ছক্ৰেটিছ (ইংৰাজী: Socrates) আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান দাৰ্শনিক। পাশ্চাত্য দৰ্শনৰ এক অন্যতম প্ৰতিষ্ঠাপক এইগৰাকী ৰহস্যময় দাৰ্শনিক ঘাইকৈ তেওঁৰ ছাত্ৰ প্লেটো, জেন’ফ’ন আদিৰ লেখা তথা তেওঁৰ সমসাময়িক এৰিষ্ট’ফেনৰ নাটকসমূহৰ মাজেৰেহে অধিক পৰিচিত৷ প্লেটোৰ লিখনিসমূহত থকা মতে নীতিশিক্ষাৰ ক্ষেত্ৰত ছক্ৰেটিছৰ অৱদান অপৰিসীম। ইয়াৰ উপৰিও এপিষ্টেম’ল’জীৰ ক্ষেত্ৰতো ছক্ৰেটিছৰ যথেষ্ট অৱদান আছে আৰু তেওঁৰ ধ্যান-ধাৰণাক কেন্দ্ৰ কৰিয়েই পাশ্চাত্য দৰ্শনৰ ভেটি গঢ় লৈছে।

ছক্ৰেটিছৰ মূৰ্তি

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. তোমাৰ সু-কৃতকাৰ্যতা আৰু সু-নামেই হ’ল তোমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ৷[উৎসৰ প্ৰয়োজন]
  2. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল।[১]
  3. ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য৷[উৎসৰ প্ৰয়োজন]
  4. শিক্ষাই জ্ঞান, জ্ঞানেই শিক্ষা৷[উৎসৰ প্ৰয়োজন]
  5. যশস্যা আপোনাৰ সুকীৰ্তিৰ মৃদু সম্পদ৷[উৎসৰ প্ৰয়োজন]
  6. ধৰ্ম মানুহৰ মনতহে থাকে আঁঠুত নাথাকে৷[উৎসৰ প্ৰয়োজন]
  7. পৃথিৱীত ইমান বস্তু আছে যে এইবোৰ মই সমূলি নিবিচাৰোঁ৷[উৎসৰ প্ৰয়োজন]
  8. মানুহৰ মাজত ভগৱান আছে৷ সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি৷[উৎসৰ প্ৰয়োজন]
  9. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পৱিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা৷[উৎসৰ প্ৰয়োজন]
  10. অপৰীক্ষিত জীৱন জীয়াই থকাৰ যোগ্য নহয়।[২]
  11. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল৷[৩]
  12. মৃত্যু হয় মংগলময়, অথবা ই এক গভীৰ নিদ্ৰা৷ এই কথাটোকে আমি আন এটা দৃষ্টিকোণৰ পৰাও চাব পাৰোঁ৷ মৃত্যু যিকোনো দুটা কথাৰ ভিতৰত যিকোনো এটা মাত্ৰ হ’ব পাৰে: হয় ই এক অন্তহীন শূন্যতা আৰু সম্পূৰ্ণ নিশ্চেতনা অথবা বহুতো মানুহে ভবাৰ দৰে ই আত্মাৰ ইহকালৰ পৰা পৰকাললৈ গমন মাত্ৰ৷ যদি আপুনি ধৰি লয় যে, মৃত্যু এক গভীৰ নিদ্ৰা মাত্ৰ, আনকি স্বপ্নয়ো সেই নিদ্ৰাত ব্যাঘাত ঘটাব নোৱাৰে, তেন্তে মৃত্যুতকৈও কাম্য আন একোৱেই হ’ব নোৱাৰে৷ সেইক্ষেত্ৰত অনন্তকাল এটা মাত্ৰ অন্তহীন ৰাতি৷(মৃত্যুৰ আগমুহূৰ্তত বিচাৰকমণ্ডলীক উদ্দেশ্যি কোৱা কথা৷)[৪]
  13. সন্তুষ্টি প্ৰকৃতিৰ সম্পদ, বিলাসিতা কৃত্ৰিম দৰিদ্ৰতা৷[উৎসৰ প্ৰয়োজন]
  14. জ্ঞান মানুহক দিব নোৱাৰি উপলব্ধি কৰিব পাৰি৷[উৎসৰ প্ৰয়োজন]
  15. শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ।[উৎসৰ প্ৰয়োজন]
  16. মই কাকো একো শিকাব নোৱাৰোঁ; মই কেৱল তেওঁলোকক ভাবিবলৈ বাধ্য কৰিব পাৰোঁ৷[৫]
  17. যিসকলক ভালপোৱাটো আটাইতকৈ কঠিন, তেওঁলোককে ইয়াৰ আটাইতকৈ বেছি প্ৰয়োজন।[৬]
  18. শক্তিশালী মনৰ মানুহে ধাৰণা আলোচনা কৰে, সাধাৰণ মনৰ মানুহে ঘটনাৰ আলোচনা কৰে, দুৰ্বল মনৰ মানুহবোৰে অন্য মানুহৰ বিষয়ে আলোচনা কৰে।[৬]

উত্‍সসম্পাদনা কৰক

  1. নিয়মীয়া বাৰ্তা, ৫ জুলাই, ২০২১
  2. আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ৪৬
  3. ছক্ৰেটিছ. "বাণী", ৫ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.
  4. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  5. ছক্ৰেটিছ. "বাণী", ২১ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ২২ মাৰ্চ ২০২৩.
  6. ৬.০ ৬.১ https://yourpositiveoasis.com/30-powerful-quotes-socrates-make-think/

বাহ্যিক সংযোগসম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: