কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান

কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান অসমীয়া ভাষাত লিখা ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ এখন গ্ৰন্থ। তেওঁ ৰচনা কৰি থকা 'ইতিবাচক শিক্ষা' ধাৰাবাহিকৰ এইখন প্ৰথম গ্ৰন্থ।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. জীৱনৰ যি দুই-চাৰি কথাই জীৱন চকুত লগাকৈ, জুখিব পৰাকৈ সলাই পেলাব পাৰে তাৰ ভিতৰত কৃতজ্ঞতাও এটা। []
  2. মানুহৰ জীৱনৰ স্বাভাৱিক আচৰণৰ পৰা নেতিবাচক দিশত বিচ্যুতি হোৱা আচৰণৰ প্ৰতি মানুহৰ এক সাংঘাতিক দুৰ্বলতা আছে। ইয়াত স্বাভাৱিক আচৰণ মানে মানুহৰ আচৰণৰ সেই অৱস্থাটোক বুজাইছোঁ যি মানসিক ৰোগৰ পৰা মানসিক স্বাস্থ্যক পৃথক কৰে। []
  3. জীৱনলৈ যদি এবাৰ হতাশা নামৰ ৰুগ্নতা আহিল তাৰ পৰা আপোনাৰ আৰু নিস্তাৰ নাই। জীৱনভৰ সি আপোনাৰ সঙ্গী হ'ব। []
  4. শৰীৰ মৃত্যু হোৱাৰ পাছত যিদৰে ৰোগ ধৰা পেলোৱাটো অপ্ৰাসংগিক, ঠিক সেইদৰে উন্মাদ হোৱাৰ পাছত চিকিৎসাৰ বাবে লৰা-ঢপৰা কৰাটোও মূৰ্খামি। []
  5. কৃতজ্ঞতা, আশাবাদ, ভালপোৱা, সহৃদয়তা, সহায় আদি- এইবিলাক বঢ়াব লাগিব, শিকাব লাগিব বিজ্ঞানসন্মতভাৱে, কোনো গতানুগতিকতা আৰু ভণ্ডামিৰ গণ্ডীত থাকি নহয়। []
  6. খং উঠিলে সাধাৰণতে আমি কাজিয়া কৰোঁ, যি টি কৈ পাওঁ, নল'বলগা সিদ্ধান্ত লৈ পেলাওঁ। তাৰমানে ই সুস্থভাৱে চিন্তা কৰা, সিদ্ধান্ত লোৱা বা কাম কৰাৰ ক্ষমতা হ্ৰাস কৰি পেলায়। আন কথাত ই আমাৰ মন-মগজুক অক্ষম কৰি তোলে। []
  7. যদি মনৰ নেতিবাচক অৱস্থা আৰু নেতিবাচক আৱেগে মোক দুৰ্বল কৰিব পাৰে, নিশ্চিতভাৱে মনৰ ইতিবাচক অৱস্থা আৰু আৱেগে আমাক সবলৰ পৰা সবলতৰ কৰিব। বেছি নেতিবাচক মানে যদি বেছি দুৰ্বলতা তেতিয়াহ'লে বেছি ইতিবাচক মানে বেছি সফলতা।[]
  8. আমাৰ মনৰ ইতিবাচকবোৰে আমাক সবলৰ পৰা সবলতৰ কৰি তোলে। বিপৰীতে নেতিবাচকবোৰে আমাক দুৰ্বল আৰু অক্ষম কৰি তোলে। []
  9. জীৱন ভাল-বেয়াৰ সমষ্টি। ইতিবাচক-নেতিবাচকৰ সমষ্টি। জীৱনৰ নেতিবাচকবোৰ আমি জীৱনৰ পৰা নাইকিয়া কৰি দিব নোৱাৰোঁ। কিন্তু জীৱনটো ধুনীয়া, সুখী আৰু কাৰ্যক্ষম কৰিবলৈ আমি জীৱনৰ এই ইতিবাচকবোৰত মনোযোগ দিব পাৰোঁ। মনৰ এই ইতিবাচক আৱেগবোৰ শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ। অহৰহ জীৱনৰ দুৰ্বলতাবোৰ দূৰ কৰাৰ চেষ্টা কৰি থকাতকৈ সবলতা, সক্ষমতাবোৰ, বঢ়োৱাত বা নিৰ্মাণ কৰাত আমি সময় আৰু চেষ্টা দিব পাৰোঁ। [১০]
  10. দৃঢ়তা, আশা, বিশ্বাস আদিৰ দৰে মনৰ কিছুমান অৱস্থা আৰু আৱেগে কেৱল ভাল অনুভৱেই নকৰায়, জীৱনৰ বাবে ভাল কৰায়ো। এইবোৰে কেৱল ভাল সময়তেই নহয়, তেতিয়া জীৱনৰ পৰিচৰ্যা কৰে যেতিয়া জীৱন গভীৰ সংকটৰ সন্মুখীন হয়। [১১]
  11. যেতিয়া জীৱন এটা অধিক পৰিমাণে সন্তোষিত হ'ব, নিয়োজিত হ'ব আৰু অৰ্থপূৰ্ণ হ'ব তেতিয়াই জীৱন এটা সুখী হ'ব। অসুখী জীৱন মানে - অধিক নেতিবাচক আৱেগ, অনিয়োজিত, অৰ্থ অনুভৱ নকৰা জীৱন। [১২]
  12. সন্তোষিত জীৱন মানে সেইবোৰ জীৱন - যিবোৰ জীৱনৰ মনবোৰ ভাল অভিজ্ঞতাৰে ভৰা। ভাল অনুভৱে জীৱন তেতিয়া ভৰিব যেতিয়া জীৱনত ভাল, ইতিবাচক আৱেগৰ প্ৰাধান্য থাকিব। [১৩]
  13. ইতিবাচক আৱেগবোৰে বিভিন্ন ধৰণেৰে জীৱনক পৰিচৰ্যা কৰে আৰু ভাল জীৱন, সুখী জীৱনলৈ অগ্ৰসৰ কৰায়। [১৪]
  14. কেৱল নিজৰ খকৰ কাৰণে, নিজৰ পেটৰ কাৰণে জীয়াই থকা জীৱন এটা অৰ্থশূন্য, অসুখী জীৱন। আৰু ই তেতিয়ালৈকে অসুখী আৰু অৰ্থশূন্য যেতিয়ালৈকে জীৱনটোক আমি ব্যক্তি পৰ্যায়ৰ পৰা সামাজিক পৰ্যায়লৈ উত্তৰণ ঘটাব নোৱাৰোঁ। [১৫]
  15. জীৱনৰ অৰ্থপূূৰ্ণতা এক মহৎ সবলতা আৰু অৰ্থহীনতা এক প্ৰাণনাশী দুৰ্বলতা।[১৬]
  16. মানুহে কেতিয়াবা এনেকৈ ভাবে যে তেওঁ নিজৰ বাবে যিমান গোটাব পাৰিব সিমানেই জীৱনটো ভাল হ'ব। কিন্তু ইতিবাচক মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰিলে তেনে ব্যক্তিকেন্দ্ৰিক আৰু স্বাৰ্থপৰ জীৱন এটা ভীষণ অসুখী। বৰঞ্চ সুস্থ সম্পৰ্ক আৰু এটা সুস্থ সামাজিক জীৱন সুখী, সমৃদ্ধ জীৱনৰ বাবে অন্যতম চৰ্ত। [১৭]
  17. যেতিয়া আমাৰ ভালপোৱা, মৰম, যতন আৰু পাৰস্পৰিক সম্পৰ্কৰ দৰে প্ৰয়োজনবোৰ পূৰ নহয় তেতিয়া আমাৰ জীৱনটো নিসংগ আৰু অৰ্থশূন্য যেন লাগে।[১৮]
  18. সৃষ্টিশীলতা মানুহৰ জীৱনৰ এক মহৎ সক্ষমতা আৰু সৌভাগ্য। সৃষ্টিশীল লোকসকল সমাজৰ আটাইতকৈ ডাঙৰ সম্পদ। এইসকল লোকৰ বাবে পৃথিৱীখন নিতৌ নতুন হয়, ধুনীয়া হয়। গতিকে সৃষ্টিশীলতা বৰ্তাই ৰখা আৰু বিকাশ কৰাৰ স্বাৰ্থত মানুহক সমৃদ্ধ জীৱনৰ কৌশলবোৰ শিকোৱা উচিত।[১৯]
  19. শিক্ষানুষ্ঠানৰ পৰিৱেশত সহমৰ্মিতা, দয়া, ক্ষমা, কৃতজ্ঞতা আদিবোৰৰ অনুশীলন আৰু ব্যৱহাৰৰ যোগেদি ইতিবাচক সম্পৰ্ক নিশ্চিত কৰিব পাৰি।[২০]
  20. মই কৃতজ্ঞ হৈছোঁ মানে মোৰ প্ৰতি কাৰোবাৰ সদিচ্ছাক গ্ৰহণ কৰিছোঁ, মান দিছোঁ। মই কৃতজ্ঞ হৈছোঁ মানে জীৱনৰ ভালবোৰ গ্ৰহণ কৰিছোঁ, জীৱনক গ্ৰহণ কৰিছোঁ।[২১]
  21. কৃতজ্ঞ হোৱা মানে জীৱনত পোৱা আশীৰ্বাদ, উপহাৰবোৰৰ হিচাপ ৰখা। কৃতজ্ঞ হোৱা মানে জীৱনত যে ভাল আৰু আনন্দদায়ক কথা আছে তাক স্বীকৃতি দিয়া। কৃতজ্ঞ হোৱা মানে মই যে কাৰোবাৰ দয়া, ভালপোৱা পাইছোঁ সেই কথা স্বীকৃতি দিয়াৰ সদিচ্ছা। কৃতজ্ঞ হোৱা মানে এই কথা স্বীকৃতি দিয়া যে - আনৰ ভালপোৱা আৰু বৰঙণিৰ অবিহনে মই আজিৰ পৰ্যায় নাপালোঁহেঁতেন। কৃতজ্ঞ হোৱা মানে এই কথা স্বীকৃতি দিয়া যে - মোৰ জীৱন ভাল, কাৰণ আন বহুতে এইটো ভাল কৰিছে। কৃতজ্ঞ হোৱা মানে মনৰ এই সজাগতা যে - মই বহুতো ভালৰ গৰাকী, আৰু সেয়া মোক আনে দিছে।[২২]
  22. কৃতজ্ঞ হোৱা মানে এই কথা বুজি পোৱা যে মই যিবোৰ পাইছোঁ সেইবোৰ আনৰ মোৰ প্ৰতি সদিচ্ছা, ভালপোৱাৰ বাবে পাইছোঁ। কৃতজ্ঞ হোৱা মানে মোৰ প্ৰতি আনৰ এই সদিচ্ছা আৰু ভালপোৱাৰ স্বীকৃতি দিয়া‌। কৃতজ্ঞ হোৱা মানে মোৰ প্ৰতি আনৰ এই সদিচ্ছা ভালপোৱাৰ প্ৰতিদান দিবৰ বাবে হাবিয়াস সৃষ্টি হোৱা। [২৩]
  23. কৃতজ্ঞতা হ'ল সামাজিক সুস্থতা-অসুস্থতাৰ সূচক।[২৪]
  24. কৃতজ্ঞতা পালে বা আনৰ প্ৰতি দেখুওৱা সদিচ্ছাৰ মৰ্যাদা পালে মানুহে তেনে সদিচ্ছা বাৰে বাৰে দেখুৱাব খোজে আৰু তেনে সদিচ্ছাৰ বিনিময়ত অৱজ্ঞা পালে মানুহ নিৰুৎসাহিত হয়। [২৫]
  25. মই যদি কাৰোবাৰ প্ৰতি কৃতজ্ঞ তেতিয়াহ'লে কেৱল যাৰ প্ৰতি কৃতজ্ঞ হৈছোঁ তেওঁৱেই কাম কৰিবৰ বাবে উদগনি পাব তেনে নহয়, মই নিজেও তেনে কাম কৰিবৰ বাবে অনুপ্ৰেৰিত হওঁ। [২৬]
  26. কৃতজ্ঞতাই মানুহক নিজে কৰি অহা দোষৰ বাবে অনুশোচনাত ভোগায়। তেনে দোষৰ স্বীকাৰোক্তি দিবৰ বাবে ব্যক্তি এজনক নৈতিকভাবে সবল কৰে আৰু তেনে দোষ বা অপৰাধ পুনৰাবৃত্তি নকৰিবৰ বাবে ব্যক্তিজনক মানসিকভাৱে প্ৰস্তুত কৰে। [২৭]
  27. সততাৰে চালে আপুনি দেখিব যে কিমান মানুহক আপোনাৰ-মোৰ ধন্যবাদ দিব লগা আছে। এই মানুহবোৰৰ বেছিভাগকেই আমি একো এটাই দিব নোৱাৰোঁ। ইয়াৰে বহুতক আনকি প্ৰকাশ্যে ধন্যবাদ এটা দিয়াৰো সুযোগ নাই।[২৮]
  28. প্ৰত্যেকদিনাই যেতিয়া আমি জীৱনলৈ অহা ভালবোৰৰ ওপৰত দৃষ্টি দিওঁ তেতিয়া আমাৰ মনটো সন্তুষ্টিৰে ভৰি পৰে আৰু সমস্যা, কঠিনতা আদিবোৰ মনলৈ কমকৈ আহে। [২৯]
  29. অনুপ্ৰেৰণামূলক বাক্য এটা পঢ়াৰ লগে লগে মনটো আপোনা-আপুনি সঞ্চালিত হয়। জীৱনমুখী কথা এষাৰ পঢ়াৰ লগে লগে জীৱনৰ প্ৰতি এক ইতিবাচক শক্তি আহৰণ কৰা যেন অনুভৱ হয়।[৩০]
  30. মানুহৰ জীৱনৰ প্ৰায়বোৰ গুণ আৰম্ভ হয় খোৱা পাতৰ পৰা। [৩১]
  1. ড° প্ৰাঞ্জল বুঢ়াগোহাঁই (প্ৰথম সংস্কৰণ, ছেপ্তেম্বৰ, ২০১৭)। কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান। ডিব্ৰুগড়। বনলতা।
  2. পৃষ্ঠা ১৬
  3. পৃষ্ঠা ১৭
  4. পৃষ্ঠা ১৯
  5. পৃষ্ঠা ২০
  6. পৃষ্ঠা ২২
  7. পৃষ্ঠা ২৪
  8. পৃষ্ঠা ২৫
  9. পৃষ্ঠা ২৫
  10. পৃষ্ঠা ২৫
  11. পৃষ্ঠা ২৮
  12. পৃষ্ঠা ২৯
  13. পৃষ্ঠা ২৯
  14. পৃষ্ঠা ২৯
  15. পৃষ্ঠা ৩৩
  16. পৃষ্ঠা ৩৪
  17. পৃষ্ঠা ৩৫
  18. পৃষ্ঠা ৩৫
  19. পৃষ্ঠা ৪৭
  20. পৃষ্ঠা ৫১
  21. পৃষ্ঠা ৫৪
  22. পৃষ্ঠা ৫৬
  23. পৃষ্ঠা ৫৮
  24. পৃষ্ঠা ৬৩
  25. পৃষ্ঠা ৬৪
  26. পৃষ্ঠা ৬৫
  27. পৃষ্ঠা ৬৭
  28. পৃষ্ঠা ৮১
  29. পৃষ্ঠা ৯০
  30. পৃষ্ঠা ৯১
  31. পৃষ্ঠা ৯৯