আব্ৰাহাম লিঙ্কন আমেৰিকাৰ ষোড়শ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ দিনা আমেৰিকাৰ কেনটকী অঞ্চলৰ হুযেন্সভিল নামৰ ঠাইৰ সৰু কাঠৰ ঘৰ এটাত। আব্ৰাহাম লিঙ্কনৰ দেউতাকৰ নাম আছিল টমাছ লিঙ্কন আৰু মাকৰ নাম আছিল নেঞ্চি হেংকছ।[১] লিংকন মুখ্যতঃ স্ব-শিক্ষিত আছিল। তেওঁৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা ইণ্টাৰেণ্ট শিক্ষকসকলৰ পৰা হৈছিল। ইয়াত কেণ্টুকীত দুটা চমু কাৰ্যকাল অন্তৰ্ভুক্ত আছিল, য'ত তেওঁ পঢ়িবলৈ শিকিছিল কিন্তু সম্ভৱতঃ লিখিব নোৱাৰিছিল, সাত বছৰ বয়সত, আৰু ইণ্ডিয়ানাত, য'ত তেওঁ খেতিৰ কামৰ বাবে বিক্ষিপ্তভাৱে ১৫ বছৰ বয়সলৈ মুঠ ১২ মাহতকৈ কম সময়ৰ বাবে বিদ্যালয়লৈ গৈছিল।[১]

আব্ৰাহাম লিংকনৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম।… অতীত যিয়েই নহওক, লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যৎ সুন্দৰ হৈ উঠে।[২][৩]
  2. মই যিহেতু দাস হ’বলৈ নোখোজো, সেয়ে প্ৰভূ হোৱাৰো আগ্ৰহ নাই।[৪]
  3. তুমি পৃথিৱীলৈ কান্দি কান্দি আহিছিলা আৰু ওচৰ-চুবুৰীয়াই হাঁহিছিল৷ এতিয়া তুমি এনে কাম কৰিবা যাতে তুমি নিজে হাঁহি হাঁহি পৃথিৱীৰ পৰা যাব পাৰা আৰু আনে যেন তোমাৰ বাবে হিয়া ভুকুৱাই কান্দে৷[৪]
  4. গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে, জনসাধাৰণৰ চৰকাৰ৷[৪]
  5. এবাৰ কিয় এশবাৰ পৰাজিত হ’লেও ভাগি পৰা উচিত নহয়৷[৪]
  6. প্ৰত্যেকে এই কথা মনত ৰখা উচিত যে আইন উলংঘা কৰা মানেই নিজৰ পিতৃপুৰুষৰ তেজৰ ওপৰত গচক দিয়া আৰু সন্তান সন্ততিৰ স্বাধীনতাৰ চনদখন ফালি পেলোৱা৷[৪]
  7. কোনোবাই কাৰোবাক মুখস্থ কৰা উপদেশ শুনাওক- সেইটো মই মুঠেই কামনা নকৰোঁ৷ মই একান্তভাৱে কামনা কৰোঁ সকলোৱে মুক্তভাৱে, অকৃত্ৰিমভাৱে নিজৰ নিজৰ বক্তব্য পৰিৱেশন কৰক৷[৪]
  8. তুমি যদি এবাৰ তোমাৰ সতীৰ্থ নাগৰিকসকলৰ বিশ্বাস হেৰুউৱা, তেন্তে তুমি কেতিয়াও তেওঁলোকৰ পৰা সন্মান আৰু মৰ্যাদা ঘূৰাই নোপোৱা৷ এইটো সঁচা যে তুমি কিছুমান মানুহক কিছুদিনৰ বাবে ঠগিব পাৰা, কিন্তু তুমি সকলো মানুহকে সকলো দিনৰ বাবে ঠগিব নোৱাৰা৷ [৪]
  9. যিহেতু পানীয় হিচাপে মদৰ ব্যৱহাৰে দৰিদ্ৰক অধোন্নতি আৰু অপৰাধৰ ফালেহে টানি নিয়ে, গতিকে তাক বাধা দিয়াটো সকলোৰে কৰ্তব্য৷[৪]
  10. তুমি যদি এজন মানুহক পৰীক্ষা কৰি চাব খুজিছা, তেওঁক অলপ ক্ষমতা দি চাব পাৰা৷[৪]
  11. (আব্ৰাহাম লিংকনে তেওঁৰ পুত্ৰৰ শিক্ষকলৈ পুত্ৰক কি শিক্ষা দিয়াটো তেওঁ বিচাৰে, সেই সম্বন্ধে লিখা চিঠি) সকলো মানুহেইযে সত্যবাদী আৰু ন্যায়পৰায়ণ নহয় সেইকথা মোৰ ল’ৰাটোৱে জানিব লাগিব৷ সেইকথা মই জানো৷ কিন্তু আপুনি মোৰ ল’ৰাটোক এই কথাও জনাব লাগিব যে এই পৃথিৱীত যিমান দগাবাজ আছে সিমান ভাল মানুহো আছে; যিমান স্বাৰ্থপৰ ৰাজনীতিক আছে ঠিক সিমানেই আছে মানুহৰ সেৱাত নিজক উছৰ্গা কৰা নেতা৷ আপুনি তাক এই কথা শিকাব লাগিব যে, প্ৰত্যেক মানুহৰ যদি এজন শত্ৰু আছে, ঠিক তেনেকৈ তেওঁৰ এজন বন্ধুও আছে৷ যদি পাৰে, তেন্তে আপুনি তাক আৰু এটা কথা শিকাব৷ সেই কথাটো তাৰ মনত দলৈকে সুমুৱাই নিবলৈ কিছু সময় লাগিব, সেই কথা মই জানো৷ কিন্তু আপুনি চেষ্টা নকৰাকৈ নাথাকিব৷ আপুনি তাক এই শিক্ষা দিব যে, হেৰাই পোৱা বা বকচিচ্ পোৱা হিচাপে পোৱা পাঁচটা ডলাৰতকৈ নিজে কষ্ট কৰি আৰ্জন কৰা এটা ডলাৰৰ মূল্য বহুত বেছি৷ আপুনি তাক হেৰুৱাবলৈ আৰু হাৰিবলৈ শিক্ষা দিব; লগতে জয়ৰ আনন্দ উপভোগ কৰিবলৈকো শিকাবলৈ নাপাহৰিব৷ যদি পৰে, খেয়াল আৰু কুৰ্চুট-কপট আদি কু-প্ৰবৃত্তিবোৰৰ পৰা তাৰ মনটোক মুক্ত কৰিবলৈ আপুনি চেষ্টা কৰিব৷ মানুহৰ মুখত সন্তোষৰ হাঁহি বিৰিঙি উঠাৰ ৰহস্য কি, সেই কথা আপুনি তাক শিকাব৷ যদি পাৰে আপুনি তাক কিতাপৰ বিস্ময়ৰ আভাস দিবলৈ চেষ্টা কৰিব৷ কিন্তু সি যাতে মাজে-সময়ে নিৰলে আকাশত উৰি ফুৰা চৰাইবোৰৰ, ৰ’দত উমলি ফুৰা মৌমাখিবোৰৰ আৰু সেউজীয়া পাহাৰত জকমকাই ফুলি থকা ফুলবোৰৰ অনন্ত ৰহস্যৰ ধ্যান কৰিব পাৰে, তাৰ কাৰণে তাক অলপ সময় দিব৷ পঢ়াশালিত তাক এই শিক্ষা দিব যে প্ৰতাৰণা কৰাতকৈ অকৃতকাৰ্য হোৱাটো বেছি সন্মানজনক৷ সি নিজে যিবোৰ চিন্তা কৰে বা সত্য বুলি ভাবে সেইবোৰক বিশ্বাস কৰিবলৈ তাক শিক্ষা দিব৷ তাক এই শিক্ষাও দিব যে আন সকলোৱে তাৰ কথা ভুল বুলি ক’লেও সি যেন সহজে বিচলিত নহয়৷ ভদ্ৰ মানুহৰ লগত ভদ্ৰ হ’বলৈ আৰু অভদ্ৰৰ প্ৰতি কঠোৰ হ’বলৈ তাক শিক্ষা দিব৷ আনৰ প্ৰচাৰত ভোল গৈ জুম বান্ধি চিঞৰ-বাখৰ কৰা মানুহক অনুসৰণ নকৰিবলৈ আপুনি মোৰ ল’ৰাটোক মনোবল দিব লাগিব৷ সকলো মানুহৰ কথা মনোযোগ দি শুনিবলৈ আপুনি তাক শিক্ষা দিব; কিন্তু তাক এই শিক্ষাও দিব যাতে সি শুনা কথাবোৰ সত্যৰ চালনিৰে চালি-জাৰি চাই কেৱল মংগলজনক কথাবোৰহে গ্ৰহণ কৰিব পাৰে৷ যদি পাৰে, বিষাদে তাক গ্ৰাস কৰি ধৰাৰ সময়তো তাক হাঁহিবলৈ শিকাব; তাক এইকথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে৷ নিন্দুকক নিন্দা কৰিবলৈ আৰু ছলাহী কথাত ভোল নাযাবলৈ তাক শিক্ষা দিব৷ আটাইতকৈ বেছি দাম দিব খোজাজনক তাৰ শৰীৰৰ আৰু মগজুৰ শক্তি বিক্ৰী কৰিবলৈ তাক শিক্ষা দিব; কিন্তু লগতে তাক এই শিক্ষাও দিব, যাতে সি কেতিয়াও তাৰ হৃদয় আৰু আত্মা বিক্ৰী কৰিবলৈ ৰাজী নহয়৷ উন্মত্ত জনতাৰ নিন্দাবাদক উপেক্ষা কৰি নিজৰ মতত অটল হৈ থাকিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপুনি তাক শিক্ষা দিব৷ তাক আপুনি মৰম কৰিব; কিন্তু সেই বুলি তাক প্ৰশ্ৰয় নিদিব৷ এই কথা মনত ৰাখিব যে, জুইত লোহা ভালকৈ গলোৱাৰ পিছতহে সি তীখাত পৰিণত হয়৷ আপুনি তাক এই শিক্ষা দিব যে ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হ’বলৈ ধৈৰ্য লাগে৷ নিজকে পৰিপূৰ্ণভাৱে বিশ্বাস কৰিবলৈ আপুনি তাক শিক্ষা দিব, কাৰণ কেৱল তেতিয়াহে সি মানৱজাতিকো পৰিপূৰ্ণভাৱে বিশ্বাস কৰিব পাৰিব৷ আপোনাক মই এটা বিৰাট দায়িত্ব দিলো৷ কিমানখিনি কৰিবলৈ আপোনাৰ শক্তিয়ে কুলায়, সেইকথা আপুনিহে জানিব৷ আপুনি চেষ্টা কৰিব....... সি যে ইমান ভাল এটা অকণমানি ল’ৰা, মোৰ পুত্ৰটি৷[৪]
  12. মানুহে যিমানখিনি সুখী হ'বলৈ মন বান্ধে, ঠিক সিমানখিনিয়েই তেওঁ সুখী হ'ব পাৰে। [৫]
  13. জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন।[৬]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ আব্ৰাহাম লিঙ্কন, নিৰুপমা বৰগোহাঞি, ডিচেম্বৰ ২০০৭, পৃষ্ঠা ৪
  2. নিয়মীয়া বাৰ্তা, ২০ মে' ২০২১
  3. মহৎ লোকৰ অমৰ বাণী. প্ৰকাশক: as.vikaspedia.in.
  4. ৪.০০ ৪.০১ ৪.০২ ৪.০৩ ৪.০৪ ৪.০৫ ৪.০৬ ৪.০৭ ৪.০৮ ৪.০৯ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  5. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই
  6. অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন, পৃষ্ঠা:১।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: