পল ভালেৰি
পল ভালেৰি (ইংৰাজী: Paul Valéry, ৩০ অক্টোবৰ, ১৮৭১ – ২০ জুলাই, ১৯৪৫) আছিল এগৰাকী ফৰাচী কবি, প্ৰবন্ধকাৰ আৰু দাৰ্শনিক।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- ঈশ্বৰে পুৰুষ সৃষ্টি কৰাৰ পিছত অনুভৱ কৰিলে যে পুৰুষজন যিমান অকলশৰীয়া হোৱা উচিত, সিমানখিনি হোৱা নাই৷ সেই কাৰণে পুৰুষৰ সংগিনী হিচাপে তেওঁ সৃষ্টি কৰিলে নাৰীক- যাতে নাৰীৰ সংগত পুৰুষজন আৰু বেছি গভীৰভাৱে নিসংগ হ’ব পাৰে৷[১]
- যি পুৰুষ বা তিৰোতাক আমি সম্পূৰ্ণৰূপে জানো, তেনে পুৰুষ বা তিৰোতাক ভালপোৱাটো সম্ভৱ নহয়৷ আমাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰে এনে পুৰুষ বা এনে তিৰোতাইহে, যাৰ জীৱনৰ বা ব্যক্তিত্বৰ কিবা এটা অংশ চিৰকাল আমাৰ পৰা গোপন হৈ থাকে৷[২]
- কিছুমান মানুহে আনক অপমান কৰি আৰু ব্যংগ বিদ্ৰূপ কৰি খুব ভাল পায়৷ এনেধৰণৰ অপমান বা ব্যংগ বিদ্ৰূপ দৰাচলতে মানুহজনৰ নিজৰ কাপুৰুষতা বা পুৰুষত্বহীনতাৰ বাহিৰে আন একো নহয়৷ আনক অপমান কৰা মানুহজনে আচলতে এইটো বিচাৰে যে তেওঁ অপমান কৰাজনক আনে ধ্বংস কৰক বা মূল্যহীন কৰি তোলক৷ বাহিৰৰ শক্তিৰ সহায় নোলোৱাকৈ অপমান কেতিয়াও কাৰ্য্যকৰী বা ফলপ্ৰসূ হ’ব নোৱাৰে, কাৰণ তৃতীয় পক্ষ অবিহনে অপমানৰ বিষদাঁত ভোটা হৈ পৰে৷[৩]