হলিৰাম মহন্ত

লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ

হলিৰাম মহন্ত (১৮৪৬-১৯৫০) অসমৰ এগৰাকী লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৃতীয়জন পদাধিকাৰ৷

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

হিন্দু-ধৰ্ম্ম-সাৰ

সম্পাদনা কৰক

কৃষ্ণৰাম উজিৰ মৌজাদাৰ দ্বাৰা প্ৰকাশিত, ১৯১০, কামৰূপ

  • অষ্টাদশ নিমেষে এক কাষ্ঠা হয়। ত্ৰিশ কাষ্ঠায় এক কলা, ত্ৰিশ কলায় এক মুহূৰ্ত আৰু ত্ৰিশ মুহূৰ্তে এক অহোৰাত্ৰ হয়। সূৰ্য্য়ই মনুষ্য আৰু দেৱতা সকলৰ অহোৰাত্ৰ ভাগ কৰে। ইয়াৰ ভিতৰত জীৱ সকলৰ ৰাতি টোপনি আৰু দিন কামকৰাৰ নিমিত্তে নিৰ্দিষ্ট হৈছে। ডেৰকুৰি অহোৰাত্ৰে মানুহৰ এমাহ আৰু এইৰূপ বাৰমাহে এবছৰ হয়। মানুহৰ এমাহে পিতৃলোকৰ এদিন এৰাতি হয়। তাৰ ভিতৰত কৃষ্ণ পক্ষে দিন আৰু শুক্ল পক্ষে ৰাতি। মানুহৰ এৱছৰে দেবতা সকলৰ এদিন এৰাতি হয়।
    • পৃষ্ঠা ৬
  • চতুৰ্থ মাহে সূৰ্য্য দৰ্শন কৰাবলৈ জন্ম ঘৰৰ পৰা জন্ম হোৱা লৰাক বাহিৰ লৈ উলিয়াব লাগে। ইয়াকে নিক্ৰমন সংস্কাৰ বোলে। ষষ্ঠ মাহত লৰাৰ অন্নপ্ৰাসন কৰিব লাগে, নাইবা নিজৰ কুলধৰ্ম্ম অনুসাৰে যি সময় নিয়ম সেই সময়তো কৰিব। শ্ৰতিৰ মতে সমুদাই দ্বিজাতি সকলে প্ৰথম কিম্বা তৃতীয় বছৰে কুলাচাৰ অনুসাৰে চূড়াকৰণ সংস্কাৰ কৰা উচিত।
    • পৃষ্ঠা ১০
  • স্ত্ৰীলোকৰ শৰীৰ শুদ্ধিৰ নিমিত্তে উপনয়নত বাহিৰে অন্যান্য সমস্ত সংস্কাৰ যথাকালে যথাক্ৰমে কৰা উচিত; কিন্তু মন্ত্ৰেৰে কৰিব নে লাগে। বিবাহ সংস্কাৰেই তিৰোতা বোৰৰ বৈদিক উপনয়ন সংস্কাৰ।
    • পৃষ্ঠা ১৪
  • কাম্য বিষয় উপভোগেৰে কেতিয়াও শান্তি নহয়। পৰন্তু ঘৃতাহতি পৰিলে অগ্নি যেনেকৈ আকৌ বেছিকৈ প্ৰজ্বলিত হৈ উঠে, বিষয় ভোগ- তো তেনেকুৱা আকৌ বেছিকৈহে লোভ বাঢ়ে।
    • পৃষ্ঠা ১৬
  • যি তিৰোতা মাতৃৰ অসপিণ্ডা অৰ্থাৎ সপ্তম পুৰুষ পৰ্য্য়ন্ত স্বগোত্ৰা বা স্বপিণ্ডা ন হয় অৰ্থাৎ পিতৃ পক্ষৰ শ্ৰাদ্ধ সম্বন্ধীয় সন্ততিৰ পৰা উদ্ভৱ ন হয়; তেনেকুৱা তিৰোতাই বিবাহ পূৰ্ব্বক সহবাসৰ উপযুক্ত হয়।
    • পৃষ্ঠা ২৩


লগতে চাওক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: