অৰ্থনীতি
সমাজ বিজ্ঞানৰ এটা বিভাগ
অৰ্থনীতি (Economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ইয়াত এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰা হয়।
উদ্ধৃতিসমূহসম্পাদনা কৰক
- অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান।
- অৰ্থনীতি হৈছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়ন। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়েহে এহাতে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন, আনহাতে অধিক গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰ এটা অংশ।
- যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।
- দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়।
উৎসসম্পাদনা কৰক
- ↑ Smith, Adam (1776)। An Inquiry into the Nature and Causes of the Wealth of Nations। London। Methuen & Co., Ltd.।
- ↑ ২.০ ২.১ ২.২ ২.৩ সৌৰভ প্ৰাণ শৰ্মা (২০১৪)। ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি)। গুৱাহাটী। অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড।
- ↑ Marshall, Alfred (1890)। Principles of Economics। London। Macmillan & Co., Ltd.।
- ↑ Robbins, Lionel (1932)। An Essay on the Nature and Significance of Economic Science। St. Martin's Street, London। Macmillan & Co., Ltd., পৃষ্ঠা:15।
- ↑ Economics, 19th ed., 2010, p.4