ফ্ৰাঁচোৱা ডে লা ৰচফুক'

ফ্ৰাঁচোৱা ডে লা ৰচফুক' (ইংৰাজী: François de La Rochefoucauld; ১৫ ছেপ্টেম্বৰ ১৬১৩–১৭ মাৰ্চ ১৬৮০) এজন বিখ্যাত ফৰাচী লেখক আছিল। তেওঁ প্ৰবন্ধ আৰু স্মৃতিগ্ৰন্থৰ ৰচনা কৰাৰ লগতে ১৭ শতিকাৰ এজন সম্ভ্ৰান্ত ব্যক্তি হিচাপে পৰিচিত আছিল।

শিল্পীৰ তুলিকাত লা ৰচফুক'

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • নদী যিদৰে সাগৰলৈ বৈ যায়, সেইদৰে সকলো নৈতিকতাও আত্মস্বাৰ্থ অভিমুখে পৰিচালিত হয়। মানুহে যাক নৈতিকতা বা সদ্‌গুণ আখ্যা দিয়ে, সি অবিমিশ্ৰ সৎ নীতিমূলক নহয়।[১]
  • মানুহে স্বাভাৱিক প্ৰৱণতা হেতুকে যে অন্যায়ক বেয়া পায় তেনে নহয়, অন্যায়ৰ ফলত নিজৰ ক্ষতি হ'ব পাৰে বুলি আশংকা কৰিহে অন্যায়ৰ বিৰুদ্ধে থিয় হয়।[১][২]
  • মানুহে আগতকৈও বেছি উপকাৰ পোৱাৰ আশাতহে কৃতজ্ঞতা প্ৰকাশ কৰে।[১]
  • আমাৰ মনৰ মাজত এনে এটা কিবা আছে যাৰ ফলত বন্ধুৰ দুৰ্ভাগ্যত আমি মনে মনে আনন্দিত নোহোৱাকৈ নাথাকো। [১][২]
  • বন্ধু বাচি লোৱাৰ সময়ত আমি আমাৰ নিজৰ ৰুচি আৰু আনন্দৰ দ্বাৰাহে পৰিচালিত হ‌ওঁ।[১][২]
  • প্ৰকৃত প্ৰেম ভূতৰ আবিৰ্ভাৱৰ দৰে। সকলোৱে ইয়াৰ বিষয়ে কয়, কিন্তু কোনেও ইয়াক দেখা নাই।[১][২]
  • যেনেকৈ দৰৱত কিছু পৰিমাণে বিষ মিহলোৱা হয়, তেনেকৈ সততাৰ সৈতেও অসততা মিহলি হৈ থাকে৷[২]
  • এগৰাকী ভদ্ৰলোকে উন্মাদৰ দৰে ভালপাব পাৰে, কিন্তু নিৰ্বোধৰ দৰে নোৱাৰে৷[২]
  • মানুহে বন্ধুত্ব নাম দিয়া বস্তুবিধ আচলতে এটি ব্যৱসায়িক প্ৰতিষ্ঠান, য’ত পাৰস্পৰিক স্বাৰ্থৰ পিনে লক্ষ্য ৰাখি সুযোগ-সুবিধাৰ আদান-প্ৰদান কৰা হয়৷ ই এবিধ ব্যৱসায় য’ত আত্মাভিমানেই লাভৰ পথ ঠিৰাং কৰে৷[২]
  • যদি এনেকুৱা কিবা বিশুদ্ধ প্ৰেম থাকে যি অন্য ভাবাৱেগৰ পৰা মুক্ত, তেন্তে জানিব লাগিব সেই প্ৰেম হৃদয়ৰ গভীৰত সুপ্ত হৈ থকা প্ৰেম, যাক আমি নিজেও চিনি নাপাওঁ৷[২]
  • সহস্ৰ অনুকৃতি থাকিলেও প্ৰেম কিন্তু এবিধেই৷[২]
  • প্ৰেমৰ পৰিণাম বিচাৰিলে দেখা যাব বন্ধুতকৈ ঘৃণাৰ লগতহে ইয়াৰ মিল অধিক৷[২]
  • প্ৰেমৰ লগত ভূতৰ মিল খুব বেছি৷ সকলোৱে এই দুবিধৰ কথা কয়, কিন্তু দেখা পোৱা মানুহকহে লগ পোৱা নাযায়৷[২]
  • প্ৰেমৰ ক্ষেত্ৰত একনিষ্ঠা এক অন্তহীন বিশ্বাসঘাতকতা৷ প্ৰেমৰ একনিষ্ঠা সম্ভৱ তেতিয়াই হয়, যেতিয়া প্ৰেমক আত্মমৰ্যাদাৰ এটা চিন হিচাপে ধৰি লোৱা হয়৷[২]
  • এনেকুৱা কোনো ছদ্মবেশ নাই, যাৰ দ্বাৰা প্ৰকৃত প্ৰেম অথবা প্ৰেম অভিনয়ক বেছি সময় লুকুৱাই ৰাখিব পৰা যায়৷[২]
  • এনেকুৱা এজনী ছোৱালী পোৱাটো কঠিন নহয়, যাৰ কোনো প্ৰেমিক নাই; কিন্তু এনেকুৱা এজনী ছোৱালী পোৱাটো কঠিন যাৰ মাত্ৰ এজনেই প্ৰেমিক৷[২]
  • প্ৰেমৰ সংজ্ঞা দিয়া কঠিন৷ মাথোঁ ইমানেই ক’ব পাৰি- প্ৰেম হ’ল একছত্ৰ ৰাজত্বৰ ইচ্ছা, মনৰ সমমৰ্মিতা আৰু শৰীৰৰ অনেক ৰহস্য অতিক্ৰম কৰি প্ৰিয়জনক দখল কৰাৰ গোপন আৰু সুক্ষ্ম আকাংক্ষা৷[২]
  • মানুহে যাক নৈতিকতা আখ্যা দিয়ে সি অবিমিশ্ৰ সৎ নীতিমূলক নহয়৷[২]

ৰচফুক'ৰ বিষয়ে সম্পাদনা কৰক

  • লা ৰচফুক' মূলতঃ আছিল এজন নিৰাশাবাদী। তেওঁৰ চকুত ভালটোতকৈও বেয়াটো বৰকৈ পৰিছিল।
    • কনকসেন ডেকা[১]

বাহ্যিক সংযোগ সম্পাদনা কৰক

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ এশখন মহৎ গ্ৰন্থ; সম্পাদনা — কনকসেন ডেকা
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ ২.১২ ২.১৩ ২.১৪ ২.১৫ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৫০,২৫১, ২১৩,২১২, ২০৬, ২০০, ১৯৮, ১৯৬, ১৯৭, ১৭৩,।