সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৫/৩

“আচলতে ৰ’দ আৰু ধুমুহাৰ বৰ্ম পিন্ধা নাৰীবোৰ একোজনী পাৰ চৰাইৰ দৰে কোমল; পানীপিয়া চৰাইজনীৰ বৰষুণলৈ হোৱা অপেক্ষাৰ দৰে মৰম আকলুৱা-- এইকথা প্ৰথমে ঘৰখনে, তাৰপাছত সমাজখনে পাহৰি পেলায়৷ কেতিয়াবা স্বামীয়ে, কেতিয়াবা সন্তানে পাহৰে৷”
~ অনুৰাধা শৰ্মা পূজাৰী ~