হেমচন্দ্ৰ বৰুৱা

অসমৰ সাহিত্যিক তথা সমাজ সংস্কাৰক

হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua; ১৮৩৫–১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক। ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়। হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে।

উদ্ধৃতি সম্পাদনা কৰক

  1. বিবেকেই জীৱনৰ গুপ্ত আদালত৷[১]
  2. আজিকালি আমাৰ সমাজলৈ চাই ভাৰ্যা মৰা পুৰুষে পুনৰায় বিয়া কৰা গোটেই নিন্দনীয়৷ মই ভাবিছিলোঁ মোৰ ভাৰ্যা নহৈ মোৰ মৃত্যু হোৱা হ’লে তেওঁৰ কি অৱস্থা হ’লহেঁতেন৷ তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হ’লেই মই এটা কিয় তিনিটা বা অধিক বিয়া কৰাব পাৰোঁ, কিন্তু বিধৱা হোৱাৰ পাছত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গ’লহেঁতেন, সমাজে বৰ্জ্জিলেহেঁতেন আৰু তেওঁ জীৱন্ততে মৰা যেন হৈ থাকিলহেঁতেন, ই কেনে অসংগত, কেনে অযুগুত, এতেকে পুনৰায় বিয়া কৰা মোৰ উচিত নহয়৷[২]
  3. যেতিয়ালৈকে বিদ্যাশিক্ষাৰ দ্বাৰা তিৰোতাবিলাকে মুক্তাৱস্থা নাপায়, তেতিয়ালৈকে দেশৰ মংগল হ’ব নোৱাৰে। তেখেতে আক্ষেপেৰে কৈছিল যে, তিৰোতাসকলক মুক্তাৱস্থা বা সম-অধিকাৰ দিয়াৰ গুণ আমাৰ দেশৰ লোকসকলে বুজিব পৰা নাই।[২]
  4. জীৱশূন্য মৃতদেহটো এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃতদেহ মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হ’ব পাৰে। এতেকে মৃতদেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থান পৰা দূৰ ঠাইত পেলাই দিয়াই ভাল। (শেষ ইচ্ছা)[২]
  5. কানি, ভাং মদ ফটিকা আৰু ধুৱাপাত৷
    সকলোৰে মুখত হউক বৰ্জ্জপাত৷(কানীয়াৰ কীৰ্ত্তন) [৩]
  6. এতিয়া ভাল মানুহৰ তিৰোতা আনৰ আগত ওলোৱা থাকোক, গিৰিয়েক আহিবৰ গম পালে ‘ডাঙ্গৰীয়া আহিছে বুলি’ পাঁচ হাত মান ওৰণি লৈ, বাঘৰ ভয়ত গৰু পলোয়াদি চুকত সোমাইগৈ। ডাঙ্গৰীয়াজনাই ও তিৰোতাক মৰম কৰিলে বা ভাল মুখে কথা ক’লে তিৰোতাই আশই পাব বুলি ঘৈণীয়েকৰ ফাললৈ কপালৰ গাঁঠি থোপা কৰিহে চাই, আৰু অনেকে গালি পাৰিহে ঘৈণীয়েকক মাতে, আন কি অলপ দোষতে ঘৈণীয়েকক (ছিঃ ছিঃ কি ঘিণৰ কথা) পাৰে মানে মাৰে।…… এইবোৰ কথা যে অতি গৰহিত, ইয়াক ক’বৰ কাম নাই আৰু যেতিয়ালৈকে দেশাচাৰৰ দাস হৈ মানুহে এই ৰূপে আচৰণ কৰে, তেতিয়ালৈকে দেশৰ মংগল হ’বৰ আগন্তুক নাই৷....... অতএব হে আমাৰ ‘দেশীসকল’। তোমালোকেও তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা, কাৰণ সিহঁত তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু।[২]

হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্নজনৰ উক্তি সম্পাদনা কৰক

  1. হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ বিষয়ে আমি যি যৎসামান্য কথা জানো, তাৰ পৰাই প্ৰমাণিত হয় যে তেওঁ আছিল আধুনিক অসমৰ সৰ্বপ্ৰথম non-conformist সমাজ-বিপ্লৱী, প্ৰথম হিউমেনিষ্ট বা মানব-তন্ত্ৰী আৰু অসমৰ আধুনিকতাৰ প্ৰথম অগ্ৰদূত। অতি পৰিতাপৰ কথা এই যে এনে এজন মানুহৰ বিজ্ঞানসন্মত অথচ পূৰ্ণাংগ জীৱন চৰিত এখন আজিলৈকে প্ৰকাশিত হৈ নোলাল। (হোমেন বৰগোহাঞি)[২]
  2. চিকিৎসা বিজ্ঞানৰ গবেষণাৰ বাবে কোনো শৱ-ব্যবচ্ছেদৰ ধাৰণাও অসমৰ সমাজত সেই কালত প্ৰচলন নাছিল। সেই কাৰণেই হয়তো তেওঁৰ দ্বাৰা প্ৰণিত “হেম কোষ”ত শৱ-ব্যবচ্ছেদ বা ব্যবচ্ছেদৰ শব্দ দুয়োটাকে পোৱা নাযায়। অসমত আধুনিকতাবাদৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-৯৬) এখন প্ৰকৃত আধুনিক, যুক্তিবাদী, সংস্কাৰ মুক্ত, অন্ধবিশ্বাস মুক্ত বৈজ্ঞানিক ধ্যান ধাৰণাৰে সমৃদ্ধ সমাজ গঢ়াৰ আন্তৰিক প্ৰয়াস কৰিছিল। ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা উন্বেষণ ঘটা অসমৰ জনসাধাৰণৰ এজন প্ৰধান কাণ্ডাৰী হেমচন্দ্ৰ যে প্ৰকৃতাৰ্থত যুক্তিবাদী, কুসংস্কাৰ আৰু অন্ধবিশ্বাস-বিৰোধী তথা বিজ্ঞানমনস্ক ব্যক্তি আছিল তাৰ নিদৰ্শন তেওঁৰ অমৰ সৃষ্টি “হেমকোষ’ অভিধানখনতো আমি দেখিবলৈ পাওঁ৷ (ইন্দিবৰ দেউৰী)[২]
  3. হেমৰ কোষেৰে ওখ দৌল বান্ধি
    ভাষাক সাৰথি কৰি৷
    নুমাবলগীয়া অসমীয়া নাম
    ৰাখিলে জিলিকা কৰি৷ (পদ্মনাথ গোহাঞি বৰুৱা)[৪]
  4. পাঠমালা লিখি ল’ৰাৰ ডিঙিত
    পিন্ধালা বিদ্যাৰ হাৰ৷
    হেমৰ কোষেৰে অভাৱ গুচাই
    সুজিলা মাতৃৰ ধাৰ৷ (দুৰ্গানাথ বৰুৱা)[৫]
  5. অসমীয়া ভাষা সাহিত্যক ৰক্ষা কৰিবলৈ ঈশ্বৰেই যেন পঠিয়াই দিছিল হেমচন্দ্ৰ বৰুৱাক। কাৰণ ১৮৩৫ চনৰ সন্ধিক্ষণত তেওঁৰ জন্ম। পিচৰ বছৰতে অসমত অসমীয়াৰ ঠাইত প্ৰচলন আৰম্ভ হৈছিল বঙলা ভাষাৰ।.... যিটো সময়ত শিক্ষাৰ নামত ব্যভিচাৰ চলিছিল, সেই সময়ত হেমচন্দ্ৰ বৰুৱাই অভিধান, ব্যাকৰণ প্ৰণয়ন কৰি অসমীয়া ভাষাক ৰক্ষা কৰিছে। হেমচন্দ্ৰক পাহৰিলে আমাৰ জীৱনৰ চৰম পৰাজয় হ'ব৷ (ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য)[৬]
  6. বুদ্ধিনিষ্ট, ব্যাংগাত্মক আৰু সমাজ সচেতন হাস্যৰসৰ সৃষ্টি হয় প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ লেখনীত৷ (ড° সত্যেন্দ্ৰ নাথ শৰ্মা)[৭]

উৎস সম্পাদনা কৰক

  1. হেমচন্দ্ৰ বৰুৱা. "দিনটোৰ বাণী", ২১ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ২১ মাৰ্চ ২০২৩.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ বিজ্ঞান মনস্কতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা. আহৰণ কৰা হৈছে: 20 নৱেম্বৰ 2023.
  3. https://as.wikisource.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0_%E0%A6%95%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%A8
  4. হেমকোষ অভিধানৰ পাতনি
  5. https://www.axomiyahahitiyarsaneki.com/2020/08/blog-post_298.html
  6. হেমচন্দ্ৰ বৰুৱা অসমৰ উজ্জল নক্ষত্ৰ. আহৰণ কৰা হৈছে: 20 নৱেম্বৰ 2023.
  7. অসমীয়া সাহিত্যৰ বুৰঞ্জী. আহৰণ কৰা হৈছে: 20 নৱেম্বৰ 2023.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: