শিক্ষা
জ্ঞান আৰু দক্ষতাৰ সঞ্চাৰণ
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- শিক্ষাৰ কোনো লক্ষ্য নাই৷ ই অন্য বস্তুৰহে লক্ষ্য।
- শিক্ষা সমৃদ্ধৰ বাবে এক অলংকাৰ, দুৰ্ভগীয়াৰ বাবে আশ্ৰয়।
- আমি সন্মুখীন হোৱা প্ৰতিটো সমস্যা, প্ৰতিটো প্ৰত্যাহ্বানৰ বিষয়ে চিন্তা কৰক। প্ৰত্যেকৰে সমাধান শিক্ষাৰ পৰা আৰম্ভ হয়।
- শিক্ষা অবিহনে আমি শিক্ষিত লোকক গুৰুত্বসহকাৰে লোৱাৰ এক ভয়ংকৰ আৰু মাৰাত্মক বিপদত পৰিছোঁ।
- পঢ়া-শুনাত বেছি সময় কটাব পৰাটো অলসতা, অলংকাৰৰ বাবে সেইবোৰ অত্যধিক ব্যৱহাৰ কৰাটো আৱেগ, আৰু তাৰ নিয়মৰ দ্বাৰা সম্পূৰ্ণৰূপে বিচাৰ কৰাটো এজন পণ্ডিতৰ হাস্যৰস।
- নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত৷ শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে৷
- মানুহৰ শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাই হৈছে শিক্ষা৷
- পুথিগত আৰু মুখস্থ কৰা বিদ্যাতকৈ হাতে-কামে কৰি অভিজ্ঞতাৰ দ্বাৰা অৰ্জন কৰা শিক্ষা বেছি ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হয়৷
- মানুহৰ ভিতৰত যি পূৰ্ণতা গুপ্তভাবে আছে তাৰ বিকাশেই শিক্ষাৰ লক্ষ্য৷
- ব্যক্তিৰ জীৱনক বঢ়াই সৰ্বব্যাপক শক্তিৰে সৈতে সংযুক্ত কৰা, মানুহ আৰু প্ৰকৃতিৰ মাজত এক শক্তি বিৰাজ কৰা আৰু একক উপলব্ধি কৰাই শিক্ষা লক্ষ্য৷
- আমাক এনে শিক্ষা লাগে, যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়৷ যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ’ব পাৰোঁ৷
- সৰ্বসাধাৰণৰ মংগলেই শিক্ষাৰ মূখ্য উদ্দেশ্য হোৱা উচিত৷ প্ৰত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক৷ শিক্ষা সমাজৰ আদি মূল৷ ই মানুহৰ চিন্তা জ্ঞান আৰু কৰ্মনিপুণ কৰাত সহায় কৰে৷ শিক্ষা সঞ্জীৱনী অমৃত সদৃশ৷
- ড° জাকিৰ হুছেইন৷
- শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যৎ জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বোতপ্ৰকাৰে যোগ্যবান কৰি তোলা৷
- নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যুৰ সময়লৈকে এজন ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰা সকলো প্ৰভাৱেই শিক্ষাৰ অন্তৰ্ভূক্ত৷
- শিক্ষাবিদ ডামভিল৷[৬]
- শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানতকৈ বাস্তৱ অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যবান৷
- জন হেনৰিক পেষ্টলজি৷[৬]
- (আব্ৰাহাম লিংকনে তেওঁৰ পুত্ৰৰ শিক্ষকলৈ পুত্ৰক কি শিক্ষা দিয়াটো তেওঁ বিচাৰে, সেই সম্বন্ধে লিখা চিঠি) সকলো মানুহেইযে সত্যবাদী আৰু ন্যায়পৰায়ণ নহয় সেইকথা মোৰ ল’ৰাটোৱে জানিব লাগিব৷ সেইকথা মই জানো৷ কিন্তু আপুনি মোৰ ল’ৰাটোক এই কথাও জনাব লাগিব যে এই পৃথিৱীত যিমান দগাবাজ আছে সিমান ভাল মানুহো আছে; যিমান স্বাৰ্থপৰ ৰাজনীতিক আছে ঠিক সিমানেই আছে মানুহৰ সেৱাত নিজক উছৰ্গা কৰা নেতা৷ আপুনি তাক এই কথা শিকাব লাগিব যে, প্ৰত্যেক মানুহৰ যদি এজন শত্ৰু আছে, ঠিক তেনেকৈ তেওঁৰ এজন বন্ধুও আছে৷ যদি পাৰে, তেন্তে আপুনি তাক আৰু এটা কথা শিকাব৷ সেই কথাটো তাৰ মনত দলৈকে সুমুৱাই নিবলৈ কিছু সময় লাগিব, সেই কথা মই জানো৷ কিন্তু আপুনি চেষ্টা নকৰাকৈ নাথাকিব৷ আপুনি তাক এই শিক্ষা দিব যে, হেৰাই পোৱা বা বকচিচ্ পোৱা হিচাপে পোৱা পাঁচটা ডলাৰতকৈ নিজে কষ্ট কৰি আৰ্জন কৰা এটা ডলাৰৰ মূল্য বহুত বেছি৷ আপুনি তাক হেৰুৱাবলৈ আৰু হাৰিবলৈ শিক্ষা দিব; লগতে জয়ৰ আনন্দ উপভোগ কৰিবলৈকো শিকাবলৈ নাপাহৰিব৷ যদি পৰে, খেয়াল আৰু কুৰ্চুট-কপট আদি কু-প্ৰবৃত্তিবোৰৰ পৰা তাৰ মনটোক মুক্ত কৰিবলৈ আপুনি চেষ্টা কৰিব৷ মানুহৰ মুখত সন্তোষৰ হাঁহি বিৰিঙি উঠাৰ ৰহস্য কি, সেই কথা আপুনি তাক শিকাব৷ যদি পাৰে আপুনি তাক কিতাপৰ বিস্ময়ৰ আভাস দিবলৈ চেষ্টা কৰিব৷ কিন্তু সি যাতে মাজে-সময়ে নিৰলে আকাশত উৰি ফুৰা চৰাইবোৰৰ, ৰ’দত উমলি ফুৰা মৌমাখিবোৰৰ আৰু সেউজীয়া পাহাৰত জকমকাই ফুলি থকা ফুলবোৰৰ অনন্ত ৰহস্যৰ ধ্যান কৰিব পাৰে, তাৰ কাৰণে তাক অলপ সময় দিব৷ পঢ়াশালিত তাক এই শিক্ষা দিব যে প্ৰতাৰণা কৰাতকৈ অকৃতকাৰ্য হোৱাটো বেছি সন্মানজনক৷ সি নিজে যিবোৰ চিন্তা কৰে বা সত্য বুলি ভাবে সেইবোৰক বিশ্বাস কৰিবলৈ তাক শিক্ষা দিব৷ তাক এই শিক্ষাও দিব যে আন সকলোৱে তাৰ কথা ভুল বুলি ক’লেও সি যেন সহজে বিচলিত নহয়৷ ভদ্ৰ মানুহৰ লগত ভদ্ৰ হ’বলৈ আৰু অভদ্ৰৰ প্ৰতি কঠোৰ হ’বলৈ তাক শিক্ষা দিব৷ আনৰ প্ৰচাৰত ভোল গৈ জুম বান্ধি চিঞৰ-বাখৰ কৰা মানুহক অনুসৰণ নকৰিবলৈ আপুনি মোৰ ল’ৰাটোক মনোবল দিব লাগিব৷ সকলো মানুহৰ কথা মনোযোগ দি শুনিবলৈ আপুনি তাক শিক্ষা দিব; কিন্তু তাক এই শিক্ষাও দিব যাতে সি শুনা কথাবোৰ সত্যৰ চালনিৰে চালি-জাৰি চাই কেৱল মংগলজনক কথাবোৰহে গ্ৰহণ কৰিব পাৰে৷ যদি পাৰে, বিষাদে তাক গ্ৰাস কৰি ধৰাৰ সময়তো তাক হাঁহিবলৈ শিকাব; তাক এইকথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে৷ নিন্দুকক নিন্দা কৰিবলৈ আৰু ছলাহী কথাত ভোল নাযাবলৈ তাক শিক্ষা দিব৷ আটাইতকৈ বেছি দাম দিব খোজাজনক তাৰ শৰীৰৰ আৰু মগজুৰ শক্তি বিক্ৰী কৰিবলৈ তাক শিক্ষা দিব; কিন্তু লগতে তাক এই শিক্ষাও দিব, যাতে সি কেতিয়াও তাৰ হৃদয় আৰু আত্মা বিক্ৰী কৰিবলৈ ৰাজী নহয়৷ উন্মত্ত জনতাৰ নিন্দাবাদক উপেক্ষা কৰি নিজৰ মতত অটল হৈ থাকিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপুনি তাক শিক্ষা দিব৷ তাক আপুনি মৰম কৰিব; কিন্তু সেই বুলি তাক প্ৰশ্ৰয় নিদিব৷ এই কথা মনত ৰাখিব যে, জুইত লোহা ভালকৈ গলোৱাৰ পিছতহে সি তীখাত পৰিণত হয়৷ আপুনি তাক এই শিক্ষা দিব যে ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হ’বলৈ ধৈৰ্য লাগে৷ নিজকে পৰিপূৰ্ণভাৱে বিশ্বাস কৰিবলৈ আপুনি তাক শিক্ষা দিব, কাৰণ কেৱল তেতিয়াহে সি মানৱজাতিকো পৰিপূৰ্ণভাৱে বিশ্বাস কৰিব পাৰিব৷ আপোনাক মই এটা বিৰাট দায়িত্ব দিলো৷ কিমানখিনি কৰিবলৈ আপোনাৰ শক্তিয়ে কুলায়, সেইকথা আপুনিহে জানিব৷ আপুনি চেষ্টা কৰিব....... সি যে ইমান ভাল এটা অকণমানি ল’ৰা, মোৰ পুত্ৰটি৷
- যাৰ দ্বাৰা মানুহে বিদ্যা আদি গুণবোৰ আহৰণ কৰে আৰু অবিদ্যা আদি দোষবোৰ ত্যাগ কৰি সুখী হয়, সেয়ে শিক্ষা৷
- শিক্ষা হ’ল জাতিৰ মেৰুদণ্ড৷ এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰুদ্ধ হয়৷
- যি শিক্ষাই ল’ৰা-ছোৱালীক পৰৱৰ্তী জীৱনত শাৰিৰীক পৰিশ্ৰমৰ বাবে অকামিলা কৰি তোলে, সেই শিক্ষা কোনো শিক্ষা নহয়৷ সমাজৰ পৰিৱেশ চাইহেশিক্ষানীতি আৰু পদ্ধতি হোৱা উচিত৷ লিখিব জানিলেই বাপঢ়িব জানিলেই শিক্ষা লাভ কৰা হৈছে বুলি ভবাটু ভুল, যদিহে সেই শিক্ষাই এজন ল’ৰাৰ হাত-ভৰি, নাক-কাণ আদি ইন্দ্ৰিয়ক কামবোৰ মগজুৰে ভালদৰে ডুকি পোৱা কৰি নোতোলে৷
উৎস
সম্পাদনা কৰক- ↑ “Welcome to the University of Chicago,” Aims of Education Address, September 26, 2002
- ↑ Tr. Kathleen Freeman, Ancilla to the Pre-Socratic Philosophers: A Complete Translation of the Fragments in Diels, Fragmente der Vorsokratiker, 1948.
- ↑ What Work Requires of Schools (1991)
- ↑ Collected Works: Volume XXVII: The Illustrated London News 1905-1907, ed. Lawrence J. Clipper (San Francisco, CA: Ignatius Press, 1986), p. 71
- ↑ Bacon's Essays (1892) p. 128
- ↑ ৬.০০ ৬.০১ ৬.০২ ৬.০৩ ৬.০৪ ৬.০৫ ৬.০৬ ৬.০৭ ৬.০৮ ৬.০৯ ৬.১০ ৬.১১ ৬.১২ ৬.১৩ ৬.১৪ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ।