সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান

সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান অসমীয়া ভাষাত লিখা ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ এখন গ্ৰন্থ। তেওঁ ৰচনা কৰি থকা "ইতিবাচক শিক্ষা" ধাৰাবাহিকৰ এইখন চতুৰ্থ গ্ৰন্থ।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. মোৰ লগত কথা পতা বহু অভিভাৱক-অভিভাৱিকাই মতামত দিয়ে - লাগ বুলিলেই কিতাপ দিছোঁ, কাপোৰ দিছোঁ, খাবলৈ দিছোঁ। একোৰে অভাৱ নাই। ল'ৰা ভাল হ'ব লাগে। বহুতে কয় - ইমান তদাৰকীত ৰাখিছোঁ, কাঢ়া শাসন কৰিছোঁ অথচ...। কথা হ'ল লাগ বুলিলেই বস্তু দিলেই, শাসন কৰিলেই তেওঁলোক ভাল হৈ যাব নেকি? []
  2. আধুনিক মগজুৰ বিজ্ঞান আৰু কৈশোৰ কালৰ বিজ্ঞানৰ এটা তাৎপৰ্যপূৰ্ণ আৱিষ্কাৰ হ'ল - কৈশোৰ কালেই হৈছে মানুহৰ মগজুৰ সক্ৰিয় নমনীয়তা আৰু পৰিৱৰ্তনশীলতাৰ শেষ সময়। এই কালছোৱাত মগজুৰ বিকাশ এই সময়তে সাধন হয়। গতিকে মানুহৰ বিকাশৰ অধ্যয়নত এই সময়ছোৱাৰ এটা অতি গুৰুত্বপূৰ্ণ স্থান আছে। []
  3. যদিহে জন্মৰ পিছৰ পৰা শিশু এটিক এনে এটা পৰিৱেশত ৰখা যায় য'ত ভাষাৰ ব্যৱহাৰ নহয় বা কোনেও কথা নকয় তেতিয়া শিশুটোৰ ভাষাৰ বিকাশ নহ'ব। জৈবিকভাবে শব্দ সৃষ্টি কৰিব পৰা ক্ষমতা থকাৰ পাছতো শিশুটিয়ে ভাষা ব্যৱহাৰ কৰি কথা ক'ব নোৱাৰিব। সেইদৰে আপুনি জানি আমোদ পাব যে যিবোৰ শিশুক মাক-দেউতাকে সঘনে মাৰ-পিত কৰে তেনে শিশু তুলনামূলকভাবে বেছি খঙাল আৰু আক্ৰমণাত্মক হয়। যিবোৰ শিশুৰ মাক-দেউতাকে সুখেৰে বিয়া পাতি সুখৰ সংসাৰ কৰি আছে তেনে শিশুৱে বেছি গভীৰ ৰোমাণ্টিক প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে। যিবোৰ শিশুৰ ঘৰত সঘন বৌদ্ধিক কথা-বাৰ্তা আৰু আলোচনাৰ পৰিৱেশ আছে তেনে শিশুৱে শৈক্ষিক ক্ষেত্ৰত তুলনামূলকভাবে ভাল ফলাফল দেখুৱাব পাৰে।[]
  4. আমি আহৰণ কৰা নিৰ্দিষ্ট কিছুমান অভিজ্ঞতাই আমাৰ বিকাশত নিৰ্দিষ্ট কিছুমান ফলাফল সৃষ্টি কৰিব পাৰে। []
  5. বাল্যকালতকৈ কৈশোৰ কালত মানুহৰ মনোজগত বহুত বেছি নাটকীয় আৰু প্ৰভাৱশালীভাবে সলনি হৈ যায়। []
  6. কৈশোৰ কালত বাহ্যিক অভিজ্ঞতাৰ প্ৰতি মানুহ আটাইতকৈ বেছি সংবেদনশীল। []
  7. ভালেই হওক বা বেয়াই হওক যিকোনোধৰণৰ অভিজ্ঞতা প্ৰদান কৰি মগজুৰ ওপৰত সুদূৰপ্ৰসাৰী আৰু গভীৰ প্ৰভাৱ পেলাব পাৰি। []
  8. কৈশোৰ কালত মানুহৰ মগজু মানসিক চাপৰ প্ৰতি সংবেদনশীল হৈ পৰে। কেৱল সেয়াই নহয়, বহুবিলাক মানসিক ৰোগ এই কালছোৱাতেই বিস্তৃত ৰূপত দেখা যায়।[]
  9. কৈশোৰ কালৰ মগজুৰ এই ভংগুৰতা আৰু বিপদসংকুলতাখিনি অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰী হিচাপে আমি জনাটো নিতান্তই দৰকাৰ যাতে তেওঁলোকৰ মগজুক আমি নিৰাপত্তা দিব পাৰোঁ। মগজুৰ এই নিৰাপত্তাৰে আমি তেওঁলোকক এটা সুস্থ জীৱন দিব পাৰোঁ। অন্যথা বেয়া কাম কৰিছে বুলি যুগ যুগলৈ তেওঁলোকক গালি পৰাতেই আমাৰ কাম শেষ হ'ব।[১০]
  10. বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ বাবে ৰৈ থাকিব পৰাটো জীৱনৰ এটা দৰকাৰী গুণ। তেনে গুণটো বঢ়াবৰ বাবে বাহ্যিকভাৱে আমই পৰিৱেশৰ সূচনা কৰিব লাগিব। [১১]
  11. মানসিক দৃঢ়তা, ধৈৰ্য আদিৰ দৰে গুণ বা কৌশলবোৰেই হৈছে অবৌদ্ধিক কৌশল। এই কৌশলবোৰে এজন সফল মানুহক অসফল মানুহৰ পৰা পৃথক কৰে।[১২]
  12. মানসিকভাৱে দৃঢ় ব্যক্তিয়ে জীৱনৰ বেয়া দিনতো ধৈৰ্যশীল হৈ থাকিব পাৰে। মানসিকভাৱে দৃঢ় ব্যক্তিয়ে বিপদতো নিজৰ কাম আৰু লক্ষ্যৰ পৰা মন আৰু দৃষ্টি আতঁৰাই ননাকৈ থাকিব পাৰে। মানসিকভাৱে দৃঢ় ব্যক্তিৰ আত্মসংযম উচ্চ।[১৩]
  13. উচ্চ বৌদ্ধিক কৌশলৰ গৰাকী হৈও লাভ নহ’ব যদিহে তেওঁ অবৌদ্ধিক কৌশলত তেনেই দুৰ্বল। কিন্তু মধ্যমীয়া বৌদ্ধিক কৌশলৰ গৰাকী হৈও উচ্চ অবৌদ্ধিক কৌশলৰ জোৰত এজন মানুহ বহু দূৰলৈ উধাই যাব পাৰে। [১৪]
  14. বয়স্ক আৰু কিশোৰ-কিশোৰীৰ জৈৱিক ঘড়ীৰ কাঁটা বেলেগ বেলেগ ধৰণেৰে চলে। তাক একে কৰিবলৈ টান আৰু কৰিব বিচৰাটো অপ্ৰাকৃতিত। [১৫]
  15. নিদ্ৰা কেৱল দিনটোৰ কঠোৰ পৰিশ্ৰম, অধ্যয়ন আৰু ব্যস্ততাৰ পাছত শৰীৰক দিয়া জিৰণি নহয়। বা ই বিলাসো নহয়। বৰঞ্চ দিনটোৰ অভিজ্ঞতাবোৰ সংগঠিত, সজ্জিত আৰু সঞ্চয় কৰি ৰখাৰ ই প্ৰধান সহায়ক। [১৬]
  16. কোনো শিশুৱেই জন্মতে আত্মনিয়ন্ত্ৰণৰ কৌশল লৈ নাহে। বাহ্যিক নিয়ন্ত্ৰণক আত্মস্থ কৰি সেয়া তেওঁলোকে আত্মনিয়ন্ত্ৰণলৈ পৰ্যবসিত কৰিব লাগিব। অৰ্থাৎ, দৃঢ়তাৰে আমি তেওঁলোকক শাসন কৰিব লাগিব, বাহ্যিকভাৱে নিয়ন্ত্ৰিত কৰিব লাগিব যাতে তেওঁলোকে আত্মনিয়ন্ত্ৰণ শিকে। [১৭]
  17. এষাৰ মৰমৰ মাতেই মানুহক আকুল-ব্যাকুল কৰিব পাৰে। মাতৰ তিতা যিদৰে পৃথিৱীৰ আটাইতকৈ অসহনীয়া তিতা, সেইদৰে মাতৰ মিঠাই চাগে পৃথিৱীৰ আটাইতকৈ মিঠা। [১৮]
  18. খাদ্যৰ সঠিক আৰু সুন্দৰ আপ্যায়ন যিদৰে এক সংস্কৃতিবান মনৰ পৰিচায়ক সেইদৰে ই মৰম-আৱদাৰ প্ৰকাশৰো মাধ্যম। [১৯]
  19. ঘৰ এখন কেৱল থকা ঠাই নহয়, কেৱল জিৰণিৰ ঠাই নহয়। বৰঞ্চ, ঘৰ এনে এখন ঠাই য'ত আমাৰ সৰহভাগ আৱেগিক প্ৰয়োজন পূৰণ হয়। ঘৰ এখন কেৱল আৱেগিক নিৰাপত্তাৰে ঠাই নহয়, বেছিভাগ ইতিবাচক আৱেগৰ বিকাশৰ ঠাইও ঘৰ। [২০]
  20. যিকোনো এটা ডাঙৰ লক্ষ্য আচলতে কিছুমান সৰু সৰু লক্ষ্যৰ সমষ্টি। [২১]
  21. যেতিয়া আমাৰ লক্ষ্যসমূহ কোনো মূল্যবোধৰ লগত জড়িত হৈ থাকে তেতিয়া তেনে লক্ষ্য সফল হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। [২২]
  1. ড° প্ৰাঞ্জল বুঢ়াগোহাঁই (প্ৰথম সংস্কৰণ, অক্টোবৰ, ২০২২)। সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান। গুৱাহাটী। জে এছ পাব্লিকেশ্বন্‌ছ।
  2. পৃষ্ঠা ২১
  3. পৃষ্ঠা ৬৬
  4. পৃষ্ঠা ৬৭
  5. পৃষ্ঠা ৬৭
  6. পৃষ্ঠা ৭২
  7. পৃষ্ঠা ৭২
  8. পৃষ্ঠা ৭৩
  9. পৃষ্ঠা ৮১
  10. পৃষ্ঠা ৮১
  11. পৃষ্ঠা ১৩১
  12. পৃষ্ঠা ১৩৫
  13. পৃষ্ঠা ১৩৫
  14. পৃষ্ঠা ১৩৫
  15. পৃষ্ঠা ৮৯
  16. পৃষ্ঠা ৯০
  17. পৃষ্ঠা ১৪০
  18. পৃষ্ঠা ১৪৩
  19. পৃষ্ঠা ১৪৪
  20. পৃষ্ঠা ১৪৬
  21. পৃষ্ঠা ১৬৩
  22. পৃষ্ঠা ১৬৩