কায়কল্প
কায়কল্প হৈছে লক্ষ্মীনন্দন বৰাৰ দ্বাৰা ৰচিত ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সৰস্বতী সন্মানপ্ৰাপ্ত এখন বিজ্ঞানভিত্তিক উপন্যাস৷
উদ্ধৃতি
সম্পাদনা কৰক- কেৱল সফলতা সুখৰ কাৰণ হ’ব নোৱাৰে।[১]
- যৌৱন সৰ্বদায় দুৰ্দান্ত ই নিয়ম নেমানে। সৃষ্টিৰ আদিম বাসনাৰে যৌৱন মহিমামন্দিত।[১]
- মানুহৰ মনটো পানীত ওপঙি থকা বৰফৰ দৰে। ইয়াৰ অধিকাংশ পানীয়ে লুকুৱাই ৰাখে।[১]
- মই জানো যে দুৰ্ভাগ্য গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ফলত নঘটে, নিজৰ দোষতহে আৰু নিজৰ সুসিদ্ধান্তৰ অভাৱতহে ঘটে৷[১]
- প্ৰেমেৰে জীৱন ধন্য কৰিবলৈ হ’লে, উচ্চাকাংক্ষা বিসৰ্জন দিব লাগে। উচ্চাকাংক্ষাৰ উত্তাপে প্ৰেমক বাষ্পীভূত কৰে।[১]
- মানুহ কাম নকৰাকৈ থকা উচিত নহয়। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কাম নকৰিলে জগত ধ্বংস হ’ব আৰু কাম নকৰাকৈ থাকিলে আনকি স্বাস্থ্যৰক্ষাও নহয়। ফলাফল নিবিছাৰি দেশৰ হিতৰ অৰ্থে কৰা কামেহে এজন মানুহক দুঃচিন্তা, দুখ আৰু অসন্তোষৰ পৰা বচাব পাৰে।[১]