বিনয় কুমাৰ শইকীয়া

ভাৰতীয় বিজ্ঞানী

ড॰ বিনয় কুমাৰ শইকীয়া এগৰাকী অসমীয়া তথা ভাৰতীয় বিজ্ঞানী।[১] তেওঁ বিশেষকৈ কাৰ্বন নেনোমেটেৰিয়েল আৰু সেইবোৰৰ প্ৰয়োগ, পাৰিপাৰ্শ্বিক নেনো-খনিজবিজ্ঞান, এৰোচ'ল কেমিষ্ট্ৰী আৰু নিম্ন-শ্ৰেণীৰ কয়লাৰ ব্যৱহাৰৰ বিষয়ৰ গৱেষণাৰ সৈতে জড়িত। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক 'ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান' শিতানত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।[২]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. এজন শিশুৰ ওপৰত বিজ্ঞানৰ পৰিঘটনা সমূহৰ প্ৰভাৱ বহুত বেছি। বিজ্ঞানৰ যিকোনো বা তাৰ ব্যাখ্যাই শিশুৰ মানসিকতা বা চিন্তাধাৰা সদায় ইতিবাচক আৰু শক্তিশালী কৰিব পাৰে।[৩]
  2. মই ভাবোঁ, চাৰিৰ পৰা দহবছৰৰ ভিতৰৰ শিশুসকলক যদি আমি বিজ্ঞানৰ কথা বা ইয়াৰ প্ৰভাৱ বা আমাৰ প্ৰাকৃতিক ঘটনা বা পৰিঘটনাৰ ব্যাখ্যা দিব পাৰোঁ, ভৱিষ্যতে আৰু পৃথকে বৈজ্ঞানিক মানসিকতা গঢ়াৰ কোনো প্ৰয়োজন নাই; আৰু শিশুজন বিজ্ঞান চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হোৱাটো ১০০% খাটাং।[৩]
  3. প্ৰতিভাক কোনেও কেতিয়াও ঢাকি ৰাখিব নোৱাৰে; কাহানিও ঢাকি ৰাখিব নোৱাৰি - এয়া সত্য আৰু আমি ইয়াৰ অলেখ উদাহৰণ দেখি আহিছোঁ। মাত্ৰ আত্মবিশ্বাস আৰু যোগাত্মক তথা ইতিবাচক মনোবৃত্তি লাগে।[৩]
  4. মই এটা কথাত সদায় বিশ্বাস ৰাখোঁ যে আমাৰ সমাজত ভাল ব্যক্তিৰ অভাৱ এতিয়াও হোৱা নাই আৰু তেনে ব্যক্তিৰ বা আমাৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুৰ আশীৰ্বাদ আৰু উপদেশৰ সহায়ত এজন মেধা ব্যক্তি আগবাঢ়ি যাব পাৰে। এইখিনিতে স্বকীয় আকাংক্ষা বা হাবিয়াসৰ কিন্তু বৰ প্ৰয়োজন।[৩]
  5. বিজ্ঞান মানসিকতা শিক্ষাৰদ্বাৰা নহৈ কেতিয়াবা এজন ব্যক্তিৰ অভিজ্ঞতা আৰু অধ্যয়নৰ পৰাও আহিব পাৰে।[৩]
  6. যদিও বিজ্ঞানৰ গৱেষণা কৰিবলৈ বা জড়িত হʼবলৈ বিজ্ঞানৰ সা-সুবিধা যেনে পৰীক্ষাগাৰ, যন্ত্ৰপাতি আদিৰ প্ৰয়োজন আছে। কিন্তু বৈজ্ঞানিক মন এটা বা মানসিকতাৰ সবাতোকৈ বেছি প্ৰয়োজন।[৩]
  7. প্ৰেম বৰ বিশাল। প্ৰেম শান্তিৰ প্ৰতীক। প্ৰেমবিহীন পৃথিৱী মৃত। পৃথিৱীৰ বহুতো বৃহৎ সমস্যা প্ৰেমেইহে সমাধান কৰিব পাৰিব।[৩]
  8. এই সুবিশাল জগতখন ৰহস্যৰে ভৰপূৰ আৰু ৰহস্যভেদ কৰিবলৈ আমি অহৰহ চেষ্টা কৰি আছোঁ যদিও এয়া এক অন্তহীন প্ৰয়াস মাথোঁ। ৰহস্যভেদৰ এই প্ৰয়াস কেতিয়াও শেষ কৰিব নোৱাৰোঁ। এই জগতত আমি মাত্ৰ একোটা ধূলিকণা।[৩]