহে মানুহ।-ড.ৰুবুল মাউত,‘মোৰো এটা সপোন আছে।’
- এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে।এই নৈখন অখমৰ উত্তৰত থকা মিৰি ডফলাৰ পৰ্বত লানিৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়।ব্ৰক্ষপুত্ৰৰ ঠাল এটা মাথোন।ঘাই ব্ৰক্ষপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে।আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰক্ষপুত্ৰ বাবাই আগবাঢ়ি আহি,তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰা আদৰি নিছে।যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে,সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পছিম মুখে ব্ৰক্ষপুত্ৰত পৰিছে।-ৰজনীকান্ত বৰদলৈ, ‘মিৰি জীয়ৰী।’
- ফাগুন মাহ৷ ভৰ দুপৰীয়া। আকাশ ধুৱঁলি-কুৱঁলি। পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে। এজোপা জৰি গছৰ আগৰ পৰা একো একোবাৰ উৰামাৰি এহাল ফেঁহুচৰায়ে এই ছাইবিলাক ওপৰতে ধৰি ধৰি খাইছে। - ৰজনীকান্ত বৰদলৈ, ‘মনোমতী।’
- হাৰ কপোৱা শীত। ঘড়ীৰ কাঁটা আগ বাঢ়িছে নতুন এটা দিন আৰম্ভ কৰিবৰ বাবে। মহা নগৰীৰ আটাইয়ে বোধ হয় টোপনিত অচেতন। চতুৰ্দিশে অদ্ভুত এক নৈঃশব্দ।-ৰন্জু হাজৰিকা,‘নৰকৰ ফুল।’
- গধূলি। গোভা ৰাজ্যৰ ৰাজ-হাউলী। আনকালে কৰ্মব্যস্ত মানুহৰ আহা-যোৱা,কথা-বতৰাই গম্গমীয়া কৰি ৰখা গোভাৰ ৰাজানঃ আজি শব্দহীন। শোকস্তব্ধ। গোভাৰ ৰাজপুত্ৰ,কুমৈ বঘৰাৰ ৰজা মৃগাঙ্কৰ মুণ্ডহীন শৱদেহ দাহ কৰি অলপ আগেয়ে উভতি আহিছে গোভাৰজা সাধুকুমাৰ আৰু কুলৰ লোক সকল। উভতি আহিছে চুবুৰীয়া ৰাজ্য সমুহৰ পৰা অহা ৰজা আৰু ৰাজপ্ৰতিনিদিসকল।উভতি আহিছে সংখ্যাহীন প্ৰজা।-ৰীতা চৌধুৰী,‘দেও লাংখুই।’
- মহানগৰৰ কোলাহলে আহি যি অংশত তীব্ৰতা হেৰুৱাই পেলাই,ঠিক তেনে এডোখৰ ঠাইত বূহৎ চৌহদৰ ভিতৰত আধুনিকতাৰ গৌৰৱ বিচ্ছুৰিত কৰি থিয় হৈ আছে চিকিৎসা মহাবিদ্য়ালয়ৰ বূহৎ বিল্ডিংটো। জীৱন বিচাৰি অহা মানুহ আৰু জীৱন বিচাৰি অহা মানুহৰ প্ৰয়োজনক কেন্দ্ৰ কৰি গোট খোৱা ভিন্ন ভিন্ন বূত্তিৰ মানুহৰ সমাগমে অহোৰাত্ৰি মুখৰ কৰি ৰাখে বিল্ডিংটোৰ চৌপাশ।-ৰীতা চৌধুৰী,‘হূদয় নিৰুপায়।’
- ত্ৰিছ নৱেম্বৰ।
দুহেজাৰ দুই চন। আঘোণ মাহৰ তেৰ দিন। পুৱাৰ পাতল কুঁৱলীয়ে ডিফু চহৰক সাবটি ধৰিছিল, আলফুলকৈ। ঘৰৰ সন্মুখৰ পাইন গছজোপাৰ চিৰচিৰিয়া পাতবোৰতো আঘোণমহীয়া কুঁৱলীয়ে মিঠা আমেজ সানিছিল—— মৰমেৰে। ——ৰং বং তেৰাং,‘মোৰ জন্ম হোৱাটো অন্ততঃ সচাঁ।’
- ৰাতি দুপৰ হৈছে। জগত নিমাত, নিস্তব্ধ। সৰু বেজি এটি হাতৰ পৰা মাটিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰৰ 'ভুক্' 'ভুক্', হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিশাৰ নিফুট ভয়-লগা ৰাতিক আৰু ভয়-লগা কৰি তুলিছে। - লক্ষ্মীনাথ বেজবৰুৱা, পদুম কুঁৱৰী
- বিশ্ববিখ্যাত বহুৰাষ্ট্ৰীয় প্ৰতিস্থান 'ভিভিয়ান ইন্টাৰনেচনেল'ৰ আণৱিক জীৱ বিদ্যা শাখাৰ মুৰব্বী ড. অনুজ কৃপালনিয়ে তিনিতা ই মেইলৰ বাৰ্তা গ্ৰহন কৰি প্ৰিণ্ট আউট তিনিটা আছুতীয়াকৈ থৈ ইন্টানেটৰ যোগেদি তথ্য় পাবৰ বাবে ডেক্সটপত আখৰ কেইটা টিপাৰ লগে লগে পৰ্দাত কথা বোৰ জিলিকি উঠিলঃ -লক্ষ্মীনন্দন বৰা, কায়কল্প
- তোৰ লক্ষ্য কিন্তু পাহৰি নাজাবি। মই তোক ডাক্তৰ হ'বলৈ হে গুৱাহাটীলৈ পঠিয়াইছো,মুকলিপক্ষী হৈ আকাশত উৰিবলৈ নহয়। হায়াৰছেকেণ্ডাৰীৰ দুটা বছৰ মন দি পঢ় নহ'লে একো লাভ নহব।-শিখা শৰ্মা।চিনৰিটা
- শালিকী এ...লথৌ থৌ...
ভাত হ’ল শাক হ’ল ডালত পৰি খা..আ..হি
- বোকা আছে পানী আছে কেনেকৈ যাম!
নাই, বোকা-পানী দেখি থমকি ৰোৱা নাছিল৷ খুব সাৱধানে খুপি খুপি আগবাঢ়িছিল কণমানি ভৰি দুখনি। ডাৱৰ ভেদি বেলিয়ে ভুমুকি মাৰিছিল।ৰ’দৰ হেঁচোকনিত গছপাতবোৰৰ ঘুমটি ভাগিছিল, ফুলবোৰে হাঁহিছিল,এটি-দুটিকৈ অনেকটি পখিলা জাকি মাৰি উৰি গৈছিল।ঠোঁটত গীত এটি এটি লৈ চৰাইবোৰো উৰা মাৰিছিল। ধূলি-বালিৰ ধেমালিবোৰে মোক হাত বাউলি মাতিছিল। ফটাকানিৰ ছোৱালীবোৰে মোৰ বাবেই বাট চাই আছিল। আৰু মোৰ খেলৰ প্ৰধান সংগী ৰুবী...তাই চাগে’ নাৰিকলৰ কোৰোকাত বালি-মাটি-বনপাতৰ ভাত-তৰকাৰী ৰান্ধিলেই! খুপি খুপি গৈ থকা মোৰ ভৰি দুখন ডেউকা হ’ব খুজিছিল। —— শৰ্মিষ্ঠা প্ৰীতম। আত্মকথা।
- নৈ খনে কথা কয়।
বহুত পুৰনি কথা। কথাবোৰ দুয়োপাৰৰ গৰাত লাগি লাগি ৰয়। বিৰিণাৰ পাতত বহুত দিনলৈ লাগি থাকে। বতাহজাক আহি পুৰণি কথাবোৰ বিৰিণাৰ পাতৰ পৰা ক’ৰবালৈ লৈ যায়। তথাপি কথাৰ শেষ নাই।
- — চৈয়দ আব্দুল মালিক, সূৰুযমুখীৰ স্বপ্ন
- ৰ’দ জাক টান আছিল। নৈ-পৰীয়া বতাহ জাক কোমলকৈ বৈ আছিল। হাবিৰ গছ-গছনিবোৰৰ পাতবোৰে সামান্য জিৰ্ জিৰনি শব্দ তুলি নাচি আছিল। বিয়াগোম বৰগছজোপাৰ গধুৰ পাতবোৰো অলপ অলপকৈ কঁপিছিল।
- — চৈয়দ আব্দুল মালিক, ধন্য নৰ তনু ভাল
- মহাযুদ্ধৰ সাময়িকভাৱে, মাত্ৰ এৰাতিৰ বাবে,অৱসান ঘটিছে। এতিয়া আৰম্ভ হৈছে মোৰ মনৰ এক সৰ্বাত্মক যুদ্ধ। এই যুদ্ধত উত্তীৰ্ণ হ’লেই মই আচল যুদ্ধত উত্তীৰ্ণ হ’ব পাৰিম।
- — চন্দ্ৰপ্ৰসাদ শইকীয়া, মহাৰথী
- খোজবোৰ পিছলি পিছলি যায়। -এখোজ, দুখোজ-এবেঁও,দুবেও। শুকান বালিত শুদা ভৰিৰ গোৰোহা পিছলা খোজ। মৰা-নদীৰ চেৰা সুঁতিত যৌৱন-শঙ্কিত প্ৰাণৰ ভীতু খোজ।আকাশত ফাগুনৰ হাঁহি।
- — চৈয়দ আব্দুল মালিক,জীয়া-জুৰিৰ ঘাট
- এজন নতুন লিখকৰ উপন্যাস এখনৰ পাণ্ডুলিপিৰ ওপৰত চকু ফুৰাইছিলো। মনোযোগ দিবলগীয়া হৈছিল যথেষ্ট। পুৰণি সিদ্ধহস্ত লিখকৰ লিখা ভালকৈ নপঢ়িলেও চলে, কিয়নো পঢ়িও বিশেষ লাভ নাই। তেওঁলোকৰ লিখাৰ ওপৰত চকু ফুৰাব পাৰি, হাত ফুৰাবৰ অধিকাৰ নাই; কিন্তু নতুন লিখকৰ লিখা প্ৰকাশ কৰিবলৈ লোৱাৰ ভালকৈ চোৱা দৰকাৰ। পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰখাৰ উপৰিও, সুসাহিত্য পৰিবেশন কৰাৰ যি ঐতিহ্য 'জীলি প্ৰকাশনী'ৰ আছে তাক অক্ষুণ্ণ ৰখাও আমাৰ দায়িত্বৰ ভিতৰৰ কথা। তাতোকৈ ডাঙৰ কথা, পুথি প্ৰকাশত ব্যয় কৰা টকা ঘূৰাই পোৱাৰ উপৰি, লাভৰ বিষয়ে নিশ্চিত হ'ব পৰাটো।
- — চৈয়দ আব্দুল মালিক,ডঃ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী
- ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুৰ্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, আস্তিনকেটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউন্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল।পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ।
- — চৈয়দ আব্দুল মালিক,অঘৰী আত্মাৰ কাহিনী
- এক বিচিত্ৰ ৰসাল, নানা বৰণীয়া জীৱন্ত ভূমি। কেউফালে ওখ-চাপৰ পৰ্বত- পাহাৰে আৱৰি ৰখা, এখন গছে-বনে, ফুলে পাতে উপচি থকা নৈ-পৰীয়া ঠাই। এখন ৰাজ্য, এখন প্ৰদেশ, এখন দেশ। এখন তাৰ মানুহ, পশু, চৰাই, মাছ, পোক-পৰুৱাৰে ওপচা ঠাই। জনমভূমি, মাতৃ। এই সেউজীয়া গছ-গছনিয়ে ঢাকি ৰখা দেশখনৰ ভূমিখণ্ডৰ বুকুৰ মাজেদি বৈ গৈছে উত্তৰৰ বৰফে ঢকা পৰ্বতৰ বুকুৰ পৰা নামি অহা, নিৰবধি, দিন-ৰাতি অকণো নৰৈ বৈ থকা এখন বহল, দ', চিৰ প্ৰবহমান নদী-বৰ- লুইত, ব্ৰহ্মপুত্ৰ। এই বৰ-লুইতখন তাৰ দুয়ো পাৰে যুগে যুগে বসবাস কৰি অহা বিভিন্ন লোকসকলৰ বুকুৰ আপোন। যিয়ে যি নামকে দি মাতক, নৈ একেখনেই- লুইত, বৰ-লুইত, বুঢ়া-লুইত,বৰহমপুত্ৰ, ব্ৰহ্মপুত্ৰ, চিৰী-লুইত!
- — চৈয়দ আব্দুল মালিক,প্ৰেম অমৃতৰ নদী
- পৃথিৱীত নিশ্চয় জুই লাগিছে। নহলে ৰবাব টেঙা এটাৰ দাম পাঁচ টকা বুলি কোনে বিশ্বাস কৰিব? কথাবোৰ অফিচত শুনি খেৰজান বাগিছাৰ বৰ কেৰাণী শইকীয়াই ঘৰত কয়হি। তেওঁৰ ৰান্ধনি-চাকৰ ভীমচন্দ্ৰই শুনি অবাক হয়, আৰু শইকীয়াৰ পুতেক বাখৰৰ আগত কয়। বাখৰে মাত্ৰ মন্তব্য কৰে,“দুনিয়াত জুই লাগিছে ভীম। চাৰিওফালে যুদ্ধ লাগিছে। মানুহৰ দাম সস্তা হৈছে, বস্তুৰ দাম বাঢ়িছে। মোক বেচিলে পাঁচ পইচাও নেপাৱ।”
- — যোগেশ দাস, ডাৱৰ আৰু নাই
- ছবছৰৰ আগৰ কথা।
বৰুৱাই ক'লে, "ভুল আমাৰেই ভাস্কৰ। উপা তেতিয়া সৰু ছোৱালী। বিয়া কি বস্তু তাই একো নেজানে। আনকি তাই কন্দাও নাছিল। আৰু প্ৰবীণেও বিয়াত ঘোৰ আপত্তি কৰিছিল। বিয়াৰ আগ দিনালৈকে সি বিয়া নকৰাওঁ বুলি দুয়োখন ঘৰতে অশান্তিৰ সৃষ্টি কৰিছিল। তাকো আমি আজি দোষ দিব নোৱাৰো।”
- — যোগেশ দাস,সঁহাৰি পাই
- ডেকা পুলিছ এছ-আই গিৰিশ বায়নে কলে, "চোৱা কমলী, এই ৰাতিখনলৈকে তোমাৰ ইয়াত থকা কিন্তু ভাল হোৱা নাই। মই পুলিচৰ মানুহ, চোৰ-ডকাইতৰ লগত কাৰবাৰ, সিহঁতৰ কোনে কেতিয়া মোৰ পাচ লয় ঠিক নাই।..' তেওঁৰ কথা শেষ হ'বলৈ নিদি, কোমল ছোফা এখনত বহি হাঁহি হাঁহি এগিলাছ অৰেঞ্জ স্কোৱাছ লৈ খাই থকা কমলিনীয়ে ক'লে, "ভালহে, চোৰ-ডকাইতৰ পৰা পুলিচে ৰক্ষা নকৰিলে কোনে কৰিব?” গিৰিশ বায়নে নিজৰ গিলাচটো টিপয় এখনত থৈ জেপৰ পৰা এপেকেট চিগাৰেট উলিয়াই ক'লে, "তাৰোপৰি মই দাং-বৰলা মানুহ। মোৰ লগত হলিগলি কৰা দেখিলে মানুহে..." কমলিনীয়ে আকৌ বাধা দি, আচৰিত হোৱা যেন দেখুৱাই কৈ উঠিল, "গিৰিশ-দা আপুনি আগতে এবাৰ বিয়া কৰাইছিল? ক'তা আমাকতো এদিনো কোৱা নাই?"
- — যোগেশ দাস,বঙহৰ মঙহ
- বৰঝাৰ বিমান পথাৰ সৰৱ আৰু চঞ্চল কৰি বিৰাট প্লেনখন ৰৈ গ'লহি। আন আন মানুহৰ লগত ৰাজেন আগবাঢ়ি নগ'ল। সি খটখটীৰ কাষতে থিয় দি থাকি এহাতেৰে দুপৰীয়াৰ চোকা ৰ'দটোৰপৰা চকু দুটা ৰক্ষা কৰি উৰা জাহাজখনলৈ চাই থাকিল।যাত্ৰীসকল নামি আহিল। বন্ধু-বান্ধবে হাঁহি-মুখে সম্বৰ্ধনা জনালে। তাৰ পিছত সকলোৱে দিহা-দিহি যাবলৈ ধৰিলে। কোনো কোনো গ'ল এয়াৰ লাইন্সৰ বাছখনৰ পিনে। বাকীসকল ৰাজেন ওচৰেদিয়েই উঠি আহিল, সম্ভৱতঃ বিৰাট ঘৰটোৰ মাজেদি গৈ নিজৰ নিজৰ মটৰত উঠিব। হাতত মোনা একোটা লৈ লৈ দুজন পেট-ডাঙৰ মানুহ উঠি পাৰ হৈ গ'ল উভতি চাই চাই। অলপ আঁতৰে আঁতৰে আহি আছিল মাক-বাপেক-জীয়েকৰ এটা সৰু পৰিয়াল। গাভৰু ছোৱালীজনী দেখিবলৈ ভাল। তেওঁলোকৰ পাছে পাছে আহিছিল এজন ওখ, হৃষ্ট-পুষ্ট, বগা, দেখনিয়াৰ ডেকা লৰা; এহাতে এটা চামৰাৰ বেগ আৰু আনহাতে ক'লা চশমা এযোৰ লৈ তেওঁ ঘূৰি-পকি চাৰিওফালে এনেকৈহে চাই চাই আহি আছিল যেন পৃথিৱীখন তেওঁ এয়ে প্ৰথম দেখিছে। গাভৰু ছোৱালীজনীয়ে কায়দা কৰি প্লেনখনলৈ উভতি চোৱাৰ ছলেৰে ডেকাজনলৈ বাৰেপতি চাইছিল। ডেকা কিন্তু বৰঝাৰৰ চৌপাশ চোৱাত মগ্ন।
- — যোগেশ দাস,নিৰুপায় নিৰুপায়
- টিউশ্যন কৰি কেতিয়াবা বৰ বিৰক্ত লাগে। স্কুলত দিনৰ দিনটো ছয়-সাত পিৰিয়ডকৈ বকি থকাৰ পিছত বাহিৰে বাহিৰে গজেনৰ ঘৰলৈ যাব লাগে। তাত হাত-মুখ ধুই চাহ-জলপান খাই আৰু ডেৰ-দুঘণ্টা সময় প্ৰবেশিকাৰ বিচিত্ৰ পাঠ পড়ুৱাব লাগে। তাৰ পিছত বহালৈ আহি যিটো ভাগৰ লাগে, কাপোৰ-কানি সলাই কেতিয়াবা বিছনাতে নিতাল মাৰি পৰি থাকোঁ, কেতিয়াবা সেই পিনেই টোপনি যাওঁ, গধূলি এপাক ফুৰা নহয়েই। সাৰ পাই উঠি আন্ধাৰ পৃথিৱীখন দেখিলে খং উঠি যায়। আকৌ ভাত ৰান্ধিব লাগিব, অলপ পঢ়িব লাগিব, খাই শুই থাকিব লাগিব। কোনোবা বন্ধু আহিলেতো মেল মাৰি থকাহে হ'ব। স্কুলৰ কাৰণে পঢ়া কামটো পিছ দিনালৈ থব লাগিব তাৰ মানে বাতৰি কাকতখন ভালদৰে পঢ়া নহব, কাৰণ ভাত ৰান্ধিব লাগিব। গতিকে টিউশ্যনটোবে মোক প্ৰায়েই বিৰক্ত কৰে।
- — যোগেশ দাস,এমুঠি ধূলি
- কমলিনী বৰাৰ উৎকণ্ঠা আজি অলপ বেছি। ৰাতি এঘাৰ বাজি গ'ল। কিন্তু মৃদুল এতিয়াও ঘৰলৈ অহা নাই। মন্দিৰা, গীতিকা, বন্দনা- তিনিওজনী ছোৱালী শুলে। ডাঙৰজনী মন্দিৰাই সাধাৰণতে পলমকৈ শোৱে। কিন্তু আজি শুই শুই কিতাপ পঢ়ি তায়ো টোপনি গ'ল। মাকে হে টেবুল-লেম্পটো নুমুৱাই দিছে।
- — যোগেশ দাস,হেজাৰ ফুল
- ভনীয়েকৰ শেষৰখন চিঠি পাই কমলাৰ মনটো কিবা এক অবুজ দুখত গধুৰ হৈ গ'ল।
বাইদেউ, তহঁতক মাতি মাতি ভাগৰেই লাগিল। আপোন মানুহক পোৱাৰ আগ্য মোৰ বোধকৰো নায়েই। দেউতাক মই কেনেকৈ হেৰুৱাইছিলো তই জানই। আজি আমাৰ আয়োও নাই। আই নথকা কাৰণে আমাৰ ঘৰখন আমাৰ কাৰণে কেনেকুৱা হৈ গ'ল তাকো তই ভালদৰে জান। তোৰ এখন বেলেগ, নিজা ঘৰ হৈ বৰ ভাল হ'ল। ভাবিছিলো তোৰ লগতে মই পুৰণা দিনৰ সম্বন্ধ ৰাখিম। পিছে তয়ো পিঠি দিয়া হৈছ। কেলৈ, মোলৈ তোৰ অকণো মনত নপৰেনে? দুইজনী বাই-ভনী দেখোন একেলগে ওমলিছিলো, ডাঙৰ-দীঘলো হৈছিলো। আমাৰ যে কিমানবোৰ উমৈহতীয়া সম্পদ আছে বাইদেউ। মই কি কৰিছো, কি দৰে আছো, মই কেনেকুৱা হ'লো- তোৰ চাবৰ মন নেযায়? গতিকে আহিবি। সোনকালেই আহিবি। মোৰ আজিকালি বৰ অকলশৰীয়া অকলশৰীয়া লাগে। তই আহিলে বহুত কথা পাতিব পাৰিম। সকলোৱে মৰম ল'বি। ইতি- তোৰ মৰমৰ - বিমলা
- — যোগেশ দাস,ছাঁ জুই খেদি
- অৱশেষত মনোৰঞ্জন কাকতিয়ে থিৰ কৰিলে, তেওঁ নিজেই যাব মাটি ডোখৰৰ বিষয়ে খবৰ কৰিবলৈ। তেওঁৰ খং যেন আজি চৰম সীমাত উপনীত হ'লহি। তেওঁ দদপাই উঠিল, "সিহঁতে কি ধেমালি পাইছে? এইখন ৰজা নাইকিয়া দেশ পাইছে নেকি?"অমলা কাকতিয়ে অলপ ঠাট্টাৰ সুৰত সোঁৱৰাই দিলে, "ৰজা-ৰাজোৱাৰনো আজি-কালি আছে ক'ত?" উদ্যত ক্ৰোধ সত্ত্বেও মনোৰঞ্জন কাকতি ক্ষন্তেক থমকি ৰ'ল। তেওঁৰ পৰিবাৰৰ কথাৰ এটা তাৎপৰ্য আছে। ভাৰতত ৰজা-বাজোৱাৰ নোহোৱা হোৱাৰ গুৰিতে কাকতিৰো অলপ নহয় অলপ বৰঙণি আছে। এসময়ত সক্ৰিয়-ভাবে ৰাজনৈতিক আন্দোলনত লাগি কাকতিৰ নিচিনা মানুহে এই ভাৰততে সকলো সামাজিক অসমতা দূৰ কৰিবলৈ যুঁজ কৰিছিল।
- — যোগেশ দাস,উৎকণ্ঠ উপকণ্ঠ
- জোনাক ৰাতি। কিন্তু ডাঠ কুঁৱলীৰ কাৰণে দূৰলৈ নমনি। ৰাতি নমানহে বাজিছে। কিন্তু জাৰৰ দিন কাৰণে আলিবাটত কোনো মানুহকে দেখিবলৈ নাই। কেৱল কৃষ্ণ গোসাঁয়েহে অকলশৰে অলপ ঢলং পলংকৈ খোজ কাঢ়ি গৈ আছে। কোনোবাই এই সময়ত দেখা হ'লে বুজিলেহেঁতেন যে কৃষ্ণ গোসাঁই নিশ্চয় সুস্থ অৱস্থাত নাই; এটুপি ধৰি গাত খজুৱতি উঠিছেহে; সেই খজুৱতি সুত লগাবলৈ তেওঁ ললিত দাসৰ ঘৰলৈ যথাৰীতি যাত্ৰা কৰিছে।
- — যোগেশ দাস,নেদেখা জুইৰ ধোঁৱা
- পাহীয়ে কথাটো কলে সৰুকৈ, লাজ কৰি এক মুখখন ঘুৰাই। কিন্তু প্ৰথমবাৰ ৰজনীয়ে নুশুনিলে। গতিকে তাই আকৌ ক'ব লগা হ'ল, "মোৰ কিবা হৈছে বুইছা? দুমাহমান দেখোন একো হোৱা নাই সেইবোৰ।"সিমানতো ৰজনীয়ে ঠিক ধৰিব পৰা নাছিল। যেতিয়া সি কথাটো অনুমান কৰি লব পাৰিলে তেতিয়া প্ৰথমে মিচিক কৰে হাঁহি পেলালে, লগে লগে কাণ দুখনো গৰম গৰম লাগিল। কিন্তু পিছ মুহূৰ্ততে তাৰ হাঁহিটো বন্ধ হৈ গ'ল। সি হঠাতে গহীন-গম্ভীৰ হৈ চিন্তা কৰিবলৈ ধৰিলে।
- — যোগেশ দাস,অবৈধ
- নৰেশ শইকীয়াই বীৰেশ্বৰ বৰুৱাৰ তালৈ যোৱাৰ কথা এইবাৰৰ সৈতে তিনিবাৰ ভাবিলে। কিন্তু তথাপি কথাটোত মনোনিবেশ কৰিব নোৱাৰিলে। তিনিওবাৰেই মালতী দাসৰ কথাই তাৰ মনযোগ বিকৰ্ষণ কৰি লৈ গ'ল। ছোৱালীজনীয়ে বেছ কথা ক'ব পাৰে দেই। আৰু বৰ ডাঙৰ নীতি-নিয়মৰ কথাকে বেছ জোৰ বক্তৃতাৰ ভংগীত ক'ব পাৰে। অফিছটোৰ আন কোনেও তেনেকৈ উষ্মাৰে কথা ক'ব নোৱাৰে।
- — যোগেশ দাস,নৰেশ, মালতী আৰু
- মীনাক্ষী বৰুৱা নামে এজনী মৰমলগা ছোৱালীৰ কাৰণেই অধ্যাপক মহানন্দ চলিহাৰ শ্বিলংখনক ইমান ভাল লাগেনে? তেওঁ প্ৰায়েই কলেজলৈ ওলাই আহোঁতে প্ৰশ্নটো নিজকে কৰে আৰু প্ৰবল বেগে নিজেই মুৰ জোকাৰি জোকাৰি কথাটো মনতে অস্বীকাৰ কৰে। কাৰণ মহানন্দ চলিহা বয়স ভাটী দিয়া ইংৰাজীৰ প্ৰফেছৰ আৰু মীনাক্ষী তেওঁৰ কলেজৰে ফাৰ্স্ট ইয়েৰৰ ছাত্ৰী। বৰ মৰমলগা ছোৱালী অৱশ্যেই হয়। কিন্তু সেই বুলিয়েই শ্বিলং চহৰ তেওঁৰ প্ৰিয় হৈ যাবনে? শ্বিলঙক ভাল লগাৰ আৰু বহুত কাৰণ নিশ্চয় আছে।
- — যোগেশ দাস,ৰজনী বিদূৰ
- পুৰণা বগা এম্বেছেডৰখন অলপ দূৰ ৰৈ ৰৈ আহি থাকিল, লাহে লাহে শেষত দুবাৰমান ইতস্ততঃ কৰি স্তব্ধ হৈ গ'ল। ড্ৰাইভাৰে বহু চেষ্টা কৰিও গাড়ীখন আৰু লৰচৰ কৰিব নোৱাৰিলে। পৰম বিৰক্ত হৈ ড্ৰাইভাৰ ৰামলাল দুৱাৰ খুলি ওলাই আহিল। ওলাই অহাৰ লাচতে বনেটখনো খুলি থৈ আহিল।পাছফালৰ চিটৰ এচুকত এগৰাকী বয়স্ক মহিলা বহি আহিছিল। তেওঁ মূৰটো উলিয়াই চালে। তেওঁৰ চকুৱে-মুখেও শংঙ্কা আৰু সন্দেহৰ চিন।
- — যোগেশ দাস,এনাজৰী
- নৱৰত্ন পথত এটা সৰুসুৰা আলোড়ন উঠিল।প্ৰথমে ইঘৰে-সিঘৰে, পদুলিয়ে পদূলিয়ে ওলাই ঘটনাটো সম্বন্ধে ফুচফুচাই আলোচনা কৰিলে।পৰস্পৰৰ ভিতৰত ইন্দ্ৰজিতৰ বিয়া সম্বন্ধে বিস্তাৰিত বিৱৰণৰ আদান-প্ৰদান হ'ল। ছোৱালী ক'ৰ, কাৰ ঘৰৰ, জাত-পাতৰ অমিল, গৰ্গনাৰায়ণে এতিয়া কি কৰিছে, ইন্দ্ৰজিতৰ মাক পদ্মাৱতী আৰু তাৰ ভনীয়েক ইৰাই (মন্দিৰা) কি কৰিছে, ইত্যাদি সকলো ধৰণৰ সঁচা-মিছা খবৰ নৱৰন্ত পথৰ বাসিন্দা সকলোৰে সংগ্ৰহ কৰা হৈ গ'ল। সকলো খবৰৰ মাজতে যে গৰ্গনাৰায়ণ বৰুৱাৰ সংহাৰ-মূৰ্তি আৰু উচ্চস্বৰত কৰা গালি-শপনি সেইবোৰে প্ৰাচীন পৈতৃক ঘৰটোৰ চালখন উৰুৱাই নিছেনে কি- এই বিষয়টো আটাইতকৈ বেছি আলোচিত হ'ল।
- — যোগেশ দাস,এজন খঙাল মানুহ
- বহাগ মাহৰ আবেলি। শিৱসাগৰ নগৰ। দূৰে-ওচৰে পুৰণি দিনৰ স্মৃতিৰ ৰেঙণি। আজিৰ ব্যস্ত নগৰী। দোকান, ছবিঘৰ, পথচাৰী, যাত্ৰী, নানান যান-বাহন ঠাহ খাই পৰা চৰকাৰী মটৰ ষ্টেচন। হাই-উৰুমি, চিঞৰ-বাখৰ, হৰ্ণ-টিলিঙাৰ আৰাও। ব্যস্ত যাত্ৰীৰ উৎকণ্ঠা, দূৰণিৰ পৰা অহা যাত্ৰীৰ ক্লান্তি, গাড়ী চাবলৈ অহা ডেকা-চেমনীয়া দলৰ অলস বিচৰণ।
- — যোগেশ দাস,পোহৰ বিচাৰি
- খট্খটীটো ঠেক, বৰ ওখ। সৰু দুমহলীয়া ঘৰটোৰ ওপৰলৈ যোৱা একমাত্ৰ খট্টীটোৱেই বাট। তলৰ মোজেইক কৰা বাৰাণ্ডাৰ পৰা মাত্ৰ বহল তিনিটা ঢাপৰ পৰা ঘূৰি তেনেই ওপৰলৈ ঠেক চিৰিৰেই উঠি যাব লাগে। বাহিৰ কাষে যেনিবা দুই ইঞ্চিৰ লোহাৰ পাইপ দুডালেৰে ৰেইলিং। নতুন মানুহে উঠিলে, বিশেষকৈ তিৰোতা মানুহে, প্ৰায়েই দুই হাতেৰে ৰেইলিঙত ধৰি ধৰি খুপি খুপি যায়। ৰেইলিঙৰ বাহিৰত তললৈ চাবলৈ ভয় কৰে।
- — যোগেশ দাস,সোঁতৰ বিপৰীতে
- অৱশেষত দুই বৃদ্ধ ভদ্ৰলোক গুচি যোৱাত অভয় চলিহাই স্বস্তিৰ নিশ্বাস পেলালে যদিও তেওঁৰ খংটো থাকি গ'ল। অভয় চলিহাই আজিকালি মানুহৰ সঙ্গ ভাল নেপায়। মানুহক এৰায়ে ফুৰে। কোনোবা আহি ওলাব পাৰে বুলিয়ে তেওঁ আবেলিতে ঘৰৰপৰা ওলাই যেনিতেনি ঘূৰি ফুৰে। প্ৰায়েই নিজানে নিজানে ফুৰে। কিন্তু মানুহক এৰাই চলা সম্ভৱ নহয়। যেনে আজি গধূলি আঠ বজামানত ঘৰলৈ ঘূৰি আহোঁতে পাছে পাছে লাগি আহিল দুই লাংপুং বুঢ়া সদানন্দ বৰুৱা আৰু কৃপানাথ কাকতি। দেউতাৰ দিনৰ মানুহ। ভদ্ৰতা দেখুৱাই সহ্য কৰি যাব লগা হয়।
- — যোগেশ দাস,একা-বেঁকা
- কিমান ৰোগ নেথাকে মানুহৰ। ৰাতিপুৱা সাত বজাৰপৰা ৰোগী চাইছো, এতিয়া এঘাৰ বাজো বাজো। তথাপি আজি যেন বেমাৰী অন্ত নহ'বহে। অথচ আজি ছমাহ আগতে এই চেম্বাৰটো খুলিবলৈ ভয়েই লাগিছিল। নতুন ডাক্তৰ, লোকৰ নতুন ফাৰ্মেচীখনত বহি প্ৰেক্টিচ কৰিবৰ আজি মাত্ৰ ডেৰ বছৰহে হৈছে। এই গতিত মোৰ ৰোগীৰ সংখ্যা বাঢ়িব বুলি ভবাই নাছিলো। অৱশ্যে মোৰ চেম্বাৰত পেশ্যেণ্টৰ হেঁচা-ঠেলা হয় বুলি নকওঁ। ইমানকেইজন অভিজ্ঞ আৰু নামজ্বলা ডাক্তৰ থাকোতেও গুৱাহাটীত মোৰ দৰে ল'ৰা-মানুহৰ ওচৰলৈ বেমাৰীৰ সোঁত বৰ বুলি ভবা ভুল। তথাপি আজি বেমাৰীৰ ভিৰ হৈছে।
- — যোগেশ দাস,জোনাকীৰ জুই
- এখন সৰু ঠাইৰ এটা ডাঙৰ প্ৰতিষ্ঠান।ভোগপুৰ এখন বজাৰ মাত্ৰ বুলিব পাৰি। গুৱাহাটীৰপৰা নলবাৰী, বৰপেটা আদিলৈ যোৱাৰ বাটত ভোগপুৰ। চাৰিওফালে বহুত গাঁও। হিন্দু, মুছলমান, জনজাতি, চৰবাসী, মৈমনচিঙীয়া আদি বিবিধ মানুহৰ গাঁও। সকলোৰে কেন্দ্ৰস্থল ভোগপুৰ। ৰেলগাড়ী নচলে, কিন্তু বহুতো প্ৰাইভেট বাছ, বজাৰ বাছ আৰু ট্ৰেন্সপ'ৰ্টৰ বাছ ভোগপুৰেদি চলাচল কৰে। গাঁৱৰ মানুহ গুৱাহাটীলৈ যাবলৈ হ'লে, নলবাৰীলৈ, বৰপেটালৈ, বৰপেটাৰোডলৈ যাবলৈ হ'লে ভোগপুৰলৈ আহিবই লাগিব। ইয়াতে মটৰত উঠিব লাগিব। গুৱাহাটীলৈ মাত্ৰ ২৫ মাইল দূৰ। নলবাৰীলৈ ৩২ মাইল। বৰপেটালৈ ৫৬ মাইল। বেলেগ বেলেগ বাট।
- — যোগেশ দাস,মমতা