লক্ষ্মীনন্দন বৰা
লক্ষ্মীনন্দন বৰা (ইংৰাজী: Lakshmi Nandan Bora; ১৫ জুন, ১৯৩২ – ৩ জুন ২০২১) এগৰাকী অসমীয়া ভাষা গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। 'ৰামধেনু' যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।[১] তেখেতৰ উপন্যাস 'গঙা চিলনীৰ পাখি'ৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিছিল একে নামৰ চলচ্চিত্ৰখন। ২০২১ চনৰ ৩ জুনত ক'ভিড-১৯ৰ ফলত হোৱা জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- লেখক হ'বলৈ এটি অনুসন্ধিৎসু মনৰ লগতে প্ৰচুৰ অনুশীলন, অধ্যয়ন আৰু কৌশলৰ দৰকাৰ।[২]
- প্ৰগতিৰ অৰ্থে প্ৰয়োজনীয় তিনিটা গুণ- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আধুনিক বাণিজ্য আৰু কৰ্মসংস্কৃতি।[২]
- সুখী হ'বলৈ মানুহক অধিক ঐশ্বৰ্যও নালাগে, ভাল কেৰিয়াৰো নালাগে, লাগে মাথোন জীৱনৰ লগত বুজাপৰা।[২]
- যি জাতিৰ মাজত কৰ্মসংস্কৃতিয়ে গঢ় লোৱা নাই, সেই জাতিয়ে আপোন সংস্কৃতিক গঢ় দিব নোৱাৰে আৰু অৱশেষত জাতিটো লোপ পায়।[২]
- নীতি শিক্ষা বৰ্জিত শিক্ষা সঁচাকৈয়ে অন্তঃসাৰশূন্য।[২]
- কেৱল সফলতা সুখৰ কাৰণ হ’ব নোৱাৰে।[৩]
- যৌৱন সৰ্বদায় দুৰ্দান্ত ই নিয়ম নেমানে। সৃষ্টিৰ আদিম বাসনাৰে যৌৱন মহিমামন্দিত।[৩]
- মানুহৰ মনটো পানীত ওপঙি থকা বৰফৰ দৰে। ইয়াৰ অধিকাংশ পানীয়ে লুকুৱাই ৰাখে।[৩]
- মই জানো যে দুৰ্ভাগ্য গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ফলত নঘটে, নিজৰ দোষতহে আৰু নিজৰ সুসিদ্ধান্তৰ অভাৱতহে ঘটে।[৩]
- প্ৰেমেৰে জীৱন ধন্য কৰিবলৈ হ’লে, উচ্চাকাংক্ষা বিসৰ্জন দিব লাগে। উচ্চাকাংক্ষাৰ উত্তাপে প্ৰেমক বাষ্পীভূত কৰে।[৩]
- মানুহ কাম নকৰাকৈ থকা উচিত নহয়। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কাম নকৰিলে জগত ধ্বংস হ’ব আৰু কাম নকৰাকৈ থাকিলে আনকি স্বাস্থ্যৰক্ষাও নহয়। ফলাফল নিবিছাৰি দেশৰ হিতৰ অৰ্থে কৰা কামেহে এজন মানুহক দুঃচিন্তা, দুখ আৰু অসন্তোষৰ পৰা বচাব পাৰে।[৩]