ষ্টিফেন হকিং

এজন সিদ্ধান্তগত পদাৰ্থবিদ আৰু অন্তৰীক্ষ বিজ্ঞানী

ষ্টিফেন হকিং (ইংৰাজী: Stephen William Hawking, ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল। মটৰ নিউৰন ৰোগৰ দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল।

ষ্টিফেন হকিঙৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. জীৱনটো যিমানেই কঠিন নহওক কিয়, আপুনি কৰিব পৰা তথা সফল হ'ব পৰা সদায় কিবা এটা থাকিবই।
  2. মোৰ শাৰীৰিক অক্ষমতাই মোক জনাজাত কৰাত কিছু অৰিহণা নিশ্চয় যোগাইছে৷ মোৰ পংগুত্ব আৰু মই গৱেষণা কৰা ক্ষেত্ৰখনৰ বিশালতা দুয়োটা পৰস্পৰৰ বিপৰীত৷ মই হয়তো মহীৰুহসদৃশ শাৰীৰিকভাৱে অক্ষম মনীষী অথবা শাৰীৰিকভাৱে প্ৰাত্যাহ্বানৰ সম্মুখীন হোৱা প্ৰজ্ঞ৷ সত্যটো হ’ল যে, মই দৈহিক অক্ষমতা প্ৰত্যহ্বানৰ সম্মুখীন হৈছোঁ, মই প্ৰজ্ঞ হয় নে নহয় নাজানো৷[১]

উৎসসম্পাদনা কৰক

  1. A brief History Of Time ৰ আধাৰত “সময়ৰ চমু ইতিহাস মহানাদৰ পৰা কৃষ্ণ গহ্বৰলৈ’’, অনুবাদ: প্ৰশান্ত কুমাৰ বৰদলৈ, পৃ: নং, ১৬০, প্ৰকাশক: বাণী মন্দিৰ