কল (ইংৰাজী: Banana) হৈছে 'মুছেছি' পৰিয়ালৰ অন্তৰ্গত 'মুছা'[১] জাতৰ বিভিন্ন ধৰণৰ বৰ্ণসংকৰ আৰু সাধাৰণ প্ৰজাতিৰ উদ্ভিদত উৎপাদিত এক প্ৰকাৰৰ দীঘলীয়া আকৃতিৰ, খোৱাৰ উপযোগী ফল

কলৰ বিভিন্ন প্ৰকাৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. তিনিশ ষাঠী জোপা ৰুবা কল
    মাহেকে পষেকে চিকুনাবা তল।
    পাত-পচলা লাভত খাবা
    লঙ্কাৰ বনিজ ঘৰতে পাবা॥ - ডাকৰ বচন
  2. পুহত কল, মাঘত জল,
    তেহে পাবা গাত বল। - ফকৰা যোজনা
  3. আঠীয়াত গোবৰ, মনোহৰত জাবৰ৷
    পুৰাত সাঁই, মালভোগত ছাই৷- ডাকৰ বচন
  4. এহাত এমুঠন কলৰ পোত।
    তেহে চাবা কলৰ গোট॥- ডাকৰ বচন
  5. সুফল কদলী(কল) সুতিৰী ফেদেলী৷- ফকৰা যোজনা
  6. খালি পেটে জল, ভৰা পেটে কল৷
  7. কল খালে বল পায়৷[২]

উৎস সম্পাদনা কৰক

  1. Banana. প্ৰকাশক: Merriam-Webster Online Dictionary.
  2. কল কলডিল কলৰ পচলা আৰু কলাখাৰ...... আহৰণ কৰা হৈছে: 7 জুলাই 2023.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: