আলফ্ৰেড এডলাৰ (ইংৰাজী: Alfred Adler; ৭ ফেব্ৰুৱাৰী ১৮৭০ – ২৮ মে' ১৯৩৭) আছিল এগৰাকী অষ্ট্ৰিয়ান চিকিৎসক, মনোৰোগ বিশেষজ্ঞ আৰু ব্যক্তিগত মনোবিজ্ঞান (Individual psychology) ক্ষেত্ৰৰ প্ৰতিষ্ঠাপক।

আলফ্ৰেড এডলাৰৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • আপোনালোকে মাথোন ১৪ দিনতেই নিজৰ সুখ আৰু আনন্দ ঘূৰাই আনিব পাৰিব, যদিহে এটা নিয়ম মানি চলে। প্ৰতিদিনেই চিন্তা কৰক অন্ততঃ এটা দিনত অন্য এজন মানুহক কেনেকৈ সুখী কৰা যায়।[১]
  • জীৱনৰ ধৰ্মই হ’ল, পৰোৎকৰ্ষ, শ্ৰেষ্ঠত্ব, আৰু কৃতকৰ্মৰ অভিমূখে আগবাঢ়ি গৈ থকা৷[২]
  • জীৱনৰ ধৰ্মই হ’ল, সকলো প্ৰতিৰোধ আৰু প্ৰতিবন্ধক অগ্ৰাহ্য কৰি সম্পূৰ্ণতাৰ ফালে, উৎকৰ্ষতাৰ ফালে, কৃতকাৰ্যতাৰ ফালে আগবাঢ়ি গৈ থকা৷ এটা জীৱন্ত প্ৰাণীক পৰাজয় মানি ল’বলৈ বাধ্য কৰাটো অসম্ভৱ৷[৩]
  • অৰ্থ পৰিস্থিতিৰ দ্বাৰা নিৰ্ধাৰিত নহয়, কিন্তু আমি পৰিস্থিতিক দিয়া অৰ্থৰ দ্বাৰা নিজকে নিৰ্ধাৰণ কৰোঁ।[৪]
  • মানুহে বুজি পোৱাতকৈ বহু বেছি জানে।[৫]
  • সামগ্ৰিকভাবে মানুহৰ আচৰণৰ মান নিৰ্ভৰ কৰে তেওঁৰ তিনিটা সম্পৰ্কৰ ওপৰত, সমাজৰ লগত তেওঁৰ সম্পৰ্ক, নিজৰ কামৰ লগত তেওঁৰ সম্পৰ্ক আৰু বিপৰীত লিংগৰ লগত তেওঁৰ সম্পৰ্ক৷[৬]
  • শিক্ষাৰ লক্ষ্য একেটাই, সেইটো হৈছে সাহসী হ’বলৈ শিক্ষাদান কৰা৷[৭]
  • যিকোনো মানুহৰ খিংখিঙীয়া স্বভাৱটো তেওঁৰ হীনমন্যতাৰ বাহ্যিক প্ৰকাশৰ বাহিৰে আন একো নহয়৷[৮]

উত্‍স সম্পাদনা কৰক

  1. নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ, ২০২১
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১২৯; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১৩১; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
  4. Alfred Adler, What Life Should Mean to You (1937), p. 14
  5. Harold H. Mosak, Michael P. Maniacci; A Primer of Adlerian Psychology: The Analytic-Behavioural-Cognitive Psychology of Alfred Adler (1999)
  6. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৬; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
  7. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩২০; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
  8. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭২; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: