জৰ্জ বাৰ্ণাৰ্ড শ্ব'

জৰ্জ বাৰ্ণাৰ্ড শ্ব (ইংৰাজী: George Bernard Shaw) আছিল এগৰাকী ব্ৰিটিছ-আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী। ইংৰাজী নাট্য সাহিত্যত উইলিয়াম শ্বেইকছপীয়েৰৰ পাছতে যিজন নাট্যকাৰৰ স্থান তেওঁ হ’ল জৰ্জ বাণাৰ্ড শ্ব। এক নতুন দৃষ্টিভঙ্গীৰে ভালেমান নাটক লিখি তেওঁ ইংৰাজী নাট্য সাহিত্যক চহকী কৰি থৈ গৈছে। শ্বৰ ভালেমান নাটক বিশ্বসাহিত্যৰ অমূল্য সম্পদ। ১৯২৫ চনত বাণাৰ্ড শ্বক সাহিত্যৰ ন'বেল বঁটা দিয়া হয়। তেখেতক ফ্ৰিডম অৱ ডাব্লিন, ফ্ৰিডম অফ দা বৰাফ অফ এচ টি পনক্ৰাচ আদি নাগৰিক সম্মান দিয়া হৈছিল। লণ্ডনত থকা এই সময়তে তেওঁ ফেবিয়ান চচাইটিৰো সদস্য হয়।

জৰ্জ বাৰ্ণাৰ্ড শ্ব'ৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. স্বাধীনতাৰ অৰ্থ হ'ল দায়বদ্ধতা। অধিকাংশ লোকেই স্বাধীনতাক ভয় কৰাৰ সেয়াই কাৰণ।
  2. কিছুমান মানুহে কিছুমান বস্তু দেখি সোধে,- এইবিলাক কিয় আছে, মই কাহানিও নথকা বস্তুৰ সপোন দেখি সোধো, কিয় নাথাকিব?[১]
  3. ইংৰাজসকলৰ মনত আধ্যাত্মিকতাৰ অনুভূতি খুব প্ৰবল নহয়, সেইকাৰণেই আধ্যাত্মিক অনিভূতি লাভ কৰিবলৈ তেওঁলোকে উদ্ভাৱন কৰিলে ক্ৰিকেট৷[১]
  4. আজিকালি পঢ়িব সকলোৱে জানে, কিন্তু কি পঢ়িব লাগে তাক কোনোৱে নাজানে৷[১]
  5. মানুহক ঘৃণা কৰাতকৈ মানুহৰ প্ৰতি উদাসীন হোৱাটো বেছি ডাঙৰ পাপ৷[১]
  6. প্ৰেমিকালৈ যচা চুমাটোৰ দৰেই উপদেশটোও বৰ উপাদেয় বস্তু৷ অকণো টকা-পইচা খৰচ নহয় আৰু দি উঠি বৰ আত্মতৃপ্তি পোৱা যায়৷[১]
  7. মুৰ্খইহে আনক কিতাপ ধাৰলৈ দিয়ে, কিন্তু যিজনে ধাৰলৈ কিতাপ নি ওভোতাই নিদিয়ে তাৰ সমান বুৰ্বক নাই৷[১]
  8. মই ইংৰাজী কবিতা, নাটক, ইতিহাস আৰু অগ্ৰগণী বিজ্ঞানীসকলৰ সকলোবোৰ বাছকবনীয়া কিতাপ উপভোগ কৰিব পাৰো, কিন্তু পঢ়াশলীয়া কিতাপবোৰ উপভোগ কৰিব নোৱাাৰো৷ কাৰণ, সেইবোৰ এনে লোকৰ দ্বাৰা লিখা হয় যিসকলে কেনেকৈ উপভোগ্য কিতাপ লিখিব লাগে নাজানে৷[১]
  9. সকলো মানুহ সকলো কামৰ বাবে উপযুক্ত নহয়, কিন্তু প্ৰত্যেকজন মানুহে কিবা নহয় কিবা এটা কামৰ বাবে উপযুক্ত৷[১]
  10. পৃথিৱীত মাত্ৰ দুবিধ গুণ আছে,- কপটতা আৰু অকৰ্মণ্যতা৷ সেইদৰে দুবিধ মানুহ আছে,- কৰ্মপটু আৰু অকৰ্মণ্য৷[১]
  11. জীৱন মৃত্যুতকৈ শ্ৰেষ্ঠ, ই নিৰাশা নহয়, আশা৷[১]
  12. গালি বা ভৰ্ৎসনাৰ আটাইতকৈ উত্তম ভাষা হ’ল নীৰৱতা[১]
  13. অঁকৰাটোৰ দৰে বাৰে বাৰে অনুশীলন কৰি মই বক্তৃতা দিয়াৰ বিদ্যাটো অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ৷[১]
  14. ক্ষমতাই মানুহক দুৰ্নীতি পৰায়ন নকৰে; মুৰ্খই যেতিয়া ক্ষমতা পায়, তেতিয়া ক্ষমতাকহে কলুষিত কৰে।[২]
  15. জীৱন মৃত্যুতকৈ শ্ৰেষ্ঠ, ই নিৰাশ নহয়, আশা৷[৩]
  16. 'সুস্থ দেহত সুস্থ মন'— এই উক্তিটোক মই এটা নিৰ্বোধ উক্তি বুলি ভাবোঁ। সুস্থ দেহ হ'ল সুস্থ মনৰ সৃষ্টি। [৪]
  17. যিসকলে নিজৰ মানসিকতাৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে তেওঁলোকে জীৱনত একোৱেই সলনি কৰিব নোৱাৰে৷ [৫]

উৎস সম্পাদনা কৰক

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  2. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  3. মহৎ লোকৰ বাণী, কলংপাৰ, পৃ:নং; ৮, ১৪ ছেপ্তেম্বৰ, ২০২২
  4. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই
  5. দৈনিক অগ্ৰদূত,দিগ্ দৰ্শন, ৩ জানুৱাৰী

বাহ্যিক সংযোগ সম্পাদনা কৰক