ৰিচাৰ্ড ফিলিপছ ফাইনমেন (১১ মে’, ১৯১৮ – ১৫ ফেব্ৰুৱাৰী, ১৯৮৮) এগৰাকী সুবিখ্যাত আৰু প্ৰতিভাধৰ আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। পদাৰ্থ বিজ্ঞানৰ সমাজত তেওঁ কোৱাণ্টাম বলবিদ্যাৰ path integral formulation, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ superfluidity ৰ সম্পৰ্কিত অধ্যয়নৰ বাবে জনাজাত। কণা পদাৰ্থবিজ্ঞানত parton model ৰ সংযোজন তেওঁৰ আন এক কৃতিত্ব। কোৱাণ্টাম গতিবিদ্যুত নামৰ পদাৰ্থ বিজ্ঞানৰ শাখাটোৰ বাটকটীয়া আৰু সম্প্ৰসাৰক হিচাপে বিখ্যাত ফাইনমেনলৈ এইক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে জুলিয়ান ছিৱিংগাৰ আৰু ছান-ইতিৰো তোমাংগাৰ সৈতে একেলগে ১৯৬৫ চনৰ ন’বেল বঁটা আগবঢ়োৱা হয়।

ৰিচাৰ্ড ফাইনমেনৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. প্ৰথম নীতিটো হৈছে- আপুনি নিজকে কেতিয়াও মূৰ্খ নসজাব। পিছে কথাটো হ'ল, আপোনাকেই মূৰ্খ সজাবলৈ আটাইতকৈ সহজ।[১]
  2. প্ৰকৃতিৰ কল্পনাশক্তি মানুহৰ কল্পনাতকৈ বহুগুণে বেছি।
  3. মই একো নাজানো, কিন্তু এইটো কথা জানো যে যদি আপুনি বিষয় এটাৰ যথেষ্ট গভীৰতালৈ যায়, তেন্তে সকলো বস্তুৱেই আকৰ্ষণীয় হৈ পৰে।[১]
  4. তুমি সেই চৰাইটোৰ নাম পৃথিৱীৰ সকলো ভাষাতে জানিব পাৰা, কিন্তু তাৰ পিছতো তুমি চৰাইটোৰ বিষয়ে একো নাজানিবা। তুমি কেৱল বিভিন্ন অঞ্চলৰ মানুহৰ বিষয়ে, আৰু তেওঁলোকে চৰাইটোক কি বুলি কয়, সেইটোহে জানিবা। মই বৰ কম বয়সতে কোনো বস্তু এটাৰ নাম জনা আৰু বস্তুটোৰ বিষয়ে জনাৰ মাজৰ পাৰ্থক্য বুজি উঠিছিলোঁ।[২]
  5. যদি আপেল এটাৰ আকাৰ পৃথিৱীৰ সমান ডাঙৰ কৰা হয়, তেন্তে আপেলটোত থকা পৰমাণুবোৰৰ আকাৰ প্ৰায় আচল আপেলটোৰ সমান হ'ব।[৩]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ সম্পাদক- Jeffery Robbins (1999)। The Pleasure of Finding Things Out: The Best Short Works of Richard Feynman। ISBN: 0-14-029034-6
  2. Ralph Leighton (1988)। What do you care what other people think। ISBN: 0-393-02659-0
  3. Richard Feynman, Robert B. Leighton, Matthew Sands (1964)। The Feynman Lectures on Physics (Volume I)।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: