প্ৰাঞ্জল বুঢ়াগোহাঁই

প্ৰাঞ্জল বুঢ়াগোহাঁই অসমৰ এজন শিক্ষাবিদ, লেখক । তেওঁ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ এজন সহকাৰী অধ্যাপক। [১] তেওঁ অসমীয়া ভাষাত 'ইতিবাচক শিক্ষা' ধাৰাবাহিকত এলানি গ্ৰন্থ ৰচনা কৰি আছে। প্ৰথমখন গ্ৰন্থ হৈছে কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান, দ্বিতীয়খন হৈছে পুনৰুদ্যমঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান, তৃতীয়খন হৈছে আশাবাদঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান আৰু চতুৰ্থখন হ'ল সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান। ইয়াৰে প্ৰথম আৰু চতুৰ্থ গ্ৰন্থদুখন ছপাৰূপত প্ৰকাশ হৈছে। [২][৩]

উদ্ধৃতি সম্পাদনা কৰক

কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান সম্পাদনা কৰক

  1. জীৱনৰ যি দুই-চাৰি কথাই জীৱন চকুত লগাকৈ, জুখিব পৰাকৈ সলাই পেলাব পাৰে তাৰ ভিতৰত কৃতজ্ঞতাও এটা। [২]
  2. শৰীৰ মৃত্যু হোৱাৰ পাছত যিদৰে ৰোগ ধৰা পেলোৱাটো অপ্ৰাসংগিক, ঠিক সেইদৰে উন্মাদ হোৱাৰ পাছত চিকিৎসাৰ বাবে লৰা-ঢপৰা কৰাটোও মূৰ্খামি। [২]
  3. কৃতজ্ঞতা, আশাবাদ, ভালপোৱা, সহৃদয়তা, সহায় আদি- এইবিলাক বঢ়াব লাগিব, শিকাব লাগিব বিজ্ঞানসন্মতভাৱে, কোনো গতানুগতিকতা আৰু ভণ্ডামিৰ গণ্ডীত থাকি নহয়। [২]
  4. খং উঠিলে সাধাৰণতে আমি কাজিয়া কৰোঁ, যি টি কৈ পাওঁ, নল'বলগা সিদ্ধান্ত লৈ পেলাওঁ। তাৰমানে ই সুস্থভাৱে চিন্তা কৰা, সিদ্ধান্ত লোৱা বা কাম কৰাৰ ক্ষমতা হ্ৰাস কৰি পেলায়। আন কথাত ই আমাৰ মন-মগজুক অক্ষম কৰি তোলে। [২]
  5. যদি মনৰ নেতিবাচক অৱস্থা আৰু নেতিবাচক আৱেগে মোক দুৰ্বল কৰিব পাৰে, নিশ্চিতভাৱে মনৰ ইতিবাচক অৱস্থা আৰু আৱেগে আমাক সবলৰ পৰা সবলতৰ কৰিব। বেছি নেতিবাচক মানে যদি বেছি দুৰ্বলতা তেতিয়াহ'লে বেছি ইতিবাচক মানে বেছি সফলতা।[২]

সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান সম্পাদনা কৰক

  1. মোৰ লগত কথা পতা বহু অভিভাৱক-অভিভাৱিকাই মতামত দিয়ে - লাগ বুলিলেই কিতাপ দিছোঁ, কাপোৰ দিছোঁ, খাবলৈ দিছোঁ। একোৰে অভাৱ নাই। ল'ৰা ভাল হ'ব লাগে। বহুতে কয় - ইমান তদাৰকীত ৰাখিছোঁ, কাঢ়া শাসন কৰিছোঁ অথচ... । কথা হ'ল লাগ বুলিলেই বস্তু দিলেই, শাসন কৰিলেই তেওঁলোক ভাল হৈ যাব নেকি? [৩]
  2. আধুনিক মগজুৰ বিজ্ঞান আৰু কৈশোৰ কালৰ বিজ্ঞানৰ এটা তাৎপৰ্যপূৰ্ণ আৱিষ্কাৰ হ'ল - কৈশোৰ কালেই হৈছে মানুহৰ মগজুৰ সক্ৰিয় নমনীয়তা আৰু পৰিৱৰ্তনশীলতাৰ শেষ সময়। এই কালছোৱাত মগজুৰ বিকাশ এই সময়তে সাধন হয়। গতিকে মানুহৰ বিকাশৰ অধ্যয়নত এই সময়ছোৱাৰ এটা অতি গুৰুত্বপূৰ্ণ স্থান আছে। [৩]
  3. যদিহে জন্মৰ পিছৰ পৰা শিশু এটিক এনে এটা পৰিৱেশত ৰখা যায় য'ত ভাষাৰ ব্যৱহাৰ নহয় বা কোনেও কথা নকয় তেতিয়া শিশুটোৰ ভাষাৰ বিকাশ নহ'ব। জৈবিকভাবে শব্দ সৃষ্টি কৰিব পৰা ক্ষমতা থকাৰ পাছতো শিশুটিয়ে ভাষা ব্যৱহাৰ কৰি কথা ক'ব নোৱাৰিব। সেইদৰে আপুনি জানি আমোদ পাব যে যিবোৰ শিশুক মাক-দেউতাকে সঘনে মাৰ-পিত কৰে তেনে শিশু তুলনামূলকভাবে বেছি খঙাল আৰু আক্ৰমণাত্মক হয়। যিবোৰ শিশুৰ মাক-দেউতাকে সুখেৰে বিয়া পাতি সুখৰ সংসাৰ কৰি আছে তেনে শিশুৱে বেছি গভীৰ ৰোমাণ্টিক প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে। যিবোৰ শিশুৰ ঘৰত সঘন বৌদ্ধিক কথা-বাৰ্তা আৰু আলোচনাৰ পৰিৱেশ আছে তেনে শিশুৱে শৈক্ষিক ক্ষেত্ৰত তুলনামূলকভাবে ভাল ফলাফল দেখুৱাব পাৰে।[৩]
  4. আমি আহৰণ কৰা নিৰ্দিষ্ট কিছুমান অভিজ্ঞতাই আমাৰ বিকাশত নিৰ্দিষ্ট কিছুমান ফলাফল সৃষ্টি কৰিব পাৰে। [৩]
  5. বাল্যকালতকৈ কৈশোৰ কালত মানুহৰ মনোজগত বহুত বেছি নাটকীয় আৰু প্ৰভাৱশালীভাবে সলনি হৈ যায়। [৩]
  6. কৈশোৰ কালত বাহ্যিক অভিজ্ঞতাৰ প্ৰতি মানুহ আটাইতকৈ বেছি সংবেদনশীল। [৩]
  7. ভালেই হওক বা বেয়াই হওক যিকোনোধৰণৰ অভিজ্ঞতা প্ৰদান কৰি মগজুৰ ওপৰত সুদূৰপ্ৰসাৰী আৰু গভীৰ প্ৰভাৱ পেলাব পাৰি। [৩]
  8. কৈশোৰ কালত মানুহৰ মগজু মানসিক চাপৰ প্ৰতি সংবেদনশীল হৈ পৰে। কেৱল সেয়াই নহয়, বহুবিলাক মানসিক ৰোগ এই কালছোৱাতেই বিস্তৃত ৰূপত দেখা যায়।[৩]
  9. কৈশোৰ কালৰ মগজুৰ এই ভংগুৰতা আৰু বিপদসংকুলতাখিনি অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰী হিচাপে আমি জনাটো নিতান্তই দৰকাৰ যাতে তেওঁলোকৰ মগজুক আমি নিৰাপত্তা দিব পাৰোঁ। মগজুৰ এই নিৰাপত্তাৰে আমি তেওঁলোকক এটা সুস্থ জীৱন দিব পাৰোঁ। অন্যথা বেয়া কাম কৰিছে বুলি যুগ যুগলৈ তেওঁলোকক গালি পৰাতেই আমাৰ কাম শেষ হ'ব।[৩]

উত্‍স সম্পাদনা কৰক

  1. ডিব্ৰুগড় বিশ্ববিদ্যালয়. আহৰণ কৰা হৈছে: 1 May 2024.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ড° প্ৰাঞ্জল বুঢ়াগোহাঁই (প্ৰথম সংস্কৰণ, ছেপ্তেম্বৰ, ২০১৭)। কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান। ডিব্ৰুগড়। বনলতা।
  3. ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ড° প্ৰাঞ্জল বুঢ়াগোহাঁই (প্ৰথম সংস্কৰণ, অক্টোবৰ, ২০২২)। সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান। গুৱাহাটী। জে এছ পাব্লিকেশ্বন্‌ছ।